Health-and-Nutrition/C2/Vegetarian-recipes-for-7-month-old-babies/Assamese

From Script | Spoken-Tutorial
Revision as of 15:20, 21 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 ৭ মাহ বয়সৰ শিশুৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম - ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক খাদ্যৰ গুৰূত্বৰ বিষয়ে আৰু
00:16 নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে কঠালৰ গুটিৰ খিচৰি
00:23 বুটৰ ডালি অমৰান্থ পাতৰ খিচৰি
00:26 অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰি
00:28 মিথি পাত বিনৰ খিচৰি আৰু ক’দ’ মিলেত বঙালী বুটৰ খিচৰি
00:35 আহক আৰম্ভ কৰো, প্ৰথম বছৰত, যেতিয়া শিশুৱে চুচৰিবলৈ আৰু আগবাহিবলৈ আৰম্ভ কৰে, তাইৰ বৃদ্ধি দ্ৰুত হয়
00:43 শিশুটোক শক্তিৰ প্ৰয়োজনো বেছি হয়
00:48 ৬-৮ মাহ বয়্সৰ শিশুক পৰিপূৰক খাদ্যৰ পৰা প্ৰায় ২০০ কেলৰিৰ প্ৰয়োজন হয়
00:55 প্ৰদান কৰা খাদ্যৰ পৰিমাণো লাহে লাহে বঢ়াব লাগে
00:59 লগতে মনত ৰাখিব যে - প্ৰৰ্যাপ্ত পৰিমাণৰ পৰিপূৰক খাদ্যৰ লগতে স্তনপান কৰোৱাতোওঁ অতিশয় দৰকাৰ
01:07 সেইবাবে, যেতিয়া শিশুৱে সাতমাহ সম্পূৰ্ণ কৰে, আধা কাপ পৰিপূৰক খাদ্য দিনে তিনিবাৰকৈ দিবলৈ আৰম্ভ কৰিব
01:16 আধা কাপ হৈছে ১২৫ মিলিলিটাৰ বা খাদ্যৰ ৮ চামোচ
01:22 এতিয়া শিশুটো বিভিন্ন খাদ্যৰ আইতেমৰ সৈতে সুখী হ’ব
01:28 যিহেতু তাই ৬ মাহ বয়্সৰ হোৱাৰ লগে লগেই পৰিপূৰক খাদ্য আৰম্ভ কৰিছিলে
01:33 এতিয়া শিশুটোক খাদ্যৰ সংগ্ৰহ এটাৰ সৈতে পৰিচয় কৰাবলৈ আৰম্ভ কৰক
01:38 মন কৰিব- ভঙা বা ভৰ্ত্তা অৱস্থাৰ খাদ্যহে মাত্ৰ দিব লাগে
01:44 নিশ্বিত কৰিব যে - শিশুৰ খাদ্যৰ ঘনত্ব অলপ ডাঠ হয় আৰু বেছি পনীয়া যাতে নহয়
01:52 শিশুৰ খাদ্য প্ৰস্তুত কৰোতে - সদায় ল’কেল আৰু ঋতু অনুযায়ী উপাদান ব্যৱ্হাৰ কৰিব
01:59 লগতে বিভিন্ন পুষ্টিকৰ পাউদাৰ যোগ কৰিবলৈ মনৰ ৰাখিব যেনে- বাদাম আৰু গুটিৰ পাউদাৰ

অংকুৰিত বিনৰ পাউদাৰ

02:08 কাৰি পাতৰ পাউদাৰ

দ্ৰামষ্টিক পাতৰ পাউদাৰ

02:11 ইয়াক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
02:17 শিশুটো এবছৰৰ নোহোৱালৈকে ইয়াৰ খাদ্যত নিমখ দিব নালাগে
02:21 শিশুটো দুবছৰৰ নোহোৱালৈকে ইয়াৰ খাদ্যত চেনী, গুড় দিব নালাগে
02:27 এতিয়া, আমি কিছু নিৰামিষ বিধি চাম যাক শিশুটোৰ বাবে পৰিপূৰক খাদ্য হিচাবে ব্যৱ্হাৰ কৰিব পাৰি
02:35 আমাৰ প্ৰথম বিধিটো হৈছে কঠালৰ গুটিৰ খিচৰি
02:39 প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে: ১৫-২০ টা কঠালৰ গুটি

এটা সৰু কল বা ½ কল

02:48 নাৰিকলৰ গাখীৰ বা স্তনৰ গাখীৰ
02:50 এক চামোচ বাদাম আৰু গুটিৰ পাউদাৰ
02:53 কঠালৰ গুটিৰ খিচৰি প্ৰস্তুত কৰিবলৈ- কঠালৰ গুটিখিনি ভালদৰে ধুই লওঁক
02:59 এই গুটিখিনি ষ্টিলৰ পাত্ৰ এটাত লওঁক । গুটিখিনি ডুব যোৱাকৈ পানী দিয়ক
03:06 প্ৰেচাৰ কুকাৰত ইয়াক ৫-৬ টা হোইচল মাৰক
03:09 গুটিখিনি প্লেত এখনৰ ওলিয়াই লওঁক আৰু কিছু সময়ৰ বাবে ঠাণ্ডা হ’বলৈ দিয়ক
03:16 তেতিয়া গুটিখিনিৰ বাকলি গুচাই লওঁক
03:20 পাছত, মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত খুন্দি ভৰ্ত্তা এটা বনাওঁক
03:25 ইয়াৰ লগতে, পকা কল এটাৰ বাকলি গুচাই লওঁক আৰু চামোচ এখনেৰে ভাঙি লওঁক
03:32 এতিয়া ভাঙিলোৱা কলখিনি আৰু কঠালৰ গুটিৰ ভৰ্ত্তাক একেলগে ভালকৈ মিহলাই লওঁক
03:37 ইয়াত ২ চামোচ নাৰিকলৰ গাখীৰ বা স্তনৰ গাখীৰ দিয়ক
03:42 ইয়াত বাদাম আৰু গুটিৰ পাউদাৰ দিয়ক
03:45 ইয়াক ভালকৈ মিহলাই লওঁক
03:47 এই মিশ্ৰণক ৩-৪ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক
03:52 কঠালৰ গুটিৰ খিচৰি প্ৰস্তুত হ’ল
03:56 এই কঠালৰ গুটিৰ খিচৰিত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন
03:59 অমেগা 3 ফেটি এচিদচ
04:02 পটেছিয়াম আৰু ফচফৰাচ
04:06 দ্বিতীয় বিধিটো হৈছে বুটৰ ডালি, অমৰান্থ পাতৰ খিচৰি
04:11 ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব: ২ চামোচ বুটৰ ডালিৰ পাউদাৰ

২ কাপ ধুইলোৱা অমৰান্থ পাত

04:19 ¼ চামোচ কাৰি পাতৰ পাউদাৰ

½ চামোচ ঘিউ

04:24 পদ্ধতি: প্ৰথমে, বুটৰ ডালিক পানীত ৭ৰ পৰা ৮ ঘন্টা তিয়াই ৰাখক
04:31 ইয়াৰ পাচত চাকনী এখনত থওঁক আৰু ইয়াক পানীৰে সৈতে ভালকৈ ঘহক,
04:37 সম্পূৰ্ণ পানী যাবলৈ দিয়ক । এতিয়া ইয়াক এখন চাফা কপাহি কাপোৰেৰে বান্ধক আৰু এফালে থৈ দিয়ক অংকুৰিত নোহোৱালৈকে
04:47 অংকুৰিত হোৱা বুটৰ ডালিখিনিক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক
04:52 ইয়াক নিম্ন জুইত ৮-১০ মিনিটৰ বাবে ভাজক । ঠাণ্ডা হ’বলৈ দিয়ক
04:58 তেতিয়া ইয়াক খুন্দক আৰু পাউদাৰ এটা বনাই লওঁক । এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক জনা হয় মল্টিংগ হিচাবে
05:05 একেলগে, পেন এখনত ঘিউ গৰম কৰক
05:10 ইয়াত ধুইলোৱা অমৰান্থ পাত দিয়ক
05:13 ইয়াক ৪-৫ মিনিটৰ বাবে লৰাই থাকক আৰু ঠাণ্ডা হ’বলৈ দিয়ক
05:17 আৰু মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি ইয়াৰ ভৰ্ত্তা বনাই লওঁক
05:23 পাছত, বুটৰ ডালিৰ পাউদাৰত ২ চামোচ পানী দিয়ক
05:28 ইয়াক ভালকৈ মিহলাই লওঁক যাতে গোটা হৈ নাথাকে
05:32 এই পাতল পেষ্টক ৬-৭ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক
05:37 এতিয়া, অমৰান্থ পাতৰ ভৰ্ত্তা এই বুটৰ ডালিৰ পেষ্টত দিয়ক আৰু ইয়াক ভালকৈ মিহলাই লওঁক
05:43 ইয়াক ২-৩ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক
05:48 ইয়াত কাৰি পাতৰ পাউদাৰ দিয়ক আৰু পুনৰ মিহলাই লওঁক
05:52 ইয়াক জুইৰ পৰা নমাওঁক আৰু আমাৰ বুটৰ ডালি অমৰান্থ পাতৰ খিচৰি প্ৰস্তুত হ’ল
05:59 এই খিচৰিত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন

অমেগা 3 ফেটি এচিদচ

কেলচিয়াম

06:06 ফচফৰাচ, আইৰন আৰু পটেছিয়াম
06:10 মন কৰিব যে তেনে ধৰণৰ খিচৰি বনাবলৈ কোনোবাই ল’কেলি উপলদ্ধ বিনচ আৰু পাত থকা শাক-পাচলি ব্যৱ্হাৰ কৰিব পাৰে
06:20 সদায় বিনক বিভিন্ন মিলেতচ আৰু খাদ্যশস্যৰ লগত সংযুক্ত কৰিবলৈ চেষ্টা কৰক যেনে -

চৰঘম, ৰাগি, ক’দ’ মিলেত ইত্যাদি

06:31 এই সংযোগে শিশুটোক সম্পূৰ্ণ প্ৰটিন প্ৰদান কৰে
06:35 আপুনি হয়তো শিশুটোৰ খাদ্যত এই খাদ্যশস্য আৰু মিলেতচৰ মল্টেদ পাউদাৰ দিব পাৰে বা
06:42 আপুনি তেনে খিচৰিত গুৰা অৱ্স্থাত ৰন্ধা অংকুৰিত মিলেত দিব পাৰে
06:48 তৃতীয় বিধিটো হৈছে অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰি
06:53 প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে: ২ চামোচ মল্টেদ অমৰান্থ পাউদাৰ
06:59 ২ চামোচ অংকুৰিত ক’লা চকুৰ বিনৰ ভৰ্ত্তা আৰু

¼ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ

07:06 পদ্ধতি: মল্টেদ অমৰান্থ পাউদাৰ বনাবলৈ-

একেটা টিউট’ৰিয়েলৰ আগৰ বিধিত বৰ্ণনা কৰাৰ দৰে নিৰ্দেশক অনুসৰণ কৰক

07:17 তেতিয়া, অংকুৰিত ক’লা চকুৰ বিনক ষ্টিলৰ পাত্ৰ এটাত লওঁক আৰু প্ৰেচাৰত ইয়াক ৪-৫ টা হোইচল মাৰক
07:26 এতিয়া এই ক’লা চকুৰ বিনৰ ভৰ্ত্তা এটা বনাওঁক
07:30 তেতিয়া, বাতি এটাত ২ চামোচ মল্টেদ অমৰান্থ পাউদাৰ লওঁক । ইয়াত পৰ্যাপ্ত পৰিমাণৰ পানী দিয়ক
07:38 ইয়াক ভালকৈ মিহলাই লওঁক যাতে গোটা হৈ নাথাকে
07:42 অমৰান্থ পাউদাৰৰ এই পাতল পেষ্টক ২-৩ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক । ইয়াত ক’লা চকুৰ বিনৰ ভৰ্ত্তাখিনি দিয়ক
07:52 ইয়াক ভালকৈ মিহলাই লওঁক আৰু ৪-৫ মিনিটৰ বাবে ৰান্ধক । ইয়াক জুইৰ পৰা নমাওঁক
07:58 শেষত, এই খিচৰিত ¼ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ দিয়ক আৰু অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰি প্ৰস্তুত হ’ল
08:09 এই অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰিত প্ৰ্চুৰ পৰিমাণে থাকে-

প্ৰটিন

অমেগা 3 ফেটি এচিদচ

08:17 ফচফৰাচ

মেগনেচিয়াম

08:20 আইৰন

পটেছিয়াম আৰু কেলচিয়াম

08:24 তেনে ধৰণৰ খিচৰি বনাবলৈ কোনোবাই তলত উল্লেখিত অংকুৰিত সামগ্ৰীসমূহৰ সংযোগক ব্যৱ্হাৰ কৰিব পাৰে-

ৰাগি

চৰঘ্ম

08:32 মথ বিনচ

বঙালী বেচন ইত্যাদি

08:37 চতুৰ্থ বিধিটো হৈছে - মিথি পাত আৰু বিনৰ খিচৰি
08:41 প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে: ২ কাপ ধুই পেলাই কাটি লোৱা মিথি পাত

১ চামোচ ঘিউ

08:49 ২ চামোচ সতেজ নাৰিকলৰ পেষ্ট
08:52 ২ চামোচ অংকুৰিত বিনৰ পাউদাৰ
08:56 বিনৰ পাউদাৰ এটা বনাবলৈ- একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত আলোচনা কৰা নিৰ্দেশাৱলীক অনুসৰণ কৰক
09:04 পদ্ধতি: পেন এখনত ১ চামোচ ঘিউ গৰম কৰক
09:09 মিথি পাত দিয়ক আৰু ২-৩ মিনিটৰ বাবে লৰাই থাকক
09:13 ইয়াক চাফা প্লেত এখনত থওঁক আৰু কিছু সময়ৰ বাবে ঠাণ্ডা হ’বলৈ দিয়ক
09:18 তেতিয়া, খুন্দনা বা মিক্সাৰ এটা ব্যৱ্হাৰ কৰি ইয়াৰ ভৰ্ত্তা এটা বনাওঁক
09:23 এই ভৰ্ত্তাক এক মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক ।

ইয়াত ২ চামোচ বিনৰ পাউদাৰ দিয়ক

09:31 ইয়াক ভালকৈ মিহলাই লওঁক যাতে গোটা হৈ নাথাকে
09:35 যদি প্ৰয়োজন হয় ইয়াত অলপ পৰিমাণৰ উতলাই ঠাণ্ডা কৰা পানী দিয়ক
09:40 এতিয়া ইয়াত ২ চামোচ নাৰিকলৰ পেষ্ট দিয়ক
09:44 নাৰিকলৰ পেষ্ট বনাবলৈ- সতেজ ৰুকিলোৱা নাৰিকল লওঁক আৰু ইয়াক খুন্দি পেষ্ট কৰি লওঁক
09:51 তেতিয়া এই মিশ্ৰণক ৭-৮ মিনিটৰ বাবে নিম্ন জুইত ভাজক আৰু লৰাই থাকক
09:58 আৰু মিথি পাত আৰু বিনৰ খিচৰি প্ৰস্তুত হ’ল
10:03 এই মিথি পাত আৰু বিনৰ খিচৰিত প্ৰ্চুৰ পৰিমাণে থাকে-

প্ৰটিন

অমেগা 3 ফেটি এচিদচ

10:10 ফ’লেত

আইৰন

10:12 কেলচিয়াম

ফচফৰাচ

10:14 জিংক আৰু পটেছিয়াম
10:16 এই বিধিটো প্ৰস্তুত কৰোতে আগতে বৰ্ণনা কৰাৰ দৰে খাদ্যশস্য যোগ কৰিবলৈ বা ইয়াক বিভিন্ন খাদ্যশস্য আৰু মিলেতচৰ সৈতে যুক্ত কৰিবলৈ নাপাহৰিব
10:27 পঞ্চম বিধিটো হৈছে ক’দ’ মিলেত বঙালী বুটৰ খিচৰি
10:32 সামগ্ৰীসমূহ: ২ চামোচ ক’দ’ মিলেত
10:35 ২ চামোচ অংকুৰিত বঙালী বুট
10:38 ৩ চামোচ নাৰিকলৰ গাখীৰ

১ চামোচ ঘিউ

10:43 পদ্ধতি: ষ্টিলৰ পাত্ৰ এটাত ২ চামোচ ক’দ’ মিলেত লওঁক
10:48 ইয়াক ভালকৈ ধুৱ্ক । তেতিয়া, ইয়াত ৩-৪ চামোচ পানী দিয়ক
10:55 প্ৰেচাৰত ইয়াক ৩-৪ টা হোইচল মাৰক
10:58 মাজতে, অংকুৰিত বঙালী বুটক ৪-৫ টা হোইচল মাৰক
11:04 তেতিয়া ইয়াৰ ভৰ্ত্তা বনাওঁক
11:07 ষ্টিলৰ পাত্ৰ এটাত ১ চামোচ ঘিউ গৰম কৰক
11:11 ইয়াত ৰন্ধা ক’দ’ মিলেত, বঙালী বুটৰ ভৰ্ত্তা আৰু নাৰিকলৰ গাখীৰ দিয়ক । ভালকৈ মিহলাই লওঁক
11:18 ইয়াক ৪-৫ মিনিটৰ বাবে ৰান্ধক আৰু ঠাণ্ডা হ’বলৈ দিয়ক ।

এতিয়া, ক’দ’ মিলেত বঙালী বুটৰ খিচৰি প্ৰস্তুত হ’ল

11:27 এই খিচৰিত প্ৰ্চুৰ পৰিমাণে থাকে- প্ৰটিন, আইৰন
11:30 ফচফৰাচ

মেগনেচিয়াম

11:33 কেলচিয়াম আৰু পটেছিয়াম
11:36 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9