Health-and-Nutrition/C2/Vegetarian-recipes-for-6-month-old-babies/Assamese

From Script | Spoken-Tutorial
Revision as of 13:55, 21 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 ৬ মাহ বয়সৰ শিশুৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম -
00:10 পৰিপূৰক আহাৰৰ পৰিচয়
00:13 আৰু নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে -
00:17 ক’লা চকুৰ বিনৰ ভৰ্তা
00:19 ৰঙালাউৰ ভৰ্তা
00:21 ৰাগীৰ খিচিৰি জোৱাৰৰ খিচিৰি
00:24 আৰু শাকৰ ভৰ্তা
00:27 আমি আৰম্ভ কৰাৰ আগতে, এইটো মনত ৰাখিব লাগে যে
00:31 প্ৰথম ছয় মাহ নিৰন্তৰ স্তনপান কৰোৱাতো অতিশয় দৰকাৰ
00:36 ৬ মাহ সম্পূৰ্ণ হোৱাৰ পাছত, স্তনৰ গাখীৰ শিশুটোৰ বাবে পৰ্যাপ্ত নহয়
00:42 সেইবাবে, স্তনপানৰ সৈতে একেলগে শিশুটোক ঘৰতে ৰন্ধা খাদ্যওঁ খুৱাব লাগে
00:48 ইয়াক জনা যায় পৰিপূৰক আহাৰ খুওঁৱা বুলি
00:51 শিশুটোক পৰিপূৰক আহাৰ এবিধ পৰিচয় কৰোতে, এসময়ত এবিধহে খাদ্য দিব
00:58 ই নিৰ্ণয় কৰাত সহায় কৰিব যদি শিশুটো যিকোনো খাদ্যলৈ এলাৰজিক হয়
01:02 শিশুটো এবাৰ সুখী হ’লে, উপাদানসমূহ সংযুক্ত কৰি দিবলৈ আৰম্ভ কৰক
01:09 প্ৰথমতে, আৰম্ভ কৰক এক চামোচকৈ এদিনত দুবাৰকৈ
01:13 তেতিয়া, লাহে লাহে, ৪ চামোচকৈ এদিনত দুবাৰলৈ যাওঁক
01:18 ইয়াৰ উপৰিওঁ, শিশুৰ খাদ্য প্ৰস্তুত কৰোতে সদায় ল’কেল, আঞ্চলিক আৰু ঋতু অনুযায়ী উপাদানসমূহ ব্যৱ্হাৰ কৰিব
01:29 শিশুটোৰ খাদ্যত নিমখ আৰু মৌজোল দিব নালাগে তাই এবছৰৰ নোহোৱালৈকে
01:36 লগতে, চেনী আৰু গুড় দিব নালাগে শিশুটো দুবছৰৰ নোহোৱালৈকে
01:43 ৬ মাহ সম্পূৰ্ণ হোৱাৰ পাছত,
01:45 শিশুটোক পৰিপূৰক খাদ্যৰ পৰা প্ৰায় ২০০ কেলৰি শক্তিৰ প্ৰয়োজন হয়
01:51 ভালদৰে ৰন্ধা আৰু ভৰ্ত্তা অৱস্থাৰ খাদ্যহে মাত্ৰ দিব লাগে
01:56 আহক বিধিসমূহ আৰম্ভ কৰো কিন্তু, তাৰ আগতে মনত ৰাখিব-
02:01 ব্যৱ্হাৰ কৰিব পাৰে স্তনৰ গাখীৰ
02:04 নাৰিকলৰ গাখীৰ বা
02:06 উতলাই ঠাণ্ডা কৰা পানী নিম্ন বিধিসমূহ বনাবলৈ
02:10 প্ৰথম বিধিটো হৈছে ক’লা চকুৰ বিনৰ ভৰ্তা
02:14 ইয়াক বনাবলৈ, আমাক লাগিব ক’লা চকুৰ বিনচ বা লাবিয়া মাহ
02:21 প্ৰথমতে, ক’লা চকুৰ বিনচ ভিজাই ৰাখক প্ৰায় ৯ ৰ পৰা ১২ ঘন্টা
02:25 ইয়াক ছাকনী এখনত লওঁক আৰু পানীৰে ভালকৈ ধুই চাফা কৰক
02:30 পানীখিনি যাবলৈ দিব
02:33 তেতিয়া ইয়াক চাফা কপাহী কাপোৰ এখনত বান্ধক
02:36 ইয়াক এফালে থওঁক গঁজালি নোলোৱালৈকে
02:39 এই প্ৰক্ৰিয়াক কোৱা হয় অংকুৰণ
02:43 এই বিনচক ষ্টিলৰ পাত্ৰ এটাত লওঁক
02:47 আৰু ভিজাই ৰাখক এঘন্টা বা দুঘন্টাৰ বাবে
02:50 তেতিয়া, বাকলি গুচাওঁক আঙুলিৰ মাজত লৈ লাহে লাহে ঘহি
02:55 বাকলিখিনি পৃথক কৰক আৰু এই বিনচক ষ্টিলৰ পাত্ৰ এটাত লওঁক
03:00 বিনখিনি ডুব যোৱাকৈ পানী দিয়ক
03:04 এই ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত থওঁক
03:07 ইয়াক ৪-৫ টা মান চিতি মাৰক
03:11 ইয়াক জুইৰ পৰা নমাওঁক আৰু কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক
03:15 এতিয়া, লাহেকৈ বাকলি পৃথক কৰক যদি তাত আছে
03:21 আৰু সিজোৱা বিনচৰ ভৰ্তা এটা বনাওঁক মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি
03:27 অলপ পৰিমাণৰ উতলা পানী দিব
03:31 বা প্ৰেচাৰ কুকাৰত বাকীথকা পানী
03:34 আৰু ক’লা চকুৰ বিনৰ ভৰ্তা তৈয়াৰ হ’ল
03:37 এই ক’লা চকুৰ বিনৰ ভৰ্তাত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন
03:41 ফচফৰাচ
03:43 আইৰন জিংক
03:45 আৰু মেগনেচিয়াম
03:47 তেনে ভৰ্তা বনাবলৈ, আপুনি লগতে যিকোনো ল’কেলি উপলদ্ধ বিকল্প ব্যৱ্হাৰ কৰিব পাৰে যেনে-
03:54 মথ বিনচ বঙালী বুট
03:57 হালধীয়া মটৰ ৰঙা মচুৰ
03:59 সেউজীয়া মটৰ
04:01 কিডনী বিনচ কাবুলি বুট
04:03 হ’ৰ্চ গ্ৰাম ইত্যাদি
04:05 দ্বিতীয় বিধিটো হৈছে ৰঙালাউৰ ভৰ্তা
04:09 তাৰবাবে আমাক লাগিব ২৫০ গ্ৰাম হালধীয়া ৰঙালাউ
04:13 আৰু প্ৰস্তুতকৰণৰ বাবে চাফা কৰা আৰু ধোৱা ৰঙালাউ লওঁক
04:18 গুটিখিনি আতৰাওঁক
04:20 ইয়াৰ সৰু সৰু টুকুৰা কৰক
04:22 তেতিয়া, ইয়াক ষ্টিমাৰ এটাত ৰান্ধক প্ৰায় ১৫ মিনিট
04:26 ইয়াক জুইৰ পৰা নমাওঁক
04:28 আৰু কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক
04:30 এতিয়া এই ৰন্ধা ৰঙালাউৰ ভৰ্তা এটা বনাওঁক মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি
04:37 ৰঙালাউৰ ভৰ্তা তৈয়াৰ হ’ল
04:40 এই ৰঙালাউৰ ভৰ্তা হৈছে এটা উৎস ভিটামিন A
04:44 ফ’লেত ক’লাইন
04:46 পটাছিয়াম আৰু ছালফাৰৰ
04:49 যদি ৰঙালাউ উপলদ্ধ নহয় তেন্তে ব্যৱ্হাৰ কৰিবপৰা আন শাক-পাচলি হৈছে-
04:54 সেউজীয়া ৰঙালাউ, বগা ৰঙালাউ ইত্যাদি
04:58 এতিয়া আমি তৃতীয় বিধিটো চাম, যি হৈছে ৰাগীৰ খিচিৰি
05:02 তাৰ বাবে, আমাক লাগিব এক চামোচ ৰাগী পাউদাৰ
05:08 মন কৰিব যে: ৰাগী পাউদাৰ বেলেগ হয় ৰাগী আটাতকৈ
05:12 এই বিধিৰ বাবে, আমাক লাগে ৰাগী পাউদাৰ
05:16 সেইবাবে, আমি প্ৰথমে চাম ৰাগী পাউদাৰ কেনেকৈ বনোৱা হয়
05:21 ইয়াৰ প্ৰস্তুত কৰিবলৈ- প্ৰথমতে, ৰাগীখিনি ভিজাই ৰাখক প্ৰায় ৯ ৰ পৰা ১২ ঘন্টা
05:26 ইয়াক ছাকনী এখনত লওঁক আৰু পানীৰে ভালকৈ ধুই চাফা কৰক
05:32 পানীখিনি যাবলৈ দিব
05:34 তেতিয়া, ইয়াক চাফা কপাহী কাপোৰ এখনত বান্ধক
05:37 ইয়াক এফালে থওঁক গঁজালি নোলোৱালৈকে
05:40 এই প্ৰক্ৰিয়াক কোৱা হয় অংকুৰণ
05:43 তাৰ পাছত, ইয়াক ৰ’দত শুকোৱাওঁক এদিন বা দুদিনৰ বাবে
05:48 তেতিয়া, ইয়াক নিম্ন জুইত ভাজক প্ৰায় ১০ ৰ পৰা ১২ মিনিট
05:52 মনত ৰাখিব, সঘনাই লৰাই থাকিব
05:56 এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে খাদ্যৰ পৰা ফাইটিক এচিদক কমাব
06:01 এতিয়া, ইয়াৰ পাউদাৰ বনাওঁক মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি
06:07 আমি এই পাউদাৰক এসপ্তাহৰ বাবে বায়ুৰূদ্ধ পাত্ৰ এটাত জমা ৰাখিব পাৰো শুকান, ঠাণ্ডা ঠাই এদোখৰত
06:15 পাছত, ৰাগীৰ খিচিৰি বনাবলৈ, এই ৰাগী পাউদাৰৰ এক চামোচ লওঁক
06:20 উতলাই ঠাণ্ডা কৰা পানী দিয়ক
06:22 বা অন্য বিকল্পসমূহ আগতে বৰ্ণনা কৰাৰ দৰে
06:26 ইয়াক ভালকৈ মিহলাওঁক গোটা নোহোৱাকৈ
06:29 এই মিশ্ৰণক নিম্ন জুইত প্ৰায় ৭ ৰ পৰা ১০ মিনিট ৰান্ধক
06:34 ৰান্ধোতে অলপ পৰিমাণৰ পানী দিয়ক যদি লাগে
06:38 ই খিচিৰিৰ ঘনত্বক অলপ কমাব
06:42 কিন্তু নিশ্বিত কৰিব যে খিচিৰিৰ ঘনত্ব পাতল বা পনীয়া যাতে নহয়
06:49 ৰাগীৰ খিচিৰি এতিয়া তৈয়াৰ হ’ল
06:51 এই ৰাগীৰ খিচিৰিত বিভিন্ন ধৰণৰ পুষ্টিকৰ পদাৰ্থ থাকে যেনে প্ৰটিন
06:56 কেলচিয়াম আইৰন
06:59 পটাছিয়াম আৰু ছালফাৰ
07:02 চতুৰ্থ বিধিটো হৈছে জোৱাৰৰ খিচিৰি
07:06 তাৰ বাবে, আমাক লাগিব দুই চামোচ জোৱাৰ পাউদাৰ
07:10 আৰু পাউদাৰ বনাবলৈ, জোৱাৰখিনিক পানীত ভিজাই ৰাখক ৭ ৰ পৰা ৮ ঘন্টা
07:16 তাৰ পাছত ইয়াক ছাকনী এখনত লওঁক আৰু পানীৰে ভালকৈ ধুই চাফা কৰক
07:21 পানীখিনি যাবলৈ দিব
07:24 এতিয়া ইয়াক চাফা কপাহী কাপোৰ এখনত বান্ধক আৰু এফালে থওঁক গঁজালি নোলোৱালৈকে
07:30 এই অংকুৰিত হোৱা জোৱাৰক ৰ’দত শুকোৱাওঁক এদিন বা দুদিনৰ বাবে
07:36 ইয়াক নিম্ন জুইত ভাজক ১০ ৰ পৰা ১২ মিনিট
07:40 তেতিয়া ইয়াক খুন্দি পাউদাৰ বনাওঁক
07:43 আমি এই পাউদাৰক এসপ্তাহৰ বাবে বায়ুৰূদ্ধ পাত্ৰ এটাত জমা ৰাখিব পাৰো শুকান, ঠাণ্ডা ঠাই এদোখৰত
07:50 এই জোৱাৰৰ পাউদাৰ দুই চামোচ লওঁক বাতি এটাত
07:54 ৪ বা ৫ চামোচ উতলাই ঠাণ্ডা কৰা পানী দিয়ক
07:58 বা অন্য বিকল্পসমূহ আগতে উল্লেখ কৰাৰ দৰে
08:01 ভালকৈ মিহলাওঁক গোটা নোহোৱাকৈ
08:04 এতিয়া এই মিশ্ৰণক নিম্ন জুইত ৪ ৰ পৰা ৬ মিনিট ৰান্ধক
08:10 আৰু জোৱাৰৰ খিচিৰি তৈয়াৰ হ’ল
08:13 মন কৰিব, জোৱাৰৰ খিচিৰিত প্ৰচুৰ পৰিমাণে থাকে প্ৰটিন
08:17 ফচফৰাচ পটাছিয়াম
08:20 মেগনেচিয়াম চেলিনিয়াম
08:23 ছালফাৰ আৰু আইৰন
08:25 পঞ্চম বিধিটো হৈছে শাকৰ ভৰ্তা
08:30 শাকৰ ভৰ্তা বনাবলৈ আমাক লাগিব,
08:33 ২ কাপ ধোৱা আৰু মিহিকৈ কাটি লোৱা শাক
08:37 আৰু এক চামোচ ঘিউ
08:40 পদ্ধতি: পেন এখনত এক চামোচ ঘিউ গৰম কৰক
08:44 ধোৱা আৰু মিহিকৈ কাটি লোৱা শাকখিনি দিয়ক
08:47 ইয়াক নিম্ন জুইত ৫ ৰ পৰা ৭ মিনিট লৰাই থাকক
08:52 এতিয়া, এই ভজা পাতখিনিক প্লেত এখনত থওঁক
08:56 আৰু ইয়াৰ ভৰ্তা এটা বনাওঁক পাথৰৰ খুন্দনা বা মিক্সাৰ এটা ব্যৱ্হাৰ কৰি
09:01 এতিয়া আমাৰ শাকৰ ভৰ্তা তৈয়াৰ হ’ল
09:05 শাক সমূহ হৈছে এটা উৎস ভিটামিন A
09:08 ফ’লেত
09:10 ভিটামিন C আইৰন
09:12 মেগনেচিয়াম আৰু কেলচিয়ামৰ
09:16 তেনে প্ৰকাৰৰ ভৰ্তা বনাবলৈ যিকোনো ল’কেলি উপলদ্ধ পাতথকা শাক-পাচলি ব্যৱ্হাৰ কৰিব পাৰে
09:22 উদাহৰণস্বৰূপে; ৰঙা আমৰান্থ পাত
09:25 ড্ৰামষ্টিক পাত
09:27 মূলা পাত
09:29 মিথি পাত আৰু সৰিয়হৰ পাত
09:32 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9