Health-and-Nutrition/C2/Non-vegetarian-recipes-for-adolescents/Assamese

From Script | Spoken-Tutorial
Revision as of 14:16, 21 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 কিশোৰৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম :

কিশোৰ কি হয়?

00:10 কিশোৰ অৱস্থাত প্ৰয়োজন হোৱা পুষ্টিসমূহ
00:13 আমিষ বিধিসমূহ প্ৰস্তুত কৰিবলৈ যেনে:
00:16 ডিম শাকৰ ভুৰ্জি
00:18 ছাগলী ঠেঙৰ চোপ
00:20 ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁৰ কাৰি
00:22 ডিল পাতৰ সৈতে চিকেনৰ কীমা আৰু মাছৰ কাৰি
00:26 আহক প্ৰথমে বুজো কিশোৰ অৱস্থা কি হয়?
00:30 কিশোৰ অৱস্থা হৈছে শিশুকালৰ পৰা প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ হোৱা
00:33 ১০ ৰ পৰা ১৯ বছৰ বয়সৰ সকলোকে কিশোৰ হিচাবে গণ্য কৰা হয়
00:39 এই সময়ত শক্তি আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা উচ্চ হয়
00:44 কিয়? কাৰণ, এই সময়ত মূলত শাৰিৰীক, যৌন, মানসিক আৰু সামাজিক বিকাশ পৰিবৰ্তন হয়
00:53 কিশোৰী এগৰাৰীক প্ৰয়োজন হয়-: ২০০০-২৪০০ কেলৰিচ আৰু ৪০-৫৫ গ্ৰাম প্ৰটিন প্ৰতিদিনে
01:02 পৰ্যাপ্ত পৰিমাণৰ অন্য পুষ্টিগত পদাৰ্থসমূহো লগতে আৱশ্যক হয়
01:07 যেনে: আইৰন, কেলচিয়াম, মেগনেচিয়াম, জিংক, ফ’লেত আৰু ভিটামিন B-12
01:15 কিশোৰ অৱস্থাত পুষ্টিৰ গুৰূত্বৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
01:22 কিশোৰ অৱস্থাত দৰকাৰী হোৱা সকলোৰে বিষয়ে শিকাৰ পাছত আমি বিধিসমূহ প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰিম
01:29 প্ৰথম বিধিটো হৈছে ডিম শাকৰ ভুৰ্জি
01:32 আপোনাক লাগিব: ১টা ডিম, ½ কাপ শাক, ১টা সৰু আকাৰৰ পিয়াজ, ১টা সেউজীয়া জলকীয়া
01:38 ½ চামোচ আদা নহৰুৰ পেষ্ট
01:41 ½ চামোচ হালধি
01:43 নিমখ সোৱাদ অনুসৰি

২ চামোচ তেল বা মাখন

01:47 প্ৰণালি: পেন এখনত তেল বা মাখন গৰম কৰক
01:51 আদা-নহৰুৰ পেষ্ট, সেউজীয়া জলকীয়া আৰু কাটিথোৱা পিয়াজ দিয়ক
01:55 পিয়াজখিনিক ২ মিনিটৰ বাবে লৰাওঁক
01:58 এতিয়া হালধি পাউদাৰ আৰু কাটিথোৱা শাক দিয়ক
02:02 ডিমটো পেনখনত ভাঙি দিয়ক
02:06 সকলো সামগ্ৰীকে ভালদৰে মিলাওঁক
02:08 এতিয়া, মধ্যম জুইত ডিমক ২ মিনিটৰ বাবে ৰান্ধক
02:12 ডিম শাকৰ ভুৰ্জি চাৰ্ভ কৰিবৰ বাবে প্ৰস্তুত হ’ল
02:15 পাছৰটো হৈছে ছাগলী ঠেঙৰ চোপ:
02:17 আপোনাক লাগিব: ২০০ গ্ৰাম বা ১টা সম্পূৰ্ণ ছাগলীৰ ঠেঙ
02:22 ½ মধ্যম আকাৰৰ পিয়াজ
02:24 ½ চামোচ আদা নহৰুৰ পেষ্ট
02:26 ½ চামোচ সকলো মচলাৰ মিশ্ৰণ
02:29 ১ চামোচ হালধি পাউদাৰ
02:31 নিমখ সোৱাদ অনুসৰি

১ চামোচ বঙালী বেচন

02:35 ছাগলী ঠেঙ কেইটুকৰা ধুই ভালদৰে চাফা কৰি লওঁক
02:38 ছাগলী ঠেঙ কেইটুকৰাত আধা চামোচ হালধি পাউদাৰ দিয়ক
02:42 ইয়াক ১৫-২০ মিনিটৰ বাবে অলপ ৰাখক আৰু পুনৰ ধুই লওঁক
02:47 ই ঠেঙ কেইটুকৰাৰ পৰা গোন্ধ নাইকীয়া কৰিব
02:50 প্ৰেচাৰ কুকাৰ এটাত ছাগলী ঠেঙ কেইটুকৰা আৰু কাটিথোৱা পিয়াজ দিয়ক
02:55 গোটেইখিনি মচলা, আদা নহৰুৰ পেষ্ট, হালধি পাউদাৰ আৰু নিমখ দিয়ক
03:00 ১ কাপ পানী দিয়ক আৰু প্ৰেচাৰ কুকাৰ বন্ধ কৰক
03:03 ইয়াক উচ্চ জুইত এটা হোইচল মাৰিবলৈ দিয়ক
03:07 তেতিয়া জুই কমাই দিয়ক আৰু ১৫-২০ মিনিটৰ বাবে ৰান্ধক
03:11 কুকাৰৰ পৰা প্ৰেচাৰ নিজেই বাহিৰ হ’বলৈ দিয়ক আৰু মাত্ৰ তেতিয়াহে ইয়াক খুলিব
03:16 একেলগে, ঠেঙ কেইটুকুৰা কুকাৰত ৰান্ধি থাকোতে, বঙালী বেচনক দুই চামোচ পানীৰ সৈতে ভালদৰে মিহলাই পাতল পেষ্ট এটা বনাই লওঁক
03:25 পেষ্টখিনি চোপত দিয়ক আৰু ভালদৰে লৰাই থাকক
03:28 চোপখিনিক উতলিবলৈ দিয়ক আৰু ইয়াক ২ মিনিটৰ বাবে নিম্ন জুইত ৰাখক
03:32 ছাগলী ঠেঙৰ চোপ প্ৰস্তুত হ’ল
03:35 পাছৰ বিধিটো হৈছে ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁৰ কাৰি
03:38 আপোনাক লাগিব: ১০০ গ্ৰাম ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁ
03:41 ১ টা মধ্যম আকাৰৰ পিয়াজ

১ টা মধ্যম আকাৰৰ বিলাহী

03:45 ১ চামোচ আদা নহৰুৰ পেষ্ট

১ চামোচ দৈ

03:50 ¼ চামোচ হালধি পাউদাৰ
03:52 ১ চামোচ গৰম মচলা পাউদাৰ
03:54 নিমখ সোৱাদ অনুসৰি

২ চামোচ তেল বা ঘিউ

03:58 ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁ পানীত ভালদৰে ধুই লওঁক
04:02 প্ৰেচাৰ কুকাৰ এটাত তেল গৰম কৰক
04:03 কাটিথোৱা পিয়াজ দিয়ক আৰু লৰাই থাকক ইয়াৰ ৰঙ পাতল সোণালী নোহোৱালৈকে
04:08 তেতিয়া কাটিথোৱা বিলাহী আৰু আদা নহৰুৰ পেষ্ট দিয়ক আৰু লৰাই থাকক
04:13 এতিয়া ইয়াত হাওঁফাওঁ আৰু লিভাৰ দিয়ক
04:16 মচলাখিনি আৰু দৈ দিয়ক আৰু ভালদৰে মিহলাই লওঁক । ইয়াক ৫ মিনিটৰ বাবে লৰাই থাকক
04:22 ১ কাপ পানী দিয়ক আৰু প্ৰেচাৰ কুকাৰ বন্ধ কৰক
04:25 ইয়াক মধ্যম জুইত ১৫ মিনিটৰ বাবে ৰান্ধক
04:28 ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁৰ কাৰি প্ৰস্তুত হ’ল আৰু চাৰ্ভ কৰিব পাৰি পাৰ্ল মিলেত ৰুটি বা চৰ্গম ৰুটিৰ লগত
04:35 যদি ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁ উপলদ্ধ নহয়, আপুনি লগতে ব্যৱ্হাৰ কৰিব পাৰে:

চিকেন লিভাৰ আৰু চিকেন কলিজা

04:42 চতুৰ্থ বিধিটো হৈছে ডিল পাতৰ সৈতে চিকেনৰ কীমা
04:46 লওঁক: ১০০ গ্ৰাম চিকেনৰ কীমা

১ কাপ ডিল পাত

04:50 ½ মধ্যম আকাৰৰ পিয়াজ

½ মধ্যম আকাৰৰ বিলাহী

04:54 ১ চামোচ আদা নহৰুৰ পেষ্ট
04:56 ½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ
04:59 ½ চামোচ হালধি পাউদাৰ
05:01 ১ চামোচ গৰম মচলা পাউদাৰ

¼ চামোচ ধনীয়া পাউদাৰ

05:06 নিমখ সোৱাদ অনুসৰি

১ চামোচ তেল বা ঘিউ

05:10 পাত্ৰ এটাত তেল গৰম কৰক
05:11 পিয়াজ আৰু আদা নহৰুৰ পেষ্ট দিয়ক
05:14 এতিয়া লৰাই থাকক পিয়াজৰ ৰঙ পাতল সোণালী নোহোৱালৈকে
05:17 বিলাহী, ৰঙা জলকীয়াৰ পাউদাৰ, হালধি পাউদাৰ আৰু ধনীয়া পাউদাৰ দিয়ক
05:22 ভালদৰে মিহলাওঁক আৰু অলপ নিমখ দিয়ক
05:25 পাছত, চিকেনৰ কীমা দিয়ক আৰু ৪-৫ মিনিটৰ বাবে লৰাই থাকক
05:30 আধা কাপ পানী দিয়ক আৰু পাত্ৰটো ঢাকক
05:32 নিম্ন জুইত ৫ মিনিটৰ বাবে ৰান্ধক
05:35 কাটিথোৱা সতেজ ডিল পাত দিয়ক
05:37 ভালদৰে মিহলাওঁক আৰু ৫ মিনিটৰ বাবে মধ্যম জুইত ৰান্ধক
05:41 ডিল পাতৰ সৈতে চিকেনৰ কীমা প্ৰস্তুত হ’ল
05:44 শেষৰ বিধিটো হৈছে মাছৰ কাৰি
05:47 লওঁক: ১০০ গ্ৰাম বা ২ পিচ ৰৌমাছ
05:50 ১ টা সৰু পিয়াজ

১ টা সৰু বিলাহী

05:53 ১ চামোচ চীনাবাদাম

৩-৪ টুকুৰা নাৰিকল

05:57 ১ চামোচ জীৰা গুটি

½ চামোচ ধনীয়া পাউদাৰ

06:01 ½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ

¼ চামোচ হালধি পাউদাৰ

06:05 নিমখ সোৱাদ অনুসৰি

২ চামোচ তেল বা ঘিউ

06:09 মনত ৰাখিব, এই বিধিটো আপোনাৰ ঠাইত যিকোনো ল’কেলি উপলদ্ধ মাছ ব্যৱ্হাৰ কৰি প্ৰস্তুত কৰিব পাৰে
06:15 প্ৰণালি - পেন এখনত মধ্যম জুইত চীনাবাদামখিনি ভাজি লওঁক
06:19 সিহঁতক ক্ৰমান্বয়ে লৰাই থাকক যাতে জ্বলি নাযাই
06:22 পাছত ঠাণ্ডা হ’বলৈ দিয়ক
06:25 চীনাবাদামখিনিক আপোনাৰ তলুৱাৰ মাজত লৈ ঘঁহক বাহিৰৰ বাকলি আতৰাবলৈ
06:28 পিয়াজ, বিলাহী, চীনাবাদাম, জীৰা গুটি আৰু নাৰিকলক খুন্দি পেষ্ট এটা বনাই লওঁক
06:34 পাত্ৰ এটাত তেল গৰম কৰক আৰু পেষ্টটো দিয়ক
06:37 ৰঙা জলকীয়াৰ পাউদাৰ, হালধি পাউদাৰ, ধনীয়া পাউদাৰ আৰু নিমখ দিয়ক
06:41 ইয়াক ২-৩ মিনিটৰ বাবে লৰাই থাকক
06:44 এতিয়া মাছৰ টুকুৰা কেইটা আৰু একাপ পানী দিয়ক । ইয়াক উতলিবলৈ দিয়ক
06:49 পাত্ৰটো ঢাকক আৰু ৫ মিনিটৰ বাবে ইয়াক নিম্ন জুইত ৰান্ধক
06:53 আপুনি সজাবৰ বাবে কাটিথোৱা ধনীয়া পাত দিব পাৰে । মাছৰ কাৰি প্ৰস্তুত হ’ল
06:59 এই সকলো বিধিসমূহ হৈছে পুষ্টিকৰ পদাৰ্থৰ ভাল উৎস যেনে:

প্ৰটিন, চৰ্বী, আইৰন

07:06 ভিটামিন B-12, জিংক, মেগনেচিয়াম আৰু ফ’লেত
07:11 আহক এই বিধিসমূহৰ স্বাস্থ্যগত লাভসমূহ চাওঁ
07:15 প্ৰথমতে, চিকেন, মাছ, ডিম, ছাগলীৰ মাংস হৈছে উৎকৃষ্ট উৎস সম্পূৰ্ণ প্ৰটিনৰ
07:22 দ্বিতীয়তে, আমিষ খাদ্যত থকা আইৰনক সহজে শোষণ কৰিব পাৰি
07:28 কিশোৰীসকলক আইৰন অধিক প্ৰয়োজন হয় মাহেকীয়াত তেজৰ ক্ষতি হোৱাৰ বাবে
07:34 নিম্ন আইৰন লেভেলৰ বাবে মেদবহুলতা, হালধীয়া চাল আৰু সংক্ৰমণ হোৱাৰ সম্ভাৱনীয়তা বাহি যায়
07:40 আইৰন প্ৰয়োজন হয় দুৰ্বল মাংসপেশী আৰু তেজৰ কোষৰ সংখ্যা বৃদ্ধিৰ বাবে
07:46 তৃতীয়তে, মাছ যেনে মেকৰল, চেলমন, তুনা, কদ, হেৰিংগ আৰু চাৰ্দিনচ হৈছে ভাল উৎস অমেগা-3 ফেটি এচিদৰ
07:56 অমেগা-3 ফেটি এচিদচ প্ৰয়োজন হয় মগজু আৰু দৃষ্টিৰ বিকাশৰ বাবে
08:01 আচলতে, মাত্ৰ আমিষ খাদ্য, গাখীৰ আৰু গাখীৰৰ উৎপাদিত বস্তুতহে ভিটামিন B-12 থাকে
08:08 ভিটামিন B-12 প্ৰয়োজনীয় হয়: তেজৰ ৰক্ত কণিকাৰ গঠন, শক্তি উৎপন্ন কৰিবলৈ, স্নায়বিক চালচলনৰ বাবে
08:17 ই লগতে গৰ্ভধাৰণৰ সময়ত ভ্ৰুণৰ সুস্থ বিকাশত সহায় কৰে
08:23 লগতে, মাংস আৰু ডিম হৈছে জিংকৰ ভাল উৎস
08:27 জিংক কিশোৰ অৱস্থাত মূলত প্ৰয়োজনীয় হয়: বৃদ্ধি, চেতনা আৰু যৌন পৰিপক্কতাৰ বাবে
08:34 সেইবাবে, ভাল সুষম আহাৰ এটা হৈছে অতিশয় গুৰূত্বপূৰ্ণ
08:40 আমাৰ আহাৰত বিভিন্ন ধৰণৰ আমিষ আৰু নিৰামিষ খাদ্যৰ সমাহাৰ এটা যুক্ত কৰিব লাগে
08:46 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9