Health-and-Nutrition/C2/Reasons-for-increase-in-junk-food-consumption/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 জাংক খাদ্যৰ সেৱন বৰ্দ্ধিত হোৱাৰ কাৰণসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:11 জাংক খাদ্যৰ সেৱন বৰ্দ্ধিত কৰাৰ কাৰকসমূহ
00:15 আমাৰ আহাৰৰ পৰা জাংক খাদ্যক ত্যাগ কৰাৰ পথসমূহ
00:20 জাংক খাদ্যত উচ্চ পৰিমাণৰ চেনী, নিমখ, পৰিশোধিত চৰ্বী আৰু পৰিশোধিত আটা থাকে
00:28 জাংক খাদ্যৰ ক্ষতিকৰ প্ৰভাৱৰ বিষয়ে আন এটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
00:34 অধিক তথ্যৰ বাবে আমাৰ ওৱেবচাইত চাব
00:38 আহক জাংক খাদ্যৰ সেৱন বৰ্দ্ধিত কৰাৰ কাৰকসমূহক বুজো
00:45 আজিকালি জাংক খাদ্য সহজেই পোৱা যায়
00:49 আপুনি ইয়াক পাব পাৰে দোকানত,
00:52 স্কুলৰ কেন্টিনত, ৰাস্তাৰ কাষৰ বিক্ৰেতাত
00:54 আৰু ৰেষ্টুৰেন্তত
00:56 আহক জাংক খাদ্যৰ বৰ্দ্ধিত সেৱনৰ আন এটা কাৰণ চাওঁ
01:02 মাকসকল বিজি হ’ব পাৰে চাকৰি আৰু ঘৰূৱা কামত
01:06 তেওঁলোকে হয়তো নিজৰ ল’ৰা-ছোৱালিৰ বাবে এটা সঠিক ঘৰতে তৈয়াৰী আহাৰ প্ৰস্তুত কৰিবলৈ সময় নাপাব পাৰে
01:14 ইয়াৰ সলনি, তেওঁলোকে সিহতক টকা দিব পাৰে বাহিৰৰ পৰা খাদ্য কিনিবলৈ
01:20 ল’ৰা-ছোৱালিয়ে সেই টকাৰে চকলেত, আইচ-ক্ৰিম বা চিপচ কিনে
01:26 তদুপৰি, জাংক খাদ্য প্ৰায়েই সস্তা হয় স্বাস্থ্যবান আহাৰৰ তুলনাত
01:33 উদাহৰণস্বৰূপে, এক প্লেত ৰূটি, মচুৰ ডালি আৰু শাক-পাচলিৰ মূল্য কিছু বেছি হ’ব
01:42 সেইবাবে, মানুহে সস্তা কিবা এটা বাচে যেনে চিংৰা, চিপচ, বিস্কুট
01:50 কেতিয়াবা, অভিভাৱকে সন্তানৰ ভালপোৱা আৰু বেয়াপোৱাক অৱজ্ঞা কৰে
01:56 ল’ৰা-ছোৱালিয়ে প্ৰায়েই প্ৰচলিত ঘৰতে তৈয়াৰী আহাৰত বিৰক্ত হয়
02:01 ঘৰতে তৈয়াৰী আহাৰৰ ভিন্নতা কম হোৱাৰ বাবে, সিহতে জাংক খাদ্য খাবলৈ বিচাৰে
02:08 সিহতে এই খাদ্য অধিক সোৱাদযুক্ত পায়
02:11 চেনী বেছিকৈ থকা জাংক খাদ্য খালে, মগজুৱে কেলিকেলচ এৰে যেনে ড’পামিন
02:19 ই সৰহ পৰিমাণে নিৰ্গত হয় যিয়ে আমাক আনন্দ আৰু আৰামৰ অনুভৱ দিয়ে
02:26 সেইবাবে আমি জাংক খাদ্যৰ প্ৰতি আসক্ত হওঁ আৰু অধিক আৰু অধিক খাবলৈ কামনা কৰো
02:34 আমি জাংক খাদ্য অত্যাধিক খাই আৰাম পাওঁ
02:38 এইটো কমন হয় চাপ,
02:42 হতাশা, নিঃসঙ্গতা
02:44 আৰু উদ্বেগৰ সময়ত
02:47 আমাক জাংক খাদ্যই আকৰ্ষণ কৰাৰ আন এটা কাৰণ হৈছে ইয়াৰ বিজ্ঞাপনবোৰ
02:53 এই বিজ্ঞাপনবোৰ প্ৰায়েই আকৰ্ষণীয় হয়
02:56 আৰু বিভ্ৰান্তিকৰ হয়
02:59 ল’ৰা-ছোৱালি আৰু কিশোৰসকল তাৰদ্বাৰা সহজে প্ৰভাবিত হয়
03:05 বন্ধুসকলেওঁ আমাৰ খাদ্যৰ পচন্দক প্ৰভাবিত কৰে
03:08 উদাহৰণস্বৰূপে, ছাত্ৰী এগৰাকীয়ে স্কুললৈ ৰূটি আৰু শাক-পাচলি নিয়ে
03:14 যদি তাইৰ বান্ধবীয়ে জাংক খাদ্য আনে, তেন্তে তাইওঁ লগতে সেই বস্তুক আনিবলৈ বিচাৰিব
03:22 ই দেখাই যে আমাৰ খাদ্য খোৱাৰ অভ্যাস আমাৰ আশে-পাশে থকা লোকে খোৱা খাদ্যৰদ্বাৰা প্ৰভাবিত হয়
03:29 আগবাহো, আহক জাংক খাদ্যক ত্যাগ কৰিবলৈ কিছু উপায় চাওঁ
03:35 অভিভাৱকে বুজিব লাগিব যে ল’ৰা-ছোৱালীয়ে যি দেখে তাকে শিকে আৰু অনুসৰণ কৰে
03:41 যদি সিহতে অভিভাৱকে সুস্থ খাদ্য খোৱা দেখে, সিহতো তেনে খাদ্য খাবলৈ অনুপ্ৰাণিত হ’ব
03:48 সেইবাবে, অভিভাৱক সিহতৰ বাবে ভাল প্ৰেৰণাৰ উৎস হ’ব লাগিব
03:53 মনত ৰাখিব জাংক খাদ্যক কেতিয়াওঁ এটা পুৰষ্কাৰ হিচাবে নিদিব
03:58 অভিভাৱকে প্ৰায়েই কিছু ক্ষেত্ৰত জাংক খাদ্যক সন্তানক পুৰষ্কাৰ হিচাবে দিয়ে
04:05 উদাহৰণস্বৰূপে: সিহতৰ স্কুলৰ কাম সম্পূৰ্ণ কৰিবলৈ বা পৰীক্ষাত ভাল নম্বৰ পাবলৈ
04:12 ই ল’ৰা-ছোৱালীক এটা বাৰ্তা দিয়ে যে এই ধৰণৰ খাদ্য খোৱা ভাল
04:18 সিহত ডাঙৰ হ’লে, ই এটা অভাসলৈ পৰিণত হ’ব পাৰে
04:23 গতিকে, ল’ৰা-ছোৱালীক জাংক খাদ্য কেতিয়াওঁ পুৰষ্কাৰ হিচাবে নিদিব
04:29 তি.ভি চাওঁতে বা ফোন ব্যৱ্হাৰ কৰোতে খাদ্য খোৱাক ত্যাগ কৰিবলৈ যত্ন ল’ব লাগে
04:37 তি.ভি চাওঁতে খাদ্য খালে আমাৰ মগজু বিভ্ৰান্ত হয়
04:41 সেইবাবে, আমি সন্তুষ্ট নহওঁ আৰু অত্যাধিক খাওঁ
04:46 মাকসকলে বিবেচিত কৰিবলগা আন এটা বস্তু হৈছে আহাৰত ভিন্নতা অনাটো
04:53 সন্তানৰ দৈনিক আহাৰক ৰোমাঞ্চকৰ কৰিব পাৰি
04:58 ইয়াক অধিক ৰংচঙীয়া আৰু গভীৰ-পুষ্টিযুক্ত কৰক
05:02 বিভিন্ন খাদ্য গ্ৰোপৰ পৰা সামগ্ৰীসমূহৰ সমাহাৰক ব্যৱ্হাৰ কৰক
05:08 মই উদাহৰণ এটা দিওঁ
05:11 শুদা ভাতক উন্নত কৰিব পাৰি মচুৰ ডালি, শাক-পাচলি বা ডিম যোগ কৰি
05:19 এইদৰে, সন্তানে ঘৰতে তৈয়াৰী আহাৰ খাবলৈ মন কৰিব
05:26 আহাৰ প্লেন কৰাৰ আগতে, সন্তানৰ ভালপোৱা আৰু বেয়াপোৱাক বিবেচিত কৰক
05:31 যদি সিহতে এটা নিৰ্দিষ্ট সামগ্ৰীক ভাল নাপায়, ইয়াক আন খাদ্যত লুকুৱাওঁক
05:39 উদাহৰণস্বৰূপে, কিছুমান ল’ৰা-ছোৱালীয়ে শাক-পাছলি খাবলৈ বেয়া পায়
05:45 আপুনি শাক-পাছলিক লুকুৱাব পাৰে শাক-পাছলিৰ পৰাথা, চিলা বা কাটলেতচৰ ৰূপত
05:54 শাক-পাছলিক সৰু সৰুকৈ কাটি বা ভৰ্তা কৰি চোপৰ আকাৰত দিব পাৰি
06:00 জাংক খাদ্যক পুষ্টিকৰ খাদ্যৰে ৰিপ্লেচ কৰিবলৈ চেষ্টা কৰক
06:04 উদাহৰণস্বৰূপে: বৰা, চিংৰা বা বিস্কুট এপেকেটত ৫ ৰ পৰা ১০ টকা লয়
06:13 একে পৰিমাণৰ টকাৰে, আপুনি দুটা ডিম বা এক গিলাচ গাখীৰ কিনিব পাৰে
06:19 ল’ৰা-ছোৱালীৰ গাখীৰত বজাৰত পোৱা সোৱাদ বহোৱা পাউদাৰ যোগ নকৰিব
06:26 ইয়াৰ পৰিবৰ্তে, আপুনি হালধী পাউদাৰ বা বাদাম আৰু বীজৰ পাউদাৰ যোগ কৰিব পাৰে
06:33 আপুনি লগতে বাদাম আৰু বীজৰে বনোৱা চাটনি ল’ব পাৰে কেতচাপ আৰু চ’চৰ সলনি
06:41 ভজা চীনাবাদাম বা বঙালী বুট খাব পাৰি চিপচ আৰু ভজা চিভৰাৰ সলনি
06:50 আপুনি লগতে ল’ব পাৰে সিজোৱা সেউজীয়া মগুমাহ, বঙালী বুট, গোমধান, ইত্যাদি
06:58 পৰিশোধিত আটাৰে বনোৱা ভজা পুৰীক ত্যাগ কৰিব
07:02 ইয়াৰ পৰিবৰ্তে, ৰূটি বা পৰাথা লওঁক হোল গ্ৰেইনচ, জোৱাৰ বা পাৰ্ল মিলেতৰে তৈয়াৰী
07:11 বেয়া চৰ্বী যেনে পৰিশোধিত শাক-পাচলিৰ তেলক ভাল চৰ্বীৰে সলনি কৰক
07:19 ভাল চৰ্বীৰ উদাহৰণ হৈছে নাৰিকল তেল, বিশুদ্ধ ঘিউ আৰু বাতাৰ
07:26 বাদাম, বীজ, ডিম আৰু মাছতো লগতে ভাল চৰ্বী থাকে
07:32 শীতল পানীয় আৰু জুইচসমূহ নাখাব
07:36 ইয়াৰ পৰিবৰ্তে, আপুনি খাব পাৰে পানী, নেমু পানী, নাৰিকল পানী, বাতাৰমিল্ক বা গাখীৰ
07:44 ল’ৰা-ছোৱালীক ফলমুলৰ জুইচসমূহৰ সলনি ঋতুগত ফলমুল খাবলৈ উৎসাহিত কৰক
07:51 ফলমুলৰ জুইচসমূহ আৰু চেনিযুক্ত পানীয় ২ বছৰৰ তলৰ ল’ৰা-ছোৱালীক দিব নালাগে
07:58 এদিনত, চাহ আৰু কফিৰ সেৱনক সীমিত কৰিব লাগে
08:04 আধা কাপ বা ১০০ এমএল দিব পাৰি ৫ ৰ পৰা ৯ বছৰ বয়সৰ ল’ৰা-ছোৱালীক
08:12 কিশোৰৰ বাবে, একাপ বা ২০০ এমএল দিব পাৰি
08:18 য’ত, চাহ আৰু কফি ৫ বছৰলৈকে ল’ৰা-ছোৱালীয়ে খাব নালাগে
08:26 ল’ৰা-ছোৱালী আৰু কিশোৰে শক্তিদায়ক আৰু কাৰ্বনযুক্ত পানীয় সমূলি খাব নালাগে
08:33 জাংক খাদ্যৰ সেৱনক প্ৰতি সপ্তাহত মাত্ৰ এবাৰলৈ সীমিত কৰিব লাগে
08:40 সঠিক সামগ্ৰীসমূহৰ সৈতে ঘৰতে তৈয়াৰী আহাৰ স্বাস্থ্যকৰ হয় বাহিৰৰ জাংক খাদ্যতকৈ
08:47 সদায় মনত ৰাখিব যে অভ্যাসৰ সৃষ্টি হ’বলৈ সময় লাগে
08:52 সেইবাবে, ল’ৰা-ছোৱালীক কম বয়সৰ পৰাই স্বাস্থ্যকৰ আহাৰ বাচিবলৈ শিকাব লাগে
08:59 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9