Difference between revisions of "Health-and-Nutrition/C2/Non-vegetarian-recipes-for-6-month-old-babies/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 | <center>Time</center> |<center>Narration</center> |- | 00:00 | '''৬ মাহ বয়সৰ শিশুৰ বাবে আমিষ বিধিৰ স্...")
 
 
Line 318: Line 318:
  
 
প্ৰ’টিন,
 
প্ৰ’টিন,
 
 
|-
 
|-
 
| 07:36
 
| 07:36
Line 364: Line 363:
  
 
|-
 
|-
|
+
|08:18
08:18
+
 
| ফচফৰাচ,
 
| ফচফৰাচ,
  

Latest revision as of 18:33, 19 November 2020

Time
Narration
00:00 ৬ মাহ বয়সৰ শিশুৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম - শিশুলৈ আমিষ পৰিপূৰক খাদ্য পৰিচয় কৰাৰ গুৰূত্বৰ বিষয়ে আৰু
00:17 আমিষ পৰিপূৰক খাদ্যসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে-
00:22 ডিমৰ ভৰ্তা,
00:24 মাছৰ ভৰ্তা,

কেচা কল মাছৰ খিচৰি,

00:27 মুৰ্গীৰ লিভাৰৰ ভৰ্তা আৰু মুৰ্গী গাজৰৰ ভৰ্তা
00:31 আহক আৰম্ভ কৰো-

সদায় মনত ৰাখিব যে শিশু এটাৰ বয়স ৬ মাহ হ’লে, শিশুটোৰ পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন যথেষ্ট বৃদ্ধি হয়

00:42 পৰিপূৰক খাদ্যৰ পৰা তাইক ২০০ কেলৰিলৈকে শক্তিৰ প্ৰয়োজন হয়
00:48 স্তনপানৰ সৈতে, পৰিপূৰক খাদ্য খুৱাবলৈ আৰম্ভ কৰিব লাগে
00:53 ইয়াৰ উপৰিওঁ, ক্ৰমান্বয়ে, শিশুটোৰ বয়্স বাঢ়িলে - খাদ্যৰ পৰিমাণ আৰু দৃঢ়তা সলাব লাগে
01:03 মন কৰিব যে শিশুটোক খাদ্য খুৱাওঁতে, খাদ্যৰ পৰিমাণ কাপ আৰু চামোচ ব্যৱ্হাৰ কৰি জুখিব লাগে
01:12 ইয়াক একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে
01:18 যেতিয়া শিশুটোৱে ৬ মাহ সম্পূৰ্ণ কৰে - প্ৰাথমিকভাবে আৰম্ভ কৰক ১ চামোচকৈ এদিনত দুবাৰ, পাছত ক্ৰমান্বয়ে ৪ চামোচকৈ এদিনত দুবাৰলৈ যাওঁক
01:29 আৰু, মাত্ৰ ভালদৰে ৰন্ধা, বিশুদ্ধ অৱস্থাৰ খাদ্যহে দিব লাগে
01:35 এতিয়া আমি চাম, শিশুৰ বাবে কেনেকৈ আমিষ খাদ্যসমূহ দৰকাৰি হয়
01:40 সকলো আমিষ খাদ্যসমূহত প্ৰচুৰ পৰিমাণে ভাল চৰ্বী, প্ৰ’টিন আৰু বহুতো অন্য সুক্ষ্ম পোষক পদাৰ্থ থাকে
01:48 এই পোষক পদাৰ্থসমূহ প্ৰয়োজনীয় শিশুৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে আৰু সিহঁতৰ মগজুৰ বিকাশৰ বাবে
01:57 শিশুক দিবলৈ পৰামৰ্শ দিয়া খাদ্যসমূহ হৈছে পিঞ্জৰাৰ পৰা মুক্ত মুৰ্গী,
02:02 ডিম, মাংস আৰু সকলো প্ৰকাৰৰ মাছ মাত্ৰ মিচামাছৰ বাহিৰে যাক ১ বছৰ বয়্স হোৱাৰ পাছত দিব পাৰে
02:12 নিম্ন কথাসমূহ মনত ৰাখিব যেতিয়া আমিষ খাদ্যসমূহ পৰিচয় কৰায়
02:18 শিশুটোক কোনো সংশোধিত মাংস আৰু কেচা খাদ্য নিদিব
02:23 ইয়াক ভালদৰে ৰান্ধিব লাগে
02:26 আৰু অতি দৰকাৰিভাবে, শিশুৰ খাদ্য ৰান্ধোতে - সদায় মাইক্ৰ’ওৱেভ অভেনৰ ব্যৱ্হাৰক ত্যাগ কৰিব
02:34 আমি ৬ মাহ বয়সৰ শিশুৰ আমিষ পৰিপূৰক খাদ্যৰ প্ৰয়োজন আৰু গুৰূত্বক আলোচনা কৰিলো
02:43 এতিয়া আমি চাম, এই আমিষ পৰিপূৰক খাদ্যসমূহ কেনেকৈ বনোৱা হয়
02:48 আহক আমাৰ প্ৰথম বিধিৰ সৈতে আৰম্ভ কৰো যি হৈছে ডিমৰ ভৰ্তা
02:53 এই ডিমৰ ভৰ্তা বনাবলৈ, আমাক লাগিব-

১টা ডিম আৰু ½ (আধা) চামোচ ঘিউ বা মাখন

03:01 ইয়াক প্ৰস্তুত কৰিবলৈ, ডিমটো লওঁক আৰু ইয়াক বাটি এটাত ভালদৰে ফেতি লওঁক
03:06 তেতিয়া, ষ্টিলৰ পাত্ৰ এটাত ঘিউ গৰম কৰক । ফেতি লোৱা ডিমক এই ষ্টিলৰ পাত্ৰত মেলি দিয়ক আৰু কম জুইত লৰাই থাকক
03:15 মাজতে ইয়াক জুইৰ পৰা আতৰ কৰিব যিহেতু একেৰাহে ৰান্ধি থাকিলে ডিম পুৰি জ্বলি যাব
03:21 মিশ্ৰণটোক লৰাই থাকিব আৰু ই গাঢ় নোহোৱালৈকে ৰান্ধক
03:25 জুই বন্ধ কৰক আৰু ডিমৰ ভৰ্তা তৈয়াৰ হ’ল
03:30 ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু শিশুটোক খুৱাওঁক
03:34 আমি চাবলগীয়া দ্বিতীয় বিধিটো হৈছে মাছৰ ভৰ্তা
03:37 ইয়াৰ বাবে, আমাক লাগিব- ২ পিচ যিকোনো লোকেলভাবে উপলদ্ধ মাছ যেনে-

ব্লেক পমফ্ৰেত,

বম্বে দাক,

হোৱাইত পমফ্ৰেত আৰু

স্কুইদ

03:50 ষ্টিলৰ পাত্ৰ এটাত ২ পিচ চাফা কৰা আৰু ধোৱা মাছ লওঁক
03:54 মাছ ডুব যোৱাকৈ পানী দিয়ক । ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত ৰাখক
04:00 আৰু ৩টাৰ পৰা ৪টা হোইচল নমৰালৈকে প্ৰেচাৰত ৰান্ধক
04:04 ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু পাছত মাছৰ পিচবোৰ প্লেত এখনত উলিয়াওঁক
04:10 এতিয়া, সাবধানে সকলো হাড় আতৰ কৰক
04:13 ই অতিশয় দৰকাৰি যে শিশুটোক খাদ্য খুওঁৱাৰ আগতে, এই মাছৰ হাড়বিলাক আতৰ কৰিব লাগে যিহেতু সিহঁতে শিশুটোৰ ডিঙিত ধৰিব পাৰে
04:22 এতিয়া, মিক্সাৰ এটাত, সিজোৱা মাছৰ ভৰ্তা বনাওঁক আৰু ইয়াক শিশুটোক খুৱাওঁক
04:28 তৃতীয় বিধিটো হৈছে কেচা কল মাছৰ খিচৰি
04:32 ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব ২ চামোচ কেচা কলৰ পাউদাৰ, ৪ পিচ সৰু বম্বে দাক বা যিকোনো লোকেল মাছ
04:41 প্ৰথমে, আমি কেচা কলৰ পাউদাৰ প্ৰস্তুতিৰে আৰম্ভ কৰিম
04:46 আপোনাৰ অঞ্চলত লোকেলভাবে পোৱা যিকোনো প্ৰকাৰৰ দুটা কেচা কল লওঁক
04:51 পিলাৰ এদাল ব্যৱ্হাৰ কৰি সিহঁতৰ বাকলি গুচাওঁক । এতিয়া, এই কলক পাতল টুকুৰা কৰি কাতক
04:58 এই টুকুৰাসমূহক ছাঁত ১ৰ পৰা ২ দিন শুকোৱাওঁক সিহঁত খৰখৰীয়া নোহোৱালৈকে
05:05 তেতিয়া মিক্সাৰ এটাত এই শুকোৱা কেচা কলৰ টুকুৰাৰ পাউদাৰ বনাওঁক
05:10 এই পাউদাৰ চালক আৰু গুটিবিলাক আতৰাওঁক
05:13 কেচা কলৰ পাউদাৰ ব্যৱ্হাৰৰ বাবে প্ৰস্তুত হ’ল
05:17 পাছত, মাছৰ ভৰ্তা বনাবলৈ- আগৰ বিধিত উল্লেখ কৰাৰ দৰে নিৰ্দেশ অনুসৰণ কৰক
05:24 তাৰ পাছত, বাতি এটাত ২ চামোচ কেচা কলৰ পাউদাৰ লওঁক
05:29 ৩ চামোচ পানী দিয়ক আৰু ভালদৰে মিলাওঁক যাতে গোটা হৈ নাথাকে
05:35 আৰু পানী দিয়ক যদি প্ৰয়োজন হয়
05:38 এতিয়া এই মিশ্ৰণক কম জুইত ৫ৰ পৰা ৭ মিনিট ৰান্ধক
05:43 তাৰ পাছত, ইয়াত ৰান্ধি থোৱা মাছৰ ভৰ্তা দিয়ক
05:47 মিশ্ৰণক লৰাই থাকক আৰু কম জুইত ৪-৫ মিনিট ৰান্ধক
05:53 কেচা কল মাছৰ খিচৰি প্ৰস্তুত হ’ল । ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু তেতিয়া ইয়াক শিশুটোক খুৱাওঁক
06:01 এতিয়া আমি চতুৰ্থ বিধিটোলৈ আহিলো- মুৰ্গীৰ লিভাৰৰ ভৰ্তা
06:06 ইয়াক বনাবলৈ, আমাক এটা মুৰ্গীৰ লিভাৰ লাগিব
06:09 প্ৰণালি: প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰক ষ্টিলৰ পাত্ৰ এটাত ধোৱা মুৰ্গীৰ লিভাৰ লৈ
06:15 ই ডুব যোৱাকৈ পানী লওঁক
06:18 এতিয়া এই ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত ৰাখক
06:21 ইয়াক ৩টাৰ পৰা ৪টা হোইচল নমৰালৈকে প্ৰেচাৰত ৰান্ধক
06:25 ই ঠাণ্ডা হোৱাৰ পাছত, প্লেত এখনত উলিয়াই লওঁক
06:29 মিক্সাৰ এটা ব্যৱ্হাৰ কৰি সিজোৱা মুৰ্গীৰ লিভাৰৰ ভৰ্তা বনাওঁক আৰু ইয়াক শিশুটোক খুৱাওঁক
06:37 এতিয়া আমি পঞ্চম বিধিটো চাম- মুৰ্গী গাজৰৰ ভৰ্তা
06:43 আমাক লাগিব: ৪-৫ পিচ সৰু মুৰ্গীৰ বুকু বা হাড় নথকা মুৰ্গী আৰু এটা গাজৰ
06:50 প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰক ষ্টিলৰ পাত্ৰ এটাত ধোৱা মুৰ্গীৰ পিচসমূহ লৈ । তেতিয়া ই ডুব যোৱাকৈ পানী লওঁক
07:00 এতিয়া, এই ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত ৰাখক আৰু ইয়াক ৩টাৰ পৰা ৪টা হোইচল নমৰালৈকে ৰান্ধক
07:07 ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু তেতিয়া মুৰ্গীৰ পিচসমূহ প্লেত এখনত উলিয়াওঁক আৰু ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
07:15 পাছত, গাজৰটো ১০ মিনিট ভাপত দিয়ক আৰু ঠাণ্ডা হ’বলৈ দিয়ক
07:20 মিক্সাৰ এটা ব্যৱ্হাৰ কৰি সিজোৱা মুৰ্গীৰ পিচসমূহ আৰু ভপোৱা গাজৰক একেলগে ভৰ্তা বনাওঁক
07:26 এই বিধিসমূহৰ পোষক উপাদানলৈ আহো- মন কৰিব, এই সকলো বিধিতে প্ৰচুৰ পৰিমাণে থাকে-

প্ৰ’টিন,

07:36 DHA আৰু EPA যি হৈছে অমেগা 3 ফেতি এচিদচ,
07:42 কৌলিন,
07:45 ভিটামিন A,
07:49 ভিটামিন D,
07:52 ভিটামিন B3,
07:57 ভিটামিন B6,
08:01 ফৌলেত,
08:04 ভিটামিন B12,
08:08 জিংক,
08:11 মেগনেচিয়াম,
08:14 আইৰন,
08:18 ফচফৰাচ,
08:21 কপাৰ আৰু চেলেনিয়াম
08:28 এই পোষক পদাৰ্থসমূহ সহজে পোৱা যায় আমিষ খাদ্যৰ উৎস সমূহত
08:33 সেইবাবে সিহঁতে সহায় কৰে শিশুৰ বৃদ্ধিত, বিকাশত আৰু প্ৰতিৰক্ষা শক্তিশালি কৰাত
08:40 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9