Health-and-Nutrition/C2/Powder-recipes-for-6-to-24-months-old-children/Assamese

From Script | Spoken-Tutorial
Revision as of 13:35, 21 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিম যেনে-
00:14 অমাইলেজ পাউদাৰ,
00:17 বীজৰ পাউদাৰ,
00:19 বাদাম আৰু বীজৰ পাউদাৰ,
00:22 বিনৰ পাউদাৰ,
00:24 কাৰি পাতৰ পাউদাৰ,
00:26 ড্ৰামষ্টিক পাতৰ পাউদাৰ
00:29 বিভিন্ন পুষ্টিকৰ পাউদাৰ আছে যাক সহজেই ঘৰত বনাব পাৰি
00:36 এই পাউদাৰত পুষ্টি উপাদান থাকে যি শিশুৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে
00:42 পৰামৰ্শ দিয়া হয় যে
00:44 এই পাউদাৰ শিশুটোক দিব লাগে যেতিয়া তাইৰ বয়স ৬ মাহ হয়
00:51 যেতিয়াই শিশু এটাক নতুন পাউদাৰ এবিধ দিয়ে
00:54 ইয়াক শিশুটোৰ খাদ্যত ৩ বা ৪ দিন একেৰাহে দিব লাগে
00:59 ৩ বা ৪ দিনৰ পাছত, শিশুটোক নতুন পাউদাৰ এবিধ দিয়ক
01:05 এই পাউদাৰ দুবিধ মিলাব পাৰি কিন্তু দুয়োবিধ প্ৰথমে পৃথকভাবে দিব লাগিব
01:10 আৰু শিশুটোৰ কোনো এলাৰ্জি হ’ব নালাগিব যেনে মুখ আৰু শৰীৰত খ্জুৱতি বা ফোলা
01:19 যেতিয়াই শিশু এটাক এলাৰ্জিযুক্ত নতুন খাদ্য এবিধ দিয়ে যেনে বাদাম, তেতিয়া
01:26 এটা সৰু অংশৰে আৰম্ভ কৰিব যেনে চামোচ এখনত অকণমান
01:31 ১০ মিনিট অপেক্ষা কৰিব আৰু তেতিয়া ইয়াক লাহে লাহে শিশুটোক খুৱাব
01:36 অনুগ্ৰহ কৰি, শিশুটোৰ খানাত নিমখ নিদিব তাইৰ বয়স এবছৰ নোহোৱালৈকে
01:41 লগতে, চেনী আৰু মিঠৈ নিদিব শিশুটোৰ বয়স দুবছৰ নোহোৱালৈকে
01:47 এতিয়া আহক এই পুষ্টিকৰ পাউদাৰসমূহক ঘৰত বনাবলৈ শিকো
01:52 কিন্তু তাৰ আগতে মনত ৰাখিব-
01:54 এই টিউট’ৰিয়েলটোত বিধিসমূহ বনাবলৈ নিম্ন পদ্ধতিসমূহ ব্যৱ্হাৰ কৰা হৈছে-
02:00 ভিজোৱা, ভজা
02:03 অংকুৰণ
02:05 আৰু ৰন্ধন
02:07 ৰন্ধনত নিম্ন পদ্ধতিৰ যিকোনো এটা বা মিশ্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে:
02:12 শুকানকৈ ভজা
02:14 ভাপত দিয়া আৰু সিজোৱা
02:17 এই পদ্ধতিসমূহে খাদ্যত ফাইতেত আৰু অক্সালেতক কমাব যি খাদ্যৰ পৰা খনিজ পদাৰ্থ শোষণত বাধা দিয়ে
02:26 আৰু খাদ্যৰ পৰা পোষক পদাৰ্থ শোষণক উন্নত কৰিব
02:30 এতিয়া, আহক আমাৰ প্ৰথম বিধিৰে আৰম্ভ কৰো:
02:33 অমাইলেজ পাউদাৰ

কিন্তু, আহক প্ৰথমে ইয়াৰ লাভৰ বিষয়ে আলোচনা কৰো

02:39 অমাইলেজ হৈছে এটা এনজাইম বা ৰসায়ন যি খাদ্য হজম হ’বলৈ লাগে
02:45 ই শিশুৰ শৰীৰত সীমিত পৰিমাণে উৎপন্ন হয়
02:50 এই পাউদাৰে অতিৰিক্ত অমাইলেজ দিয়ে আৰু
02:53 ইয়াক যোগ কৰিলে পুষ্টিকৰ উপাদান বৃদ্ধি কৰি খাদ্যৰ পৰা শোষণ বঢ়াই
02:59 সেইবাবে, অমাইলেজ সম্পন্ন আটা বা অমাইলেজ পাউদাৰ শিশু এটাক দিব লাগে
03:05 আহক অমাইলেজ পাউদাৰৰ বিধিটো শিকো
03:08 অমাইলেজ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
03:13 আধা কাপ ঘেঁহু
03:15 আধা কাপ সেউজীয়া মগু আৰু
03:17 আধা কাপ ৰাগী
03:19 প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক
03:25 ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব
03:29 ১০ ঘন্টাৰ পাছত, সকলো বস্তুকে উলিয়াওঁক
03:33 সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক
03:38 তেতিয়া, এটা এটাকৈ, সকলো সামগ্ৰিকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
03:43 গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক
03:46 এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়
03:49 মন কৰিব -
03:51 কিছুমান বস্তুৱে বেছি সময় আৰু
03:53 কিছুমানে কম সময় ল’ব অংকুৰিত হ’বলৈ
03:57 ইয়াত, ৰাগীয়ে বেছি সময় ল’ব আন সামগ্ৰিসমূহতকৈ
04:02 অংকুৰণৰ পাছত সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক
04:07 শুকোৱাৰ পাছত, সকলো বস্তুকে কম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে
04:14 মনত ৰাখিব: ভাজোতে, বাৰে বাৰে লৰাই থকাটো দৰকাৰ
04:20 পাছত, সকলো বস্তুৰে বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব
04:26 বাকলিবোৰ গুচোৱাৰ পাছত, সকলো সামগ্ৰিকে মিহলাওঁক
04:30 এতিয়া, এই মিশ্ৰণক খুন্দনাত পিচি পাউদাৰ বনাওঁক
04:35 আৰু, অমাইলেজ পাউদাৰ তৈয়াৰ হ’ল
04:39 এই অমাইলেজ পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত জমা কৰক
04:43 শিশুৰ বিভিন্ন খাদ্য বনাওঁতে ৰন্ধাৰ আগত অমাইলেজ পাউদাৰ এচামুচ দিব পাৰে যেনে-
04:49 ডাঠ ডালি
04:51 শাক-পাচলিৰ ভৰ্ত্তা আৰু খিচিৰী
04:54 বা, অমাইলেজ পাউদাৰৰ খিচিৰী বনাব পাৰে
04:59 এচামুচ অমাইলেজ পাউদাৰে দিয়ে
05:02 প্ৰায় ১৮ কেল’ৰি আৰু
05:04 ০.৬ গ্ৰাম প্ৰ’টিন
05:07 অমাইলেজ পাউদাৰত কিছু অনন্য বৈশিষ্ট্য থাকে যি শিশু এটাৰ বাবে বিশেষ হয়
05:13 ই খাদ্যক কম ডাঠ কৰে
05:16 গতিকে, শিশুৰ খাদ্যত অধিক অমাইলেজ পাউদাৰ দিব পাৰি
05:20 ই শিশুৰ খাদ্যৰ গধুৰতাক কমায় আৰু পুষ্টিৰ ঘনত্বক বঢ়ায়
05:27 পাছত, আমি বীজৰ পাউদাৰৰ বিধিটো শিকিম
05:31 এই পাউদাৰত প্ৰচুৰকৈ থাকে জিংক, ফাইবাৰ,
05:35 মেগনেচিয়াম আৰু কেলচিয়াম
05:38 এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
05:43 লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে
05:50 এই পাউদাৰ বনাবলৈ লগা তিনিবিধ বীজ হৈছে-
05:54 আধা কাপ ক’লা তিল,
05:57 আধা কাপ শণ বীজ আৰু
05:59 আধা কাপ কেচা ৰঙালাওঁৰ বীজ
06:02 প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ কম জুইত ৪ৰ পৰা ৫ মিনিট ভাজিব
06:10 ঠাণ্ডা হ’লে, সকলো ভজা বস্তুৰে পাউদাৰ বনাব
06:14 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
06:18 শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব লাগে
06:23 ই দিব প্ৰায় ৩০ কেল’ৰি আৰু
06:26 ২.৭ গ্ৰাম প্ৰ’টিন
06:30 আমাৰ পাছৰ বিধিটো হৈছে বাদাম আৰু বীজৰ পাউদাৰ
06:34 এই পাউদাৰত খনিজ পদাৰ্থ প্ৰচুৰকৈ থাকে যেনে জিংক,
06:37 মেগনেচিয়াম,
06:39 আইৰন, ইত্যাদি
06:41 এই খনিজ পদাৰ্থই লোহিত ৰক্ত কণিকা উৎপন্ন কৰে
06:46 লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে
06:53 বাদাম আৰু বীজৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
06:58 আধা কাপ চিনাবাদাম
07:00 আধা কাপ শুকোৱা নাৰিকল ৰোকা
07:02 আধা কাপ শণ বীজ আৰু
07:05 আধা কাপ ক’লা তিল
07:08 প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজ আৰু বাদামক সুকানকৈ মধ্যম জুইত ৪ৰ পৰা ৬ মিনিট ভাজিব
07:16 তেতিয়া, সকলো ভজা বীজক পাথৰৰ খুন্দনা বা মিক্সি এটাত পিচি পাউদাৰ বনাওঁক
07:23 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
07:26 শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব পাৰি
07:32 ই দিয়ে প্ৰায় ২৮ কেল’ৰি আৰু
07:35 ০.৯ গ্ৰাম প্ৰ’টিন
07:38 এতিয়া, আমি বিনৰ পাউদাৰৰ বিধিটো শিকিম
07:42 এই পাউদাৰত প্ৰচুৰকৈ থাকে পটাচিয়াম,
07:45 প্ৰ’টিন, ফ’লেত,
07:47 মেগনেচিয়াম আদি
07:49 এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
07:54 সিহত লগতে আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ দৰকাৰ
07:59 বিনৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে:
08:02 আধা কাপ সেউজীয়া মগু,
08:05 আধা কাপ শুকোৱা সেউজীয়া মটৰমাহ,
08:07 আধা কাপ চানা আৰু
08:09 আধা কাপ মথ বিন
08:11 প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক
08:17 ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব
08:20 ১০ ঘন্টাৰ পাছত সকলো বস্তুকে উলিয়াওঁক
08:23 সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক
08:27 তেতিয়া, এটা এটাকৈ, সকলো বিনকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
08:32 গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক
08:34 এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়
08:38 মন কৰিব আমি আগতে আলোচনা কৰাৰ দৰে, প্ৰতিটো সামগ্ৰিৰ বাবে অংকুৰণৰ সময় ভিন্ন হ’ব
08:45 অংকুৰণৰ পাছত, সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক
08:50 পাছত, সকলো বিনকে মধ্যম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে
08:55 ভাজোতে, মাজে মাজে লৰাই থাকিব লাগে
08:59 ই সামগ্ৰিসমূহক জ্বলিবলৈ নিদিব
09:02 ভজাৰ পাছত, সকলো সুকান বিনৰ বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব
09:09 এতিয়া সকলো বিনক একেলগে পিচি পাউদাৰ এটা বনাওঁক
09:13 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
09:16 শিশুৰ খাদ্য বনাওঁতে এই পাউদাৰৰ দুচামুচ খাদ্যত দিব লাগে
09:21 এই পাউদাৰৰ দুচামুচে দিয়ে
09:23 প্ৰায় ৩৩ কেল’ৰি আৰু
09:26 ১.৮ গ্ৰাম প্ৰ’টিন
09:28 পাছত, আমি কাৰি পাতৰ পাউদাৰৰ বিধিটো শিকিম:
09:32 কাৰি পাতত প্ৰচুৰকৈ থাকে ফাইবাৰ,
09:34 আইৰণ, কেলচিয়াম
09:36 আৰু ভিটামিন চি
09:38 এই সকলো পুষ্টি উপাদানে হজমত আৰু দাতৰ বিকাশত সহায় কৰে
09:43 লগতে সিহতে শিশুটোৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
09:46 আমাক এই পাউদাৰ বনাবলৈ কাৰি পাত লাগিব
09:49 প্ৰণালি- কাৰি পাতখিনি চাফা পানীত ভালদৰে ধুই লওঁক
09:53 ছাঁত সুকাবলৈ দিয়ক
09:55 তেতিয়া, এই শুকোৱা কাৰি পাতৰ পাউদাৰ এটা বনাওঁক আৰু
09:58 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
10:01 শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে
10:07 ই প্ৰায় ৯ মিলিগ্ৰাম কেলচিয়াম দিয়ে
10:10 পাছত, আহক ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ শিকো -
10:15 এই পাউদাৰত ভাল পৰিমাণে থাকে কেলচিয়াম,
10:18 আইৰণ, ভিটামিন চি,
10:20 ভিটামিন এ, প্ৰ’টিন
10:22 আৰু চালফাৰ
10:23 এই পুষ্টি উপাদান প্ৰয়োজন হয় শিশুটোৰ আলু বিকাশত
10:27 আৰু সুস্থ চকুৰ বাবে
10:30 সিহতে সংক্ৰমণৰ বিৰূদ্ধে যুজ কৰে আৰু শিশুটোৰ শক্তি বৃদ্ধি কৰে
10:35 আমাক এই পাউদাৰ বনাবলৈ ড্ৰামষ্টিক পাত লাগিব
10:39 প্ৰণালি: প্ৰথমে সকলো ড্ৰামষ্টিক পাতক চাফা পানীত ভালদৰে ধুই লওঁক
10:45 এই পাতক ছাঁত সুকাবলৈ দিয়ক
10:47 এতিয়া, এই শুকোৱা ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাওঁক
10:50 আৰু এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
10:54 শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব লাগে
10:59 ই প্ৰায় ৫ মিলিগ্ৰাম কেলচিয়াম দিব
11:03 ইয়াৰ উপৰিওঁ নিম্নখিনি সদায় মনত ৰাখিব -
11:07 কাৰি পাতৰ পাউদাৰ আৰু ড্ৰামষ্টিক পাতৰ পাউদাৰ কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্যৰ সৈতে দিব লাগে যেনে-
11:13 ভজা তিল
11:15 অংকুৰিত কাবুলী বুট
11:17 অংকুৰিত ব্ঙালী বুট, আদি
11:20 শিশুটোৰ ৯ মাহ সম্পূৰ্ণ হ’লে,
11:23 এই পাউদাৰসমূহ দৈৰ সৈতে দিব পাৰি
11:26 লগতে, এই পাউদাৰ বিধিসমূহ বনাবলৈ যিকোনো স্থানীয় আৰু ঋতুগত বাদাম, বীজ আৰু বিন ব্যৱ্হাৰ কৰিব পাৰে
11:34 আপোনাৰ শিশুৰ প্ৰতিবিধ খাদ্যত এই পাউদাৰসমূহ যোগ কৰিবলৈ নাপাহৰিব
11:38 আৰু প্ৰতিবিধ পাউদাৰ ৰন্ধাৰ আগতে যোগ কৰিব লাগে যিহেতু আহাৰৰ সৈতে পাউদাৰবিধো ৰান্ধিব লাগে
11:47 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9