Health-and-Nutrition/C2/Protein-rich-vegetarian-recipes/Assamese

From Script | Spoken-Tutorial
Revision as of 12:21, 5 August 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:09 প্ৰ’টিনৰ লাভসমূহ । প্ৰ’টিন প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি
00:14 প্ৰ’টিনে মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে
00:21 ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে
00:26 প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে
00:31 এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
00:35 আহক প্ৰ’টিনৰ নিৰামিষ উৎসসমূহ চাওঁ
00:39 গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ,
00:41 ডালি,
00:43 বাদাম আৰু বীজসমূহ হৈছে প্ৰ’টিনৰ ভাল উৎস
00:47 এতিয়া, আহক কিছু প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ
00:52 আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি)
00:55 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
00:58 ৭০ গ্ৰাম বা আধা কাপ পনীৰ
01:01 ৭০ গ্ৰাম বা আধা কাপ দৈ
01:04 ১ চামোচ ভজা বেচন
01:08 আপোনাক লগতে লাগিব:
01:10 ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
01:12 আধা চামোচ হালধী পাউদাৰ
01:15 আধা চামোচ কাৰি পাতৰ পাউদাৰ
01:18 আধা চামোচ গৰম মচলা পাউদাৰ
01:21 ১ চামোচ তেল বা ঘিউ
01:23 নিমখ সোৱাদ অনুসৰি
01:25 পদ্ধতি:
01:27 দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে
01:31 মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক
01:36 সকলোকে পুনৰ মিক্স কৰক
01:38 ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক
01:43 বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক
01:47 ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক
01:51 দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক
01:55 ইয়াত আধা গ্লাচ পানী দিয়ক
01:58 ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে
02:02 পনীৰ মচলা তৈয়াৰ হ’ল
02:05 আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম প্ৰ’টিন থাকে
02:10 পাছৰ বিধিটো হৈছে মগুৰ কাৰি
02:13 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
02:16 ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ
02:19 ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু
02:23 ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত
02:27 ৪ চামোচ বেচন
02:30 আধা চামোচ হালধী পাউদাৰ
02:33 ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
02:36 আপোনাক লগতে লাগিব:
02:38 আধা চামোচ সৰিয়হৰ গুটি
02:40 আধা চামোচ জীৰা গুটি
02:43 এটা সেউজীয়া জলকীয়া
02:45 ১ চামোচ তেল
02:47 ৪ বা ৫ টা কাৰি পাত
02:49 নিমখ সোৱাদ অনুসৰি
02:51 পদ্ধতি:
02:53 আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম
02:55 মগুখিনি এৰাতি পানীত ভিজাওঁক
02:59 ইয়াক ৰাতিপুৱা টোকক আৰু চাফা মখমলৰ কাপোৰ এখনত বান্ধক
03:03 এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে
03:09 মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক
03:14 যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে
03:19 এই পেষ্টক বাতি এটাত থওঁক
03:21 ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক
03:27 এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক আৰু ভাপ দিয়া প্লেত এখনত থওঁক
03:32 ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক
03:36 ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক
03:40 দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক
03:44 ২ চামোচ বেচন আৰু মচলা দিয়ক আৰু সকলোখিনি ভালকৈ মিক্স কৰক
03:50 ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক
03:55 পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক
04:00 সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক
04:04 ইয়াক মধ্যম জুইত ৰান্ধক
04:07 মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে
04:12 মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব
04:17 মগুৰ কাৰি তৈয়াৰ হ’ল
04:20 ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে
04:25 তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে
04:31 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
04:34 দেৰ চামোচ চ’য়া বিন
04:37 ২ চামোচ জোৱাৰ
04:40 ২ চামোচ ফলা ক’লা বুট
04:43 ১ চামোচ মিথি গুটি
04:45 তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব:
04:49 ২ চামোচ ভজা বঙালী বুট
04:52 ২ চামোচ ফলা ক’লা বুট
04:54 ২ চামোচ তিল
04:57 ২ টা শুকান ৰঙা জলকীয়া
04:59 ১ ঠাল কাৰি পাত
05:01 নিমখ সোৱাদ অনুসৰি
05:03 আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ
05:08 পদ্ধতি: ধুই লওঁক জোৱাৰ,
05:10 ফলা ক’লা বুট, চ’য়া বিনচ
05:13 আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে
05:16 একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব
05:20 ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব
05:23 ইয়াক বাতি এটাত থওঁক
05:26 বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ
05:31 মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ
05:37 সিহতক ঠাণ্ডা হ’বলৈ দিয়ক
05:39 একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক
05:47 সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক
05:50 ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
05:52 ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক
05:56 আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম
05:59 মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব
06:03 পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব
06:08 ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব
06:14 ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব
06:18 জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল
06:21 ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে
06:25 পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ
06:29 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
06:31 ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট
06:34 ৪০ গ্ৰাম বা দেৰ চামোচ দৈ
06:38 ১ টা সৰূকৈ কাটিলোৱা গাজৰ
06:41 ১ টা কাটিলোৱা সৰূ পিঁয়াজ
06:44 ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন
06:48 ২০ গ্ৰাম তিল
06:51 আপোনাক লগতে লাগিব:
06:53 আধা চামোচ হালধী পাউদাৰ
06:56 ১ চামোচ জলকীয়া পাউদাৰ
06:58 ১ চামোচ আদা-নহৰূৰ পেষ্ট
07:01 ২ চামোচ তেল বা ঘিউ
07:03 নিমখ সোৱাদ অনুসৰি
07:05 পদ্ধতি:
07:07 গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক
07:10 ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ
07:14 ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক
07:19 ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক
07:25 এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক
07:31 সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক
07:35 গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক
07:38 এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক
07:42 পেন এখনত তেল বা ঘিউ গৰম কৰক
07:45 কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে
07:49 বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল
07:52 ৪ টা কাটলেটত ১৭ গ্ৰাম প্ৰ’টিন থাকে
07:56 খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ প্ৰ’টিন থাকে
08:00 খাদ্যশস্যত methionine কম থাকে আৰু ডালিত লাইচিন কম থাকে
08:04 সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে
08:10 সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত এমিন’ এচিদক পৰিপূৰণ কৰিব
08:16 ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন
08:20 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9