Inkscape/C2/Fill-color-and-stroke/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. Fill color and stroke এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটৰিয়েলত আমি শিকিম:

অবজেক্টত ৰঙ পূৰণ কৰা

অবজেক্টক আউটলাইন দিয়া

বিভিন্ন ধৰনৰ গ্রেডিয়েন্ট

স্ট্রোকৰ ৰঙ আৰু শৈলী।

00:20 এই টিউটৰিয়েলৰ বাবে মই ব্যবহাৰ কৰিছো

উবুন্টু লিনাক্স 12.04 OS

Inkscape সংস্কৰণ 0.48.4

00:29 Inkscape খুলক। ইয়াৰ বাবে Dash Home ত যাওক আৰু Inkscape লিখক।
00:35 আপোনি লোগোত টিপি Inkscape খুলিব পাৰে।
00:40 আগতে তৈয়াৰ কৰা Assignment.svg ফাইল খুলক। মই এইটো আমাৰ document ফোল্ডাৰত সংৰক্ষণ কৰিছো।
00:50 ইয়াত তিনটা আকাৰ আছে যি আগতে তৈয়াৰ কৰিছিলো।
00:54 মনত ৰাখক যে আমি ইন্টাৰফেসৰ তলত color palette ব্যবহাৰ কৰি কালাৰ পৰিবর্তন কৰা শিকিছো।
01:01 এতিয়া আমি শিকিম Fill and Stroke ব্যবহাৰ কৰি বিভিন্ন ধৰনৰ ৰং কিভাবে পূৰণ কৰে।
01:08 Object মেনুত যাওক আৰু ড্রপ ডাউন তালিকাৰ পৰা Fill and Stroke ত টিপক।
01:13 লক্ষ্য কৰক যে Fill and Stroke ডায়লগ বাক্স ইন্টাৰফেসৰ সো পাশে খোলা আছে।
01:20 এই ডায়লগ বাক্সত 3টা ট্যাব আছে: Fill, Stroke paint আৰু Stroke style
01:27 এতিয়া আমি ক্যানভাস এলাকাৰ আয়তক্ষেত্রত টিপিম। চাওক যে Fill and stroke ডায়লগ বাক্সত থকা অপসন্স আৰু আইকন সক্রিয় হৈ আছে।
01:38 প্রথমে আমি Fill ট্যাব সম্পর্কে শিকিম।
01:41 চাওক যে ইয়াত Fill ট্যাবৰ তলত 6 টা আইকন আছে। এতিয়া শিকো যে এই আইকনে কি কৰে।
01:48 প্রথম আইকনক No paint বোলে. এইটোৱে দেখায় যে অবজেক্টক কোনো ৰং নোহোৱাকৈ পূৰণ কৰা নহব।
01:56 আইকনত টিপক আৰু আয়তক্ষেত্রত পৰিবর্তন লক্ষ্য কৰক। আয়তক্ষেত্রৰ ৰঙ অতৰুৱা গৈছে।
02:03 পৰবর্তী আইকন হল Flat color. এইটোৱে অবজেক্টত দৃঢ় ৰঙ ভৰাবলৈ সাহায্য কৰে।
02:11 Flat color আইকনত টিপক আৰু আয়তক্ষেত্রৰ আকাৰত ৰঙৰ পৰিবর্তন লক্ষ্য কৰক।
02:17 Flat color এৰ তলত দেখো যে ইয়াত 5 টা সাব-ট্যাব আছে।
02:21 ডিফল্টৰুপে RGB ট্যাব নির্বাচিত।
02:25 RGB ট্যাবত 4টা স্লাইডাৰ আছে।
02:29 প্রথমৰ 3টা স্লাইডাৰ ৰঙা, সেউজীয়া আৰু নীলা ৰঙৰ তীব্রতা নির্দেশ কৰে।
02:36 আমি এই স্লাইডাৰক বাও বা সো ফালে নি গৈ ৰঙ সলাবলৈ পাৰো। আমি কৰা আয়তক্ষেত্রত ৰঙৰ পৰিবর্তন চাওক।
02:46 চতুর্থ স্লাইডাৰ হল Alpha স্লাইডাৰ। ইয়াৰ সৈতে আমি অস্বচ্ছৰ পৰা স্বচ্ছ, ৰঙৰ অস্বচ্ছতা স্তৰ কমাবলৈ বা বড়াবলৈ পাৰো।
02:57 যেতিয়াই মই এই 4টা স্লাইডাৰক গতি কৰাও, চাওক যে এই বাক্সত দেখোৱা ৰঙৰ RGBA ভ্যালু স্বয়ংক্রিয়ভাবে সলনি হৈ যায়।
03:06 মই স্লাইডাৰক পুনৰায় গতি কৰাও যাতে আপোনি ইয়াৰ পৰিবর্তন দেখিবলৈ পাৰে।
03:12 মই স্লাইডাৰৰ সো ফালে বাক্সৰ প্রতিটো ৰঙৰ ভ্যালু সলনি কৰি ৰঙক স্বয়ংক্রিয়ভাবে সলাবলৈ পাৰো।
03:20 মই ৰঙা ৰঙৰ ভ্যালু 100, সেউজীয়াৰ ভ্যালু 50 আৰু নীলা ৰঙৰ ভ্যালু 150 ত সলাও। চাওক যে আয়তক্ষেত্রৰ ৰঙ বেগুনীয়াত সলনি হৈ গৈছে।
03:32 মই Alpha এৰ স্তৰ 255 কৰো, কাৰণ মই opacity এৰ স্তৰ কমাবলৈ নিবিছাৰো।
03:40 পৰবর্তী ট্যাব হল HSL আৰু এইটো যথাক্রমে Hue, Saturation আৰু Lightness এৰ বাবে।
03:49 আমি মৌলিক ৰঙ পাবলৈ Hue স্লাইডাৰ ব্যবহাৰ কৰিব পাৰো। আমি সেউজইয়া ৰঙৰ স্তৰ প্রাপ্ত কৰিবলৈ স্লাইডাৰক বাও ফালে লৈ যাও।
03:59 আমি Saturation স্লাইডাৰ ব্যবহাৰ কৰি মৌলিক ৰঙৰ সম্পৃক্তি ব্যবস্থিত কৰিব পাৰো।
04:04 স্লাইডাৰক বাও আৰু সো ফালে লৈ গৈ স্যাচুৰেশন স্তৰত পৰিবর্তন লক্ষ্য কৰক।
04:12 Lightness স্লাইডাৰে মৌলিক ৰঙৰ 'lightness' (লঘুতা) ব্যবস্থিত কৰে।
04:16 এই বিকল্পৰ সৈতে আমি মৌলিক ৰঙৰ ছা সম্পূর্ণ বগাৰ পৰা সম্পূর্ণ কলা বা মাঝৰ যি কোনো ছাত সলাবলৈ পাৰো।
04:26 আগৰ নিচিনা, Alpha স্লাইডাৰৰ ব্যবহাৰ অস্বচ্ছ পৰা সম্পূর্ণৰুপে স্বচ্ছ কৰিবলৈ opacity স্তৰ বৃদ্ধি বা হ্রাস কৰিবলৈ ব্যবহৃত হয়।
04:35 পৰবর্তী ট্যাব হল CMYK, যি যথাক্রমে Cyan, Magenta, Yellow আৰু Black উল্লেখ কৰে।
04:44 এই স্লাইডাৰবোৰক গতি কৰায়, আমি মূল ৰঙৰ তীব্রতা বা গভীৰতা বৃদ্ধি বা হ্রাস কৰিব পাৰো।
04:52 এই কালাৰ মিক্সিং বিকল্প দৰকাৰী, যেতিয়া ডিসাইন প্রকল্প বাণিজ্যিক প্রেসত প্রিন্ট কৰা হয়।
05:00 পৰবর্তী ট্যাব হল Wheel. এইটো HSL ৰঙ মিক্সচাৰৰ এটা বিকল্পিত উপস্থাপনা।
05:07 আমি কলৰ ৰিঙত টিপি মৌলিক hue নির্বাচন কৰিব পাৰো, যি স্ট্যান্ডার্ড কলৰ হুইল ভিত্তিক।
05:14 সেয়ে, আমি হালধীয়া ৰঙৰ এটা মৌলিক স্তৰ নির্বাচন কৰিবলৈ হালধীয়া ৰঙৰ ছাত টিপিম।
05:19 ৰঙৰ বৃত্তৰ ভিতৰত ইয়াত ইয়াৰ ভিতৰত এটা সৰু বৃত্তৰ সৈতে ত্রিভুজ আছে। এইটোত টিপক আৰু এইটোক ত্রিভুজৰ ভিতৰত ড্রেগ কৰক আৰু আয়তক্ষেত্রৰ ৰঙত পৰিবর্তন চাওক।
05:31 CMS ট্যাব মাত্র ৰঙ পৰিচালিত পৰিবেশত কাম কৰা লোকৰ বাবে যি বাস্তবিক ৰুপত আগ্রহী হয়।
05:38 এতিয়াৰ বাবে, আমি এই ট্যাব এৰি দিও।
05:43 ইয়াৰ পিছত শিকিম যে Linear gradient কিভাবে তৈয়াৰ কৰে।
05:47 ক্যানভাসত যাওক আৰু বৃত্তত টিপক।
05:50 এতিয়া Fill and Stroke ডায়ালগ বাক্সত উভতি আহক আৰু Linear gradient আইকনত টিপক।
05:57 বৃত্তত গ্রেডিয়েন্ট ভৰাবলৈ ধ্যান দিয়ক।
06:00 gradientক ৰান্ডম(লক্ষ্যহীন) সংখ্যা দি শেষ হোৱা শৃঙ্খলাৰ সৈতে নাম দিও।
06:05 আমাৰ ইন্টাৰফেসত সংখ্যাটো হল linearGradient3794. আপোনাৰ উচৰত এইটো বেলেগ হব পাৰে।
06:14 আমি Edit বোতামত টিপি gradient সলাবলৈ পাৰো যি linear gradient নম্বৰ বোতামৰ সোফালৰ তলত আছে।
06:21 Gradient editor ডায়লগ বাক্স খুলিব।
06:26 এই বাক্সৰ সবতচে উপৰত কিছু ৰান্ডম সংখ্যাৰ দ্বাৰা stop বোতাম আছে আৰু ইয়াত ড্রপ ডাউন মেনু আছে।
06:34 আপোনি যদি এই ড্রপ ডাউনৰ অ্যাৰোত টিপে আপোনি দুটা stop বিকল্প দেখিব।
06:39 প্রথমটোৱে পূর্ণ মৌলিক ৰঙ দেখায়। দ্বিতীয়টো হল half checker board যি দেখায় যে এইটো স্বচ্ছ।
06:48 দ্বিতীয় বিকল্প নির্বাচন কৰক যিহল স্বচ্ছ stop বিকল্প।
06:53 তলত Stop Color ত যাওক. স্লাইডাৰক গতি কৰায় RGB ভ্যালু পৰিবর্তন কৰক যি ৰঙ আপোনি বিছাৰে।
07:00 gradientক সম্পূর্ণৰুপে দেখাবলৈ Alpha ভ্যালু হিসাবে 255 লিখক। Gradient editor ডায়লগ বাক্স বন্ধ কৰক।
07:09 এতিয়া আমি gradient এঙ্গেল সলাবলৈ পাৰো। এইটো কৰিবলৈ ইন্টাৰফেসৰ বাওফালে টুল বাক্সৰ পৰা Node টুলত টিপক। এইটো Selector টুলৰ তলত সোফালে আছে।
07:21 এটা বৃত্তৰ উপৰত এইটোৱে লাইন প্রদর্শন কৰিব। এইটো লাইনে gradient প্রদর্শন কৰে।
07:29 এইটো বর্তমানে বৃত্তৰ বর্গাকাৰ হ্যান্ডেল আৰু arc হ্যান্ডলৰ সৈতে ওভাৰল্যাপ হয়।
07:33 আমি গ্রেডিয়েন্ট লাইন হ্যান্ডেলবোৰক সামান্যভাবে গতি কৰাব লাগিব যাতে হ্যান্ডেলবোৰ পৰিষ্কাৰভাবে দেখিব পাৰি।
07:40 যেতিয়াই gradient আৰম্ভ আৰু শেষ হয় তাতে স্থান সলাবলৈ circular handle বা square handle ত টিপক আৰু ড্রেগ কৰক।
07:50 যেনেকৈ দেখোৱা হৈছে সেইভাবে আমি circular হ্যান্ডেলক গতি কৰায় gradient এৰ দিশ ও সলাবলৈ পাৰো।
07:58 এতিয়া শিকো যে Radial gradient এৰ ব্যবহাৰ কিভাবে কৰে. আইকনত টিপক আৰু বৃত্তত gradient এৰ পৰিবর্তন চাওক।
08:06 Radial gradient বৃত্তাকাৰ আকৃতিত তৈয়াৰ কৰে।
08:10 লক্ষ্য কৰক যে 1. square handle আৰু 2. circular handles
08:15 gradients এৰ আৰম্ভনি বিন্দুক গতি কৰাবলৈ মাঝৰ square handle ত টিপক। মই এইটোক তলৰ বাঁফালে গতি কৰাম।
08:22 gradient ত পৰিবর্তন কৰিবলৈ যি কোনো circular handles ত টিপক আৰু ড্রেগ কৰক।
08:28 gradient এৰ আকাৰৰ উচ্চতা আৰু প্রস্থ পৰিবর্তন লক্ষ্য কৰক।
08:37 আমি টুল বাক্সতও Gradient tool পাব পাৰো।
08:42 এইটোত টিপক আৰু বৃত্তত উভতি আহক।
08:45 লক্ষ্য কৰক যে কার্সাৰ এতিয়া ডাঙৰ হাতৰ I এৰ সৈতে প্লাস চিন্হত সলনি হৈ গৈছে।
08:51 এতিয়া বৃত্তৰ ভিতৰত কোনো এঠাইত টিপক আৰু ড্রেগ কৰক। gradient ত পৰিবর্তন লক্ষ্য কৰক।
09:00 এতিয়া বৃত্তৰ বাহিৰত  কোনো এঠাইত টিপক আৰু ড্রেগ কৰক।
09:04 gradient ত পৰিবর্তন লক্ষ্য কৰক।
09:06 ইয়াৰ পিছত আমি শিকিম যে আকাৰৰ উপৰত বিভিন্ন প্যাটার্ন কিভাবে ওভাৰলে কৰে।
09:11 Tool box ত যাওক, Selector টুলত টিপক আৰু তাৰপিছত স্টাৰ আকৃতিত টিপক।
09:17 Fill and stroke ডায়লগ বাক্সত Pattern আইকনত টিপক। লক্ষ্য কৰক যে স্টাৰৰ ৰঙ এটা stripe প্যাটার্নত সলনি হৈ গৈছে।
09:26 ইয়াত Pattern fill ত ড্রপ ডাওন মেনু আছে, উপলব্ধ প্যাটার্ন দেখিবলৈ অ্যাৰোসত টিপক।
09:32 Checkerboard ত টিপক আৰু স্টাৰ আকৃতিত পৰিবর্তন লক্ষ্য কৰক। আপোনি ইয়াত দেখোৱা যি কোনো প্যাটার্ন ব্যবহাৰ কৰিব পাৰে।
09:44 আমি Swatch সম্পর্কে অন্য টিউটৰিয়েলত শিকিম।
09:48 Unset paint নামৰ অন্তিম আইকনৰ ব্যবহাৰ নির্বাচিত অবজেক্টৰ কলা ৰঙত আনসেট কৰিবলৈ ব্যবহৃত হয়।
09:54 আইকনত টিপক আৰু স্টাৰৰ ৰঙত পৰিবর্তন লক্ষ্য কৰক। এইটো কলালৈ সলনি হৈ গৈছে।
10:01 এতিয়া শিকো যে এটা অবজেক্টত স্ট্রোক বা আউটলাইন কিভাবে দিয়ে। এইটো কৰিবলৈ আমি Stroke paint ট্যাব ব্যবহাৰ কৰিব লাগিব।
10:09 এতিয়া Stroke paint ট্যাবত টিপক আৰু আয়তক্ষেত্রত টিপক।
10:14 Stroke paint ট্যাবত থকা আইকন Fill ট্যাবৰ অনুৰুপ।
10:19 এইটোৱে একেইভাবে কাম কৰে।
10:22 প্রথম আইকনৰ সৈতে যিহল No paint আমি আকৃতিৰ আউটলাইন অতৰুৱাও।
10:26 ইয়াৰ পিছত আমি Flat color আইকনত টিপো। আমি আয়তকাৰ আকৃতিৰ আশেপাশে এটা কলা ৰঙৰ আউটলাইন দেখো।
10:33 আমি Stroke style ট্যাব ব্যবহাৰ কৰি আউটলাইনৰ (thickness) হ্রাস বা বৃদ্ধি কৰিব পাৰো।
10:44 Width প্যাৰামিটাৰ 10 ৰাখক। আমি আমাৰ প্রয়োজন অনুযায়ী ইউনিটস শতাংশ, পয়েন্টসও সলাবলৈ পাৰো।
10:54 মই ইউনিটক Pixels ৰাখিম।
10:56 Stroke paint ট্যাবত উভতি যাওক। আমি RGB ট্যাবত থকা স্লাইডাৰক গতি কৰায় স্ট্রোকৰ ৰঙ পৰিবর্তন কৰিব পাৰো।
11:04 আউটলাইনত ৰঙৰ পৰিবর্তন লক্ষ্য কৰক যি আমি কৰিছো।
11:09 আপোনি নিজেই অন্য Flat color বিকল্প চাওক যেনে HSL, CMYK, Wheel আৰু CMS
11:17 এতিয়া আমি Linear gradient ত টিপো। এইটোৱে আয়তকাৰ আকৃতিক এটা gradient আউটলাইন দিয়ে।
11:24 gradients যি আমি আগতে ব্যবহাৰ কৰিছো, ইয়াত ড্রপ ডাউন সূচীত দেখিব। আমি তাৰে যিকিনো ব্যবহাৰ কৰিব পাৰো।
11:32 আমি আমাৰ আয়তক্ষেত্রক ৰঙা আৰু নীলা gradient আউটলাইন দিয়ো।
11:38 একেইভাবে, আমি অবশিষ্ট স্ট্রোক আইকন ব্যবহাৰ কৰিব পাৰো আৰু আমাৰ অবজেক্টক কিছু আকর্ষণীয় প্যাটার্ন আৰু gradient আউটলাইন দিব পাৰি।
11:46 তাৰপিছত আমি Stroke style সম্পর্কে শিকিম। এইটোত টিপক।
11:50 আমি আগেই শিকিছো যে স্ট্রোকৰ প্রস্থ কিভাবে সলায়।
11:54 এতিয়া ৩ Join আইকন চাও, Miter join, Round join আৰু Bevel join ডিফল্টৰুপে, স্ট্রোক Miter join ত আছে।
12:08 আমি ভালমতে দেখিবলৈ আয়তক্ষেত্রৰ যি কোনো কোণত জুম-ইন কৰো।
12:12 এতিয়া, স্ট্রোকৰ গোল প্রান্ত দেখিবলৈ Round join ত টিপক। স্ট্রোকৰ প্রান্তত পৰিবর্তন লক্ষ্য কৰক।
12:21 ইয়াৰ পিছত বেভেল প্রান্ত তৈয়াৰ কৰিবলৈ Bevel join বিকল্পত টিপক।
12:26 Dashes ড্রপ ডাউন মেনুত বিভিন্ন ড্যাশ প্যাটার্ন উপলব্ধ। এইবোৰ ব্যবহাৰ কৰি আমি স্ট্রোকক বিভিন্ন ড্যাশ প্যাটার্ন দিব পাৰো আৰু ভিন্ন প্রস্থও দিব পাৰো।
12:38 পৰবর্তী বিকল্প হল Cap. এইটো লাইন স্ট্রোকৰ উপৰত কাম কৰে।
12:44 Tool box ত যাওক। Freehand টুলত টিপক। সেয়ে Freehand টুলৰ সাহায্যে এটা লাইন আঁকক।
12:50 এতিয়া, লাইনৰ শেষত জুম-ইন কৰক।
12:54 ডিফল্টৰুপে, Butt cap নির্বাচিত আৰু এইটো শেষলৈ এটা সমতল প্রান্ত দিয়ে।
12:59 এতিয়া আমি বৃত্তাকাৰ প্রান্ত দিবলৈ Round cap ত টিপো।
13:04 ইয়াৰ পিছত হল Square cap, যি লাইনৰ শেষত সমতল আৰু বর্ধিত প্রান্ত দিয়ে।
13:13 Dashes ট্যাবৰ তলত এটা 3 Markers, যি পাথৰ মাঝত মার্কাস ৰাখে।
13:20 উপলব্ধ সূচী দেখিবলৈ মার্কাৰৰ প্রতিটো ড্রপ ডাউন মেনুত টিপক।
13:25 Start Markers ত, আমি Torso নির্বাচন কৰো।
13:29 Mid markers হিসাবে Curvein নির্বাচন কৰিম।
13:33 End Marker ৰ বাবে, Legs নির্বাচন কৰিম।
13:39 ক্যানভাসত নির্মিত কার্টুনৰ আকৃতি চাওক।
13:44 অবশেষত Fill and stroke ডায়লগ বাক্সৰ তলত 2 টা স্লাইডাৰ Blur আৰু Opacity লক্ষ্য কৰক।
13:53 প্রথম আয়তক্ষেত্র পুনৰায় নির্বাচন কৰক।
13:56 Blur স্লাইডাৰৰ ব্যবহাৰ অবজেক্টক ব্লৰ ইফেক্ট দিয়া হয়. আমি স্লাইডাৰত টিপিম আৰু এইটোক সোফালে লৈ যাম।
14:04 চাওক যে আয়তক্ষেত্র ব্লাৰ হৈ গৈছে, যেতিয়াই আমি স্লাইডাৰক আৰো বেশী সোফালে লৈ যাও।
14:15 Opacity স্লাইডাৰৰ ব্যবহাৰ আকৃতিক স্বচ্ছতা প্রদান কৰিবলৈ ব্যবহৃত হয়. স্লাইডাৰক সোফালে অতৰূৱাওক আৰু আকৃতিত পৰিবর্তন লক্ষ্য কৰক।
14:27 সংক্ষেপে এই টিউটৰিয়েলত আমি শিকিছো:
14:31 Fill and Stroke বিকল্প ব্যবহাৰ কৰি অবজেক্টত ৰঙ ভৰা।

আকৃতিক স্ট্রোকস আৰু আউটলাইন দিয়া।

বিভিন্ন ধৰনৰ Gradients আৰু

স্ট্রোক পেন্ট আৰু স্ট্রোক স্টাইলস।

14:44 ইয়াত এটা নির্দেশিত কাম আছে।
14:47 5 পিক্সেল প্রস্থৰ নীলা স্ট্রোকৰ সৈতে ৰঙা আৰু হালধীয়া ৰঙৰ Linear gradient দ্বাৰা ভৰা এটা পঞ্চভুজ তৈয়াৰ কৰক।
14:57 Wavy প্যাটার্নৰ সৈতে এটা উপবৃত্ত তৈয়াৰ কৰক আৰু opacity ক 70% কৰক।
15:04 'Start Markers'ক 'Arrow1Lstart' হিচাবে আৰু 'End Markers'ক 'Tail হিচাবে, ইয়াৰ সৈতে 10 প্রস্থ যুক্ত এটা লাইন তৈয়াৰ কৰক।
15:15 আপোনাৰ সম্পন্ন নির্দেশিত কাম এই ৰকমে হোৱা উচিত।
15:18 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক।
15:28 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
15:37 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। স্পোকেন টিউটৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
15:55 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro
16:05 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi