Difference between revisions of "Health-and-Nutrition/C2/Laid-back-hold-for-breastfeeding/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 | <center>Time</center> |<center>Narration</center> |- | 00:01 | স্তনপানৰ বাবে '''আৰাম কৰা''' স্থিতিৰ '''স্...")
 
Line 225: Line 225:
 
|-  
 
|-  
 
| 06:11
 
| 06:11
| এই টিউট’ৰিয়েলটোত, আমি শিকিলো- মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ
+
| এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা
  
|-
 
| 06:18
 
|  স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু '''আৰাম কৰা''' স্থিতিটো কেনেকৈ কৰা হয়
 
 
|-
 
| 06:25
 
| এই টিউট’ৰিয়েলটো '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে''' অবদান দিছে
 
 
|-
 
| 06:31
 
| '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে''' পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
 
 
|-
 
| 06:44
 
| এই টিউট’ৰিয়েলটোক '''WHEELS গ্ল’বেল ফাউন্দেচনে''' এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে
 
 
|-
 
| 06:51
 
| এই টিউট’ৰিয়েলটো '''মা আৰু শিশু পোষণ প্ৰকল্পৰ''' এটা অংশ হয় । এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে '''ডাঁ ৰুপল দালাল, MD''' শিশুৰোগ চিকিৎসা
 
 
|-
 
| 07:03
 
| '''IIT বম্বেৰ''' পৰা আহাৰ বিশেষজ্ঞ '''তচনিম চেইখ''', এনিমেতৰ '''চিতল যোচিয়ে''' আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ
 
  
 
|}
 
|}

Revision as of 18:14, 19 November 2020

Time
Narration
00:01 স্তনপানৰ বাবে আৰাম কৰা স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ
00:15 স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু আৰাম কৰা স্থিতিটো কেনেকৈ কৰা হয়
00:22 আহক আৰম্ভ কৰো
00:24 সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায়
00:31 আগৰ টিউট’ৰিয়েল এটাত আলোচনা কৰাৰ দৰে- মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত-
00:39 মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়
00:47 শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে আৰু পৰ্যাপ্ত গাখীৰ পায়
00:55 আহক আমি স্তনপান কৰোৱাৰ আৰাম কৰা স্থিতিৰ বিষয়ে শিকো
01:00 আৰাম কৰা স্থিতিক পৰামৰ্শ দিয়া হয় যেতিয়া - ক্ৰচ ক্ৰেদল বা ক্ৰেদল স্থিতি ব্যৱ্হাৰ কৰি শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’ব নোৱাৰে
01:10 বা যদি মাকৰ স্তনদুটা ডাঙৰ হয়
01:13 বা যদি মাকৰ পিঠিৰ বিষ থাকে
01:16 বা যেতিয়া মাক ভাগৰুৱা হয়
01:19 শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাতদুটা চাবোন আৰু পানীৰে ধুব লাগে । আৰু ভালদৰে শুকোৱাই ল’ব লাগে
01:27 পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে
01:32 স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে । সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে
01:44 পাছত, মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে
01:50 তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে
01:55 পাছত, মাকে মজিয়াত বা বিচনা এখনত আৰামদায়ক ভাবে শুব লাগিব
02:01 তেওঁৰ মুৰ, ডিঙি আৰু পিঠিৰ ওপৰফালে গাৰুৱে সমৰ্থন কৰিব লাগিব
02:07 এতিয়া যিহেতু মাক তৈয়াৰ হ’ল, আহক শিশুটো সঠিককৈ ধৰিবলৈ শিকো
02:13 মাকে শিশুটোৰ শৰীৰটো সেইটো হাতেৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ ফালে থাকে
02:20 তেওঁ শিশুটোৰ মুৰৰ তলৰ অংশটো আনটো হাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ সৈতে ধৰিব লাগে
02:27 এই চিত্ৰখনত মাকে, শিশুটোক তেওঁৰ সোফালৰ স্তনৰ পৰা স্তনপান কৰাব
02:32 সেইবাবে, তেওঁ শিশুটোৰ শৰীৰটো ধৰিবলৈ সোঁহাতটো ব্যৱ্হাৰ কৰিছে
02:38 তেওঁ বাওঁহাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ব্যৱ্হাৰ কৰিছে শিশুটোৰ মুৰৰ তলৰ অংশটো ধৰিবলৈ
02:46 পাছত, আহক শিশুটোৰ মুৰটো ধৰিবলৈ মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক চাওঁ
02:54 মাকৰ বুঢ়া আঙুলিটো এখন কাণৰ পাছফালে আৰু বাকী আঙুলিসমূহ শিশুটোৰ আনখন কাণৰ পাছফালে থাকিব লাগে
03:02 তেওঁ বুঢ়া আঙুলিটো বা আঙুলিসমূহ কাণৰ পাছফালৰ পৰা আতৰাই শিশুটোৰ ডিঙিলৈ নিব নালাগে
03:08 তেওঁৰ হাতে শিশুটোৰ মুৰৰ পাছফালে হেচা দিব নালাগে । ইয়াৰ দ্বাৰা শিশুটোৱে স্তনপানৰ সময়ত আৰাম পাব
03:20 পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো
03:25 শিশুটো মাকৰ শৰীৰত এনেদৰে ৰাখিব লাগে যাতে শিশুটোৰ পেটটো মাকৰ পেটৰ ওপৰত থাকে
03:32 আৰু শিশুটোৰ মুৰটো মাকৰ স্তনৰ ওচৰত থাকে
03:38 শিশুটো আৰু স্তনৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ সহায় কৰিব
03:44 আৰু গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব
03:49 পাছত, দ্বিতীয় দৰকাৰী পইন্টটো হৈছে শিশুটোৰ গোটেই শৰীৰটো কোন দিশত ধৰা হৈছে
03:56 আপুনি হয়তো লক্ষ্য কৰিছে যে- যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকে
04:05 একেদৰে- স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে
04:14 ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব
04:19 মনত ৰাখিব, শিশুটোক মাকৰ শৰীৰৰ ওপৰত যিকোনো দিশত ৰাখিব পাৰি, যেতিয়ালৈকে - শিশুটোৰ শৰীৰৰ গোটেই আগৰ অংশটো মাকৰ শৰীৰৰ আগৰ অংশটোত ৰখা হয়
04:32 আৰু শিশুটোৱে স্তনটো সহজে ঢুকি পায়
04:38 এতিয়া আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো
04:42 মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰটোক সমৰ্থন কৰিব লাগিব
04:47 অন্যথা, স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব
04:54 পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ
04:59 শিশুটোৰ নাক সদায় মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগিব
05:04 আৰু তেওঁৰ থুতৰি স্তনটোৰ একেবাৰে ওচৰত আগৰফালে থাকিব লাগে
05:09 ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ ল’ব
05:16 আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব
05:21 মন কৰিব- স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা
05:27 এতিয়া, শিশুটো আৰাম কৰা স্থিতিত আছে আৰু স্তনপানৰ বাবে যুক্ত হ’বলৈ সাজু
05:34 এই স্থিতিত, শিশুটো স্বাভাবিকভাবে মাকৰ স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’ব পাৰে
05:40 শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাক একেটা চিৰিজৰ আন এটা কথাচিত্ৰত বৰ্ণনা কৰা হৈছে
05:49 শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাৰ লগে লগে - মাকে শিশুটোৰ মুৰৰ পৰা হাতটো আতৰাব পাৰে আৰু দুয়োটা হাত ব্যৱ্হাৰ কৰি শিশুটোৰ শৰীৰক সমৰ্থন কৰিব পাৰে
06:02 এই স্থিতিত, মাকে আৰামত শুই লৈ স্তনপান কৰাব লাগে । ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:11 এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা


Contributors and Content Editors

Mausamh9