Difference between revisions of "Health-and-Nutrition/C2/Physical-methods-to-increase-the-amount-of-breastmilk/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {|border=1 | Time |Narration |- |00:02 | স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ শাৰিৰীক পদ্ধতি...")
 
 
Line 242: Line 242:
 
|-
 
|-
 
|06:21
 
|06:21
| ইয়াৰ দ্বাৰা আমি এই স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ শাৰিৰীক পদ্ধতিসমূহৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ
+
| ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা
  
 
|}
 
|}

Latest revision as of 18:10, 19 November 2020

Time Narration
00:02 স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ শাৰিৰীক পদ্ধতিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন শাৰিৰীক পদ্ধতিসমূহ ব্যৱ্হাৰ কৰি স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ শিকিম
00:17 আহক প্ৰথমে কংগাৰু মাদাৰ কেয়াৰৰ সৈতে আৰম্ভ কৰো
00:20 এই পদ্ধতিটোত, শিশুটোক যেতিয়ালৈকে সম্ভৱ কাপোৰ নিপিন্ধাকৈ মাকৰ শৰীৰৰ ওচৰত ৰাখিব লাগে
00:27 মন কৰিব যে কংগাৰু মাদাৰ কেয়াৰৰ প্ৰণালিটো একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
00:34 পাছত, আমি লেত দাউন ৰিফ্লেক্স বা অক্সিত’চিন ৰিফ্লেক্সক উন্নত কৰিবলৈ শিকিম । তাৰ আগতে, আমি জানিব লাগিব যে অক্সিত’চিন কি হয় ?
00:44 অক্সিত’চিন হৈছে এবিধ হৰম’ন যি লেত দাউন ৰিফ্লেক্সক উৎসাহিত কৰে যাৰবাবে শিশুটোৰ বিষয়ে ভাবিলেই গাখীৰ উলায়
00:54 সেইবাবে, গাখীৰ বাহিৰ উলিয়াবলৈ, প্ৰথমে মাকে আৰাম কৰিব লাগিব আৰু পাছত শান্ত শিশুটোক চাব লাগে
01:01 তেওঁ লগতে শিশুটোৰ নোধোৱা কাপোৰ গুন্ধিব পাৰে আৰু মনত আনন্দ দিয়া সংগীতো শুনিব পাৰে
01:09 অথবা, গাখীৰ বাহিৰ উলিয়াবলৈ সহায় কৰা আন পদ্ধতিসমূহ হৈছে- গৰম পানীৰ সেক,
01:16 পিঠিৰ ওপৰফালৰ মালিচ আৰু স্তনৰ মালিচ
01:20 আহক চাওঁ গৰম পানীৰ সেক কেনেকৈ দিয়া হয়
01:24 মাকে গৰম পানীৰে গা ধুব লাগে বা তেওঁৰ স্তনত গৰম কাপোৰ এখন ৰাখিব লাগে
01:30 এই দুয়োটা পদ্ধতিয়ে স্তনত গাখীৰৰ প্ৰবাহত সহায় কৰিব আৰু গাখীৰ বাহিৰলৈ ওলাব
01:36 পাছত, আহক মালিচ কৰাৰ বিষয়ে শিকো
01:40 পিঠিৰ ওপৰফাল আৰু ডিঙিৰ মালিচে গাখীৰ মুক্তভাবে প্ৰবাহত সহায় কৰিব, যিহেতু একেদাল স্নায়ু পিঠিৰ ওপৰফাললৈ আৰু স্তনলৈ যায়
01:49 স্তনপানৰ আগতে স্তন মালিচ কৰিলে দুগ্ধ নলিসমূহ খোলে
01:53 গতিকে, গাখীৰ মুক্তভাবে প্ৰবাহিত হ’ব আৰু স্তনটো সম্পূৰ্ণভাবে খালি হ’ব, যাৰবাবে গাখীৰ অধিক উৎপাদন হ’ব
02:01 স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰাৰ আন এটা পদ্ধতি হৈছে শিশুটোক সঠিককৈ স্তনৰ লগত যুক্ত হ’বলৈ উৎসাহিত কৰা
02:09 আহক তাক কেনেকৈ কৰা হয় চাওঁ
02:12 স্তনাগ্ৰটো শিশুটোৰ ওপৰৰ উঠত ঘ্হাওঁক । ই শিশুটোক মুখখন বহলকৈ মেলিবলৈ আৰু সঠিককৈ স্তনৰ লগত যুক্ত হ’বলৈ সহায় কৰিব আৰু শিশুটোক যথেষ্ট গাখীৰ দিব
02:24 স্তনপান কৰাওঁতে নিশ্বিত কৰক-
02:27 মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰক সমৰ্থন কৰিব লাগে,
02:30 শিশুটোৰ পেটে মাকৰ পেটটোক চুব লাগে,
02:34 শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে,
02:39 শিশুটোৰ নাক মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগে,
02:43 থুতৰিটো আগৰফালে আনিব লাগে আৰু মাকৰ স্তনটোত হেচিব লাগে, তলৰ উঠখন বাহিৰফালে বেকা হ’ব লাগে
02:50 নিশ্বিত কৰক যে- শিশুটোৱে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ লয় যাতে, ওপৰৰ এৰিঅ’লাটো তলৰ এৰিঅ’লাটোতকৈ বেছিকৈ দেখাপোৱা যায়
03:01 মন কৰিব, স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা
03:05 পাছত, আহক আন এটা শাৰিৰীক পদ্ধতি চাওঁ যি হৈছে লাহেকৈ স্তনটো টিপা
03:12 তাক কৰিবলৈ, স্তনপানৰ সময়ত লাহেকৈ স্তনটো ধৰি টিপক
03:17 দুগ্ধ নলিসমূহত লাহেকৈ চাপ পৰিলে অধিক গাখীৰ উলাবলৈ সহায় কৰে
03:22 ই শিশুটোৰ প্ৰতিটো চোপনত অধিক গাখীৰ উলাবলৈ সহায় কৰিব
03:27 স্তনটো লাহেকৈ টিপাৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
03:33 এটা জৰুৰী কথা হৈছে, ৰাতিৰ সময়ত স্তনপান কৰোৱাটো দৰকাৰ । আহক বুজো কিয় ?
03:41 ৰাতিৰ সময়ত স্তনৰ গাখীৰত প্ৰ’লেক্টিন হ’ৰমন বেছি পৰিমাণে থাকে
03:46 যেতিয়া শিশুটোৱে ৰাতিৰ সময়ত অধিক স্তনপান কৰে, ই স্তনপানৰ সময়ত গাখীৰৰ পৰিমাণক উন্নত কৰে, যি শিশুটোৰ বৃদ্ধিত সহায় কৰে
03:56 স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰাৰ আন এটা গুৰূত্বপূৰ্ণ ফেক্টৰ হৈছে কেইবাবাৰো স্তনপান কৰা
04:04 শিশুটোক ২৪ ঘন্টাৰ ভিতৰত অতিকমেও ১০-১২ বাৰ স্তনপান কৰাব লাগে । আৰু, লগতে ৰাতিৰ সময়ত অতিকমেও ২-৩ বাৰ স্তনপান কৰোৱাটো দৰকাৰ
04:15 শিশুটোক ভোকত নাৰাখিব
04:17 ভোকলগাৰ আগতীয়া সংকেতসমূহ চাব লাগে যেনে শিশুটোৱে বাহু আৰু ভৰি লৰোৱা
04:24 শিশুটোৱে তাৰ গালত চোৱা যিকোনো বস্তুৰ ফালে ঘূৰে আৰু তাৰ মুখখন মেলে
04:30 মনত ৰাখিব, শিশুটোৱে কান্দিবলৈ ধৰাটো হৈছে ভোকলগাৰ শেহতীয়া সংকেত । সেইবাবে, শিশুটোক ভোকলগাৰ আগতীয়া সংকেতসমূহত স্তনপান কৰাব
04:39 লগতে, পাছ্ফালৰ গাখীৰ উলিওৱাটো দৰকাৰ । পাছ্ফালৰ গাখীৰ হৈছে স্তনটোৰ পিছৰ অংশত জমা হৈ থকা গাখীৰ
04:49 ই চৰ্বিৰে গঠিত হয় । ই ঘনত্বত ডাঠ হয়
04:53 সেইবাবে, মাকে এটা স্তন সম্পূৰ্ণকৈ খালি হোৱাটো নিশ্বিত কৰিব লাগে আৰু তেতিয়া আনটো স্তন দিব লাগে
05:00 এতিয়া, আহক শিশুটোক স্তনপান কৰোৱাৰ পাছত স্তনৰ পৰা গাখীৰ উলিওৱাৰ বিষয়ে আলোচনা কৰো
05:06 ই হৈছে মাকে নিজৰ হাতেৰে গাখীৰ উলিওৱাটো
05:11 তাক কৰিবলৈ, মাকে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ স্তনটোৰ এৰিঅ’লা আৰু তাৰ বাহিৰৰ ভাগত ৰাখে
05:19 পাছত লাহেকৈ এৰিঅ’লাটো বুকুখনৰ ভিতৰৰ ফালে হেচে আৰু এৰে
05:26 ইয়াক শিশুটোৱে সম্পূৰ্ণকৈ গাখীৰ খালেওঁ কৰিব লাগে
05:31 দুবাৰ স্তনপান কৰোৱাৰ মাজতো মাকে গাখীৰ উলিওৱা উচিত
05:35 কেইবাবাৰো গাখীৰ উলিয়ালে স্তনৰ গাখীৰৰ পৰিমাণ উন্নত হ’ব
05:40 নিম্নখিনি সদায় মনত ৰাখিব: কৃত্ৰিম স্তনাগ্ৰ আৰু বটলৰ গাখীৰ ব্যৱ্হাৰ নকৰিব যিহেতু ই মাকৰ গাখীৰ কমাব
05:50 গৰু বা ছাগলিৰ গাখীৰ বা বটলৰ গাখীৰ নুখুৱাব
05:54 স্তনাগ্ৰৰ ঢাকনি ব্যৱ্হাৰ নকৰিব যিহেতু ই শিশুটোৰ বাবে বিশৃঙ্খলতা সৃষ্টি কৰিব
05:59 মনত ৰাখিব, ভোকলগাৰ আগতীয়া সংকেতসমূহ দেখিলেই শিশুটোক স্তনপান কৰাব
06:06 স্বাস্থ্য কৰ্মীয়ে সঠিককৈ যুক্ত হোৱাৰ কৌশলৰ বিষয়ে শিকাই মাকৰ আত্মবিশ্বাস বঢ়াব লাগে
06:12 দৈনিক শিশুটোৰ ওজন নিৰীক্ষণ কৰক নিশ্বিত কৰিবলৈ যে শিশুটোৰ ওজন যাতে প্ৰতিদিনে ২৫ ৰ পৰা ৩০ গ্ৰাম বাঢ়ে
06:21 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা

Contributors and Content Editors

Mausamh9