Ubuntu-Linux-on-Virtual-Box/C2/Installing-Ubuntu-Linux-OS-in-a-VirtualBox/Assamese

From Script | Spoken-Tutorial
Revision as of 18:25, 25 July 2019 by Nancyvarkey (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 VirtualBox এটাত Installing Ubuntu Linux OS ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি Windows base machineVirtualBox এটাত Ubuntu Linux 16.04 ইনষ্টল কৰিবলৈ শিকিম
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে Windows OS ভাৰ্চন 10,
00:23 VirtualBox ভাৰ্চন 5.2.18,
00:27 Ubuntu Linux 16.04 OS ব্যৱ্হাৰ কৰি
00:31 আৰম্ভ কৰাৰ আগতে, আপুনি ইন্টাৰনেটৰ (Internet) সৈতে সংযুক্ত হৈ থকাতো নিশ্বিত কৰক
00:36 ভাৰচুৱেল বক্সত (VirtualBox) OS ইনষ্টল কৰিবলৈ, base machineত তলৰ কনফিগুৰেচন থাকিব লাগিব
00:43 i3 processor বা অধিক,
00:46 RAM 4GB বা অধিক,
00:49 Hard diskত ফ্ৰি স্পেচ 50GB বা অধিক আৰু
00:54 ভাৰচুৱেলাইজেচন (Virtualization ) BIOSত এনাব’ল হ’ব লাগিব
00:58 ই ভাৰচুৱেল বক্সএ (VirtualBox) সহজে কাম কৰাক নিশ্বিত কৰিব
01:03 আমি ইনষ্টল কৰিবলৈ আৰম্ভ কৰাৰ আগতে, অনুগ্ৰহ কৰি System type টো 32-bit বা 64-bit কোনটো হয় চাওঁক
01:12 তাক কৰিবলৈ, Start মেনুৰ কাষৰ চাৰ্চ বক্সলৈ যাওঁক । লিখক About your PC
01:22 About your PC বাচক
01:25 System type ৰ ভিতৰত, আমি 32-bit বা 64-bit ভাৰ্চন উইন্দ’জৰ (Windows) ভিতৰত কি চলাই আছো চাব পাৰো
01:34 ইয়াত, মোৰ ক্ষেত্ৰত, ই 64-bit উইন্দ’জ
01:39 আপোনাৰ System type ৰ ওপৰত ভিত্তি কৰি, গ্ৰহণযোগ্য Ubuntu Linux 16.04 ISO এই লিংকৰ পৰা দাউনল’দ কৰক:

http colon double slash releases dot ubuntu dot com slash 16.04

01:59 32-bit ৰ বাবে, ই হ’ব:

ubuntu hyphen 16.04.5 hyphen desktop hyphen i386 dot iso

02:12 64-bit ৰ বাবে, ই হ’ব:

ubuntu hyphen 16.04.5 hyphen desktop hyphen amd64 dot iso

02:26 আগতে উল্লেখ কৰিছো, মোৰ Windows System type হৈছে 64-bit
02:31 গতিকে, এই প্ৰদৰ্শনৰ বাবে মই ubuntu hyphen 16.04.5 hyphen desktop hyphen amd64.iso ফাইলটো দাউনল’দ কৰিছো
02:45 প্ৰথমে, আমি VirtualBox ৰ ভিতৰত virtual machine এটা কেনেকৈ বনোৱা হয় শিকিম
02:52 Desktop ত, VirtualBox আইকনত দুবাৰ ক্লিক কৰক ইয়াক খুলিবলৈ
02:59 VirtualBox উইন্দ’ৰ ওপৰত, নীলা ৰঙৰ New আইকনটো বাচক আৰু ইয়াক ক্লিক কৰক
03:06 খোলখোৱা Create Virtual Machine উইন্দ’ত, আমি Name and Operating system পৃষ্ঠাটো দেখিছো
03:14 Name টেকস্ত বক্সৰ ভিতৰত, আপুনি দিব বিচৰা নামটো লিখক । মই লিখিম Ubuntu
03:22 তাৰপাছত দ্ৰপ-দাউনৰ ভিতৰত লিখক, select Linux
03:27 দ্ৰপ-দাউন Versionৰ পৰা, মই Ubuntu (64-bit) নিৰ্বাচিত কৰিম
03:33 যদি আপোনাৰ base machine টো 32-bit হয়, তেন্তে দ্ৰপ-দাউনৰ পৰা Ubuntu (32-bit) নিৰ্বাচিত কৰক
03:40 আৰু, উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক
03:44 পাছৰ পৃষ্ঠাটো হৈছে Memory size । ইয়াত, আমি virtual machineৰ বাবে RAM ৰ চাইজটো নিৰ্ধাৰিত কৰো
03:52 RAM ৰ বাবে চাইজটো নিৰ্ধাৰিত কৰিবলৈ slider টো বা টেকস্ত-বক্সটো ব্যৱ্হাৰ কৰক
03:58 যিহেতু ইউনিতটো MB হয়, মই টেকস্ত-বক্সটোত 4048 লিখিম
04:05 এই virtual machine টোলৈ ই 4GB RAM নিৰ্ধাৰিত কৰিব
04:11 যদি base machine টোৰ চিষ্টেম মেম’ৰি মাত্ৰ 4GB হয়, তেন্তে virtual machine টোলৈ 2GB নিৰ্ধাৰিত কৰক
04:19 এতিয়া, উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক
04:24 Hard disk পৃষ্ঠাটোত, আমি কেনে প্ৰকাৰৰ virtual hard disk ব্যৱ্হাৰ কৰিম তাক সিদ্ধান্ত কৰিব লাগিব
04:32 মই এটা নতুন virtual machine বনাইছো । গতিকে, মই Create a virtual hard disk now নিৰ্বাচিত কৰিম
04:39 এই অপচনটো দিফল্টভাবে (default) আপোনালৈ নিৰ্বাচিত হ’ব পাৰে
04:44 তলত Create বুটামত ক্লিক কৰক
04:48 Hard disk file type ত, VDI (Virtual Disk Image) নিৰ্বাচিত কৰক । আৰু, উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক
04:59 পাছৰ পৃষ্ঠাটোত, Storage on physical hard disk, আমাৰ hard disk storage টো কেনেকুৱা হ’ব তাক সিদ্ধান্ত কৰিব লাগিব । ইয়াত দুটা অপচন আছে
05:11 Dynamically allocated অপচনটোৱে hard disk storage টো ব্যৱ্হাৰৰ ওপৰত ভিত্তি কৰি বৃদ্ধি কৰিব
05:19 Fixed Size এ আমি সূচীত কৰা অনুসৰি চাইজ নিৰ্ধাৰিত কৰিব । মই Fixed size নিৰ্বাচিত কৰিম
05:27 এতিয়া Next বুটামত ক্লিক কৰক
05:31 পাছৰ পৃষ্ঠাটো File location and size, হৈছে hard disk size ক নিৰ্ধাৰিত কৰিবলৈ
05:38 ইয়াত আপুনি Ubuntu নামটো দেখিছে যি আমি আগতে দিছিলো
05:44 লগতে, সোফালে আমি folder আইকন এটা দেখিছো
05:48 যদি আপুনি এই Virtual Disk Image টো আন ঠাইত ছেভ কৰিব বিচাৰে, এই icon ত ক্লিক কৰক । মই এই প্ৰদৰ্শনত তাক বাদ দিম
06:02 পাছত শ্লাইদাৰ বা টেকস্ত বক্স ব্যৱ্হাৰ কৰক hard disk size ক নিৰ্ধাৰিত কৰিবলৈ
06:09 প্ৰয়োজনীয় চাইজ হৈছে 10GB কিন্তু মই ইয়াক 20GB লৈ সলাম
06:16 তাৰপাছত, তলত Create বুটামত ক্লিক কৰক
06:20 ই এটা নতুন Virtual Machine base বনাব আমি এতিয়ালৈকে প্ৰ্দান কৰা সবিশেষৰ সৈতে । ই কিছু সময় ল’ব পাৰে নিৰ্মান হ’বলৈ
06:31 Virtual Machine টো নিৰ্মান হ’লে, আমি ইয়াক বাওঁফালে দেখিব পাৰো
06:37 এইটো হৈছে Virtual Machine, Ubuntu, যি আমি এতিয়া নিৰ্মান কৰিছো
06:42 ই সূচায় যে আমি সফলভাবে Virtual Machine টো নিৰ্মান কৰিলো যি হৈছে VM
06:49 পাছত, আহক আমি ইয়াত Ubuntu Linux 16.04 ইনষ্টল কৰো
06:55 দিফল্টভাবে, Virtual Machine টো Power off মোদত থাকিব
07:00 Virtual Machine, Ubuntu ক নিৰ্বাচিত কৰক । ওপৰত সেউজীয়া ৰঙৰ এৰ’ৰ সৈতে Start বুটামত ক্লিক কৰক
07:09 এখন নতুন উইন্দ’ আহিব আৰু আমাক virtual optical disk file বা এটা physical optical drive নিৰ্বাচিত কৰিবলৈ ক’ব । folder icon টো বিচাৰক আৰু ক্লিক কৰক
07:22 এতিয়া, ব্ৰউজ কৰক আৰু ubuntu hyphen 16.04.5 hyphen desktop hyphen amd64.iso ফাইলটো নিৰ্বাচিত কৰক যাক আমি আগতে দাউনল’দ কৰিছিলো
07:37 আৰু, তলত Open বুটামত ক্লিক কৰক
07:41 এতিয়া আমি আগৰ স্ক্ৰিনলৈ ঘূৰি যাম । মন কৰিব যে এতিয়া ubuntu hyphen 16.04.5 hyphen desktop hyphen amd64.iso নিৰ্বাচিত হৈছে
07:56 ইনষ্টলেচনটো আৰম্ভ হ’বলৈ তলত Start বুটামত ক্লিক কৰক
08:02 আমি ইয়াত দেখিছো যে Ubuntu Linux ল’দ হৈছে
08:07 আমি দেখা প্ৰথম স্ক্ৰিনত তিনিটা অপচন আছে
08:11 বাওঁফালে, আমি ভাষাৰ এখন তালিকা দেখিছো । আপোনাৰ পচন্দৰ ভাষাটো বাচক
08:18 দিফল্টভাবে, English নিৰ্বাচিত হৈছে । মই ইয়াক এনেদৰেই ৰাখিম
08:25 মাজত আমি দুটা অপচন দেখিছো, Try Ubuntu আৰু Install Ubuntu
08:31 যদি আপুনি ইনষ্টল কৰাৰ আগতে Ubuntu ৰ লোক আৰু ফিলটো চাব বিচাৰে, Try Ubuntu ত ক্লিক কৰক
08:38 নতুবা, পোনপটীয়াকৈ Install Ubuntu ত ক্লিক কৰক । মই Install Ubuntu ত ক্লিক কৰিম
08:47 পাছৰ পৃষ্ঠাত দুটা অপচন আছে । Downloading update while installing Ubuntu

আৰু, Installing some third-party software ইনষ্টলেচনৰ সময়্ত

09:00 মই এইবোৰ বাদ দিম আৰু তলত Continue বুটামত ক্লিক কৰিম
09:05 Ubuntu Linux ইনষ্টলেচনৰ সময়ত তৃতীয় পৃষ্ঠাটো গুৰুত্বপূৰ্ণ । ইয়াত, আমি Ubuntu Linux ক’ত ইনষ্টল কৰিম তাক নিৰ্ধাৰিত কৰিব লাগিব
09:18 Something else । এইটো এটা ভাল অপচন যদি আমি Ubuntu আমাৰ মেচিনত VirtualBoxৰ অবিহনে পোনপটীয়াকৈ ইনষ্টল কৰিছো
09:28 এই অপচনৰ সৈতে আমাৰ base machine ত এটা dual boot OS থাকিব পাৰে
09:34 যিহেতু মই এটা VirtualBoxত কাম কৰি আছো, মই Erase disk and install Ubuntu নিৰ্বাচিত কৰিম
09:41 এই অপচনে সম্পূৰ্ণ Virtual hard disk ক ইৰেজ কৰিব আৰু এটা একক পাৰতিচনত Ubuntu OS ইনষ্টল কৰিব
09:49 তেতিয়া তলত Install Now বুটামত ক্লিক কৰক
09:53 এখন প’প-আপ উইন্দ’ Write the changes to the disks? আহিছে
09:59 ইয়াত, Continue বুটামত ক্লিক কৰক
10:03 পাছত অহা পৃষ্ঠাটো হৈছে- Where are you? মই India ত আছো, গতিকে মই India ত ক্লিক কৰিম
10:11 তলত অৱস্থিত টেকস্ত-বক্সত, ই কয় Kolkata । আমাৰ নিৰ্বাচনক ভিত্তি কৰি, ই টাইম জ’নটো চেত কৰিব
10:21 তলত Continue ত ক্লিক কৰক
10:24 এতিয়া, আমি আমাৰ Keyboard layout নিৰ্বাচিত কৰিব লাগিব
10:28 দিফল্টভাবে, দুয়োফালে English (US) নিৰ্বাচিত হ’ব
10:34 যদি আপুনি ভাষাটো সলাব বিচাৰে, তেন্তে ইচ্ছাগত অপচনটো নিৰ্বাচিত কৰক । মই English (US) ৰ সৈতে আগবাহিম
10:42 তলত Continue বুটামত ক্লিক কৰক
10:46 অন্তিম ষ্টেপটো হৈছে ল’গিন সবিশেষ দিয়া । মই Your name ফিলদ spoken হিচাবে ভৰাম
10:55 লগে লগে, Computer’s name আৰু Pick a username ফিল্দ দুটা আমাৰ ইনপুত অনুসৰি ভৰ্ত্তি হ’ব । আপুনি যদি বিচাৰে এই মানসমূহ সলাব পাৰে
11:07 পাছত, Choose a password টেকস্ত-বক্সত, আপোনাৰ Ubuntu Linux OS ৰ পাচৱৰ্দটো লিখক । মই spoken লিখিম
11:18 Confirm your password টেকস্ত-বক্সত, একেটা পাচৱৰ্দ পুনৰ লিখক
11:24 অনুগ্ৰহ কৰি এই পাচৱৰ্দটো লিখি ৰাখিব, যিহেতু ই এই Ubuntu Linux OS ৰ বাবে admin password হয়
11:32 পাচৱৰ্দ টেকস্ত-বক্সৰ তলত, আমি কিছু আৰু অপচন দেখিছো । মই Require my password to login নিৰ্বাচিত কৰিম
11:42 ই ইউজাৰে প্ৰ্তিবাৰ ল’গিন কৰোতে পাচৱৰ্দ এন্টাৰ কৰাক নিশ্বিত কৰিব
11:49 ইনষ্টলেচন আগবাহিবলৈ Continue ত ক্লিক কৰক
11:53 ইনষ্টলেচনটো সম্পূৰ্ণ হ’বলৈ কিছু সময় ল’ব পাৰে
11:58 এবাৰ ইনষ্টলেচনটো সম্পূৰ্ণ হ’লে, আমি Installation Complete বুলি দায়াল’গ-বক্স এটা দেখিম
12:06 দায়াল’গ-বক্সটোত, Restart Now বুটামত ক্লিক কৰক
12:11 Ubuntu ল’দ হৈছে বুলি স্ক্ৰিন এখন আহিছে । ই আমাক ইনষ্টলেচন মিদিয়ামটো আতৰাবলৈ Enter টিপিবলৈ ক’ব
12:20 উদাহৰণস্বৰূপে: CD/USB Stick ইত্যাদি । আপোনাৰ কীবৰ্দত Enter টিপক
12:28 ই এই Virtual Machine টো আৰম্ভ কৰিব আৰু আমাক ল’গিন পৃষ্ঠাটোলৈ নিব
12:34 আমি ইনষ্টলেচনৰ সময়ত দিয়া সবিশেষৰ সৈতে ল’গিন কৰক
12:39 আমাক Ubuntu 16.04 Desktop লৈ অনা হ’ল । ই সূচায় যে আমি ইনষ্টলেচনটো সফলভাবে সম্পূৰ্ণ কৰিলো
12:49 Ubuntu বন্ধ কৰিবলৈ, ওপৰত সোফালে power icon ত ক্লিক কৰক । আৰু, Shut Down অপচনটো নিৰ্বাচিত কৰক
12:58 এতিয়া অহা প’প আপত, ডাঙৰ Shut Down বুটামত ক্লিক কৰক
13:04 লগে লগে, Ubuntu উইন্দ’ বন্ধ হয় আৰু আমি VirtualBox manager লৈ ঘূৰি আহো
13:11 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । আহক মূলভাব চাওঁ
13:16 এই টিউট’ৰিয়েলটোত, আমি শিকিলো VirtualBox এটাত Virtual Machine এটা বনাবলৈ,
13:24 Virtual MachineUbuntu Linux 16.04 ইনষ্টল কৰিবলৈ
13:30 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:38 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:50 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
13:54 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
14:06 এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত আৰু ভিদিঅ’ NVLI আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Nancyvarkey