Blender/C2/Types-of-Windows-Properties-Part-5/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Types of Windows Properties Part 5

Time Narration
00:04 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত প্রোপার্টিস উইন্ডো সম্পর্কে।
00:15 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
00:28 টিউটোৰিয়েলটো দেখাৰ পিছত, প্রোপার্টিস উইন্ডোৰ সম্পর্কে শিকিব;
00:33 প্রোপার্টিস উইন্ডোত Texture প্যানেল কি;
00:38 প্রোপার্টিস উইন্ডোৰ Texture প্যানেলৰ বিভিন্ন সেটিংস কি?
00:45 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
00:50 নহলে আমাৰ আগৰ টিউটোৰিয়েল Basic Description of Blender Interface পড়ক।
00:58 প্রোপার্টিস উইন্ডো আমাৰ স্ক্রিনৰ সো ফালে অবস্থিত।
01:04 আমি প্রোপার্টিস উইন্ডোৰ প্রথম কিছু প্যানেল আৰু সেটিংস আগৰ টিউটোৰিয়েলতেই দেখিছো।
01:11 এতিয়া প্রোপার্টিস উইন্ডোত পৰবর্তী প্যানেল চাও।
01:14 প্ৰথমে ভাল দেখাৰ আৰু বোঝাৰ বাবে, আমাৰ প্রোপার্টিস উইন্ডোৰ আকাৰ এবাৰ সলাব লাগে।
01:21 প্রোপার্টিস উইন্ডোৰ বাও প্রান্তত বাও ক্লিক কৰক, ধৰি থাকক আৰু বাও ফালে ড্রেগ কৰক।
01:29 এতিয়া বিকল্পবোৰ প্রোপার্টিস উইন্ডোত আৰু স্পষ্টৰুপে দেখিব পাৰি।
01:34 ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে পৰিবর্তন কৰে তাক শিকিবলৈ How to Change Window Types in Blender এই টিউটোৰিয়েলটো চাওক।
01:45 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিলৈ যাওক।
01:48 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিৰ Checkered Square আইকনত বাও ক্লিক কৰক।
01:55 এইটো হল Texture প্যানেল। ইয়াত আমি সক্রিয় অবজেক্টৰ সক্রিয় মেটেৰিয়ালত এটা Texture জুড়াবলৈ পাৰো।
02:04 Texture আইকনৰ ঠিক তলত, আমি প্রদর্শিত লিঙ্ক দেখিব পাৰো। Cube , White , Tex.
02:14 ইয়াৰ মানে এই যে কিউব হল সক্রিয় অবজেক্ট। White কিউবৰ সক্রিয় মেটেৰিয়াল।
02:23 Tex হল বগা মেটেৰিয়ালৰ সক্রিয় টেক্সচাৰ। ইয়াত তিনি ধৰনৰ টেক্সচাৰ আছে -
02:32 Material Textures, World Textures আৰু Brush Textures.
02:38 Material Textures সম্পর্কে শিকিম।
02:42 World Textures আৰু Brush Textures পৰবর্তী টিউটোৰিয়েলত শিকিম।
02:49 এইটো হল texture slot বাক্স। ডিফল্টৰুপে, এটা টেক্সচাৰ সক্রিয় মেটেৰিয়ালৰ বাবে সক্ষম। এইটো নীলা ৰং দ্বাৰা চিন্হাঙ্কিত।
03:00 চিন্হাঙ্কিত টেক্সচাৰ পৰা দূৰত সো ফালে check বাক্সত বাও ক্লিক কৰক। এতিয়া টেক্সচাৰ নিষ্ক্রিয় হৈ গৈছে।
03:11 Check বাক্সত আকৌ এবাৰ বাও ক্লিক কৰক। এইটো এবাৰ অক্ষম হৈ গৈছে। চেক বাক্সৰ আগত এটা vertical scroll বাৰ আছে।
03:25 Vertical scroll ত বাও ক্লিক কৰি ধৰি ৰাখক। মাউসক তলৰ ফালে টানি আনক।
03:32 এতিয়া আপোনি বর্তমান(current) মেটেৰিয়ালৰ বাবে texture slots দেখিব পাৰিব।
03:38 প্রতিটো স্লটক checkered square দ্বাৰা উপস্থাপিত।
03:44 সক্রিয় টেক্সচাৰত পুনৰায় স্ক্রল কৰক।
03:48 টেক্সচাৰ স্লট বাক্সত টেক্সচাৰক উপৰ আৰু তললৈ ঘোৰাবলৈ বাবে up আৰু down অ্যাৰো ব্যবহৃত হয়।
03:56 down অ্যাৰোত বাও ক্লিক কৰক। সক্রিয় টেক্সচাৰ দ্বিতীয় টেক্সচাৰ স্লটলৈ গতি কৰে।
04:06 up অ্যাৰোত বাও ক্লিক কৰক। সক্রিয় টেক্সচাৰ এবাৰ প্রথম স্লটলৈ গতি কৰে।
04:15 up আৰু down অ্যাৰোৰ তলত আৰু এটা black down অ্যাৰো আছে।
04:20 black down অ্যাৰোত বাও ক্লিক কৰক। এটা মেনু প্রদর্শিত হয়।
04:26 Copy Texture slot settings ত বাও ক্লিক কৰক।
04:31 বাক্সত দ্বিতীয় texture slot ত বাও ক্লিক কৰক। এইটো নীল ৰংত চিন্হাঙ্কিত।
04:40 black down অ্যাৰোত এবাৰ বাও ক্লিক কৰক।
04:45 Paste Texture slot settings ত বাও ক্লিক কৰক।
04:49 প্রথম টেক্সচাৰ সেটিংসৰ সমান, দ্বিতীয় টেক্সচাৰ স্লটত এটা নতুন টেক্সচাৰ প্রদর্শিত হয়।
04:57 স্লট বাক্সৰ তলত টেক্সচাৰ নেম বাৰৰ সো ফালে cross চিনহত বাও ক্লিক কৰক।
05:07 দ্বিতীয় টেক্সচাৰক অতৰুৱা গৈছে। ইয়াৰ সৈতে সেটিংসও গৈছে।
05:15 Plus চিনহৰ সৈতে এটা new বাটন প্রদর্শিত হয়।
05:20 new বাটনত বাও ক্লিক কৰক। দ্বিতীয় টেক্সচাৰ স্লটত এটা নতুন টেক্সচাৰ প্রদর্শিত হয়।
05:29 নতুন টেক্সচাৰ যোগ কৰাৰ এইটো আৰু এটা উপায়।
05:34 লক্ষ্য কৰক, কিভাবে দ্বিতীয় টেক্সচাৰৰ বাও ফালে checkered square ভিন্ন চিত্রলৈ সলনি হৈ গৈছে।
05:42 তলত এটা preview উইন্ডো প্রদর্শিত হয়। এইটোৱে সক্রিয় টেক্সচাৰৰ প্রিভিউ প্রদর্শন কৰে।
05:49 এই টেক্সচাৰৰ নাম সলাওক।
05:53 স্লট বক্সৰ তলত texture name বাৰত বাও ক্লিক কৰক।
05:57 আপোনাৰ কীবোর্ডত Bump লিখক আৰু enter কী টিপক।
06:05 নেম বাৰৰ বাঁওফালে checkered square ত বাও ক্লিক কৰক। এইটো Texture মেনু।
06:12 সীনত ব্যবহৃত সকলো টেক্সচাৰ ইয়াত সূচিবদ্ধ আছে।
06:18 নেম বাৰৰ তলত type বাৰ আছে। ডিফল্টৰুপে, সকলো নতুন টেক্সচাৰে Clouds texture প্রদর্শন কৰে।
06:28 Clouds ত বাও ক্লিক কৰক। এইটো হল Type মেনু।
06:35 ইয়াত ব্লেন্ডাৰ দ্বাৰা সমর্থিত সকলো ধৰনৰ টেক্সচাৰ সূচিবদ্ধ আছে। Wood, Voxel data, voronoi, ইত্যাদি।
06:48 টেক্সচাৰৰ ধৰন নির্বাচন কৰিবলৈ তাৰ উপৰত মাত্ৰ বাও ক্লিক কৰক। এতিয়াৰ বাবে আমি Clouds texture ৰাখিছো।
06:58 এইটো হল texture preview উইন্ডো। ইয়াত তিনটা ডিসপ্লে বিকল্প আছে।
07:05 Texture.ডিফল্ট ৰুপে এই ডিসপ্লে সর্বদা নির্বাচিত।
07:10 Material ত বাও ক্লিক কৰক। এইটোৱে মেটেৰিয়ালৰ উপৰত টেক্সচাৰৰ প্রিভিউ দেখায়।
07:19 Both ত বাও ক্লিক কৰক। যতনেকি নামৰ পৰা বোঝা যায় যে, উভয় টেক্সচাৰ আৰু মেটেৰিয়াল ডিসপ্লে এতিয়া আশে পাশে দৃশ্যমান।
07:30 Show Alpha ত বাও ক্লিক কৰক। এতিয়া টেক্সচাৰ স্বচ্ছ হৈ গৈছে।
07:38 এইটো গ্লাছ বা পানীৰ নিচিনা মেটেৰিয়ালৰ বাবে ব্যবহৃত হয়।
07:44 Show Alpha ত এবাৰ বাও ক্লিক কৰক।
07:51 পিছৰ সেটিং হল Influence.
07:53 বিকল্পবোৰে টেক্সচাৰক মেটেৰিয়ালৰ মুখ্য চাৰিটা ক্ষেত্রত প্রভাবিত কৰিবলৈ সাহায্য কৰে।
08:01 Diffuse, Shading, Specular আৰু Geometry. ডিফল্টৰুপে, Diffuse ৰ অধিনত Color সক্রিয় হয়।
08:22 Color বাৰৰ বাঁওফালে check বাক্সত বাও ক্লিক কৰক। Color এতিয়া নিষ্ক্রিয় হৈ গৈছে।
08:30 'Texture colorএ এতিয়া Material Diffuse color ক আৰু প্রভাবিত নকৰে।
08:38 Geometry লৈ যাওক। Normal ইয়াৰ আগতে check বাক্সত বাও ক্লিক কৰক।
08:45 এতিয়া টেক্সচাৰৰ Normalএ মেটেৰিয়ালৰ Geometry ক প্রভাবিত কৰে
08:50 আপোনি ফলাফলটো প্রিভিউ উইন্ডোত দেখিব পাৰিব।
08:57 প্রিভিউ গোলকৰ উপৰত চাৰিও ফালে মেঘবোৰ বাধা বিপত্তি হিসাবে আছে।
09:06 টেক্সচাৰে মেটেৰিয়ালৰ সৈতে কিভাবে ব্লেন্ড হয় তাক ব্লেন্ডে নিয়ন্ত্রণ কৰে। ডিফল্টৰুপে, এইটো Mix ৰুপে নির্ধাৰিত।
09:15 Mix ত বাও ক্লিক কৰক। এই menuএ ব্লেন্ডাৰ দ্বাৰা সমর্থিত সকলো টেক্সচাৰ ব্লেন্ডৰ ধৰনক সূচিবদ্ধ কৰে।
09:25 আপোনি কি গোলাপী ৰং RGB to intensity ইয়াৰ অধিনত দেখিব পাৰিছেনে?
09:33 এতিয়া এইটোৱে মেটেৰিয়াল ৰঙক প্রভাবিত কৰা নাই কাৰণ আমি ইন্ফ্লুয়েন্সৰ অধিনত কালাৰ বিকল্পক অক্ষম কৰি দিছো।
09:44 গোলাপী( pink ) ৰংত বাও ক্লিক কৰক। এটা color মেনু প্রদর্শিত হয়।
09:48 ইয়াত টেক্সচাৰৰ বাবে যিকোনো ৰঙ নির্বাচন কৰিব পাৰি।
09:53 এতিয়া এইটোক গোলাপী হিসাবে এৰি দিয়ক কাৰণ আমি টেক্সচাৰ কালাৰ ব্যবহাৰ কৰা নাই।
10:00 Bump mappingএ নির্ধাৰিত কৰে যে কিভাবে টেক্সচাৰৰ নৰমালে মেটেৰিয়ালৰ Geometry ক প্রভাবিত কৰে।
10:09 Default বম্প ম্যাপিং ইয়াৰ বর্তমান পদ্ধতি(method)।
10:12 Default ত বাও ক্লিক কৰক। এই মেনুএ বম্প ম্যাপিং ইয়াৰ বিভিন্ন পদ্ধতি সূচিবদ্ধ কৰে।
10:19 Best quality, Default, compatible আৰু original.
10:34 compatible ত বাও ক্লিক কৰক। বম্প ইন্ফ্লুয়েন্স বৃদ্ধি পায়।
10:46 পৰবর্তী সেটিং হল Clouds. ইয়াত ক্লাউড টেক্সচাৰৰ বাবে বিভিন্ন বিকল্প আছে।
10:54 Greyscaleএ টেক্সচাৰক গ্রেস্কেল মোডত প্রদর্শন কৰে।
10:59 colorত বাও ক্লিক কৰক।
11:02 এতিয়া প্রিভিউ উইন্ডোত টেক্সচাৰ, ৰঙৰ মিশ্রণত প্রদর্শিত হয়।
11:09 কিন্তু মেটেৰিয়ালৰ উপৰত ৰঙৰ কোনো প্রভাব নাই।
11:16 Noiseএ ক্লাউডস টেক্সচাৰৰ বিকৃতি নির্ধাৰণ কৰে।
11:21 Soft noise হল ডিফল্ট বিকৃতি।
11:25 এতিয়া Hard ত বাও ক্লিক কৰক। এতিয়া প্রিভিউ উইন্ডোএ ক্লাউডস টেক্সচাৰত গাঢ় কলা ৰুপৰেখা(outlines) দেখায়।
11:36 একেই সময়ত, মেটেৰিয়ালৰ উপৰত bumps গভীৰ হৈ যায়। এইটো হল Hard Noise
11:47 Basis হল ক্লাউডস টেক্সচাৰত নয়েসৰ আধাৰ বা উত্স।
11:53 Blender original ত বাও ক্লিক কৰক। ইয়াত Noise basis মেনু আছে।
12:00 এইটোৱে ব্লেন্ডাৰত নয়েস বেসিসৰ এটা সূচী প্রদর্শন কৰে।
12:05 Voronoi crackle ত বাও ক্লিক কৰক। আপোনি প্রিভিউ উইন্ডোত পৰিবর্তন দেখিব পাৰিব।
12:14 সেয়ে এইভাবে যি নয়েস বেসিসে ক্লাউড টেক্সচাৰক প্রভাবিত কৰে।
12:21 ক্লাউড টেক্সচাৰত Size, Nabla আৰু depth control হল নয়েসৰ বৈশিষ্ট্য।
12:33 প্ৰোপাৰ্টিচ প্যানেলৰ উপৰৰ সাৰিৰ শেষৰ দুটা আইকন হল Particles আৰু Physics.
12:42 এইটো আৰো উন্নত টিউটোৰিয়েলত চাম, যত আমি আমাৰ অ্যানিমেশনত Particles আৰু Physics ব্যবহাৰ কৰিম।
12:50 3D ভিউলৈ যাওক।
12:53 ল্যাম্প নির্বাচন কৰিবলৈ ৰাইট ক্লিক কৰক।
12:59 প্রোপার্টিস প্যানেলৰ উপৰৰ সাৰিৰ আইকনৰ পৰিবর্তন লক্ষ্য কৰক।
13:05 কিছু আইকন প্রতিস্থাপিত হৈছে যত কিছু সাৰি গৈছে।
13:10 3D ভিউত Camera ত ৰাইট ক্লিক কৰক।
13:13 প্রোপার্টিস প্যানেলৰ উপৰৰ সাৰিৰ আইকনৰ পৰিবর্তন লক্ষ্য কৰক।
13:19 প্রোপার্টিস উইন্ডোত টুলবোৰ গতিশীল আৰু 3D ভিউত সক্রিয় অবজেক্টৰ ধৰনৰ উপৰত নির্ভৰ কৰে।
13:29 ইয়াৰ সৈতেই আমাৰ টিউটোৰিয়েলৰ শেষলৈ আহিছো।
13:34 এতিয়া আপোনি আগোৱাই যাব পাৰিব আৰু এটা নতুন ফাইল বনাব পাৰিব;
13:39 কিউবত ক্লাউড টেক্সচাৰ যোগ কৰক আৰু ক্লাউড নয়েসৰ Size, Nabla আৰু Depth ইয়াৰ সৈতে কাম কৰক।
13:49 এই প্রকল্পটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
13:58 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro.
14:19 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
14:21 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
14:25 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়।
14:31 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
14:36 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
14:38 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi