Health-and-Nutrition/C2/Kangaroo-Mother-Care/Assamese

From Script | Spoken-Tutorial
Revision as of 18:18, 19 November 2020 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time
Narration


00:00 কংগাৰু মাদাৰ কেয়াৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম -
00:08 কংগাৰু মাদাৰ কেয়াৰ কি হয়?
00:10 উপাদানসমূহ, গুৰূত্ব আৰু
00:13 কংগাৰু মাদাৰ কেয়াৰৰ প্ৰণালি
00:17 আহক প্ৰথমে কংগাৰু মাদাৰ কেয়াৰৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো
00:22 নামটোৱে বুজোৱাৰ দৰে -
00:24 ইয়াত শিশুটোক মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া হয়
00:29 আৰু ই জনপ্ৰিয়ভাবে KMC বুলি জনা যায়
00:32 মনত ৰাখিব, শিশুটো জন্ম হোৱাৰ লগে লগেই KMC দিব লাগে
00:39 ই বিশেষকৈ কম জন্ম ওজনৰ শিশুৰ বাবে প্ৰয়োজনীয় -
00:44 যাৰ জন্মৰ ওজন ২.৫ কিলোগ্ৰামতকৈ কম আৰু
00:48 যাক ক্ৰমাগত পৰ্যবেক্ষণৰ প্ৰয়োজন নহয়
00:52 তথাপি, ইয়াক সকলো স্বাভাবিক, স্বাস্থ্যবান শিশুৰ বাবেওঁ ব্যৱ্হাৰ কৰিব পাৰি
00:59 KMC দুটা প্ৰধান উপাদানৰে গঠিত:
01:03 শিশুটোক ক্ৰমাগত আৰু বহু সময়ৰ বাবে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া হয়
01:09 আৰু স্বতন্ত্ৰ স্তনপান
01:13 আহক এই উপাদানক বিতংকৈ আলোচনা কৰো
01:17 প্ৰথম উপাদানটো হৈছে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া
01:21 ই লেত দাউন ৰিফ্লেক্সক উন্নত কৰে
01:24 আৰু অৱশেষত স্তনৰ গাখীৰৰ উৎপাদন বৃদ্ধি কৰে
01:28 লেত দাউন ৰিফ্লেক্সক একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
01:34 দ্বিতীয় উপাদানটো হৈছে স্বতন্ত্ৰ স্তনপান
01:38 মন কৰিব -
01:40 স্বতন্ত্ৰ স্তনপানক প্ৰথম ৬ মাহৰ বাবে পৰামৰ্শ দিয়া হয়
01:45 পাছত, আহক কংগাৰু কেয়াৰৰ গুৰূত্বক আলোচনা কৰো
01:50 KMC ত বহু সময়ৰ বাবে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শই শিশুটোৰ শৰীৰৰ তাপমাত্ৰাক অটুত ৰখাত সহায় কৰে
01:57 আৰু শিশুটোৱে অধিক সুৰক্ষিত অনুভৱ কৰে
02:01 KMC য়ে লগতে কমায় -
02:03 সংক্ৰমণৰ সম্ভাৱনা আৰু
02:05 শিশুত এপনিয়াৰ হাৰ
02:09 এপনিয়া হৈছে উশাহ লওঁতে দীঘলীয়াকৈ ৰৈ যোৱা
02:13 এইবোৰৰ উপৰিওঁ-
02:15 KMC য়ে স্তনপানৰ সময় আৰু বাৰে বাৰে কৰোৱাক উন্নত কৰে
02:20 আৰু ই মাক আৰু শিশুৰ মাজৰ আবেগিক বান্ধোনক শক্তিশালী কৰে
02:26 KMC য়ে লগতে শিশুটোক সহায় কৰে-
02:28 ওজন বৃদ্ধিত আন যিকোনো প্ৰচলিত পদ্ধতিতকৈ যেনে-
02:33 শিশুটোক গৰম ৰখা উজ্জ্বল পাত্ৰত ৰখা
02:36 যি শিশু আৰু মাকৰ বাবে চাপৰ সৃষ্টি কৰে
02:40 ই লগতে মাকৰ সন্তোষ আৰু আত্মবিশ্বাসক উন্নত কৰে-
02:45 যিহেতু তেওঁ শিশুটোৰ বাবে অতিৰিক্ত প্ৰচেষ্টা লয়
02:49 আমোদজনকভাবে, মাকৰ উপৰিও, KMC দিব পাৰে-
02:54 দেউতাক বা
02:56 যিকোনো প্ৰাপ্তবয়স্ক পৰিয়ালৰ সদস্যই
02:58 আমি এতিয়া KMC প্ৰদান কৰোতাই অনুসৰণ কৰিবলগা পইন্তকেইটা আলোচনা কৰিম:
03:04 KMC প্ৰদান কৰোতা সুস্থ আৰু বেমাৰৰ পৰা মুক্ত হ’ব লাগিব
03:09 তেওঁ বা তাই মূল স্বাস্থ্যবিধিৰ অভ্যাসক অনুসৰণ কৰিব লাগিব যেনে-
03:14 হাত ধোৱা,
03:16 সদায় গাধোৱা, আঙুলিৰ নখ কটা,
03:18 চুলি বন্ধা
03:20 আৰু চাফা কাপোৰ
03:22 তেওঁ বা তাই কোনো অলংকাৰ, ঘড়ি আৰু সুতা পিন্ধিব নালাগিব -
03:26 যিহেতু এইবোৰ স্বাস্থ্যবিধি অটুত ৰখাত বাধা হ’ব পাৰে
03:31 আৰু ই শিশুটোক আঘাত কৰিব পাৰে
03:35 এতিয়া, আহক KMC ৰ সময়ত প্ৰদান কৰোতাই পিন্ধিব লগীয়া কাপোৰৰ বিষয়ে আলোচনা কৰো -
03:42 কাপোৰটো সন্মুখৰ পৰা খোলখোৱা আৰু লঘু হ’ব লাগে
03:46 যেনে, শাৰি-ব্লাউজ বা সন্মুখৰ পৰা খোলখোৱা মেক্সি
03:51 মন কৰিব, KMC প্ৰদান কৰোতাই এই সন্মুখৰ পৰা খোলখোৱা মেক্সি বা ব্লাউজ KMC কাপোৰৰ ওপৰত পিন্ধিব লাগে
03:58 কংগাৰু বেগ বা বন্ধনী লগতে বজাৰৰ পৰা কিনিব পাৰি
04:04 এইবোৰ লাভদায়ক হয় যদি KMC বহুত সময়ৰ বাবে কৰিব লাগে
04:09 অথবা, KMC প্ৰদান কৰোতাই কোমল চাফা কপাহৰ কাপোৰ ব্যৱ্হাৰ কৰিব পাৰে
04:16 য’ত, KMC ৰ সময়ত শিশুটোৱে -
04:19 টুপি এটা আৰু নেপি এটা পিন্ধিব লাগিব
04:22 যদি KMC ৰ সময়ত শিশুটোৱে মলত্যাগ বা পেচাব কৰে তেন্তে -
04:27 তাইক চাফা কৰি শুকোৱাব লাগিব
04:30 পাছত, আমি কংগাৰু কেয়াৰৰ প্ৰণালিটো বিতংকৈ শিকিম
04:36 প্ৰথমে, মাকে পূৰা চিধাকৈ থিয় হ’ব লাগিব
04:40 তেতিয়া, স্বাস্থ্য কৰ্মী এগৰাকী বা যিকোনো পৰিয়ালৰ সদস্যই নিম্নখিনি পৰ্যায়ক্ৰমে কৰিব লাগিব-
04:48 শিশুটোৰ তলফালে আৰু মুৰত সহাৰি দি-
04:51 শিশুটোক মাকৰ খোলা স্তনদুটাৰ মাজত চিধাকৈ ৰাখক
04:56 তেতিয়া, শিশুটোৰ মুৰটো এফালে ঘূৰাওঁক
05:00 শিশুটোৰ মুৰটো পিছলৈ অলপ বেকা হোৱাক নিশ্বিত কৰক
05:04 এই স্থিতিয়ে শিশুটোৰ নাকৰ ফুটাক খোলা ৰাখিব
05:08 আৰু শিশুটোৱে মাকৰ চকুলৈ চাব পাৰিব
05:14 তেতিয়া শিশুটোৰ কমৰটো অলপ বাহিৰলৈ বেকা কৰক
05:18 মনত ৰাখিব - শিশুটোৰ বাহুদুটা মাকৰ স্তনৰ ওপৰত ৰাখিবলৈ আৰু
05:23 ভৰিদুটা মাকৰ স্তনৰ তলত আৰু
05:27 শিশুটোৰ পেটটো মাকৰ বুকুত ৰাখিবলৈ
05:29 কাপোৰেৰে মেৰিওৱাৰ আগতে-
05:32 যদি বতৰ ঠাণ্ডা হয় শিশুটোক কম্বল এখনৰে ঢাকক
05:36 ই শিশু আৰু মাকক গৰম ৰাখিব
05:39 তেতিয়া, কাপোৰ এখন শিশুটো আৰু মাকৰ বুকু আৰু পেটত মেৰিয়াওঁক
05:45 মেৰিয়াওঁতে নিশ্বিত কৰিব যে -
05:47 কাপোৰ খনৰ মাজটো শিশুটোত হ’ব লাগে
05:50 আৰু কাপোৰ খনৰ দুয়োটা কাষ -
05:53 মাকৰ বগলেদি যাব লাগে
05:56 আৰু পিঠিফালে ক্ৰচ কৰিব লাগে
05:59 তাৰপাছত কাপোৰ খনৰ মূৰ দুটা সন্মুখলৈ আনক
06:03 কাপোৰ খনৰ মূৰ দুটাৰে শিশুটোৰ তলফালে সুৰক্ষিত গাঠি এটা মাৰি লওঁক
06:09 ই আৰামদায়ক হয় আৰু শিশুটোক সমৰ্থনত সহায় কৰে
06:14 লগতে ইয়াৰ বাবে শিশুটো পিচলি নাযায়
06:17 মনত ৰাখিব - মাকে আৰাম পালে, তেওঁ নিজে কাপোৰখন মেৰিয়াব’লে শিকিব লাগে
06:24 KMC ৰ সময়ত নিজে মেৰিওৱাৰ কৌশলৰ বিষয়ে একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হ’ব
06:32 ই মাকৰ আত্মবিশ্বাস বঢ়াব আৰু তেওঁক স্বতন্ত্ৰ কৰিব
06:37 যদি মাকে কাপোৰ এখন ব্যৱ্হাৰ কৰিবলৈ বেয়া পায় তেন্তে তেওঁ এদাল প্ৰসাৰিত হোৱা বেন্দ ল’ব পাৰে
06:43 ই ব্যৱ্হাৰ কৰিবলৈ সহজ আৰু আৰামদায়ক
06:46 এদাল প্ৰসাৰিত হোৱা বেন্দ ব্যৱ্হাৰ কৰোতে-
06:49 বেন্দদালৰ মূৰটো শিশুটোৰ কাণৰ ওপৰলৈ নিয়ক যাতে তাৰ মুৰটো সহাৰি দিয়ে
06:54 পাছত, শিশুটোৰ মুৰটো লাহেকৈ ঘূৰাওঁক-
06:57 মুক্তকৈ উশাহ ল’বলৈ আৰু
06:59 মাকৰ চকুলৈ চাবলৈ আগতে বৰ্ণোৱাৰ দৰে
07:04 মেৰিওঁৱা কাপোৰখন বা প্ৰসাৰিত হোৱা বেন্দদাল বেছি টান বা ধিলা হ’ব নালাগে
07:11 ই শিশুটোৱে মুক্তভাবে উশাহ ল’বলৈ আৰামদায়ক হ’ব লাগিব
07:15 মনত ৰাখিব, শিশু এটাক KMC অৱস্থাত লওঁতে, মাকে পাৰিব লাগিব-
07:20 খোজকাঢ়িব, থিয় হ’ব, বহিব বা
07:23 বিভিন্ন কাম কৰিব
07:26 যদি মাক এগৰাকী যথেষ্ট আৰামত আছে তেন্তে-
07:29 তেওঁ কংগাৰু কেয়াৰৰ সময়ত হাউলি পেলাই বা আধা হাউলা স্থিতিটো শুব পাৰে
07:35 এতিয়া আহক KMC ৰ সময়ত শিশুটোক স্তনপানৰ বিষয়ে আলোচনা কৰো-
07:40 হয়তো মাকে শিশুটোক স্তনপান কৰাব পাৰে-
07:43 মেৰিওৱা কাপোৰখন ঢিলা কৰি আৰু
07:46 স্তনপানৰ বাবে শিশুটোক সঠিক স্থিতিত ৰাখি
07:50 বা তেওঁ নিজ হাতেৰে গাখীৰ উলিয়াব পাৰে আৰু
07:54 শিশুটোক কাপ বা চামোচ এখনৰ দ্বাৰা খুৱাব পাৰে
07:57 মনত ৰাখিব, প্ৰতিদিনে শিশুটোৰ ওজন ২৫ৰ পৰা ৩০ গ্ৰাম মান বাঢ়িব লাগে
08:03 শিশু এটাৰ ওজন এমাহত প্ৰায় ৯০০ৰ পৰা ১০০০ গ্ৰাম বাঢ়িব লাগে
08:10 গতিকে, মাকে বা স্বাস্থ্য কৰ্মীয়ে -
08:13 নিয়মিত পৰ্যবেক্ষণৰ সময়ত শিশুটোৰ ওজন চাব লাগে
08:17 যদি শিশুটোৰ উপযুক্ত পৰিমাণৰ ওজন নাবাঢ়ে-
08:21 স্বাস্থ্য কৰ্মীয়ে মাকৰ স্তনপানৰ কৌশলটো চাব লাগে বা
08:25 শিশুটোৱে কিমানবাৰ পেচাব কৰে চাব লাগে
08:28 লগতে, মাকক সঠিককৈ যুক্ত হোৱাৰ বিষয়ে বুজাব লাগে
08:32 সঠিককৈ যুক্ত হোৱাৰ বিষয়ে একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণোৱা হৈছে
08:39 পাছত, আহক শিশুটোক মেৰিওঁৱা কাপোৰৰ পৰা উলিয়াবলৈ শিকো -
08:44 প্ৰথমে, মাকে একদম চিধা হৈ বহিব লাগে
08:48 পাছত, এটা হাতেৰে গাঠিটো খুলিবলৈ আৰম্ভ কৰক আৰু
08:53 মেৰিওঁৱা কাপোৰখনৰ বাহিৰফালে আনটো হাতেৰে শিশুটোৰ তলফালে সহাৰি দিয়ক
08:58 তাৰ পাছত- একেটা হাতেৰে মেৰিওঁৱা কাপোৰখন ধিলা কৰক যাক আগতে গাঠিটো খুলিবলৈ ব্যৱ্হাৰ কৰিছিলে
09:04 পাছত- কাপোৰখনৰ ভিতৰেদি হাতটো আনক যিটোৱে শিশুটোৰ তলফালে সহাৰি দি আছিলে আৰু
09:11 কাপোৰখনৰ বাহিৰফালে শিশুটোৰ তলফালে সহাৰি দিবলৈ আনটো হাত ব্যৱ্হাৰ কৰক
09:16 তেতিয়া, শিশুটো ওপৰলৈ উঠাওঁক আৰু মেৰিওঁৱা কাপোৰখনৰ পৰা মুক্ত কৰক
09:21 তাৰপাছত, শিশুটোৰ মুৰটো এনেদৰে ধৰিবলৈ মনত ৰাখিব-
09:26 যাতে বুঢ়া আঙুলিটো এখন কাণৰ পাচফালে আৰু
09:28 বাকী আঙুলিসমূহ আনখন কাণৰ পাচফালে থাকে
09:30 KMC ৰ সময়ত-
09:32 মাকে তৎক্ষণাত ডাক্তৰ আৰু স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ ল’ব লাগে -
09:37 যদি শিশুটো সতৰ্ক আৰু সক্ৰিয় নহয়
09:41 যদি শিশুটোৱে অতি ঘনকৈ উশাহ লৈছে বা বহুত ধীৰে ধীৰে লৈছে
09:46 যদি শিশুটোৰ উঠ বা জিভা নীলা হয়
09:50 আৰু যদি শিশুটোৰ ভৰিদুটা ঠাণ্ডা হয়
09:53 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
09:58 এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা

Contributors and Content Editors

Mausamh9