Health-and-Nutrition/C2/Magnesium-rich-vegetarian-recipes/Assamese

From Script | Spoken-Tutorial
Revision as of 21:07, 6 August 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 মেগনেচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম
00:09 মেগনেচিয়ামৰ লাভসমূহ,
00:11 মেগনেচিয়ামৰ নিৰামিষ উৎসসমূহ
00:13 আৰু মেগনেচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিৰ বিষয়ে
00:18 মেগনেচিয়াম হৈছে এবিধ খনিজ দ্ৰব্য যি হৈছে শৰীৰৰ বাবে প্ৰয়োজনীয় এটা পুষ্টিকৰ পদাৰ্থ
00:24 ই হৈছে দ্বিতীয় প্ৰকাৰৰ পুষ্টিকৰ পদাৰ্থ যাক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
00:31 এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেব্চাইত চাওঁক
00:35 মেগনেচিয়াম লগতে লাগে স্বাস্থ্যবান হাড় আৰু দাঁতৰ বাবে
00:40 আমাক লগতে মেগনেচিয়াম লাগে শক্তি উৎপন্ন কৰিবলৈ
00:44 আৰু DNA সংশ্লেষণৰ বাবে
00:47 মেগনেচিয়ামৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
00:52 মেগনেচিয়াম পোৱা যায়
00:54 বিনচ, বাদাম,
00:56 বীজ, পাতযুক্ত শাক-পাচলি
00:59 আৰু খাদ্যশস্যত
01:01 মেগনেচিয়ামৰ গ্ৰহণ আৰু শৰীৰত ইয়াৰ শোষণ দুয়োটা সমানেই গুৰূত্বপূৰ্ণ
01:08 গাঁজন, ভজা,
01:10 অংকুৰণ আৰু ৰন্ধাই শোষণক উন্নত কৰে
01:15 ৰন্ধাৰ আগতে বিনচ ভিজাই ৰাখিলেওঁ একেটাই কৰে
01:20 এতিয়া, আহক আমাৰ প্ৰথম বিধিটোৰ প্ৰস্তুতকৰণক চাওঁ, অংকুৰিত মথ বিনচ কাটলেট
01:27 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
01:31 ১/৪ কাপ অংকুৰিত মথ বিনচ,
01:34 ১ কাপ ধুই কাটি লোৱা শাক,
01:37 ১ চামোচ বঙালী বেচন,
01:40 ৪ বা ৫ ফুটা নহৰু,
01:43 ১ চামোচ নেমু পানী,
01:45 ১ চামোচ ভজা তিল,
01:49 আৰু নিমখ সোৱাদ অনুসৰি
01:51 আপোনাক লগতে লাগিব:
01:53 ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
01:55 ৩ চামোচ তেল
01:58 মই পদ্ধতিটো বৰ্ণনা কৰিম:
02:00 অংকুৰণৰ বাবে, মথ বিনচক ৰাতিটো ভিজাই থওঁক
02:05 ইয়াক ৰাতিপুৱা টোকক আৰু চাফা মখমলৰ কাপোৰ এখনত বান্ধক
02:10 সিহতক দুদিনৰ বাবে গৰম ঠাইত ৰাখক অংকুৰিত হ’বলৈ
02:15 মন কৰিব যে বিভিন্ন মাহজাতীয় শস্যই অংকুৰিত হ’বলৈ বিভিন্ন সময় লয়
02:20 অংকুৰিত হ’লে ইয়াত নহৰু দিয়ক আৰু ইয়াক খুন্দি ডাঠ পেষ্ট এটা বনাওঁক
02:27 আপুনি এটা মিক্সাৰ বা পাথৰৰ খুন্দনা ব্যৱ্হাৰ কৰিব পাৰে পেষ্টটো বনাবলৈ
02:32 পেন এখন গৰম কৰক আৰু তিলখিনিক ভাজক পাতল সোণালী হোৱাকৈ
02:37 তাক ঠাণ্ডা হ’বলৈ দিয়ক
02:39 কাটলেট বনাবলৈ, গঁজালিৰ পেষ্টখিনিক বাতি এটাত লওঁক
02:43 ভজা তিলখিনি, শাক, বেচন, মচলা, নিমখ আৰু নেমু পানী দিয়ক
02:52 সিহতক ভালকৈ মিহলাওঁক
02:54 যদি পেষ্টটো শুকান হয়, ১ চামোচ পানী দিয়ক
02:59 পেষ্টখিনিক ৪ টা অংশত ভগাওঁক
03:01 আৰু সিহতক কাটলেটচৰ আকাৰ দিয়ক
03:04 পেন এখনত তেল গৰম কৰক
03:06 কাটলেটচক মধ্যম জুইত ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে
03:12 মথ বিনচ শাকৰ কাটলেটচ তৈয়াৰ হ’ল
03:15 ৪ টা কাটলেটত প্ৰায় ২০৮ এমজি মেগনেচিয়াম থাকে
03:22 আমাৰ পাছৰ বিধিটো হৈছে সূৰ্যমুখী ফুলৰ গুটিৰ চাটনি (দিপ)
03:26 এই বিধিটোৰ বাবে, আপোনাক লাগিব:
03:28 ২ চামোচ সূৰ্যমুখী ফুলৰ গুটি
03:32 ১ টা সেউজীয়া জলকীয়া, ৪ বা ৫ ফুটা নহৰু
03:36 ১ টা সৰু কাটিলোৱা বিলাহী
03:39 নিমখ সোৱাদ অনুসৰি
03:41 আধা চামোচ তেল বা ঘিউ
03:44 পদ্ধতি: মধ্যম জুইত সূৰ্যমুখী ফুলৰ গুটিখিনি ভাজক পাতল মুগা ৰঙৰ নোহোৱালৈকে
03:50 তেতিয়া ঠাণ্ডা হ’বলৈ দিয়ক
03:52 পেন এখনত তেল বা ঘিউ গৰম কৰক
03:55 আৰু কাটিলোৱা বিলাহীখিনি ভাজক
03:57 ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
04:00 দুয়োটাকে নহৰু, জলকীয়া, নিমখ আৰু পানীৰ সৈতে খুন্দি কোমল পেষ্ট এটা কৰক
04:07 সূৰ্যমুখী ফুলৰ গুটিৰ চাটনি তৈয়াৰ হ’ল
04:10 ২ চামোচ চাটনিত প্ৰায় ১৩৩ এমজি মেগনেচিয়াম থাকে
04:17 পাছৰ বিধিটো হৈছে লাবিয়া মাহৰ গঁজালিৰ পৰাথা (চেপেটা ব্ৰেদৰ সৈতে)
04:21 গঁজালি ওলোৱা পদ্ধতিক এই টিউট’ৰিয়েলটোত আগতে বৰ্ণনা কৰা হৈছে
04:27 এই বিধিটোৰ বাবে, আপোনাক লাগিব:
04:30 ১/৪ কাপ আটা
04:32 ২ চামোচ লাবিয়া মাহৰ গঁজালি
04:36 ১ চামোচ তিল
04:39 ১ টা সেউজীয়া জলকীয়া
04:40 ১ চামোচ জীৰা
04:43 আধা চামোচ হালধি পাউদাৰ
04:46 আপোনাক লগতে লাগিব: নিমখ সোৱাদ অনুসৰি
04:49 ২ চামোচ তেল বা ঘিউ
04:53 পদ্ধতি: প্ৰথমে, মিক্সাৰ এটা ব্যৱ্হাৰ কৰি লাবিয়া মাহৰ গঁজালি আৰু সেউজীয়া জলকীয়াৰ ডাঠ পেষ্ট এটা বনাওঁক
05:00 মিক্সাৰ নাথাকিলে আপুনি পাথৰৰ খুন্দনা এটা ল’ব পাৰে
05:05 পেন এখনত তেল গৰম কৰক, তাত জীৰা আৰু তিলখিনি দিয়ক
05:11 সিহতৰ ৰঙ সলনি নোহোৱালৈকে লৰাই থাকক
05:13 লাবিয়া মাহৰ পেষ্টখিনি দিয়ক আৰু ২ মিনিট লৰাই থাকক
05:19 তেতিয়া নিমখ আৰু হালধি পাউদাৰ দিয়ক আৰু ৫ মিনিট ৰান্ধক
05:24 ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
05:27 পৰাথা বনাবলৈ আটাখিনি বাতি এটাত লওঁক
05:31 ইয়াত উপযুক্ত পানী দি মাৰি লডা কৰি লওঁক
05:35 বেলনা এখনত লডাখিনি বেলি লওঁক
05:39 বেলাৰ পাছত তাত লাবিয়া মাহৰ পেষ্ট দিয়ক
05:42 সকলো ফালে বন্ধ কৰক
05:44 কিছু আটা দিয়ক
05:46 আৰু বেলি পেলাই পৰাথা কৰক
05:49 পেন এখন গৰম কৰক আৰু পৰাথাটো দুয়োফালে ভাজক ঘিউ বা তেল দি
05:55 লাবিয়া মাহৰ গঁজালিৰ পৰাথা তৈয়াৰ হ’ল
05:59 পৰাথা এটাত প্ৰায় ১৭৩ এমজি মেগনেচিয়াম থাকে
06:05 পাছৰ বিধিটো হৈছে অংকুৰিত বঙালী বুটৰ শুকান কাৰি
06:09 এই বিধিটোৰ বাবে, আপোনাক লাগিব::
06:12 ১/৪ কাপ বঙালী বুটৰ গঁজালি
06:15 ১ কাপ ধোৱা মিথি পাত
06:19 ১ টা মধ্যম কাটিলোৱা বিলাহী
06:21 ১ টা মধ্যম পিয়াজ
06:25 আপোনাক লগতে লাগিব:
06:27 আধা চামোচ হালধি পাউদাৰ
06:29 ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
06:31 ১ চামোচ ভজা চিনাবাদাম পাউদাৰ
06:35 ১ চামোচ তেল
06:37 আৰু নিমখ সোৱাদ অনুসৰি
06:39 পদ্ধতি: অংকুৰিত বঙালী বুটক প্ৰেচাৰ কুকাৰত ২ টা চিটি মাৰক
06:45 প্ৰেচাৰ নোযোৱালৈকে অপেক্ষা কৰিব
06:47 পেন এখনত তেল গৰম কৰক,
06:49 পিয়াজ দিয়ক আৰু ৰঙ সলনি নোহোৱালৈকে ভাজক
06:53 বিলাহিখিনি দিয়ক আৰু কোমল নোহোৱালৈকে ভাজক
06:57 মিথি পাতখিনি দিয়ক আৰু ৫ মিনিট ভাজক
07:02 এতিয়া মচলা, নিমখ আৰু অংকুৰিত বঙালী বুট দিয়ক আৰু ভালকৈ মিহলাওঁক
07:08 ইয়াত, চিনাবাদাম পাউদাৰ দিয়ক
07:11 পেনখনত ঢাকনি এখন দিয়ক আৰু ৫ ৰ পৰা ১০ মিনিট ৰান্ধক
07:15 অংকুৰিত বঙালী বুটৰ শুকান কাৰি তৈয়াৰ হ’ল
07:19 এই কাৰিৰ আধা বাতিত প্ৰায় ১৪১ এমজি মেগনেচিয়াম থাকে
07:26 অন্তিম বিধিটো হৈছে আমৰান্থ পাতৰ ভাজি
07:30 এই বিধিটোৰ বাবে, আপোনাক লাগিব:
07:33 ১০০ গ্ৰাম ধোৱা আমৰান্থ পাত
07:36 ৪ ফুটা নহৰু
07:38 ১ টা সৰু পিয়াজ
07:40 ২ চামোচ নাৰিকল ৰোকা
07:43 ২ টা সেউজীয়া জলকীয়া
07:45 হালধি আৰু নিমখ সোৱাদ অনুসৰি
07:49 আপোনাক লগতে লাগিব ১ চামোচ তেল
07:53 পদ্ধতি: পেন এখনত তেল গৰম কৰক
07:56 নহৰু, সেউজীয়া জলকীয়া আৰু পিয়াজ দিয়ক
08:01 ৰঙ সলনি নোহোৱালৈকে ভাজক
08:03 এতিয়া আমৰান্থ পাতখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক
08:07 ঢাকনি এখন দিয়ক আৰু ৫ ৰ পৰা ৭ মিনিট ৰান্ধক
08:12 নিমখ আৰু হালধি পাউদাৰ দিয়ক আৰু ১ মিনিট ৰান্ধক
08:16 নাৰিকল ৰোকাখিনি দিয়ক আৰু ৫ মিনিট ৰান্ধক
08:21 আমৰান্থ পাতৰ ভাজি তৈয়াৰ হ’ল
08:25 আধা বাতি ভাজিত প্ৰায় ২০৯ মিলিগ্ৰাম মেগনেচিয়াম থাকে
08:31 এই মেগনেচিয়াম প্ৰচুৰকৈ থকা বিধিসমূহ আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰক ভাল স্বাস্থ্যৰ বাবে
08:37 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9