LaTeX-Old-Version/C2/MikTeX-Updates/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 সম্ভাষণ জনাইছোঁ। এটা LaTex ডিষ্ট্ৰিবিউচন MikTeX কেনেকৈ আপডেট কৰা হয় আৰু কেনেকৈ হেৰাই যোৱা পেকেজ যোগ দিয়া হয়, সেই সম্পৰ্কীয় প্ৰশিক্ষণলৈ স্বাগতম।
00:10 ডেস্কটপত আপুনি texnic center-টো দেখা পাইছে। যদি আপুনি texnic center ইনষ্টল কৰিব নাজানে, তেনেহ’লে অনুগ্ৰহ কৰি উইণ্ডজত LaTeX ইনষ্টল আৰু চলোৱা সম্পৰ্কীয় মোৰ কথন প্ৰশিক্ষণটো চাওক।
00:22 ইয়াত উইণ্ডজত MikTeX ইনষ্টল কৰাৰ বিষয়ে আছে। এতিয়ালৈকে মই তৈয়াৰ কৰা সকলোবোৰ কথন প্ৰশিক্ষণৰ ভিতৰত,
00:30 ৰেকৰ্ড কৰা এই প্ৰশিক্ষণৰ দৈৰ্ঘ্য মই কম্পিউটাৰৰ লগত খৰচ কৰা প্ৰকৃত সময়ৰ সৈতে সমান।
00:37 যি কি নহওক, এতিয়াৰ প্ৰশিক্ষণটোত নেটৱৰ্ক প্ৰয়োজন হোৱা বৰ্ণনা আছে।
00:43 কিছুমান ডাউনলোডৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব, বিশেষকৈ যদি বেণ্ডৱিডথ কম হয়।
00:48 গতিকে দৰকাৰ হ’লে, প্ৰশিক্ষণটো সাময়িকভাৱে স্থগিত ৰাখিম।
00:55 Beamer class ব্যৱহাৰ কৰা এটা ফাইল আপুনি চাব পাৰে। এইটো ইয়াত চাব পাৰে।
01:02 যদি আপুনি Beamer-অৰ বিষয়ে নাজানে, তেনেহ’লে Beamer সম্পৰ্কীয় মই প্ৰস্তুত কৰা কথন প্ৰশিক্ষণটো আপুনি চাব পাৰে।
01:09 এতিয়া Control আৰু F7 কি দুটা একেলগে হেঁচি ফাইলটো মই compile কৰিম।
01:23 MikTeX-এ জনাইছে যে Beamer-টো হেৰাইছে।
01:27 এই সমস্যা কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে মই ব্যাখ্যা কৰিম। প্ৰথম কামটো হৈছে MikTeX আপডেট কৰা।
01:34 মই দেখুওৱা ধৰণে এইটো দুই প্ৰকাৰে কৰিব পাৰে। Start-অত টিপক, Programs-অলৈ যাওক।
01:47 MikTeX আপডেট কৰাৰ দুটা বিকল্প আছে; এটা হৈছে পোনপটীয়াকৈ আপডেট কৰা আৰু আনটো হৈছে পেকেজবোৰ ব্ৰাউজিঙৰ জৰিয়তে।
01:57 এজনে আপডেটলৈ যাব পাৰে আৰু এজনে ব্যৱহাৰ কৰিব পাৰে— এজনে বাছনি কৰিব পাৰে, উদাহৰণ স্বৰূপে এটা ৰিম’ট পেকেজ ৰেপজিটৰী।
02:12 মই সাধাৰণতে inria ব্যৱহাৰ কৰোঁ, আচলতে শেষৰ বাৰো মই এইটো ব্যৱহাৰ কৰিছিলো, গতিকে ইয়াক এক অপশ্যন হিচাপে দিছে।
02:19 যি কি নহওক, আৰম্ভণিতে আপুনি কেৱল এই দুটা বাটনহে দেখা পাব।
02:22 একেবাৰে ওচৰৰ পেকেজ ৰেপজিটৰী ব্যৱহাৰ কৰক আৰু অন্যটোৰ বাবে মোক এটা দূৰৰ পেকেজ ৰেপজিটৰী বাছিবলৈ দিয়ক।
02:28 এইটো চেষ্টা কৰিছোঁ বুলি ধৰি লৈ, তাৰ আগতে আমি কানেক্সন ছেটিঙ সজাবও লাগিব।
02:34 কানেক্সন ছেটিং প্ৰথমতে সজাই ল’ব লাগিব। গতিকে আমি এটা proxy server. Address. Port ব্যৱহাৰ কৰিম।
02:44 ই প্ৰমাণীকৰণ বিচাৰে, সেয়েহে মই ইয়াতে ক্লিক কৰিম। গতিকে এতিয়া যদি মই এইটো বাছনি কৰোঁ, তেনেহ’লে ই নাম আৰু পাছৱৰ্ড বিচাৰিব।
02:58 গতিকে মই তথ্যখিনি ভৰালো। ঠিক আছে। উদাহৰণৰ বাবে মই মোৰ ইচ্ছানুযায়ী যিকোনো ব্যৱহাৰ কৰিব পাৰোঁ, এয়া ইতিমধ্যেই নিৰ্বাচিত হৈ আছে।
03:19 গতিকে মই এয়া নিৰ্বাচন কৰিম। এতিয়া আপডেট প্ৰক্ৰিয়াই কিছু সময় ল’ব, কিয়নো ই গোটেই পেকেজ-তথ্যখিনি ডাউনলোড কৰিব লাগিব।
03:33 সেইকাৰণে মই এই ৰেকৰ্ডিংটো কিছু সময়ৰ বাবে স্থগিত ৰাখিম। প্ৰায় পাঁচ মিনিটমানৰ পিছত ই উভতি আহি ক’ব যে এতিয়া কোনো আপডেট নাই, কাৰণ মই ইয়াক অলপতে আপডেট কৰিলো।
03:47 অন্যথা ই পেকেজবিলাকৰ এখন তালিকা দিব আৰু পেকেজবিলাক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব।
03:56 মই যেতিয়া প্ৰথমবাৰ কৰিছিলো, মই দেখিছিলো যে সকলোবোৰ পেকেজ তালিকাভুক্ত হৈ আছিল, নিৰ্বাচিত হৈ আছিল; তেতিয়া মই মাত্ৰ গৈ সকলোবোৰ আপডেট কৰিবলৈ কওঁ।
04:05 আপুনি প্ৰতিদিনেই আপডেট কৰাৰ প্ৰয়োজন নাই। মাজে মাজে কৰিলেই হ’ব।
04:11 ঠিক আছে। এতিয়া উভতি যাওঁ ব’লক। মই আৰু এবাৰ উভতি যাব পাৰোঁ।
04:22 এতিয়া, CD/DVD বিতৰণৰ দ্বাৰা বা আপোনাৰ লগত যদি লোকেল পেকেজ ৰেপজিটৰী আছে, তাৰ দ্বাৰা আপডেট কৰাও অৱশ্যেই সম্ভৱ।
04:34 আপুনি সেইটোও ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, এতিয়া মোক এইটো বাতিল কৰিবলৈ দিয়ক।
04:41 Beamer কেনেকৈ যোগ কৰা হয়, সেইটো আমি এতিয়াও ব্যাখ্যা কৰা নাই।আপডেটৰ দ্বাৰা আমি আমাৰ MikTeX বিতৰণটো শেহতীয়া কৰি তুলিলো।
04:53 MikTeX প্ৰগ্ৰামলৈ যাওঁ ব’লক।
05:03 তাৰ পেকেজবোৰ ব্ৰাউজ কৰক। এইটোৱেও অকণমান সময় ল’ব, লোড হ’বৰ বাবে কেইচেকেণ্ডমানৰ প্ৰয়োজন হ’ব।
05:17 ই সকলোবোৰ জ্ঞাত পেকেজ আৰু কেতিয়া পেকেজ কৰা হৈছিল তাৰ এখন তালিকা দিয়ে।
05:23 এই কলমটো অতিশয় দৰকাৰী, ই আপোনাৰ চিষ্টেমত এই পেকেজটো উপলব্ধ হয় নে নহয় জনায়।
05:31 গতিকে, এতিয়া তললৈ যাওঁ আৰু Beamer উপলব্ধ হয় নে নহয় চাওঁ। আপুনি দেখিব যে Beamer— এই কলমটো খালী হৈ আছে— আৰু আমাক Beamer নাই বুলি জনাইছে।
05:44 ঠিক আছে, এই বিষয়ত আগবঢ়াৰ আগতে, প্ৰথমতে আমি ‘task’, ‘update wizard’-অলৈ যাওঁ ব’লক, আমি অলপ আগতে দেখা পৃষ্ঠাটোৰ নিচিনা এটা পৃষ্ঠা দেখা পাম।
06:01 আপুনি একেটা কামকে কৰিব পাৰে, আপুনি কানেক্সনটো সজাব পাৰে। এইটো খাতাং কৰি লওক যে আপোনাৰ কানেক্সন, আপোনাৰ প্ৰক্সী— সকলোবোৰ ঠিকে আছে; আৰু তাৰপিছত আপুনি ভালপোৱা পেকেজটো বাছনি কৰি আগবাঢ়ক।
06:13 যিহেতু আমি এতিয়া আপডেট কৰিব নিবিচাৰোঁ, গতিকে আমি এইটো অনুসৰণ নকৰোঁ। আপুনি মনত ৰাখিব লাগিব যে কিছুমান দূৰৱৰ্তী চাইট ডাউন হৈ থাকিব পাৰে।
06:26 প্ৰকৃতভাৱে কাম কৰালৈকে আৰু আপুনি এইবোৰৰ লগত সহজ হৈ পৰালৈকে সাধাৰণভাৱে এইবোৰৰ কিছুমান আপুনি চেষ্টা কৰি থাকিব লাগিব।
06:34 যেতিয়া আপুনি সহজ হৈ পৰিব, আপুনি এইবোৰ সঘনাই ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে, এইটো বাতিল কৰোঁ।
06:40 এই মুহূৰ্তত আমি কি কৰিব বিচাৰোঁ, আমি বিচাৰোঁ, এইটো বাছনি কৰিবলৈ দিয়ক। মই এইটো বাছনি কৰাৰ লগে লগে ই সক্ৰিয় হ’ল।
06:50 এতিয়া যদি মই কওঁ ইনষ্টল কৰক, ই ক’ব যে এই ইনষ্টলেচনটো আপডেট হ’ব, এটা পেকেজ ইনষ্টল হ’ব।
07:01 আমি সেইটোকে কৰোঁ আহক। ঠিক আছে, ই আহি কয় যে প্ৰক্সী অথেণ্টিকেশ্যন দৰকাৰ। এইটো বন্ধ কৰা যাওক।
07:11 আমি কৰিব লাগিব— মই ভাবিছোঁ যে এইটো ৰিফ্ৰেচ হৈ আছে, ই অকণমান সময় ল’ব— আমি কি কৰিব লাগিব, আমি ৰেপজিটৰীলৈ যাব লাগিব, পেকেজ ৰেপজিটৰী সলনি কৰিব লাগিব।
07:30 আমি কানেক্সন চেটিং আকৌ এবাৰ কৰিব লাগিব, এইটো ইতিমধ্যে ইয়াতে আছে। ঠিক আছে। এইটোৱেও পাছৱৰ্ড বিচাৰে।
07:42 গতিকে এইটো দিওঁ আহক। দেখা গৈছে যে inaria ইতিমধ্যে নিৰ্বাচিত হৈ আছে। ইয়াৰ সৈতে মই সমাপ্ত কৰোঁ।
08:04 কেইমিনিটমানৰ পিছত, মই এই এৰৰ মেচেজটো পাইছোঁ যে কিছু বস্তু আপডেট কৰিব নোৱাৰি, ই কোনো প্ৰভাৱ নেপেলায়।
08:10 গতিকে আমি কৰিম কি, দেখা যাওক ইয়াক কিবা প্ৰকাৰে ইনষ্টল কৰিব পাৰি নে নাই। Beamer-অলৈ যাওঁ ব’লক, এইটো ইয়াত আছে।
08:23 Beamer ডাউনলোড কৰিলে। গতিকে ইয়াক এতিয়া বন্ধ কৰিব পাৰোঁ।
08:45 এতিয়া পৰীক্ষা কৰোঁ আহক, উদাহৰণ স্বৰূপে, এইটোৱে পৃষ্ঠাটো আপডেট কৰি আছে।
08:55 আপডেট হৈ থাকিবলৈ দিয়ক, সেই সময়তে ইয়ালৈ আহক আৰু F7 ব্যৱহাৰ কৰি ইয়াক compile কৰিবলৈ চেষ্টা কৰক।
09:05 পূৰণাটোৰ সৈতে আমি কি কৰিছিলো, সেই বিষয়ে মই নিশ্চিত নহয়। মই ভাবোঁ যে এইটো আমি বাতিল কৰিব লাগিব। গতিকে শেহতীয়া compilation-অৰ এইটোৱেই ফলাফল।
09:22 ঠিক আছে, মোক এইটো পৰিষ্কাৰ কৰিবলৈ দিয়ক, আহক এইটো বন্ধ কৰোঁ আৰু F7 টিপি দিওঁ।
09:34 আগতে আমি Beamer পোৱা হোৱা নাই বুলি এটা অভিযোগ পাইছিলো; এতিয়া এইটোৱে কৈছে যে কিবা অলপ উপলব্ধ নহয়।
09:41 ই আৰু Beamer সম্পৰ্কীয় অভিযোগ নিদিয়ে— যদি আপুনি তললৈ যায় আৰু Beamer নীৰিক্ষণ কৰে।
09:54 Beamer-অলৈ স্ক্ৰল ডাউন কৰি যাওক, দেখিব যে এইটো ৫ নৱেম্বৰ তাৰিখে ইনষ্টল হৈছিল। ঠিক আছে, এতিয়া আমি কৰিম কি? এই অভিযোগটো চোৱা যাওক।
10:13 আৰু আচলতে ই পোনপটীয়াকৈ ইনষ্টল কৰাৰ এটা বিকল্প দিয়ে, গতিকে এইটো কৰাৰ বাবে আমাৰ দুটা উপায় আছে।
10:17 এটা হৈছে এইটো ইয়াত ইনষ্টল কৰা আৰু অন্যটো হৈছে ইয়াৰ জৰিয়তে যোৱা। এইটো কৰিবলৈ চেষ্টা কৰিলে কি ঘটে চোৱা যাওক।
10:24 ই অথেণ্টিকেশ্যন বিচাৰে।
10:35 আগৰ কৌশলটোত অৰ্থাৎ এইটোৰ মাজেদি যেতিয়া আমি গৈছিলো, ই কপি কৰা আদি দেখুৱাইছিল, কিন্তু এইবাৰ সেইটো ঘটা নাই, সকলোবোৰ বেকগ্ৰাউণ্ডত ঘটিছে।
10:45 গতিকে কিছুসময় অপেক্ষা কৰা যাওক।
10:48 ঠিক আছে, এইটো ডাউনলোড হ’ল আৰু এতিয়া ই কৈছে যে xcolor.sty-টো পোৱা হোৱা নাই। এইটো ইনষ্টল কৰিব লাগিব নেকি?
10:55 আমি আগবাঢ়িবলৈ ক’ম। আৰু ই বেকগ্ৰাউণ্ডত ইনষ্টল হৈ থাকিব। ঠিক আছে, এতিয়া ই কৈছে যে translator পোৱা হোৱা নাই, ইয়াকো একে দৰে ইনষ্টল হ’বলৈ দিয়া যাওক।
11:10 কেইবামিনিটৰ পিছতো একো ওলোৱা দেখা নগ’ল। গতিকে ইয়ালৈ যোৱা যাওক আৰু বৰ্তমানৰ স্থিতিটো কি চোৱা যাওক।
11:22 ইয়াত এটা পুনৰ-স্থাপনা কৰ যাওক। আৰু তাৰপিছত চাম আমি ইনষ্টল কৰিব বিচৰা পেকেজটো ইতিমধ্যেই ইনষ্টল হৈ আছে নেকি।
11:29 আমি দেখিছোঁ যে Beamer ইতিমধ্যেই ইয়াত আছে। এতিয়া আমি অন্যান্য বিষয়বোৰ অৰ্থাৎ pgfcode, xcolor আৰু translator চাব লাগিব।
11:59 আপুনি দেখিছে যে pgf আজি ইনষ্টল হৈছে, তাৰপিছত আমি translator-অত চাম, translator-ও ইনষ্টল হৈ আছে।
12:17 আনটো হৈছে xcolor, সেইটোও পৰীক্ষা কৰা যাওক, এইটোও ইনষ্টল হৈ আছে। গতিকে দেখা গ’ল যে আমাৰ সকলোবোৰ পেকেজ আছে। এতিয়া compile কৰোঁ আহক, control আৰু F7 টিপি দিয়ক।
12:40 ঠিক আছে, এইটো ঠিকে গৈছে যেন লাগিছে। এতিয়া আমি কৰিম কি, এইটো বন্ধ কৰিম। আমাৰ আৰু এইটোৰ প্ৰয়োজন নাই।
12:48 মই তৈয়াৰ কৰি থোৱা ফাইলটো খুলিম, এইটো LaTeX ফাইলবোৰৰ মাজত আছে। আৰু ফাইলটোক কোৱা হয় MikTeX update dot tex।
13:03 এতিয়া মই MikTeX update dot pdf ফাইলটো বিচাৰিম। মই বিচৰা ফাইলটো এইটো। মই এইটো এতিয়া Sumatra-ত খুলিম।
13:21 গতিকে আমি ইয়াত। মই এইটো অকণমান সৰু কৰিম। ইয়াক ইয়ালৈ নিওঁ। যেতিয়া ইয়াক ডাঙৰ কৰে, কি ঘটে চাওক।
13:42 এইটো বন্ধ কৰোঁ। অৱশ্যেই আপুনি এই তাৰিখটো ৪ নৱেম্বৰ দেখিছে, মই এইটো কালিও কৰিবলৈ চেষ্টা কৰিছিলো যদিও ই কালি কাম কৰা নাছিল।
13:54 গতিকে মই এতিয়া কৰিম কি, ইয়াক ৫ নৱেম্বৰলৈ সলনি কৰিম। চেভ কৰিম। control আৰু F7 টিপিম। বঢ়িয়া, ই আপডেট হ’ল। তললৈ যোৱা যাওক।
14:14 এতিয়া এই কথন প্ৰশিক্ষণ সম্পৰ্কীয় কৃতজ্ঞতা স্বীকাৰ। এই প্ৰশিক্ষণ তৈয়াৰ কৰিবলৈ পৃষ্ঠপোষকতা আগবঢ়াইছে National Mission on Education through ICT-এ।
14:24 এই মিশ্যনৰ ৱেবচাইট হৈছে— sakshat.ac.in। এই কথন প্ৰশিক্ষণ সম্পৰ্কত মই আপোনাৰ পৰা মতামত kannan@iitb.ac.in ঠিকনাত পালে ভাল পাম।
14:35 ভৱিষ্যতে আমি spoken-tutorial.org ৱেবচাইটৰ জৰিয়তে কথন শিক্ষণ কাৰ্যাৱলী পৰিচালনা কৰিম বুলি পৰিকল্পনা কৰিছোঁ।
14:42 মই আঙুলিয়াই দিব খোজোঁ যে বহুকেইটা আপডেট, ইণ্ডিভিজুৱেল পেকেজৰ ইনষ্টলেশ্যনে বহুতো সময় নলয়।
14:51 মাত্ৰ কেইটামান মিনিট হ’ব পাৰে, কিন্তু প্ৰাৰম্ভিক আপডেটে বহু সময় ল’ব পাৰে।
14:56 উদাহৰণ স্বৰূপে, মই ইয়াত MikTeX 2.7 ব্যৱহাৰ কৰিছোঁ আৰু যদি ইয়াক মই প্ৰথম বাৰৰ বাবে আপডেট কৰিব খোজোঁ, ই প্ৰায় ২0 মিনিট, আনকি আধা ঘণ্টা সময়ো ল’ব পাৰে।
15:08 এইটো আপুনি MikTeX-অৰ কোনটো সংস্কৰণ ব্যৱহাৰ কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াক আপডেট কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়, প্ৰাৰম্ভিক অৱস্থাত কিছু চেষ্টাৰো প্ৰয়োজন হয়।
15:17 তাৰ পিছত, যদি আপোনাৰ reasonable network আছে, তেনেহ’লে ইণ্ডিভিজুৱেল পেকেজবোৰে বেছি সময় নলয়।
15:24 ইয়াতে আমাৰ এই প্ৰশিক্ষণৰ সামৰণি পৰিছে। যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Nancyvarkey, Pratik kamble