Difference between revisions of "Health-and-Nutrition/C2/Pre-pregnancy-Nutrition/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {|border=1 | <center>Time</center> |<center>Narration</center> |- | 00:01 | গৰ্ভধাৰণৰ আগৰ পুষ্টিৰ বিষয়ে '''স্প’...")
 
 
Line 120: Line 120:
  
 
|-
 
|-
|
+
| 02:48
02:48
+
 
| সিহঁতে লগতে শিশুৰ অকালপক্কভাবে জন্ম হোৱাৰ বিপদক কমায় আৰু শিশুটোৰ বুদ্ধিমত্তা বৃদ্ধি কৰে
 
| সিহঁতে লগতে শিশুৰ অকালপক্কভাবে জন্ম হোৱাৰ বিপদক কমায় আৰু শিশুটোৰ বুদ্ধিমত্তা বৃদ্ধি কৰে
  

Latest revision as of 19:37, 20 November 2020

Time
Narration
00:01 গৰ্ভধাৰণৰ আগৰ পুষ্টিৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম প্ৰজননৰ বয়্স আৰু গৰ্ভধাৰণৰ আগৰ সময়ত প্ৰয়োজন হোৱা পুষ্টিগত পদাৰ্থসমূহৰ বিষয়ে
00:14 আহক প্ৰথমে আমি প্ৰটিনৰ সৈতে আৰম্ভ কৰো
00:17 প্ৰটিন প্ৰয়োজন হয় মাংসপেশীৰ কলাৰ বৃদ্ধি আৰু ৰক্ষণাবেক্ষণৰ বাবে
00:22 ই দৰকাৰী হয় কোষৰ মেৰামতি আৰু হাড়ৰ বিকাশ আৰু লগতে জোৰাবিলাকৰ বাবে
00:27 ই সহায় কৰে প্ৰতিৰক্ষাক উন্নত কৰোতে আৰু এটা সুস্থ লিভাৰ বাহাল ৰাখিবলৈ আৰু লগতে শক্তি প্ৰদান কৰে
00:34 প্ৰটিনে ৰসায়ন প্ৰস্তুত কৰে যি সহায় কৰে- হজম হোৱাত, শৰীৰত বিষাক্ত পদাৰ্থৰ বিযোজনত,
00:41 তেজৰ শৰ্কৰা বাহাল ৰখাত আৰু মগজুলৈ আৰু মগজুৰ পৰা সংকেত কঢ়িওঁৱাত
00:47 প্ৰটিনৰ অভাৱৰ বাবে হয় - ভ্ৰুণৰ বিকাশ কম হয় ইয়াৰ বয়সৰ বাবে,
00:52 কম উচ্চতা, স্মৃতি আৰু অংগসঞ্চালক দক্ষতা হয় শিশুটোত, লগতে সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনাৰ সৈতে
01:00 প্ৰাপ্তবয়স্কত, ইয়াৰ বাবে হয় - ছালৰ কোচখোৱা,

চুলি সৰা,

01:05 ক্লান্তি আৰু দুর্বলতা,
01:08 সঘনাই সংক্ৰমণ হোৱা আৰু মাংসপেশী কমা
01:11 আনএটা প্ৰটিন যাক কোৱা হয় কেৰাটিন এটা দৰকাৰী অংশ হয় চুলি, নখ আৰু ছালৰ
01:18 আচৰ্য্যজনকভাবে, প্ৰটিন বিভিন্ন পদাৰ্থৰে গঠিত হয় যাক কোৱা হয় এমিন’ এচিদচ
01:24 সৰ্বমুঠ ২২ টা এমিন’ এচিদচ আছে যাৰ ভিতৰত ৯টা এমিন’ এচিদচ খাদ্যৰ পৰা লোৱা হয়
01:33 আহক এতিয়া আমি দুই প্ৰকাৰৰ প্ৰটিন চাওঁ যি হৈছে - সম্পূৰ্ণ প্ৰটিন আৰু অসম্পূৰ্ণ প্ৰটিন
01:41 আগতে উল্লেখ কৰা সকলো ৯টা এমিন’ এচিদচ পোৱা যায় জীৱ-জন্তুৰ প্ৰটিনত
01:46 সেইবাবে জীৱ-জন্তুৰ প্ৰটিনক কোৱা হয় সম্পূৰ্ণ প্ৰটিন
01:51 আনহাতে, উদ্ভিদত পোৱা প্ৰটিনত, এই প্ৰয়োজনীয় ৯টা এমিন’ এচিদচৰ কিছু কম পৰিমাণে থাকে
02:00 উদাহৰণস্বৰূপে, খাদ্যশস্যত কম পোৱা যায় লাইচিন য’ত ডালিত কম থাকে মেথিঅনাইন
02:07 সেইবাবে বিভিন্ন উদ্ভিদৰ প্ৰটিনক একেলগে মিশ্ৰিত ভাবে গ্ৰহণ কৰাটো দৰকাৰ
02:13 উদাহৰণস্বৰূপে, খাদ্যশস্য আৰু ডালিক মিশ্ৰিত ভাবে গ্ৰহণ কৰিব লাগে যিহেতু সিহঁত দুয়োটাই পৰ্যাপ্ত পৰিমাণে প্ৰয়োজনীয় এমিন’ এচিদচ প্ৰদান কৰিব
02:23 এতিয়া আমি আনএটা দৰকাৰী পুষ্টিকৰ পদাৰ্থৰ বিষয়ে শিকিম যিহৈছে চৰ্বী
02:28 খাদ্যৰ পৰা পোৱা ভাল চৰ্বীসমূহ দৰকাৰী হয় ভাল স্বাস্থ্যৰ বাবে
02:32 কিছুমান চৰ্বীক শৰীৰে উৎপন্ন কৰিব নোৱাৰে, যেনে অমেগা 3 ফেটি এচিদ । গতিকে সিহঁতক খাদ্যৰ পৰা ল’ব লাগে
02:40 এই চৰ্বীসমূহে হৃদযন্ত্ৰৰ স্বাস্থ্য বাহাল ৰাখে,
02:42 শৰীৰত প্ৰদাহ কম কৰে আৰু সহায় কৰিব পাৰে গৰ্ভৱতী হোৱাৰ সম্ভাৱনাক উন্নত কৰোতে
02:48 সিহঁতে লগতে শিশুৰ অকালপক্কভাবে জন্ম হোৱাৰ বিপদক কমায় আৰু শিশুটোৰ বুদ্ধিমত্তা বৃদ্ধি কৰে
02:56 প্ৰটিন আৰু চৰ্বীৰ বিষয়ে শিকাৰ পাছত, আমি এতিয়া ভিটামিন-A ৰ বিষয়ে শিকিম
03:01 ভিটামিন-A এ সহায় কৰে সুস্থ চকু বাহাল ৰখাত । ই কোষৰ বৃদ্ধিক নিয়ন্ত্ৰণ কৰে,
03:07 গৰ্ভধাৰণৰ সম্ভাৱনাক বৃদ্ধি কৰে আৰু গৰ্ভধাৰণৰ আগৰ সময়ত প্ৰতিৰক্ষাক উন্নত কৰে
03:14 ভিটামিন-A ৰ দৰে, সম্পূৰ্ণ ভিটামিন B-কম্প্লেক্সে এটা গুৰূত্বপূৰ্ণ ভূমিকা লয় জীৱনৰ সকলো অৱস্থাতে মহিলাৰ শক্তি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত
03:24 সকলো B-ভিটামিনৰ মাজত, আমি প্ৰথমে চাম ভিটামিন B-6 যিহৈছে পাইৰিড’ক্সিন
03:31 ভিটামিন B6- পাইৰিড’ক্সিন প্ৰয়োজন হয় স্নায়বিক তন্ত্ৰৰ কাম কৰিবৰ বাবে অৰ্থাৎ মগজুৰ বিকাশক উন্নত কৰোতে
03:39 লগতে, ই হয়তো গৰ্ভধাৰণৰ লগত সংগত বমি বমি ভাবৰ পৰা মুক্ত কৰিব পাৰে
03:44 আন এটা পুষ্টিকৰ পদাৰ্থ হৈছে, ভিটামিন B12 যিয়ে ফ’লেত আৰু ক’লাইনৰ সৈতে এনিমিয়া আৰু স্নায়বিক টিউবৰ অপূর্ণতাক প্ৰতিৰোধ কৰোতে সহায় কৰে
03:54 স্নায়বিক টিউবৰ অপূর্ণতা হৈছে জন্মৰ অপূর্ণতা যিয়ে শিশুটোৰ ৰাজহাড় আৰু মধ্য স্নায়বিক তন্ত্ৰক প্ৰভাবিত কৰে যি গৰ্ভধাৰণৰ প্ৰথম মাহতে গঠিত হয়
04:04 মন কৰিব যে স্নায়বিক টিউব এটা হৈছে ভ্ৰুণটোৰ এটা অংশ যি মগজু আৰু ৰাজহাড়লৈ বিকশিত হয়
04:11 গতিকে, গৰ্ভৱতী হোৱাৰ আগতে শৰীৰত পৰ্যাপ্ত পৰিমাণে ফ’লেত, ভিটামিন-B12 আৰু ক’লাইন থকাটো দৰকাৰ
04:20 ভিটামিন-B12 ৰ অভাবত লগতে এনিমিয়া, বন্ধ্যাত্ব আৰু গৰ্ভপাত হ’ব পাৰে
04:27 এতিয়া, আমি আন এটা দৰকাৰী পুষ্টিকৰ পদাৰ্থৰ বিষয়ে শিকিম যিহৈছে ফ’লেত
04:31 ফ’লেত যাক লগতে জনা যায় ভিটামিন-B9 হিচাবে, শৰীৰক সহায় কৰে সুস্থ নতুন কোষ বনাবলৈ
04:38 এই কোষসমূহে অক্সিজেনক হাওঁফাওঁৰ পৰা শৰীৰৰ সকলো অংশলৈ প্ৰবাহিত কৰে
04:43 গৰ্ভৱতী মাকসমূহৰ ফ’লেতৰ অভাৱত এনিমিয়া আৰু মগজু আৰু ৰাজহাড়ৰ অপূর্ণতা হ’ব পাৰে যাক কোৱা হয় স্নায়বিক টিউবৰ অপূর্ণতা
04:52 মন কৰিব যে স্নায়বিক টিউবৰ অপূর্ণতাক একেটা টিউট’ৰিয়েলত আগতে ব্যাখ্যা কৰা হৈছে
04:58 আমি এতিয়া আইৰনৰ ভূমিকাৰ বিষয়ে শিকিম ।

আইৰন প্ৰয়োজন হয় তেজত হিম’গ্লবিন গঠন কৰিবলৈ আৰু ভ্ৰুণৰ বৃদ্ধিৰ বাবে

05:07 গৰ্ভাৱস্থাত হিম’গ্লবিনৰ পৰিমাণ কম হ’লে হ’ব পাৰে - গৰ্ভাৱস্থাৰ সময়ত উচ্চ ৰক্ত চাপ,
05:13 সময়ৰ আগতে প্ৰসব,
05:15 কম জন্ম ওজনৰ শিশু আৰু গৰ্ভপাত
05:18 ইয়াৰ উপৰিও, হিম’গ্লবিনে সহায় কৰে অক্সিজেনক আন কলা আৰু কোষসমূহলৈ প্ৰবাহিত কৰোতে
05:25 হিম’গ্লবিন বা আইৰনৰ পৰিমাণ কম হ’লে এনিমিয়া হয়
05:30 তাৰউপৰিওঁ, আইৰনৰ পৰিমাণ মহিলাৰ ক্ষেত্ৰত কম হ’ব পাৰে - মাহেকীয়া ঋতুস্ৰাবৰ বাবে,
05:36 কৃমি সংক্ৰমণ,
05:38 খাদ্যত ফিতিক এচিদ আৰু অক্সালেতচ থকাৰ বাবে কম পৰিমাণে আইৰন থাকে আৰু শোষণ হয়
05:45 ফিতিক এচিদ আৰু অক্সালেতচ কমাবলৈ আৰু পুষ্টিকৰ পদাৰ্থৰ শোষণ বঢ়াবলৈ -
05:52 ৰন্ধাৰ আগৰ পদ্ধতিসমূহ ব্যৱ্হাৰ কৰক যেনে - তিওঁৱা, অংকুৰিত কৰা, ভজা আৰু কিম্বন
06:00 আইৰনৰ অভাৱত হোৱা এনিমিয়াৰ সংকেতসমূহ হৈছে -

ক্লান্তি আৰু শক্তি কমি যোৱা,

06:06 উশাহ চুটি হোৱা,

হৃদস্পন্দন বৃদ্ধি হোৱা

06:10 আৰু হালধীয়া ছাল
06:11 মনত ৰাখিব, আইৰনৰ লগত সদায় প্ৰচুৰ পৰিমাণে ভিটামিন-C থকা খাদ্য খাব যিহেতু ই আইৰন শোষণ কৰোতে সহায় কৰিব
06:19 ভিটামিন-C এ লগতে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সংক্ৰমণক কমায়
06:25 পাছত, আমি কেলচিয়াম আৰু ভিটামিন D ৰ গুৰূত্বক শিকিম
06:30 কেলচিয়াম গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় যিহেতু ই হাড়ৰ বিকাশত সহায় কৰে
06:35 ভ্ৰুণটোক কেলচিয়াম প্ৰয়োজন হয় হাড় আৰু দাতৰ বিকাশৰ বাবে
06:39 কেলচিয়ামৰ পৰিমাণ কম হ’লে হাড় দুৰ্বল হ’ব পাৰে
06:43 তথাপি, মনত ৰাখিব যে- ভিটামিন-D প্ৰয়োজন হয় শৰীৰত কেলচিয়াম শোষণ কৰিবলৈ
06:50 ভিটামিন-D প্ৰাপ্ত কৰাৰ উৎকৃষ্ট পদ্ধতিটো হৈছে 11.00 am পৰা 3.00 pm ৰ ভিতৰত ১৫ ৰ পৰা ২০ মিনিটৰ বাবে ৰ’দ লোৱাটো
06:59 পাছত, আমি ক’লাইনৰ বিষয়ে শিকিম
07:02 ক’লাইন দৰকাৰী হয় শিশুটোৰ মগজুৰ বিকাশৰ বাবে যিহেতু ই স্মৃতি আৰু মনোযোগ বৃদ্ধি কৰে
07:09 ক’লাইনৰ অভাৱত হয়- প্ৰাপ্তবয়স্কত ফেটি লিভাৰ,
07:13 গৰ্ভপাত আৰু ভ্ৰুণত স্নায়বিক টিউবৰ অপূর্ণতা যাক এই টিউট’ৰিয়েলৰ আগতে উল্লেখ কৰা হৈছে
07:20 আহক আগবাঢ়ো আৰু জিংকৰ গুৰূত্বক শিকো
07:24 জিংক দৰকাৰ হয় প্ৰতিৰোধ আৰু কোষৰ বৃদ্ধিৰ বাবে । ই সহায় কৰে শৰীৰত জিণগত সামগ্ৰী আৰু প্ৰটিন বনাওঁতে
07:31 ই ঘাঁ ভাল হওঁতে সহায় কৰে । লগতে, ই মহিলাৰ ক্ষেত্ৰত অৱ্দান যোগায় ডিম্বস্ফোটন আৰু জননক্ষমতাত
07:37 আৰু ই দৰকাৰ হয় ভ্ৰুণটোৰ বৃদ্ধিৰ বাবে
07:40 মন কৰিব যে খাদ্যত জিংকৰ পৰিমাণ কম হ’লে - সোৱাদ আৰু গন্ধ লোৱাৰ জ্ঞানক প্ৰভাবিত কৰিব পাৰে,
07:46 অমৰাৰ বৃদ্ধিত পলম কৰে যি হৈছে মাকৰ পৰা ভ্ৰুণটোলৈ পুষ্টিকৰ পদাৰ্থসমূহ প্ৰবাহিত কৰা নলী
07:53 জিংকৰ পৰিমাণ কম হ’লে লগতে ভ্ৰুণৰ বৃদ্ধিক প্ৰভাবিত কৰে আৰু ফলত কম জন্ম ওজনৰ শিশু হয়
08:00 আনএটা গুৰূত্বপূর্ণ পুষ্টিকৰ পদাৰ্থ যি আমি চাম সি হৈছে আয়’দিন
08:05 আয়’দিন শৰীৰক প্ৰয়োজন হয় থাইৰয়্দ হৰম’নৰ স্বাভাবিক লেভেলক বাহাল ৰাখিবলৈ যি উৎপন্ন হয় থাইৰয়্দ গ্ৰন্থিৰ পৰা
08:13 মাকৰ আয়’দিনৰ অভাব হ’লে শিশুটোৰ গৰ্ভপাত হোৱাৰ আৰু মৃতসন্তান প্ৰসব হোৱাৰ সম্ভাৱনা বাঢ়ি যায়
08:21 ইয়াৰ বাবে লগতে হ’ব পাৰে - জন্মগত বিকৃতি, কম জন্মৰ ওজন, অৱৰূদ্ধ বিকাশ আৰু মানসিক প্রতিবন্ধকতা শিশুটোত
08:30 মেগনেচিয়াম হৈছে আন এটা পুষ্টিকৰ পদাৰ্থ যি স্নায়বিক তন্ত্ৰক শান্ত কৰিবলৈ সহায় কৰে
08:35 ই ক্ৰেম্পচ আৰু মাইগ্রেন মূৰৰ বিষক প্ৰতিৰোধ কৰে মূলত মগজুত থকা ৰক্ত নলীসমূহক আৰাম দি
08:41 ই লগতে বাহাল ৰাখে সুস্থ ৰক্ত চাপ আৰু হৃদযন্ত্ৰৰ স্পন্দনক
08:45 ই সহায় কৰে জিনগত উপাদানৰ সৃষ্টিত আৰু হাড়ৰ বিকাশক বঢ়াই
08:51 এটা সুস্থ গৰ্ভাৱস্থাৰ বাবে এটা সুস্থ পুষ্টিকৰ পদাৰ্থৰ উপৰিওঁ, এলকহলক ত্যাগ কৰাতো দৰকাৰ যিহেতু ইয়াৰ বাবে গৰ্ভপাত বা দুর্বল ভ্রূণ হ’ব পাৰে
09:00 ত্যাগ কৰিবলগীয়া আন বস্তুসমূহ হৈছে - তম্বাকু,
09:03 চিগাৰেত,

ড্ৰাগচ,

09:06 নিজে লোৱা ঔষধ, চেনিৰ অত্যাধিক ব্যৱ্হাৰ, চাহ আৰু কফি, জাংক ফুদ আৰু মিঠাযুক্ত পানীয়
09:15 যিহেতু এই বস্তুসমূহে প্ৰভাবিত কৰিব পাৰে জন্মদায়ক স্বাস্থ্যক আৰু গৰ্ভাৱস্থাত বিৰূপ প্ৰভাব পেলাব পাৰে
09:20 মন কৰিব যে এইটো লগতে দৰকাৰী হয় গৰ্ভৱতী হোৱাৰ আগতে ওজন বাহাল ৰখাটো
09:25 কম ওজনৰ মহিলাই জন্ম দিয়ে সৰু শিশুক বা সময়ৰ আগতে জন্ম হোৱা শিশুক যি জন্ম হয় গৰ্ভাৱস্থাৰ ৭ ৰ পৰা ৮ মাহৰ সময়তে
09:34 তেনে শিশুসমূহৰ অকালপক্কভাবে মৃত্যু হোৱাৰ সম্ভাৱনা অত্যাধিক হয়
09:38 তথাপি, আনহাতে, বেছি ওজনৰ মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থাৰ মধুমেহ আৰু ৰক্ত চাপ হোৱাৰ সম্ভাৱনা অত্যাধিক হয়
09:45 লগতে, ইয়াৰ বাবে নবজাতকৰ জটিলতা হ’ব পাৰে
09:49 সেইবাবে গৰ্ভৱতী হোৱাৰ আগতে মহিলা এগৰাকীয়ে স্বাস্থ্যসেৱা প্ৰদানকাৰী এজনৰ পৰামৰ্শ ল’ব লাগে এটা সুস্থ ওজন বাহাল ৰাখিবলৈ
09:55 ইয়াৰ লগতে, এটা সুস্থ, পৰ্যাপ্ত পৰিমাণৰ খাদ্য গ্ৰহণ কৰাটোওঁ অতিশয় দৰকাৰ য’ত নিৰামিষ আৰু/বা আমিষ খাদ্য থাকে
10:05 মনত ৰাখিব যে সকলো আমিষ খাদ্যত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন, অমেগা 3 ফেটি এচিদচ, ভিটামিন-B12, ভিটামিন B-9, জিংক, আইৰন, কেলচিয়াম, ক’লাইন আৰু ভিটামিন-D
10:18 জীৱ-জন্তুৰ পৰা পোৱা খাদ্য, উদ্ভিদৰ পৰা পোৱা খাদ্য, ডালি, মিলেত, খাদ্যশস্য, বাদাম আৰু বীজৰ সৈতে গঠিত হওঁতে সহায় কৰিব -
10:30 ৰোগ প্ৰতিৰোধ ক্ষমতা, মাংসপেশী, হাড়,
10:33 লিভাৰ, চুলি, ছাল, চকু আৰু মগজু
10:36 এইবোৰৰ উপৰিওঁ, গাখীৰৰ বস্তুৱে লগতে শিশুটোৰ হাড় আৰু দাতৰ গঠণত অৰিহনা যোগায়
10:43 অথবা, পাতথকা পাচলি আৰু বীজত লগতে প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে আৰু শিশুটোৰ হাড় আৰু দাতৰ গঠণত সহায় কৰে
10:52 পাতথকা পাচলিৰ দৰে, ফল-মুলতো লগতে প্ৰচুৰ পৰিমাণে ভিটামিন-C থাকে আৰু ই সহায় কৰে -

ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰোতে, আইৰন শোষণত আৰু সংক্ৰমণক প্ৰতিৰোধ কৰোতে

11:04 মহিলাৰ জননক্ষমতাৰ বাবে আৰু শিশুটোৰ বৃদ্ধিৰ বাবে, আন আমিষ খাদ্যসমূহৰ লগতে বিনচ, বাদাম আৰু বীজসমূহো গ্ৰহণ কৰিব লাগে
11:14 বিভিন্ন আমিষ খাদ্যসমূহ যেনে মাছ, ডিম আৰু গাখীৰৰ বস্তুৱে সহায় কৰে স্বাভাৱিক থাইৰয়্দ হৰম’ন বাহাল ৰাখোতে,

বৃদ্ধিক উন্নত কৰে আৰু শাৰীৰিক অপূৰ্ণতাক প্ৰতিৰোধ কৰে

11:27 বাদাম আৰু বীজত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে আৰু প্ৰয়োজনীয় হয় স্নায়বিক তন্ত্ৰই কাম কৰিবলৈ আৰু ভৰিৰ ক্ৰেম্পচ প্ৰতিৰোধ কৰে
11:35 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9