Health-and-Nutrition/C2/Vegetarian-recipes-for-adolescents/Assamese

From Script | Spoken-Tutorial
Revision as of 14:12, 21 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 কিশোৰৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম : কিশোৰ কি হয়?
00:09 কিশোৰ অৱস্থাত পুষ্টিৰ গুৰূত্ব আৰু
00:12 কিশোৰৰ বাবে নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে:

চয়াবিন কাটলেত,

00:18 জোৱাৰ আৰু বিলাহীৰ চীলা,
00:20 চীনাবাদামৰ কাৰি,

পাৰ্ল মিলেত আৰু জোৱাৰ শাক-পাচলিৰ খিচৰি আৰু

00:24 ষ্টাফদ পৰাথা তিলৰ গুটিৰ চাটনিৰ সৈতে
00:28 প্ৰথমে, আহক বুজো কিশোৰ অৱস্থা কি হয়?
00:32 কিশোৰ অৱস্থা হৈছে শিশুকালৰ পৰা প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ হোৱা অৱস্থা
00:37 ১০ ৰ পৰা ১৯ বছৰ বয়সৰ সকলোকে কিশোৰ হিচাবে গণ্য কৰা হয়
00:42 এই সময়ত মূলত শাৰিৰীক, যৌন, মানসিক আৰু সামাজিক বিকাশ পৰিবৰ্তন হয়
00:49 এতিয়া, আহক কিশোৰ অৱস্থাত বৰ্ধিত হাৰত পুষ্টিৰ প্ৰয়োজন হোৱাৰ কাৰণসমূহ চাওঁ
00:55 প্ৰথমে, দ্ৰুতভাবে শাৰীৰিক বৃদ্ধি হয় যেনে উচ্চতা আৰু ওজন
00:59 দ্বিতীয়তে, বেমাৰ আৰু গৰ্ভধাৰণৰ সময়ত শৰীৰক পুষ্টিগত সমৰ্থন প্ৰদান কৰিবলৈ
01:06 এই সময়ত, কিশোৰসকলে লগতে হয়তো আবেগপ্রবণ পৰিবৰ্তনত ভূগিব পাৰে যেনে বিষাদ, উদ্বেগ আৰু মনৰ সলনি
01:15 লগতে, কিশোৰ অৱস্থাত সামাজিক বিকাশৰ পৰিবৰ্তন হয়
01:20 উদাহৰণস্বৰূপে, তেওঁলোকৰ জীৱনশৈলী আৰু খাদ্যৰ অভ্যাসসমূহত পৰিবৰ্তন হয়
01:25 তেওঁলোকৰ খাদ্যৰ পচন্দসমূহ হয়তো বন্ধুসকলে ভালপোৱা বা বেয়াপোৱাৰ দ্বাৰা প্ৰভাবিত হয়
01:29 সেইবাবে, ভাল পুষ্টিৰ দৰকাৰ হয় এই বিকাশজনিত পৰিবৰ্তনসমূহক সমৰ্থন কৰিবলৈ
01:35 কিশোৰী এগৰাৰীক প্ৰয়োজন হয় ২০০০-২৪০০ কেলৰিচ আৰু ৪০-৫৫ গ্ৰাম প্ৰটিন প্ৰতিদিনে
01:43 আহক কিশোৰৰ বাবে কিছু সুস্থ নিৰামিষ বিধি চাওঁ
01:47 আমি আৰম্ভ কৰাৰ আগতে, মন কৰিব যে এই টিউট’ৰিয়েলত ব্যাখ্যা কৰা সকলো বিধিসমূহত, ১ কাপ সমান হয় ২৫০ মিলিলিটাৰৰ
01:55 আমাৰ প্ৰথম বিধিটো হৈছে চয়াবিন কাটলেত:
01:58 ইয়াক প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:

¼ কাপ চয়াবিন,

¼ কাপ গুচোৱা বঙালী বুট,

02:04 ½ বীত,

¼ কাপ সিজোৱা মটৰ,

02:07 ২ চামোচ চীনাবাদামৰ পাউদাৰ,

১ চামোচ বেচন,

02:11 ১ চামোচ ধনীয়া পাউদাৰ,

½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

02:16 ½ চামোচ সুকান আমৰ পাউদাৰ,

নিমখ সোৱাদ অনুসৰি,

02:20 ১ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ,

২ চামোচ তিলৰ গুটি,

১ চামোচ তেল

02:26 আৰম্ভ কৰিবলৈ, আমি প্ৰথমে চয়াবিনক অংকুৰিত কৰি ল’ম । চয়াবিনখিনিক ৰাতিটোৰ বাবে পানীত তিয়াই ৰাখক
02:32 পানীৰপৰা টোকক আৰু চাকনি এখনত ৰাখক অতিৰিক্ত পানীখিনি আতৰাবলৈ
02:35 চয়াবিনখিনিক ঠাণ্ডা আৰু সুকান ঠাই এদোখৰত ৰাখক পোনপটীয়া তাপৰ পৰা আতৰত
02:40 প্ৰতিদিনে ২-৩ বাৰ চয়াবিনখিনিক ধোৱক আৰু টুকক যেতিয়ালৈকে অংকুৰিত নহয় ।

ই চয়াবিনখিনি লোকচান হোৱাক ত্যাগ কৰিব

02:49 চয়াবিনখিনি অংকুৰিত হ’বলৈ প্ৰায় ৩-৪ দিন সময় ল’ব পাৰে
02:53 এতিয়া, গুচোৱা বঙালী বুটখিনি ৰাতিটোৰ বাবে তিয়াই ৰাখক
02:56 পিছদিনা চাকনি এখনত ইয়াক চাকি লওঁক
02:58 প্ৰেচাৰ কুকাৰ এটাত, গুচোৱা বঙালী বুট আৰু অংকুৰিত হোৱা চয়াবিনক একেলগে ৰান্ধক
03:03 এক কাপ পানী ব্যৱ্হাৰ কৰক আৰু এটা হোইচল মাৰিবলৈ দিয়ক ।

ঠাণ্ডা হোৱাৰ পাছত, চয়াবিন আৰু গুচোৱা বঙালী বুটক একেলগে খুন্দি ডাঠ পেষ্ট এটা বনাওঁক

03:12 এতিয়া দ্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ:

দ্ৰামষ্টিক পাতখিনি মধ্যম জুইত ভাজি লওঁক

03:17 ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক আৰু মিক্সাৰ বা খুন্দনা এটা ব্যৱ্হাৰ কৰি ইয়াৰ পাউদাৰ এটা বনাওঁক
03:22 কাটলেতৰ মিশ্ৰণটো প্ৰস্তুত কৰিবলৈ- বাতি এটাত খুন্দা চয়াবিন আৰু গুচোৱা বঙালী বুটক লওঁক
03:28 ফেটি লোৱা বীত আৰু সিজোৱা মটৰ দিয়ক ।

এতিয়া চীনাবাদামৰ পাউদাৰ, বেচন আৰু দ্ৰামষ্টিক পাতৰ পাউদাৰ দিয়ক

03:35 বাকীথকা মচলাখিনি দিয়ক আৰু ভালকৈ মিহলাই লওঁক
03:38 তেতিয়া ইয়াৰ পৰা সৰু ঘূৰণীয়া কাটলেত বনাওঁক ।

কাটলেতৰ সকলো ফালে তিলৰ গুটিৰ প্ৰলেপ লগাওঁক

03:45 এতিয়া, পেন এখনত তেল গৰম কৰক আৰু কাটলেতক দুয়োফালে ভাজক ।

চয়াবিনৰ কাটলেত প্ৰস্তুত হ’ল

03:51 এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে :

প্ৰটিন, কেলচিয়াম, আইৰন, মেগনেচিয়াম, অমেগা 3 ফেটি এচিদ

03:57 আহক আমি আমাৰ পাছৰ বিধিটোলৈ যাওঁ যি হৈছে জোৱাৰ আৰু বিলাহীৰ চীলা
04:01 এই বিধিটোৰ বাবে, আপোনাক লাগিব: 1/2 কাপ অংকুৰিত জোৱাৰ,

২ চামোচ বেচন,

১ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ,

04:09 ১ টা বিলাহী আৰু ½ পিয়াজ,

১ চামোচ দৈ,

04:12 ½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

½ চামোচ ধনীয়া পাউদাৰ,

04:16 ½ চামোচ হালধি পাউদাৰ,

নিমখ সোৱাদ অনুসৰি,

04:19 ১ চামোচ তেল
04:21 মন কৰিব যে পাতৰ পাউদাৰ বনোৱা প্ৰণালীটো একেটা টিউট’ৰিয়েলত আগতে বৰ্ণনা কৰা হৈছে
04:27 প্ৰথমে আমি অংকুৰিত জোৱাৰ ব্যৱ্হাৰ কৰি জোৱাৰৰ পাউদাৰ প্ৰস্তুত কৰিম
04:31 অংকুৰিত জোৱাৰক এদিন বা দুদিনৰ বাবে ৰ’দত শুকোৱাওঁক
04:34 এতিয়া তাক নিম্ন জুইত ভাজক ই সম্পূৰ্ণ সুকান নোহোৱালৈকে
04:38 পাছত, পাথৰৰ খুন্দনা এটা বা মিক্সাৰ এটা ব্যৱ্হাৰ কৰি ইয়াৰ পাউদাৰ এটা বনাওঁক
04:42 এতিয়া, আহক আমি বিধিটোৰ সৈতে আৰম্ভ কৰো:

বাতি এটাত জোৱাৰৰ পাউদাৰ আৰু বেচন লওঁক

04:48 বাকী থকা সামগ্ৰীসমূহ আৰু মচলাখিনি দিয়ক । ভালকৈ মিহলাওঁক আৰু লাহে লাহে পানী দিয়ক
04:53 এনেকৈ ফেটি লওঁক যাতে ডাঠ হয় আৰু মেল খাই যায়
04:56 পেন এখন গৰম কৰক আৰু তেল দিয়ক
04:58 পেন খনত এচামোচ ফেটি লোৱা দিয়ক আৰু ইয়াক ঘূৰণীয়া গতিত মেলি দিয়ক
05:03 চীলাটো মধ্যম জুইত দুয়োফালে ভাজক
05:07 জোৱাৰৰ চীলা প্ৰস্তুত হ’ল
05:09 জোৱাৰ হৈছে এটা ভাল উৎস প্ৰটিন, মেগনেচিয়াম, জিংক আৰু ফাইবাৰৰ
05:14 যদি জোৱাৰৰ পাউদাৰ উপলদ্ধ নহয় আপুনি ব্যৱ্হাৰ কৰিব পাৰে-

ফিংগাৰ মিলেত পাউদাৰ বা পাৰ্ল মিলেত পাউদাৰ বা অমৰান্থ পাউদাৰ

05:22 চীলা খাব পাৰি: গুচবেৰি চাটনি, নাৰিকলৰ চাটনি, নেমুৰ আচাৰ, বিলাহীৰ চাটনি বা দৈৰ সৈতে
05:30 গুচবেৰি, নেমুটেঙা, বিলাহী, মধুৰিআম, কমলা হৈছে ভিটামিন C ৰ ভাল উৎস
05:37 আপোনাৰ আহাৰত ভিটামিন C প্ৰ্চুৰ পৰিমাণে থকা খাদ্য খাবলৈ চেষ্টা কৰিব । ই শৰীৰত আইৰণৰ শোষণক বৃদ্ধি কৰিব
05:43 আইৰণৰ প্ৰয়োজন কিশোৰতকৈ কিশোৰীসকলৰ বেছি হয় কাৰণ মাহেকীয়াজনিত তেজৰ ক্ষতি হোৱাৰ বাবে
05:50 আহক আমি আমাৰ পাছৰ বিধিটোলৈ যাওঁ যি হৈছে চীনাবাদামৰ কাৰি
05:53 এই বিধিটো প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:

½ কাপ চীনাবাদাম,

½ কাপ লাউ,

05:58 ১ টা মধ্যম আকাৰৰ পিয়াজ,

১ টা সৰু বিলাহী,

৪-৫ টুকুৰা নাৰিকল,

06:04 ½ চামোচ আদা নহৰুৰ পেষ্ট,

¼ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

06:08 ¼ চামোচ ধনীয়া পাউদাৰ,

¼ চামোচ হালধি পাউদাৰ,

06:12 ½ চামোচ জীৰা গুটি,

নিমখ সোৱাদ অনুসৰি,

১ চামোচ তেল

06:18 প্ৰণালী: প্ৰথমে ৰাতিটোৰ বাবে চীনাবাদামখিনি পানীত তিয়াই ৰাখক
06:21 এতিয়া তাক প্ৰেচাৰত ১ কাপ পানী দি ২ টা হোইচল মাৰক
06:25 মাজতে পিয়াজ, বিলাহী আৰু নাৰিকলক খুন্দি ডাঠ পেষ্ট এটা বনাওঁক
06:30 ৰন্ধা পাত্ৰ এটাত তেল গৰম কৰক আৰু তাত কিছু জীৰাৰ গুটি আৰু আদা নহৰুৰ পেষ্ট দিয়ক ।

এতিয়া ইয়াত খুন্দিথোৱা পেষ্টখিনি দিয়ক

06:37 লাউৰ টুকুৰাখিনি আৰু বাকীথকা মচলাখিনি দিয়ক । ইয়াক ২ মিনিটৰ বাবে লৰাই থাকক
06:42 ৰন্ধা পাত্ৰটোত সিজোৱা মটৰখিনি দিয়ক
06:45 এতিয়া আধা কাপ পানী দিয়ক গ্ৰেভিটো বনাবলৈ আৰু নিম্ন জুইত ৫ মিনিটৰ বাবে ৰান্ধক ।

চীনাবাদামৰ কাৰি প্ৰস্তুত হ’ল

06:53 যদিহে চীনাবাদাম উপলদ্ধ নহয়, আপুনি লগতে ব্যৱ্হাৰ কৰিব পাৰে:

বগা মটৰ, বঙালী গোটা বুট, কিদনি বিন, কাজুবাদাম

07:02 আৰু যদি লাউ উপলদ্ধ নহয় তেন্তে আপুনি ব্যৱ্হাৰ কৰিব পাৰে:

ৰঙালাউ, চিচিঙ্গা, বেঙেনা বা কেপচিকাম

07:09 চীনাবাদামত ভাল প্ৰকাৰৰ চৰ্বী থাকে
07:12 সিহঁত লগতে অতিশয় ভাল উৎস হয় :

প্ৰটিনচ, মেগনেচিয়াম, জিংক আৰু এন্টিঅক্সিদেন্তচ

07:19 বাদাম আৰু গুটিত লগতে ফ’লেত থাকে
07:22 কিশোৰ অৱস্থাত পৰ্যাপ্ত পৰিমাণৰ ফ’লেতে সহায় কৰিব গৰ্ভধাৰণৰ সময়ত জন্মৰ বিকৃতিসমূহক প্ৰতিৰোধ কৰিবলৈ
07:28 পাছত আমি বিধিটো শিকিম পাৰ্ল মিলেত আৰু জোৱাৰ শাক-পাচলিৰ খিচৰি
07:33 এই বিধিটো প্ৰস্তুত কৰিবলৈ আপুনি এটা মিশ্ৰণ ব্যৱ্হাৰ কৰিব পাৰে-

অমৰান্থ বা ক’দ’ মিলেত বা ফিংগাৰ মিলেত বা ফক্সটেইল মিলেতৰ

07:41 এই বিধিটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে:

⅓ কাপ পাৰ্ল মিলেত,

⅓ কাপ জোৱাৰ,

07:46 ⅓ কাপ সেউজীয়া বুট,

১ চামোচ চীনাবাদাম,

07:49 ½ কাপ মিশ্ৰিত শাক-পাচলি যেনে গাজৰ, ফ্ৰেঞ্চ বিন, মটৰমাহ,

½ মধ্যম আকাৰৰ পিয়াজ,

07:56 ½ চামোচ জীৰা গুটি,

১ চামোচ কাৰি পাতৰ পাউদাৰ,

07:59 ¼ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

¼ চামোচ হালধি পাউদাৰ,

08:04 নিমখ সোৱাদ অনুসৰি,

১ চামোচ তেল বা ঘিউ

08:07 মন কৰিব যে পাতৰ পাউদাৰ বনোৱা প্ৰণালীটো একেটা টিউট’ৰিয়েলত আগতে বৰ্ণনা কৰা হৈছে
08:12 প্ৰণালী: প্ৰথমে, ৰাতিটোৰ বাবে পাৰ্ল মিলেত আৰু জোৱাৰক পানীত তিয়াই ৰাখক
08:17 পিছদিনা ৰাতিপুৱা ইয়াক চাকি লওঁক আৰু এফালে ৰাখক
08:20 প্ৰেচাৰ কুকাৰ এটাত তেল বা ঘিউ গৰম কৰক ।

ইয়াত জীৰা গুটি আৰু কটা পিয়াজ দিয়ক

08:25 শাক-পাচলি, মচলা, নিমখ দিয়ক আৰু ভালকৈ মিহলাওঁক
08:29 ইয়াক ২ মিনিটৰ বাবে লৰাই থাকক ।

কুকাৰত পাৰ্ল মিলেত, জোৱাৰ আৰু সেউজীয়া বুট দিয়ক

08:35 এতিয়া ২ কাপ পানী দিয়ক আৰু প্ৰেচাৰ কুকাৰ বন্ধ কৰক
08:38 উচ্চ জুইত ৩ টা হোইচল মাৰক
08:41 তেতিয়া ১৫ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক
08:44 পাৰ্ল মিলেত আৰু জোৱাৰ শাক-পাচলিৰ খিচৰি প্ৰস্তুত হ’ল
08:47 এই বিধিটোত প্ৰ্চুৰ পৰিমাণে থাকে প্ৰটিন, আইৰন, কেলচিয়াম, মেগনেচিয়াম আৰু জিংক
08:53 এতিয়া আমি শেষৰ বিধিটোলৈ আহো যি হৈছে ষ্টাফদ পৰাথা তিলৰ গুটিৰ চাটনিৰ সৈতে
08:59 এই বিধিটো প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব:

১ কাপ আটা,

½ কাপ বঙালী বুট,

09:05 ½ মধ্যম আকাৰৰ পিয়াজ,

½ চামোচ কেৰম গুটি,

09:08 ১ চামোচ ফ্লেক্স গুটিৰ পাউদাৰ,

½ চামোচ সুকান আমৰ পাউদাৰ,

09:13 ½ চামোচ ধনীয়া পাউদাৰ,

¼ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

09:17 ১ টা নেমুটেঙা, নিমখ সোৱাদ অনুসৰি, ২ চামোচ তেল বা ২ চামোচ ঘিউ
09:23 প্ৰথমে আমি চাম কেনেকৈ ভাজিলোৱা বঙালী বুটৰ পাউদাৰ বনোৱা হয় ।

পেন এখন গৰম কৰক আৰু বঙালী বুটক ২-৩ মিনিটৰ বাবে ভাজক

09:30 ইয়াক একেৰাহে লৰাই থাকক যাতে জ্বলি নাযায় ।

ইয়াক ভাজি হ’লে, এফালে থৈ দিয়ক ঠাণ্ডা হ’বলৈ

09:36 এতিয়া, ভাজিলোৱা বঙালী বুটক খুন্দি ভালকৈ পাউদাৰ কৰি লওঁক
09:40 এতিয়া ভৰাব লগীয়াখিনি প্ৰস্তুত কৰিবলৈ:

প্ৰথমে ভাজিলোৱা বঙালী বুটৰ পাউদাৰ আৰু কটা পিয়াজক মিহলাওঁক

09:46 এতিয়া ৰঙা জলকীয়াৰ পাউদাৰ, সুকান আমৰ পাউদাৰ, ধনীয়া পাউদাৰ, নিমখ দিয়ক আৰু ভালকৈ মিহলাওঁক
09:52 কিছু নেমুৰ ৰস আৰু পানী দিয়ক ভৰাব লগীয়াখিনি ফেটিবলৈ
09:55 আহক আমি চাওঁ পৰাথাটো কেনেকৈ প্ৰস্তুত কৰিব লাগে
09:58 আনএটা বাতিত আটা লওঁক আৰু তাত ফ্লেক্স গুটি, কেৰম গুটি আৰু নিমখ দিয়ক
10:03 প্ৰয়োজনীয় পৰিমাণৰ পানী দিয়ক আৰু কোমলকৈ মাৰি লওঁক
10:07 এতিয়া মাৰিলোৱা আটাখিনিক লাডুত ভগাওঁক
10:09 বেলক পৰাথা বনাবলৈ আৰু মাজত ভৰাব লগীয়াখিনিৰপৰা অলপ ভৰাওঁক
10:13 ভৰোৱাখিনিক ভালকৈ মেৰিয়াই লওঁক আৰু চেপেটা লাডু বনাওঁক
10:17 এতিয়া ইয়াক পুনৰ বেলক পৰাথা এটা বনাবলৈ
10:20 পেন গৰম কৰক আৰু পৰাথাটো দুয়োফালৰ পৰা ভালকৈ ভাজক ।

ষ্টাফদ পৰাথা প্ৰস্তুত হ’ল

10:25 ভৰাবৰ বাবে, যদি ভাজিলোৱা বঙালী বুট উপলদ্ধ নহয়, আপুনি ব্যৱ্হাৰ কৰিব পাৰে:
10:29 সিজোৱা ফলা বঙালী বুট বা অংকুৰিত হোৱা সিজোৱা সেউজীয়া বুট,
10:34 পৰাথাটো তিলৰ গুটিৰ চাটনিৰ সৈতে চাৰ্ভ কৰিব পাৰি
10:38 তিলৰ গুটিৰ চাটনি প্ৰস্তুত কৰিবলৈ আপোনাক লাগিব:

¼ কাপ তিলৰ গুটি,

10:42 ১ চামোচ ফলা বঙালী বুট,

৪-৫ টুকুৰা ফ্ৰেচ নাৰিকল, ৩-৫ টুকুৰা তেতেলী,

10:49 ১ টা শুকান ৰঙা জলকীয়া,

২-৩ ফোতা নহৰু,

10:52 ১ চামোচ জীৰাৰ গুটি,

নিমখ সোৱাদ অনুসৰি, ১ চামোচ তেল

10:57 প্ৰণালী: পেন এখনত তেল গৰম কৰক
11:00 তিলৰ গুটি, বঙালী বুট, নহৰু, নাৰিকল, ৰঙা জলকীয়া আৰু জীৰাৰ গুটিক ভাজক ।

ইয়াক ২ মিনিটৰ বাবে ভাজক

11:07 ইয়াক জুইৰ পৰা নমোৱাৰ পাছত নিমখ আৰু তেতেলী দিয়ক । সকলোখিনি সামগ্ৰীকে খুন্দি লওঁক
11:14 আধা কাপ পানী দিয়ক এটা কোমল পেষ্ট বনাবলৈ ।

তিলৰ গুটিৰ চাটনি প্ৰস্তুত হ’ল

11:19 এই বিধিত প্ৰ্চুৰ পৰিমাণে থাকে:

প্ৰটিনচ, কেলচিয়াম, মেগনেচিয়াম জিংক আৰু ফ’লেত

11:25 এই পুষ্টিকৰ পদাৰ্থই মাংসপেশী আৰু কংকালৰ বিকাশত সহায় কৰিব
11:29 কম বয়সৰ পৰাই খাদ্যৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পোৱাটো অতিশয় দৰকাৰ
11:34 কেলচিয়ামৰ অভাবত পাছৰ ষ্টেজত মহিলাৰ অস্টিওপৰোচিচ হ’ব পাৰে
11:40 এই টিউট’ৰিয়েলৰ সকলো বিধিটে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ পদাৰ্থ থাকে যাৰ প্ৰয়োজন হয় কিশোৰ অৱস্থাত পৰ্যাপ্ত বৃদ্ধিৰ বাবে
11:47 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9