Health-and-Nutrition/C2/Type-1-and-Type-2-nutrients/Assamese

From Script | Spoken-Tutorial
Revision as of 15:24, 21 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 টাইপ 1 আৰু টাইপ 2 ৰ পুষ্টিকৰ পদাৰ্থসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটো হৈছে টাইপ 1 আৰু টাইপ 2 ৰ পুষ্টিকৰ পদাৰ্থসমূহৰ মাজৰ পাৰ্থক্যৰ বিষয়ে
00:12 আহক আৰম্ভ কৰো
00:14 খাদ্যই আমাক শক্তি আৰু পুষ্টিকৰ পদাৰ্থসমূহ দিয়ে
00:17 পুষ্টিকৰ পদাৰ্থসমূহ দৰকাৰ হয় আমাৰ শৰীৰৰ বৃদ্ধি আৰু চোৱাচিতাৰ বাবে
00:22 কিছুমান পুষ্টিকৰ পদাৰ্থ আমাৰ শৰীৰে উৎপন্ন কৰিব নোৱাৰে
00:27 তেনে পুষ্টিকৰ পদাৰ্থক কোৱা হয় আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ
00:31 মুঠতে ৪০ টা আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ আছে যাক আমি খাদ্যৰ পৰা ল’ব লাগে
00:36 আমি পুষ্টিহীন খাদ্যৰ পৰা এই পুষ্টিকৰ পদাৰ্থসমূহ পৰ্যাপ্ত পৰিমাণে পাব নোৱাৰো
00:42 তেনে খাদ্য, আনকি সৰহ পৰিমাণে খালেওঁ, মাত্ৰ ভোক লগাৰ অনুভৱক কমায়
00:48 তথাপি, আমি এটা বা অধিক আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰ অভাৱত থাকিব পাৰো
00:54 ইয়াক জনা যায় লুপ্ত ভোক হিচাবে
00:58 আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থক দুটা প্ৰকাৰত ভগোৱা হৈছে:
01:02 টাইপ 1 পুষ্টিকৰ পদাৰ্থ বা ফাংচনেল পুষ্টিকৰ পদাৰ্থ
01:05 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থ বা বৃদ্ধিৰ পুষ্টিকৰ পদাৰ্থ
01:09 আইৰন, কেলচিয়াম,
01:11 আয়’দিন আৰু কপাৰ হৈছে টাইপ 1 পুষ্টিকৰ পদাৰ্থ
01:15 মেংগানিজ,
01:17 ফ্ল’ৰিন আৰু চেলিনিয়াম লগতে একেটা গ্ৰোপত আহে
01:21 ভিটামিন B, C,
01:23 A, D,
01:25 E আৰু K ওঁ হৈছে টাইপ 1 পুষ্টিকৰ পদাৰ্থ
01:29 ছালফাৰ, ক্ল’ৰিন আৰু
01:32 প্ৰ’টিন বা আৱশ্যকীয় এমিন’ এচিদচ হৈছে টাইপ 2 পুষ্টিকৰ পদাৰ্থ
01:37 ছ’দিয়াম, পটাচিয়াম,
01:39 মেগনেচিয়াম, ফছফৰাছ
01:41 আৰু জিংক লগতে একেটা গ্ৰোপত আহে
01:45 আৱশ্যকীয় ফেতি এচিদচ যেনে অ’মেগা 3 ওঁ টাইপ 2 পুষ্টিকৰ পদাৰ্থ
01:51 আহক টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহৰ মাজৰ পাৰ্থক্যক বুজো
01:56 টাইপ 1 পুষ্টিকৰ পদাৰ্থসমূহ লাগে কলাসমূহত বিশেষ ফাংচনৰ বাবে
02:02 সেইবাবে, সিহত কেন্দ্ৰীভূত হয় এটা নিৰ্দিষ্ট কলা বা কলাসমূহৰ গ্ৰোপত
02:08 আহক কেলচিয়াম আৰু ভিটামিন A লওঁ উদাহৰণ হিচাবে
02:13 কেলচিয়াম লাগে মজবুত হাড়ৰ বাবে
02:17 ভিটামিন A লাগে স্বাস্থ্যবান চকুৰ বাবে
02:21 ইয়াৰ বিপৰীতে, টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ লাগে শৰীৰৰ সম্পূৰ্ণ বৃদ্ধিৰ বাবে
02:28 সিহতে গঠণ কৰে গাঠণিৰ অংশক আৰু শৰীৰৰ প্ৰতিটো কোষৰ ফাংচনক
02:34 সেইবাবে, সিহত শৰীৰৰ সকলো কলাত থাকে
02:38 আহক টাইপ 1 আৰু 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱত আমাৰ শৰীৰে কৰা প্ৰতিক্ৰিয়াক আলোচনা কৰো
02:45 টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ সময়ত, শৰীৰটো সাধাৰণ ভাবেই বৃদ্ধি হয়
02:50 শৰীৰে এই পুষ্টিকৰ পদাৰ্থক নিৰ্দিষ্ট কলাসমূহৰ পৰা লয় য’ত ই জমা থাকে
02:57 আহক কেলচিয়ামক এটা উদাহৰণ ৰূপে লওঁ
03:00 কেলচিয়ামৰ অভাৱত, শৰীৰে হাড়ত জমা হৈ থকা কেলচিয়ামক ব্যৱ্হাৰ কৰে
03:07 ফলাফল হিচাবে, সেই পুষ্টিকৰ পদাৰ্থৰ ঘনত্ব কলাসমূহত হ্ৰাস পায়
03:13 তেতিয়া, সেই পুষ্টিকৰ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰা অংগসমূহ প্ৰভাবিত হয়
03:18 সেইবাবে, লোকজন বেমাৰী হয়
03:21 বেমাৰী লোকজনে তেতিয়া অভাৱৰ এটা নিৰ্দিষ্ট লক্ষণ দেখুৱায়
03:26 আহক ইয়াক চাৰিটা উদাহৰণৰ সহায়ত বুজো:
03:31 1. হাড়-পাতল হোৱা আৰু ভঙা বা ফাট মেলাৰ বৰ্দ্ধিত বিপদ হৈছে কেলচিয়ামৰ অভাৱৰ লক্ষণ
03:37 2. এনিমিয়া হৈছে আইৰনৰ অভাৱৰ এটা লক্ষণ
03:41 3. কুকুৰীকণা হৈছে ভিটামিন A অভাৱৰ এটা লক্ষণ
03:45 4. আৰু হাইপ’থাইৰ’দিজম হৈছে আয়’দিন অভাৱৰ এটা লক্ষণ
03:50 আনহাতে, টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মাত্ৰ এটা লক্ষণ আছে
03:57 এই লক্ষণক কোৱা হয় বৃদ্ধিৰ ব্যৰ্থতা
04:00 বৃদ্ধিৰ ব্যৰ্থতাই বুজাই শৰীৰে দুটা প্ৰধান প্ৰক্ৰিয়াৰ গতিক অৱনমিত কৰে:
04:06 1. নতুন কোষৰ গঠন আৰু
04:09 2. পুৰণা কোষৰ প্ৰতিস্থাপন
04:11 শৰীৰে বৃদ্ধি হোৱা আৰু নতুন কলাসমূহ বনোৱা বন্ধ কৰে
04:16 ইয়াৰ ফলত শৰীৰৰ ওজন কমে,
04:18 উচ্চতা কমে আৰু মাংশপেশী কমে
04:23 শৰীৰৰ সকলো কোষসমূহ, ৰোগ প্ৰতিৰোধ ক্ষমতাওঁ প্ৰভাবিত হয়
04:29 ই সংক্ৰমণ হোৱাৰ বিপদক বৰ্দ্ধিত কৰে
04:32 অৱশেষত, ইয়াৰ বাবে মৃত্যুওঁ হ’ব পাৰে
04:35 টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ শৰীৰত জমা নহয়
04:39 অভাৱ হ’লে, শৰীৰে হয়তো ইয়াৰ কলা বা মাংশপেশীক ভাঙিবলৈ আৰম্ভ কৰে
04:45 ই টাইপ 2 পুষ্টিকৰ পদাৰ্থক দিয়ে যাৰ শৰীৰত অভাৱ হয়
04:50 এই পুষ্টিকৰ পদাৰ্থ তেতিয়া শৰীৰৰ আন কলাসমূহৰ বাবে ব্যৱহৃত হ’ব
04:56 যেতিয়া কলা ভঙাৰ পৰিমাণ তীব্ৰ হয়, কোষসমূহৰ ফাংচনচ প্ৰভাবিত হয়
05:02 লগতে, ভোক লগাওঁ কমিব ধৰে
05:05 কলা ভঙাই পুষ্টিকৰ পদাৰ্থক প্ৰদান কৰে যাৰ শৰীৰত অভাৱ হয়
05:11 তথাপি, ই লগতে কলাসমূহৰ পৰা আন সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থক এৰে
05:17 এই পুষ্টিকৰ পদাৰ্থসমূহ তেতিয়া শৰীৰৰ পৰা নিষ্কাশিত হয়
05:21 গতিকে, সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থক দিব লাগিব টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱত
05:28 টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰাওঁতে সকলো টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন নহয়
05:34 ইয়াক কৰিব পাৰি মাত্ৰ সেইটো পুষ্টিকৰ পদাৰ্থ দি যাৰ শৰীৰত অভাৱ হৈছে
05:40 পাছত, আহক স্তনৰ গাখীৰত টাইপ 1 আৰু 2 পুষ্টিকৰ পদাৰ্থসমূহৰ উপস্থিতিক আলোচনা কৰো
05:47 স্তনৰ গাখীৰত টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ স্থায়ীভাবে জমা থাকে
05:52 সিহত সলনি নহয় আনকি মাকে পুষ্টি নাপালেওঁ
05:57 অপুষ্টিত ভোগা মাক এগৰাকীৰ শিশুটোৰো ভালকৈ বৃদ্ধি হয় পৰ্যাপ্ত স্তনপানৰ সৈতে
06:03 ইয়াৰ বিপৰিতে, স্তনৰ গাখীৰত টাইপ 1 পুষ্টিকৰ পদাৰ্থসমূহৰ পৰিমাণ স্থায়ী নহয়
06:09 ই ভিন্ন হয় মাকৰ স্ব-পুষ্টিৰ অনুসৰি
06:13 আহক ভিটামিন D এটা উদাহৰণ হিচাবে লওঁ
06:17 ভিটামিন D অভাৱত ভোগা মাক এগৰাকীৰ স্তনৰ গাখীৰত ভিটামিন D কম পৰিমাণে থাকে
06:23 পাছত, আহক টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মূল্যায়নক আলোচনা কৰো
06:30 টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক সাধাৰণতে দুই ধৰণে মূল্যায়ন কৰা হয়
06:36 প্ৰথমে, অভাৱৰ অনন্য লক্ষণসমূহক চিহ্নিত কৰা হয়
06:41 তেতিয়া, শৰীৰত পুষ্টিকৰ পদাৰ্থটোৰ লেভেলক তেজৰ পৰীক্ষা এটাৰ দ্বাৰা জোখা হয়
06:46 আহক আইৰন আৰু আয়’দিন উদাহৰণ হিচাবে লওঁ
06:50 আইৰনৰ অভাৱত, লক্ষণসমূহ যেনে হালধীয়া ছাল আৰু অৱসাদ চিহ্নিত হয়
06:56 শৰীৰত হিম’গ্ল’বিনৰ লেভেলক তেজৰ পৰীক্ষা এটাৰ দ্বাৰা জোখা হয়
07:01 আয়’দিনৰ অভাৱক লগতে অনন্য লক্ষণসমূহ আৰু পৰীক্ষাৰ দ্বাৰা মূল্যায়ন কৰা হয়
07:07 লক্ষণসমূহ যেনে ডিঙি ফুলা,
07:10 ওজন বৃদ্ধি আৰু
07:12 চুলি সৰা চিহ্নিত হয়
07:14 শৰীৰত আয়’দিন আৰু থাইৰইদ হৰম’নৰ লেভেলক তেজৰ পৰীক্ষাৰ দ্বাৰা জোখা হয়
07:21 টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক ভালকৈ চিহ্নিত আৰু চিকিৎসা কৰা হয়
07:26 টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰোৱাৰ বিভিন্ন পদ্ধতি আছে
07:31 কোনো লোকে এই পুষ্টিকৰ পদাৰ্থসমূহক আৱশ্যকীয় পৰিমাণে আহাৰত ল’ব পাৰে
07:36 এই পুষ্টিকৰ পদাৰ্থসমূহৰ বাবে লগতে সম্পূৰক বস্তুক পৰামৰ্শ দিয়া হয়
07:41 আইৰন, ভিটামিন C আৰু
07:43 ফ’লিক এচিদ সম্পূৰক বস্তুক সাধাৰণতে নিৰ্ধাৰিত কৰা হয়
07:47 টাইপ 1 পুষ্টিকৰ পদাৰ্থ ভৰপূৰকৈ থকা খাদ্যক ঠাইসমূহত দিয়া হয় য’ত অভাৱ কমন হয়
07:53 এটা ভালকৈ-জনা উদাহৰণ হৈছে নিমখ য’ত আয়’দিন ভৰপূৰকৈ থাকে
07:59 এজন যোগ্য পুষ্টি বিশেষজ্ঞই এই পদ্ধতিসমূহৰ নিৰীক্ষণ কৰিব পাৰে
08:04 টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মূল্যায়ন আৰু চিকিৎসা জটিল হয়
08:10 যিকোনো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱক মূল্যায়ন কৰাৰ মাত্ৰ এটা পদ্ধতি আছে
08:15 ই হৈছে জোখা আৰু অনুসৰণ কৰা
08:17 ওজন, উচ্চতা
08:19 আৰু ওপৰৰ বাহুৰ মাজৰ পৰিধিক
08:22 তথাপি, ই মাত্ৰ বৃদ্ধিৰ ব্যৰ্থতাক চিহ্নিত কৰাত সহায় কৰিব
08:27 বৃদ্ধিৰ ব্যৰ্থতা হয় প্ৰতিটো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ বাবে
08:33 এইটো নিৰ্ধাৰিত কৰাটো জটিল হয় যে শৰীৰত কোনটো নিৰ্দিষ্ট পুষ্টিকৰ পদাৰ্থৰ অভাৱ হৈছে
08:40 গতিকে, টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰাওঁতে সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন হয়
08:47 সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থ প্ৰচুৰকৈ থকা খাদ্যক দিব লাগিব তেনে অভাৱত
08:53 আগতে দিয়া খাদ্যৰ পৰিমাণক মাত্ৰ বৰ্দ্ধিত কৰিলে কাম নকৰিব
08:59 আগতে দিয়া খাদ্যই শৰীৰক টাইপ 2 পুষ্টিকৰ পদাৰ্থ দিবলৈ অসমৰ্থ হৈছে
09:04 খাদ্যৰ গুণমানতাক সলাব লাগিব শৰীৰৰ সাধাৰণ বৃদ্ধিৰ বাবে
09:10 এজন যোগ্য পুষ্টি বিশেষজ্ঞৰ লগত আলোচনা কৰক পাছলৈ নিৰীক্ষণৰ বাবে
09:15 টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ খাদ্যৰ উৎসসমূহক আন টিউট’ৰিয়েলচত আলোচনা কৰা হৈছে
09:22 অধিক তথ্যৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
09:26 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9