Health-and-Nutrition/C2/Storage-of-expressed-breastmilk/Assamese

From Script | Spoken-Tutorial
Revision as of 18:28, 17 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 স্তনৰ পৰা বাহিৰ কৰা গাখীৰ জমা ৰখাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম- পাছত ব্যৱ্হাৰৰ বাবে স্তনৰ পৰা বাহিৰ কৰা গাখীৰ কেনেকৈ নিৰাপদভাবে জমা ৰখা হয়
00:14 আহক আৰম্ভ কৰো । স্তনৰ পৰা গাখীৰ বাহিৰ কৰাৰ বাবে শিশুটো আৰু মাকৰ বহুতো লাভ হয়
00:22 হাতেৰে স্তনৰ পৰা গাখীৰ বাহিৰ কৰাক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
00:29 স্তনৰ পৰা বাহিৰ কৰা গাখীৰ ভালদৰে নিৰাপদভাবে জমা ৰাখিব লাগিব
00:34 তেনে কৰিলে, শিশুটোৰ বাবে ইয়াৰ উচ্চগুণ অটুত থাকিব
00:39 স্তনৰ গাখীৰ হেন্দল কৰাৰ আগতে, মাকে তেওঁৰ হাতদুটা চাবোন আৰু পানীৰে ধুই ভালদৰে শুকোৱাই ল’ব লাগিব
00:47 স্তনৰ গাখীৰ জমা কৰিবলৈ, মাকে ষ্টিল বা গ্লাচৰ বহল মুখৰ পাত্ৰ ব্যৱ্হাৰ কৰিব লাগে যাক ঢাকি ৰাখিব পাৰি
00:56 যদিওঁ ষ্টিলৰ পাত্ৰ পৰামৰ্শ দিয়া হৈছে, আমি কিছুমান চিত্ৰত গ্লাচৰ পাত্ৰ ব্যৱ্হাৰ কৰিম
01:03 ই আমাক পাত্ৰৰ ভিতৰত থকা গাখীৰক স্পষ্টকৈ চোৱাত সহায় কৰিব
01:09 পাছত, মাকে বাচি লোৱা পাত্ৰকেইটা চাবোন আৰু পানীৰে ধুই ল’ব লাগিব
01:14 তাৰ পাছত, তেওঁ পাত্ৰকেইটা উতলা পানীত অতিকমেওঁ ১০ মিনিট ৰাখিব লাগিব
01:21 তেতিয়া, তেওঁ হয়তো পাত্ৰকেইটা বতাহত সম্পূৰ্ণকৈ শুকোৱাব লাগিব বা ব্যৱ্হাৰ নকৰা চাফা কাপোৰ এখনেৰে মুচি শুকোৱাব লাগিব
01:31 পাত্ৰকেইটা কেতিয়াওঁ ব্যৱ্হাৰ কৰা কাপোৰ এখনেৰে মুচি শুকোৱাব নালাগে যেনে পাকঘৰত ব্যৱ্হাৰ কৰা কাপোৰ এখন
01:40 চাফা কৰা পাত্ৰটো সম্পূৰ্ণকৈ শুকোৱাৰ পাছত, তেওঁ বাহিৰ কৰা গাখীৰক পাত্ৰকেইটাত বাকিব লাগিব
01:48 মাকে মাত্ৰ এবাৰ খুৱাবলৈ প্ৰয়োজন হোৱা সমানৰ গাখীৰ জমা কৰিব লাগে বা প্ৰায় ৬০ৰ পৰা ৯০ মিলিলিটাৰ গাখীৰ প্ৰতিটো পাত্ৰত জমা কৰিব লাগে
01:58 যদি মাকে তেওঁৰ স্তনৰ গাখীৰক ফ্ৰিজ কৰিব বিচাৰে, তেওঁ পাত্ৰটোৰ ওপৰত এক ইঞ্চি খালিঠাই এৰিব লাগে । কাৰণ স্তনৰ গাখীৰ ঠাণ্ডা হ’লে প্ৰসাৰিত হয়
02:12 তেওঁ প্ৰতিটো পাত্ৰক গাখীৰ বাহিৰ কৰা তাৰিখ আৰু সময়ৰ সৈতে লেবেল কৰিব লাগে
02:18 তেতিয়া তেওঁ এই স্তনৰ গাখীৰৰে ভৰ্ত্তি পাত্ৰসমূহক সম্ভৱত শীতলতম ঠাইত জমা কৰিব লাগে
02:25 যদি তেওঁৰ এটা ফ্ৰিজ আছে, গাখীৰক তাত জমা কৰাটো উত্তম
02:30 তেওঁ স্তনৰ গাখীৰক ফ্ৰিজটোৰ একেবাৰে তলৰ খলপৰ পিছফালে জমা কৰিব লাগে । এইটো হৈছে ফ্ৰিজ এটাৰ আটাইতকৈ ঠাণ্ডা ঠাই
02:40 স্তনৰ গাখীৰক ফ্ৰিজ এটাৰ দুৱাৰত কেতিয়াওঁ জমা নকৰিব
02:44 জমা ৰখা ঠাইৰ উষ্ণতা যিমান কম হয়, সিমান বেছি সময়লৈকে জমা ৰাখিব পাৰি
02:49 চাফা অৱস্থাৰ ফ্ৰিজ এটাত স্তনৰ গাখীৰক ৭ দিনলৈকে জমা ৰাখিব পাৰি
02:56 ইয়াক ধাৰাবাহিকভাবে ঠাণ্ডা ৰাখিব লাগে
02:59 মনত ৰাখিব, ফ্ৰিজৰ দুৱাৰখন যিমানবাৰ খোলা হয়, উষ্ণতা সিমানেই বৃদ্ধি হ’ব
03:07 যদি জমা ৰখাৰ সময়ত কাৰেন্ত যোৱাৰ বাবে বা অন্য কাৰণত ফ্ৰিজৰ উষ্ণতা বৃদ্ধি হয় তেন্তে মাকে স্তনৰ গাখীৰক ৬ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰিব লাগে
03:19 যদি স্তনৰ গাখীৰক ৬ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰা নহয়, তেন্তে তেওঁ ইয়াক পেলাব লাগিব
03:26 যদি মাকৰ ফ্ৰিজ এটা নাই তেন্তে স্তনৰ গাখীৰক ৬ ঘন্টালৈকে জমা ৰাখিব পাৰে ঘৰৰ এটা নিৰাপদ, ঠাণ্ডা আৰু আন্ধাৰ ঠাইত
03:39 যদি কোঠাটো গৰম হয়, তেওঁ স্তনৰ গাখীৰক জমা ৰাখিব পাৰে ঠাণ্ডা পানীৰে ভৰ্ত্তি হৈ মাটিত থোৱা পাত্ৰ এটাৰ কাষত বা ঠাণ্ডা পানীৰে ভৰ্ত্তি হৈ থকা পাত্ৰ এটাত
03:51 বিশুদ্ধ স্তনৰ গাখীৰত সংক্ৰমণৰে যুজিব পৰা ক্ষমতা থাকে
03:58 সেইবাবে ই গৰুৰ গাখীৰতকৈ অধিক সময়লৈকে অদূষিত হৈ থাকিব পাৰে
04:03 বিশুদ্ধ স্তনৰ গাখীৰত জীবাণু অতিকমেওঁ ৬ ঘন্টালৈকে বৃদ্ধি হ’বলৈ আৰম্ভ নকৰে, আনকি এটা গৰম জলবায়ুত আৰু ফ্ৰিজৰ বাহিৰত
04:15 ফ্ৰিজৰ বাহিৰত স্তনৰ গাখীৰ জমা ৰখাৰ আন এটা পদ্ধতি হৈছে এটা ঠাণ্ডা বেগ বা বক্স অতি নিম্নতাপত হিমায়িত কৰা বৰফৰ পেকৰ সৈতে ব্যৱ্হাৰ কৰি, যি প্ৰতি ২৪ ঘন্টাত সলাব লাগে
04:27 গাখীৰক বৰফৰ পেকৰ পৰা বচাব লাগিব বা ইয়াক ফ্ৰিজ কৰিব পাৰি
04:33 ঠাণ্ডা বেগটো লগতে গাখীৰ কঢ়িয়াবলৈ ব্যৱ্হাৰ কৰিব পাৰি
04:38 যদি স্তনৰ গাখীৰক ৭ দিনতকৈ অধিক সময়ৰ বাবে জমা ৰাখিব লাগে, মাকে ইয়াক সম্ভৱত বাহিৰ কৰাৰ লগে লগেই ফ্ৰিজ কৰিব লাগে
04:49 ফ্ৰিজ এটাৰ ফ্ৰিজাৰত গোটাকৈ ঠাণ্ডা কৰা গাখীৰ ২ সপ্তাহলৈকে ভাল হৈ থাকে
04:56 পৃথক ফ্ৰিজাৰ এটাত জমা ৰখা গাখীৰ ৩ৰ পৰা ৬ মাহলৈকে ভাল হৈ থাকে
05:04 যেতিয়া এই আগতে ঠাণ্ডা কৰা স্তনৰ গাখীৰক অশীতলীকৰণ কৰা হয় ইয়াক ফ্ৰিজৰ একেবাৰৰ তলৰ খলপত ৰাতিটো ৰাখি, ইয়াক ২৪ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰিব লাগে
05:17 আৰু যেতিয়া ইয়াক ফ্ৰিজৰ বাহিৰত ৰাখি অশীতলীকৰণ কৰা হয়, ইয়াক ২ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰিব লাগে
05:25 আন টিউট’ৰিয়েলচত, আমি বৰ্ণনা কৰিছো কেনেকৈ জমা ৰখা স্তনৰ গাখীৰক শিশুটোৱে খাবৰ উপযোগীকৈ তৈয়াৰ কৰিব লাগে
05:32 আৰু, বাহিৰ কৰা স্তনৰ গাখীৰ শিশুটোক কেনেকৈ খুৱাব লাগে
05:37 এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9