Health-and-Nutrition/C2/Non-vegetarian-recipes-for-pregnant-women/Assamese

From Script | Spoken-Tutorial
Revision as of 15:01, 21 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 গৰ্ভৱতী মহিলাৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম - আমিষ খাদ্যৰ গুৰূত্ব আৰু গৰ্ভৱতী মহিলাৰ বাবে বিভিন্ন আমিষ বিধিসমূহ
00:15 আহক প্ৰথমে বিভিন্ন আমিষ খাদ্যৰ গুৰূত্বক শিকো
00:20 আমিষ খাদ্য যেনে মুৰ্গী, মাংস, মাছ, মিছামাছ, অংগৰ মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন, জিংক, ক’লাইন, আইৰন আৰু কেলচিয়াম থাকে
00:30 এই পুষ্টিকৰ পদাৰ্থসমূহ দৰকাৰ হয় ভ্ৰুণৰ বৃদ্ধি আৰু বিকাশত
00:35 সিহঁত শিশুটোৰ মগজুৰ বিকাশৰ লগত জড়িত আৰু মাকৰ স্বাস্থ্য অটুত ৰখাত সহায় কৰে
00:41 এই পুষ্টিকৰ পদাৰ্থসমূহ পাবলৈ, গৰ্ভধাৰণৰ সময়ত আমিষ খাদ্যসমূহ খাব লাগিব
00:46 এতিয়া, আমি কিছু আমিষ বিধি চাম
00:50 আহক আমি আমাৰ প্ৰথম বিধিটোৰে আৰম্ভ কৰো যি হৈছে “কেৰালা ষ্টাইলৰ ডিমৰ কাৰি”
00:55 এই বিধিৰ বাবে, আমাক লাগিব -

২টা সিজোৱা ডিম, ১টা মধ্যম আকাৰত কাটিলোৱা পিয়াজ,

01:02 ১টা কাটিলোৱা বিলাহী,

২ ফোটা নহৰু,

01:06 ½ ইঞ্চি আদাৰ টুকুৰা,

½ ঠাল কাৰি পাত,

01:11 ¼ চামোচ প্ৰতিটোৰে -

গৰম মচলা পাউদাৰ,

01:14 জালুকৰ পাউদাৰ,

কাচমিৰি ৰঙা জলকীয়াৰ পাউদাৰ,

01:18 হালধি পাউদাৰ,

১ চামোচ কাটিলোৱা ধনীয়া পাত,

01:22 ১ চামোচ তেল আৰু নিমখ সোৱাদ অনুসৰি
01:26 প্ৰথমে, আমি চাম সিজোৱা ডিম কেনেকৈ প্ৰস্তুত কৰা হয়
01:29 বাতি এটাত ১ ইঞ্চিলৈকে ঠাণ্ডা পানী ভৰাওঁক । ইয়াত ডিমদুটা থওঁক আৰু ঢাকনি এখন দিয়ক
01:36 উচ্চ গৰমত পানীখিনি উতলিবলৈ দিয়ক । তেতিয়া, মধ্যম গৰমত ৬ৰ পৰা ৭ মিনিটলৈকে ৰান্ধক সঠিক কঠিনভাবে সিজোৱা ডিমৰ বাবে
01:44 এতিয়া ডিমৰ কঠিন বাকলি গুচাওঁক আৰু অলপ সময় থওঁক
01:48 পাছত, কেৰাহি এটাত তেল গৰম কৰক । আদা, নহৰু, পিয়াজ আৰু কাৰি পাত দিয়ক
01:54 জুইটো মধ্যমলৈ নিয়ক আৰু পিয়াজ সোণালী বাদামী নোহোৱালৈকে ভাজক
01:59 ইয়াৰ পাছত, সকলো শুকান মচলা দিয়ক আৰু আপুনি মচলাৰ সুগন্ধ নোপোৱালৈকে ভাজক
02:04 তেতিয়া, কাটিথোৱা বিলাহী আৰু নিমখ দিয়ক
02:07 এতিয়া ১ কাপ পানী দিয়ক আৰু মিশ্ৰণক উতলিবলৈ দিয়ক
02:12 কিছু মিনিট নিম্ন জুইত ৰান্ধক বিলাহী উতলিবলৈ আৰম্ভ নকৰালৈকে । ইয়াৰ পাছত, ইয়াত সিজোৱা ডিমদুটা দিয়ক
02:18 কেৰাহিটোত ঢাকনি দিয়ক আৰু ডিমদুটা নিম্ন জুইত ১০ৰ পৰা ১৫ মিনিটৰ বাবে ৰাখক
02:23 জুই বন্ধ কৰক আৰু কাটিথোৱা ধনীয়া পাত দিয়ক
02:26 গ্ৰেভিটো লাহেকৈ লৰাব যাতে ডিমদুটা ভাঙি নাযায় । ইয়াক বাতি এটাত থৈ চাৰ্ভ কৰক
02:32 আগবাঢ়ো, আহক দ্বিতীয় বিধিটোৰ বিষয়ে শিকো - চিকেন চেট্টিনাদ
02:37 ইয়াৰ বাবে, আমাক লাগিব -

১০০ গ্ৰাম মুৰ্গীৰ বুকু,

02:42 ১ চামোচ তেল,

১টা ভালদৰে কাটিলোৱা ডাঙৰ পিয়াজ,

02:46 ১টা মধ্যম বিলাহী,
02:48 ১ বা ২ ঠাল কাৰি পাত আৰু

১টা তেজপাত

02:52 মচলা সানিবলৈ আমাক লাগিব -

¼ চামোচ হালধি পাউদাৰ,

02:56 ¼ চামোচ জলকীয়া পাউদাৰ,
02:58 ১ চামোচ আদা- নহৰুৰ পেষ্ট আৰু নিমখ সোৱাদ অনুসৰি
03:03 গ্ৰেভিৰ বাবে, আমাক লাগিব - ½ চামোচ ধনীয়াৰ গুটি,
½ চামোচ ফেনেল গুটি,
03:10 ১ চামোচ গোল জলকীয়াৰ টুকুৰা,

১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

03:14 ২ টা ইলাচি,

২ টা লং,

03:17 ½ ইঞ্চি ডালচেনীৰ টুকুৰা আৰু ২ চামোচ ৰুকিলোৱা নাৰিকল
03:22 আৰম্ভ কৰিবলৈ, মুৰ্গীৰ মাংসখিনিত মচলা সানক -

বাতি এটাত মাংসখিনি, হালধি, জলকীয়াৰ পাউদাৰ, আদা- নহৰুৰ পেষ্ট আৰু নিমখ দি ভালদৰে মথক

03:31 ইয়াক কোঠাৰ উষ্ণতাত ৩০ৰ পৰা ৪০ মিনিটৰ বাবে ৰাখক
03:34 কম জুইত, ধনীয়াৰ গুটিক শুকানকৈ ভাজি লওঁক
03:38 ২ৰ পৰা ৩ মিনিটৰ পাছত, বাকীথকা মচলাখিনি দিয়ক
03:42 আপুনি মচলাৰ সুগন্ধ নোপোৱালৈকে ভাজক আৰু এফালে থৈ দিয়ক
03:47 তেতিয়া নাৰিকলক কিছু মিনিট ভাজক
03:50 ভাজিলোৱা মচলাখিনি আৰু নাৰিকলক ঠাণ্ডা হ’বলৈ দিয়ক
03:53 ১ চামোচ পানী দি তাক পাথৰৰ খুন্দনা বা মিক্সাৰ গ্ৰিন্দাৰ এটাত ভালদৰে খুন্দি সুন্দৰ পেষ্ট এটা বনাই লওঁক
04:00 এই পেষ্টক এফালে থওঁক । ব্লেন্দাৰত বিলাহী দি ভৰ্ত্তা এটা বনাই লওঁক
04:06 এতিয়া কেৰাহি এটাত তেল গৰম কৰক । পিয়াজ দিয়ক আৰু সোণালী ৰঙৰ নোহোৱালৈকে ভাজক
04:12 মুৰ্গীৰ মাংসখিনি দিয়ক আৰু মধ্যম জুইত পুনৰ ৪ৰ পৰা ৫ মিনিটৰ বাবে ভাজক
04:16 বিলাহীৰ ভৰ্ত্তা, হালধি, নিমখ আৰু জলকীয়াৰ পাউদাৰ দিয়ক
04:21 ভালদৰে মিহলাওঁক আৰু তেল পৃথক হোৱালৈকে ৰান্ধক । ইয়াৰ পাছত, খুন্দিথোৱা পেষ্ট আৰু কাৰি পাত দিয়ক
04:27 এই মিশ্ৰণক ২ৰ পৰা ৩ মিনিটৰ বাবে লৰাই থাকক
04:30 তাত ¼ কাপ পানী দিয়ক আৰু ঢাকনি বন্ধ কৰি মাংসখিনি কোমল নোহোৱালৈকে ৰান্ধক
04:37 গ্ৰেভিখিনি ডাঠ নোহোৱালৈকে নিম্ন জুইত ৰাখক । কাৰি পাতৰে সজাওঁক আৰু চাৰ্ভ কৰক
04:42 মনত ৰাখিব: এই বিধিটো প্ৰস্তুত কৰিব পাৰি তলৰ যিকোনো এটা ব্যৱ্হাৰ কৰি -

ছাগলী মাংস, অংগৰ মাংস, মিছামাছ আৰু মাছ

04:52 এতিয়া, আহক তৃতীয় বিধিটো চাওঁ - চিকেন লিভাৰ চুক্কা
04:56 এই বিধিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে -

১০০ গ্ৰাম চিকেনৰ লিভাৰ,

১টা ভালদৰে কাটিলোৱা পিয়াজ,

05:03 ১টা কাটিলোৱা বিলাহী,

৬ ফোতা নহৰু,

05:07 ¼ ইঞ্চি আদা,

২ চামোচ ভালদৰে কাটিলোৱা ধনীয়া পাত,

05:12 ১ চামোচ তেল,

নিমখ সোৱাদ অনুসৰি আৰু

১ চামোচ নেমুৰ ৰস

05:18 আৰম্ভ কৰিবলৈ - ব্লেন্দাৰ এটাত পিয়াজ, বিলাহী, নহৰু, আদা আৰু ধনীয়া পাত দিয়ক
05:25 এই মিশ্ৰণক ভালদৰে খুন্দি পেষ্ট এটা বনাই লওঁক । এই পেষ্টক চিকেনৰ লিভাৰত ভালদৰে লগাওঁক আৰু কোঠাৰ উষ্ণতাত ১০ৰ পৰা ১৫ মিনিটৰ বাবে থওঁক
05:34 এতিয়া, কেৰাহি এটাত তেল গৰম কৰক আৰু সানিলোৱা মচলাৰ পেষ্টৰ সৈতে লিভাৰখিনিক ইয়াত দিয়ক । ভালদৰে মিহলাই লওঁক
05:40 1/4 কাপ পানী দিয়ক আৰু নিম্ন জুইত ১০ মিনিটৰ বাবে ৰান্ধক । ইয়াৰ পাছত, জুই বঢ়াই দিয়ক আৰু ইয়াক ভালদৰে ৰান্ধক
05:49 এবাৰ ভালদৰে ৰন্ধাৰ পাছত, জুই বন্ধ কৰক । ঠাণ্ডা হ’লে নেমুৰ ৰস দিয়ক আৰু ধুই পেলাই কাটি লোৱা ধনীয়া পাতেৰে সজাই চাৰ্ভ কৰক
05:57 আপুনি এই বিধিৰ বাবে লগতে ছাগলীৰ লিভাৰ ব্যৱ্হাৰ কৰিব পাৰে
06:00 পাছৰ বিধিটো হৈছে - শাকৰ কাৰিত মাছ
06:04 ইয়াৰ বাবে, আমাক লাগিব - ২ পিচ সৰু মেকৰল মাছ,
06:08 ১ কাপ শাকৰ পাত,

১টা কাটিলোৱা পিয়াজ,

06:12 ১টা কাটিলোৱা বিলাহী,

১ চামোচ জীৰা গুটি,

06:16 ২টা বা ৩টা নহৰুৰ ফোতা,
06:18 ¼ চামোচ হালধি পাউদাৰ,

১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ,

06:23 ১ চামোচ জীৰা পাউদাৰ,

¼ চামোচ জালুকৰ পাউদাৰ,

06:28 ½ চামোচ ধনীয়া পাউদাৰ,

১ চামোচ বগা তিলৰ গুটি,

06:33 ১ চামোচ তেল,

আৰু নিমখ সোৱাদ অনুসৰি

06:37 আৰম্ভ কৰিবলৈ - মেকৰলক ধুই, চাফা কৰি দুটা অংশত কাটি লৈ এফালে থওঁক
06:43 কেৰাহি এটাত, তেল গৰম কৰক আৰু জীৰা গুটি দিয়ক
06:46 যেতিয়া ই ফুটিবলৈ ধৰে, শাকৰ পাত দিয়ক আৰু এক মিনিটৰ বাবে ৰান্ধক
06:51 এতিয়া, ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
06:53 পাছত, ৰন্ধা শাক, বিলাহী আৰু তিলৰ গুটি খুন্দনা এটাত দিয়ক আৰু ভৰ্ত্তা এটা বনাই লওঁক
06:59 কেৰাহি এটাত তেল গৰম কৰক আৰু কাটিথোৱা পিয়াজ দিয়ক
07:03 পিয়াজৰ ৰং গোলাপী হ’বলৈ ধৰিলে, কাটিথোৱা নহৰু দিয়ক আৰু বাদামী ৰঙৰ নোহোৱালৈকে লৰাই থাকক
07:09 সকলো শুকান মচলা দি লৰাই থাকক যেতিয়ালৈকে আপুনি মচলাৰ সুগন্ধ নাপাই
07:14 এতিয়া শাকৰ ভৰ্ত্তাখিনি দিয়ক আৰু কিছু মিনিটৰ বাবে ৰান্ধক
07:17 পাছত, মাছৰ টুকুৰাকেইটা দিয়ক আৰু ভালদৰে ৰান্ধক
07:20 এতিয়া, ¼ কাপ পানী আৰু নিমখ দিয়ক । ঢাকনিখন বন্ধ কৰি ৫ৰ পৰা ৭ মিনিটৰ বাবে ৰান্ধক
07:28 ঢাকনিখন আতৰাওঁক আৰু মধ্যম জুইত ইয়াক ১৫ মিনিটৰ বাবে ৰান্ধক । এবাৰ হ’লে, গৰমে গৰমে চাৰ্ভ কৰক
07:35 মনত ৰাখিব, এই বিধিৰ বাবে যিকোনো ল’কেলি উপলদ্ধ মাছ ব্যৱ্হাৰ কৰিব পাৰি
07:40 শেষত, আমি প্ৰস্তুত কৰিবলৈ শিকিম মিতবল কাৰি
07:44 এই বিধিৰ বাবে, আমাক লাগিব -

১০০ গ্ৰাম মাংসৰ কীমা,

১টা ভালদৰে কাটিলোৱা পিয়াজ,

07:51 ১টা কাটিলোৱা বিলাহী,

½ চামোচ আদাৰ পেষ্ট,

07:55 ১ চামোচ নহৰুৰ পেষ্ট,

১ চামোচ গৰম মচলা,

07:59 ¼ কাপ ফ্ৰেচ ধনীয়া পাত আৰু

নিমখ সোৱাদ অনুসৰি

08:04 গ্ৰেভিৰ বাবে -

১ চামোচ তেল,

১টা ভালদৰে কাটিলোৱা পিয়াজ,

08:10 ১ চামোচ নহৰুৰ পেষ্ট,

½ চামোচ আদাৰ পেষ্ট,

08:14 ½ চামোচ জীৰা পাউদাৰ,
08:16 ¼ চামোচ হালধি পাউদাৰ,
08:19 আৰু ½ চামোচ প্ৰত্যেকৰে -

জলকীয়া পাউদাৰ, গৰম মচলা আৰু ধনীয়া পাউদাৰ,

08:25 ১টা ডাঙৰ কাটিলোৱা বিলাহী আৰু নিমখ সোৱাদ অনুসৰি
08:29 আৰম্ভ কৰিবলৈ, মখমলৰ কাপোৰ এটুকুৰা ব্যৱ্হাৰ কৰি মাংসৰ কীমাখিনি ভালদৰে ধুই চাফা কৰি লওঁক
08:34 এতিয়া বাতি এটাত মাংসৰ কীমাখিনি আৰু কাটিথোৱা পিয়াজক মিহলাই লওঁক
08:38 আদা-নহৰুৰ পেষ্ট, গৰম মচলা, ধনীয়া পাত আৰু নিমখ দিয়ক
08:44 এই মিশ্ৰণক ছ্টা সমান অংশত ভগাই লওঁক আৰু বলৰ আকৃতি বনাওঁক
08:48 কেৰাহি এটাত তেল গৰম কৰক আৰু বাকীথকা কাটিথোৱা পিয়াজখিনি দিয়ক
08:52 লৰাই থাকক ইয়াৰ ৰঙ পাতল বাদামী নোহোৱালৈকে
08:56 আদা-নহৰুৰ পেষ্ট দিয়ক আৰু পুনৰ কিছু মিনিটৰ বাবে লৰাই থাকক
08:59 সকলো মচলাৰ পাউদাৰখিনি দিয়ক - ধনীয়া গুটিৰ পাউদাৰ, জীৰা গুটিৰ পাউদাৰ, ৰঙাৰ জলকীয়াৰ পাউদাৰ, গৰম মচলা আৰু হালধি
09:08 এতিয়া, ইয়াক ২ৰ পৰা ৩ মিনিটৰ বাবে ভাজক
09:11 বিলাহী দিয়ক আৰু ইয়াক ২ৰ পৰা ৩ মিনিটৰ বাবে লৰাওঁক । তেতিয়া, ½ কাপ পানী আৰু নিমখ দিয়ক
09:18 এই অৱস্থাত, লাহেকৈ মিতবলচ দিয়ক আৰু নিম্ন জুইত ৰান্ধক
09:23 ৫ মিনিটৰ পাছত লাহেকৈ লৰাব আৰু মিতবলচ নিসিজালৈকে ৰান্ধক । বাতি এটাত কাঢ়ি লৈ গৰমে গৰমে চাৰ্ভ কৰক
09:30 লগতে, আপুনি এই বিধিটো প্ৰস্তুত কৰিবলৈ চিকেনৰ কীমা ব্যৱহাৰ কৰিব পাৰে
09:34 এইটো মনত ৰখা দৰকাৰ যে এই সকলো বিধিসমূহত প্ৰচুৰ পৰিমাণে পোৱা যায় -

প্ৰটিন, অমেগা-3 ফেটি এচিদচ, ভিটামিন A, ভিটামিন B12 ,

09:45 ফ’লিক এচিদ আৰু আইৰন, জিংক, মেগনেচিয়াম, ছালফাৰ আৰু ক’লাইন
09:52 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9