Blender/C2/Types-of-Windows-File-Browser-Info-Panel/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:05 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত ফাইল ব্রাউজাৰ আৰু ইনফো প্যানেলৰ সম্পর্কে।
00:15 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
00:24 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ফাইল ব্রাউজাৰ, ইনফো প্যানেল আৰু উভয়ক্ষেত্রত উপলব্ধ বিভিন্ন বিকল্প সম্পর্কে শিকিম।
00:40 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদানৰ সম্পর্কে জানে।
00:45 নহলে আমাৰ আগৰ টিউটোৰিয়েল Basic Description of the Blender Interface চাওক।
00:55 3D ভিউয়ৰ তলৰ বাঁও কোণত Editor Type মেনুলৈ যাওক।
01:02 menu খুলিবলৈ বাও ক্লিক কৰক। ইয়াত ব্লেন্ডাৰত উপলব্ধ বিভিন্ন ধৰনৰ উইন্ডোসৰ সূচী আছে।
01:14 File Browser ত বাও ক্লিক কৰক।
01:18 এইটো হল File Browser.
01:21 ইয়াত আমাৰ সিস্টেমত সংৰক্ষিত আমাৰ সকলো blend files পাব পাৰি।
01:29 এই চাৰিটা অ্যাৰো বোতামে আমাৰ ডিৰেক্টৰিৰ ভিতৰত চাৰিওফালে স্থানান্তৰ কৰিবলৈ সহায় কৰে।
01:37 Back arrowএ আমাক আগৰ ফোল্ডাৰলৈ লৈ যাব।
01:41 কীবোর্ড শর্টকাটৰ বাবে, back space টিপক।
01:48 Forward arrow এ আমাক পিছৰ ফোল্ডাৰলৈ লৈ যাব।
01:52 কীবোর্ড শর্টকাটৰ বাবে, shift আৰু backspace টিপক।
01:59 Up arrow বোতামে আপোনাক পেৰেন্ট ডিৰেক্টৰিলৈ লৈ যাব।
02:05 কীবোর্ড শর্টকাটৰ বাবে, P টিপক।
02:10 Refresh বোতামে আপোনাৰ বর্তমান ডিৰেক্টৰিত ফাইলৰ সূচী ৰিফ্রেশ কৰাব।
02:19 Create new directory এ আপোনাৰ বর্তমান ডিৰেক্টৰিৰ ভিতৰত নতুন ডিৰেক্টৰি বা ফোল্ডাৰ তৈয়াৰ কৰিব।
02:29 এই বোতামবোৰে আপোনাক আপোনাৰ ফাইল আৰু ফোল্ডাৰক ক্রমানুশাৰে সজোৱাত সাহায্য কৰিব।
02:39 Filter বাটনে আপোনাৰ ডিৰেক্টৰিৰ ভিতৰত ফাইলবোৰ ফিল্টাৰ কৰিবলৈ সক্ষম কৰিব।
02:46 ফিল্টাৰ ট্যাবৰ আগত উপস্থিত থকা মাত্র সক্রিয়(active) আইকন ডিৰেক্টৰিৰ ভিতৰত দৃশ্যমান হব।
02:57 সেয়ে এইটো ব্লেন্ডাৰত 'File Browser' উইন্ডো সম্পর্কে আছিল।
03:03 editor type লৈ যাওক, ফাইল ব্রাউজাৰৰ উপৰৰ বাও কোণত menu টিপক।
03:10 menu খোলাৰ বাবে বাও ক্লিক কৰক।
03:15 3D View ত বাও ক্লিক কৰক।
03:19 আমি ডিফল্ট ব্লেন্ডাৰ কর্ম পৰিসৰলৈ উভতি আহিছো।
03:24 এতিয়া, 'info' প্যানেল দেখা যাওক।
03:30 ব্লেন্ডাৰ ইন্টাৰফেসত সকলোতচে উপৰৰ প্যানেল হৈছে  'info' প্যানেল - মুখ্য মেনু প্যানেল।
03:40 'file' ত বাও ক্লিক কৰক।
03:42 এইটো আমাৰ উচৰত আছে - open a new বা an existing file, save the file, user preferences window, লগতে import আৰু export অপশন্স।
03:58 open ত বাও ক্লিক কৰক।
04:02 এইটোৱে ফাইল ব্রাউসাৰৰ অনুৰুপ ব্রাউসাৰ খুলিব।
04:07 আপোনি ইয়াৰ পৰা blend file খুলিব পাৰিব, যি আপোনি ইতিমধ্যেই সিস্টেমত সংৰক্ষণ কৰি ৰাখিছিলে।
04:14 ফাইলটো খোলাৰ আগতে 'load UI' ইয়াক সক্রিয়তা কৰাত User Interface বা UIৰ সৈতে blend file খুলিবলৈ সহায় কৰে যি আপোনি সংৰক্ষণ কৰিছিলে।
04:26 ওপেন ফাইল উইন্ডো পৰা প্রস্থান কৰাৰ বাবে Back to Previous ত বাও ক্লিক কৰক।
04:35 Add ত বিভিন্ন বস্তুৰ ৰিপোজিটৰী আছে, যি আপোনি আপোনাৰ সীনত( scene) জুড়াবলৈ পাৰিব।
04:42 Add ত বাও ক্লিক কৰক।
04:46 এইটো হল অবজেক্ট ৰিপোজিটৰী।
04:50 আমি এই মেনু ব্যবহাৰ কৰি 3D ভিউত নতুন বস্তু যোগ কৰিব পাৰো।
04:56 কীবোর্ড শর্টকাটৰ বাবে , Shift আৰু A টিপক।
05:04 এতিয়া 3D ভিউত এটা প্লেন (plane) যোগ কৰা যাওক।
05:09 3D কার্সাৰক ঘোৰাবলৈ স্ক্রিনত কোনো এটা ঠাইত বাও ক্লিক কৰক।
05:15 আমি এই স্থান নির্বাচন কৰিছো।
05:20 Add মেনুৰ বাবে Shift আৰু A টিপক।
05:25 Mesh. plane ত বাও ক্লিক কৰক।
05:30 3D কার্সাৰৰ স্থানত 3D ভিউলৈ এটা নতুন প্লেন জুড়া গৈছে।
05:37 3D কার্সাৰ সম্পর্কে বুঝিবলৈ অনুগ্ৰহ কৰি Navigation - 3D কার্সাৰ টিউটোৰিয়েলটো চাওক।
05:46 একেইভাবে, আপোনি 3D ভিউত আৰো কিছু বস্তু যোগ কৰাৰ চেষ্টা কৰিব পাৰিব।
05:53 এতিয়া info প্যানেললৈ উভতি যাওক।
05:56 ৰেন্ডাৰ মেনু খুলিবলৈ Render ত বাও ক্লিক কৰক।
06:00 ৰেন্ডাৰত ইমেজ বা ভিডিও ৰেন্ডাৰ বিকল্প আছে যেনে render image, render animation, show বা hide render view ইত্যাদি।
06:14 ৰেন্ডাৰ সেটিংসক পিছৰ টিউটোৰিয়েলত বিস্তাৰিত ভাবে শিকিব।
06:19 Info প্যানেলত helpৰ আগত square আইকনলৈ যাওক।
06:26 এইটো হল Choose Screen Layout.
06:31 এইটোৱে ডিফল্ট ব্লেন্ডাৰ ইন্টাৰফেস দেখায় যাৰ উপৰত আমি কাম কৰি আছো।
06:37 Choose Screen Layout ত বাও ক্লিক কৰক।
06:41 এই সূচীয়ে আপোনাক বিভিন্ন লেআউট বিকল্প দিয়ে।
06:48 Animation, compositing, Game logic, Video editing.
06:55 আপোনি আপোনাৰ প্রয়োজন অনুযায়ী যি কোনো এটা বাছিব পাৰিব।
07:04 Choose Screen Layoutৰ পৰা প্রস্থানৰ বাবে ব্লেন্ডাৰ স্ক্রিনত কোনো এটা ঠাইত বাও ক্লিক কৰক বা কীবোর্ডত Esc টিপক।
07:15 Scene এ, বর্তমানৰ সীনক (Scene) প্রদর্শন কৰে, যাৰ উপৰত আমি কাম কৰি আছো।
07:22 সেয়ে এইটো 'info' প্যানেল সম্পর্কে আছিল।
07:25 এতিয়া ব্লেন্ডাৰত ফাইল ব্রাউজাৰ ব্যবহাৰ কৰি সিস্টেমত এটা নতুন ডিৰেক্টৰি বনোৱাৰ চেষ্টা কৰক।
07:32 তাৰপিছত স্ক্রিন লেআউটক defaultৰ পৰা Animationলৈ সলাওক।
07:39 ফাইল ব্রাউজাৰ আৰু ইনফো প্যানেলৰ এই টিউটোৰিয়েলটো ইয়াতে সমাপ্ত হল।
07:47 এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD ইয়াৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন"ৰ দ্বাৰা সমর্থিত।
07:55 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ।
08:00 oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro
08:14 কথ্য টিউটোৰিয়েল প্রকল্প দলে,
08:16 কথ্য টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
08:20 যি অনলাইন পৰীক্ষাত পাস কৰে তাক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
08:25 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org তে যোগযোগ কৰক।
08:32 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
08:33 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi