Health-and-Nutrition/C2/Vitamin-C-rich-uncooked-recipes/Assamese

From Script | Spoken-Tutorial
Revision as of 13:19, 22 May 2021 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 ভিটামিন C প্ৰচুৰকৈ থকা নৰন্ধা বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটো হৈছে কিছু ভিটামিন C প্ৰচুৰকৈ থকা বিধিসমূহক প্ৰস্তুত কৰাৰ বিষয়ে
00:14 ভিটামিন C হৈছে এটা পানীত দ্ৰৱণীয় ভিটামিন
00:18 ই এটা অতিশয় গুৰূত্বপূৰ্ণ ভূমিকা লয় শৰীৰৰ বহুতো ফাংচনত
00:23 ইয়াক লাগে ঘাঁ শুকাবলৈ
00:26 আৰু স্বাস্থ্যবান ছালৰ বাবে
00:29 ই সহায় কৰে সংক্ৰমণ আৰু আন ৰোগসমূহৰ সৈতে যুজিবলৈ
00:35 ভিটামিন C এ লগতে শৰীৰত আইৰন ৰ শোষণক বৃদ্ধি কৰে
00:41 ভিটামিন C ৰ অভাৱৰ ফলত হ’ব পাৰে স্কাৰভি,
00:45 অৱসাদ, নিম্ন ৰোগ প্ৰতিৰোধ ক্ষমতা, ইত্যাদি
00:50 গতিকে, আমাৰ দৈনিক আহাৰত পৰ্যাপ্ত পৰিমাণে ভিটামিন C প্ৰচুৰকৈ থকা খাদ্য খোৱাটো দৰকাৰ
00:57 ভিটামিন C থাকে সৰহসংখ্যক ফলমুল
01:01 আৰু শাক-পাচলিত
01:04 টেঙাযাতীয় ফলমুল আৰু গুচবেৰি হৈছে ভিটামিন C ৰ উৎকৃষ্ট উৎস
01:10 তথাপি, ই অতি সহজে ধ্বংস হয় তাপৰ দ্বাৰা
01:15 অধিক লাভৰ বাবে, ভিটামিন C প্ৰচুৰকৈ থকা খাদ্য কেঁচাকৈ খোৱা ভাল
01:21 এই টিউট’ৰিয়েলত, মই আপোনাক ভিটামিন C প্ৰচুৰকৈ থকা কিছু নৰন্ধা বিধি শিকাম
01:28 ৰন্ধা ভিটামিন C প্ৰচুৰকৈ থকা বিধিসমূহক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হ’ব
01:33 আমি চাবলগীয়া প্ৰথম বিধিটো হৈছে মধুৰিয়ামৰ চাটনি
01:37 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
01:41 ৫০ গ্ৰাম বা এফাল মধুৰিয়াম
01:45 আধা কাপ বা এমুঠি ধোৱা ধনীয়াপাত
01:49 ৩ টা সেউজীয়া জলকীয়া
01:51 ১ চামোচ জীৰা
01:54 নেমু এফাল, নিমখ সোৱাদ অনুসৰি
01:58 পদ্ধতি: মধুৰিয়ামটো সৰু সৰু টুকুৰা কৰি লওঁক
02:03 সকলোখিনি সামগ্ৰীকে মিক্সাৰত খুন্দি লওঁক নেমুপানীৰ সৈতে একেলগে
02:08 আপুনি অলপ পানী দিব পাৰে কোমল পেষ্ট এটা বনাবলৈ
02:13 মধুৰিয়ামৰ চাটনি তৈয়াৰ হ’ল
02:16 এই চাটনিৰ ১/৪ কাপত প্ৰায় ১১০ মিলিগ্ৰাম ভিটামিন C থাকে
02:23 এই চাটনি লগতে ভিটামিন C প্ৰচুৰকৈ থকা আন ফলমুলৰেও বনাব পাৰি
02:28 উদাহৰণস্বৰূপে: গুচবেৰি,
02:31 কেঁচা আম, জামুক,
02:33 কেঁচা অমিতা, ইত্যাদি
02:36 আমাৰ দ্বিতীয় বিধিটো হৈছে কেঁচা আম আৰু চীনাবাদামৰ চালাদ
02:41 ইয়াৰ বাবে, আপোনাক লাগিব:
02:43 ৫০ গ্ৰাম বা এটা সৰু কেঁচা আম
02:47 গুচবেৰি এটা
02:50 বিলাহী এটা, ১/৪ কাপ বা এমুঠি ভজা চীনাবাদাম
02:55 আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত
02:59 নেমু এটা
03:00 সেউজীয়া জলকীয়া এটা
03:02 নিমখ আপোনাৰ সোৱাদ অনুসৰি
03:05 পদ্ধতি:
03:07 কেঁচা আমটো ধোৱক, বাকলি গুচাওঁক আৰু গুটি উলিয়াওঁক
03:11 শেষত কেঁচা আম, গুচবেৰি আৰু বিলাহীক কাটি লওঁক
03:16 বাতি এটাত, কাটিলোৱা কেঁচা আম, গুচবেৰি আৰু বিলাহীক লওঁক
03:23 চীনাবাদাম, সেউজীয়া জলকীয়া দিয়ক
03:26 আৰু নিমখ
03:29 ইয়াত নেমু এটা চেপি দিয়ক আৰু ভালকৈ মিহলাওঁক
03:33 কেঁচা আম আৰু চীনাবাদামৰ চালাদ তৈয়াৰ হ’ল
03:36 এই চালাদৰ এবাতিয়ে প্ৰায় ৭৭ মিলিগ্ৰাম ভিটামিন C দিয়ে
03:44 আমাৰ পাছৰ বিধিটো হৈছে মিথি পাতৰ পুলিৰ চালাদ
03:48 ইয়াৰ বাবে, আপোনাক লাগিব:
03:50 ৭৫ গ্ৰাম বা ৩-৪ মুঠা মিথি পাতৰ পুলি
03:54 ১ চামোচ সতেজ নাৰিকল
03:57 ১ চামোচ সৰু হালধীয়া মগুডালি
04:01 এফাল বিলাহী, এটা সেউজীয়া জলকীয়া
04:04 এফাল নেমু
04:06 আপোনাক লগতে লাগিব নিমখ সোৱাদ অনুসৰি
04:08 পদ্ধতি: সৰু হালধীয়া মগুডালিক পানীত ৰাতিটোৰ বাবে ভিজাই ৰাখক
04:14 মিথি পাতৰ পুলিৰ শিপাৰ পৰা ১ ইঞ্চি কাটক আৰু পেলাই দিয়ক
04:19 মিথি পাতখিনি ভালকৈ ধোৱক
04:22 সিহতক চাফা কাপোৰ এখনত থওঁক
04:25 ই পাতখিনিৰ পৰা সকলো অতিৰিক্ত পানীক শুহিব
04:29 পাতখিনি কাটক আৰু বাতি এটাত থওঁক
04:33 কাটিলোৱা বিলাহী আৰু সেউজীয়া জলকীয়া দিয়ক
04:37 তেতিয়া কাটিলোৱা নাৰিকল আৰু ভজা সৰু হালধীয়া মগুডালি দিয়ক
04:42 ইয়াত নিমখ আৰু নেমুপানী দিয়্ক
04:46 ইয়াক স্থূলভাবে ভাঙক খুন্দনা এটা ব্যৱ্হাৰ কৰি আৰু মোহাৰক
04:50 মিথি পাতৰ পুলিৰ চালাদ তৈয়াৰ হ’ল
04:53 এই চালাদৰ এবাতিয়ে প্ৰায় ৭০ মিলিগ্ৰাম ভিটামিন C দিয়ে
04:59 আমাৰ পাছৰ বিধি হৈছে গুচবেৰি আচাৰ
05:02 ইয়াক প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:
05:05 এটা গুচবেৰি, ২-৩ টা সেউজীয়া জলকীয়া
05:09 আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত
05:13 ১ বা ২ ফুটা নহৰূ
05:15 নিমখ সোৱাদ অনুসৰি
05:17 পদ্ধতি: গুচবেৰিৰ গুটি উলিয়াওঁক আৰু কাটি লওঁক
05:22 জলকীয়া আৰু ধনীয়া পাতকো কাটি লওঁক
05:24 নিমখ দিয়ক
05:26 সকলোখিনি সামগ্ৰীকে খুন্দনা এটাত স্থূলভাবে ভাঙক আৰু মোহাৰক
05:30 গুচবেৰি আচাৰ তৈয়াৰ হ’ল
05:33 ইয়াক আপোনাৰ আহাৰৰ সৈতে এদিনত এবাৰ বা দুবাৰ ল’ব পাৰি
05:38 এই আচাৰৰ ২ চামোচত প্ৰায় ৮৮ মিলিগ্ৰাম ভিটামিন C থাকে
05:44 আমাৰ অন্তিম বিধিটোলৈ যাওঁ যি হৈছে বন্ধাকবিৰ চালাদ
05:48 এই চালাদ প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:
05:50 ১০০ গ্ৰাম বা ১/৪ ভাগ বন্ধাকবি
05:53 এফাল বিলাহী
05:55 আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত
05:59 সেউজীয়া জলকীয়া এটা
06:01 নেমু এটা
06:03 ১ চামোচ ভজা আৰু ভাঙিলোৱা চীনাবাদাম
06:07 আপোনাক লগতে লাগিব আধা চামোচ শুকান আমৰ পাউদাৰ
06:10 আৰু নিমখ সোৱাদ অনুসৰি
06:14 পদ্ধতি: বন্ধাকবিটো ভালকৈ টুকুৰা কৰি বা কাটি লওঁক
06:18 বিলাহীটোওঁ কাটি লওঁক
06:20 কাটিলোৱা বন্ধাকবি, বিলাহী, ধনীয়া পাত আৰু সেউজীয়া জলকীয়াক বাতি এটাত লওঁক
06:28 পাছত, ভজা আৰু ভাঙিলোৱা চীনাবাদামখিনি দিয়্ক
06:32 এতিয়া, নিমখ আৰু শুকান আমৰ পাউদাৰ দিয়্ক
06:36 সকলোখিনিক ভালকৈ মিহলাওঁক
06:38 ওপৰত নেমু এটা চেপি দিয়্ক
06:40 বন্ধাকবিৰ চালাদ তৈয়াৰ হ’ল
06:43 এই চালাদৰ এবাতিয়ে প্ৰায় ৬০ মিলিগ্ৰাম ভিটামিন C দিব
06:48 এই সকলো বিধিসমূহত ভাল পৰিমাণে ভিটামিন C থাকে
06:53 ভিটামিন C প্ৰচুৰকৈ থকা খাদ্যক আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰিবলৈ চেষ্টা কৰক ভাল স্বাস্থ্যৰ বাবে
06:58 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9