Difference between revisions of "Health-and-Nutrition/C2/Protein-rich-vegetarian-recipes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 201: Line 201:
 
|-
 
|-
 
| 03:02
 
| 03:02
| I will now explain the procedureপদ্ধতি:
+
| মই পদ্ধতিটো বৰ্ণনা কৰিম:
  
 
|-
 
|-

Latest revision as of 20:29, 6 August 2020

Time
Narration
00:00 প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:07 প্ৰ’টিনৰ লাভসমূহ
00:09 প্ৰ’টিন প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি
00:13 প্ৰ’টিনে মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে
00:19 ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে
00:24 প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে
00:30 এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
00:33 আহক প্ৰ’টিনৰ নিৰামিষ উৎসসমূহ চাওঁ
00:37 গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ,
00:39 ডালি,
00:41 বাদাম আৰু বীজসমূহ হৈছে প্ৰ’টিনৰ ভাল উৎস
00:44 এতিয়া, আহক কিছু প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ
00:49 আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি)
00:52 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
00:55 ৭০ গ্ৰাম বা আধা কাপ পনীৰ,
00:58 ৭০ গ্ৰাম বা আধা কাপ দৈ,
01:02 ১ চামোচ ভজা বেচন,
01:06 আপোনাক লগতে লাগিব: ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
01:11 আধা চামোচ হালধী পাউদাৰ
01:15 আধা চামোচ কাৰি পাতৰ পাউদাৰ
01:19 আধা চামোচ গৰম মচলা পাউদাৰ
01:22 ১ চামোচ তেল বা ঘিউ
01:25 নিমখ সোৱাদ অনুসৰি
01:28 পদ্ধতি: দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে
01:32 মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক
01:38 সকলোকে পুনৰ মিক্স কৰক
01:40 ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক
01:45 বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক
01:51 ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক
01:54 দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক
01:58 ইয়াত আধা গ্লাচ পানী দিয়ক
02:01 ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে
02:07 পনীৰ মচলা তৈয়াৰ হ’ল
02:09 আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম প্ৰ’টিন থাকে
02:14 পাছৰ বিধিটো হৈছে মগুৰ কাৰি
02:18 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
02:21 ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ
02:25 ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু
02:30 ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত
02:35 ৪ চামোচ বেচন
02:38 আধা চামোচ হালধী পাউদাৰ
02:41 ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
02:44 আপোনাক লগতে লাগিব: আধা চামোচ সৰিয়হৰ গুটি,
02:49 আধা চামোচ জীৰা গুটি,
02:52 এটা সেউজীয়া জলকীয়া,
02:54 ১ চামোচ তেল,
02:56 ৪ বা ৫ টা কাৰি পাত,
02:59 নিমখ সোৱাদ অনুসৰি
03:02 মই পদ্ধতিটো বৰ্ণনা কৰিম:
03:04 আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম
03:07 মগুখিনি এৰাতি পানীত ভিজাওঁক
03:11 ইয়াক ৰাতিপুৱা টোকক আৰু
03:13 চাফা মখমলৰ কাপোৰ এখনত বান্ধক
03:16 এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে
03:23 মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক
03:28 যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে
03:33 এই পেষ্টক বাতি এটাত থওঁক
03:36 ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক
03:43 এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক
03:45 আৰু ভাপ দিয়া প্লেত এখনত থওঁক
03:48 ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক
03:53 ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক
03:56 দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক
03:59 ২ চামোচ বেচন আৰু মচলা দিয়ক
04:04 আৰু সকলোখিনি ভালকৈ মিক্স কৰক
04:08 ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক
04:13 পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক
04:18 সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক
04:23 ইয়াক মধ্যম জুইত ৰান্ধক
04:26 মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে
04:30 মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব
04:36 মগুৰ কাৰি তৈয়াৰ হ’ল
04:39 ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে
04:44 তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে
04:50 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
04:53 দেৰ চামোচ চ’য়া বিন,
04:57 ২ চামোচ জোৱাৰ,
04:59 ২ চামোচ ফলা ক’লা বুট,
05:02 আৰু ১ চামোচ মিথি গুটি
05:06 তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব:
05:09 ২ চামোচ ভজা বঙালী বুট,
05:12 ২ চামোচ ফলা ক’লা বুট,
05:15 ২ চামোচ তিল,
05:18 ২ টা শুকান ৰঙা জলকীয়া,
05:21 ১ ঠাল কাৰি পাত,
05:23 আৰু নিমখ সোৱাদ অনুসৰি
05:25 আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ
05:30 পদ্ধতি: ধুই লওঁক জোৱাৰ,
05:32 ফলা ক’লা বুট,
05:34 চ’য়া বিনচ আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে
05:39 একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব
05:43 ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব
05:47 ইয়াক বাতি এটাত থওঁক
05:50 বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ
05:57 মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ
06:04 সিহতক ঠাণ্ডা হ’বলৈ দিয়ক
06:06 একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক
06:12 সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক
06:17 ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
06:20 ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক
06:23 আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম
06:25 মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব
06:30 পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব
06:36 ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব
06:42 ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব
06:45 জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল
06:48 ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে
06:53 পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ
06:57 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
07:00 ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট,
07:03 ৪০ গ্ৰাম বা দেৰ চামোচ দৈ,
07:08 ১ টা সৰূকৈ কাটিলোৱা গাজৰ,
07:10 ১ টা কাটিলোৱা সৰূ পিঁয়াজ,
07:14 ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন,
07:18 আৰু ২০ গ্ৰাম তিল
07:22 আপোনাক লগতে লাগিব:
07:24 আধা চামোচ হালধী পাউদাৰ,
07:27 ১ চামোচ জলকীয়া পাউদাৰ,
07:31 ১ চামোচ আদা-নহৰূৰ পেষ্ট,
07:34 ২ চামোচ তেল বা ঘিউ,
07:37 আৰু নিমখ সোৱাদ অনুসৰি
07:40 পদ্ধতি: গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক
07:45 ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ
07:49 ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক
07:54 ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক
08:01 এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক
08:07 সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক
08:12 গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক
08:14 এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক
08:19 পেন এখনত তেল বা ঘিউ গৰম কৰক
08:22 কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে
08:28 বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল
08:31 ৪ টা কাটলেটত ১৭ গ্ৰাম প্ৰ’টিন থাকে
08:35 খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ প্ৰ’টিন থাকে
08:39 খাদ্যশস্যত methionine কম থাকে
08:42 আৰু ডালিত লাইচিন কম থাকে
08:45 সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে
08:51 সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত এমিন’ এচিদক পৰিপূৰণ কৰিব
08:57 ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন
09:01 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9