Health-and-Nutrition/C2/Importance-of-breastfeeding/Assamese

From Script | Spoken-Tutorial
Revision as of 18:47, 19 April 2021 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 স্তনপানৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:09 স্তনপানৰ গুৰূত্বৰ বিষয়ে
00:12 শিশু আৰু মাকসকলৰ বাবে স্তনপানৰ লাভসমূহ
00:17 স্তনপান হৈছে এটা গুৰূত্বপুৰ্ণ প্ৰক্ৰিয়া
00:19 ই আৰম্ভ হয় শিশু এটাৰ জন্মৰ পৰা ইয়াৰ দ্বিতীয় জন্মদিন বা তাৰ পাছতো
00:26 স্তনপানে নবজাতকক জীৱনৰ এটা সুস্থ আৰম্ভনি দিয়ে
00:31 ই শিশু এটা আৰু মাকৰ তৎক্ষণাত আৰু ভবিষ্যতৰ স্বাস্থ্যক নিৰ্ণয় কৰে
00:38 ইয়াৰ লাভসমুহ সিহত দুয়োৰে বাবে জীৱনজুৰি অটুত থাকে
00:43 আনকি অপুষ্টিত ভোগা মাকসকলেওঁ শিশুক স্তনপান কৰাব পাৰে
00:49 গৰ্ভধাৰণৰ সময়ত, স্তনৰ আকাৰ বৃদ্ধি হয়
00:53 ইয়াৰ কাৰণ হৈছে গাখীৰ উৎপন্ন কৰা কলাসমূহৰ সংখ্যা বৃদ্ধি হয়
00:59 তথাপি, স্তনৰ অন্তিম আকাৰে গাখীৰ উৎপন্ন হোৱা পৰিমাণক প্ৰভাবিত নকৰে
01:07 স্তনপান আৰম্ভ কৰিব লাগে জন্মৰ ১ ঘন্টাৰ ভিতৰতে
01:13 ই স্তনৰ গাখীৰৰ প্ৰবাহক বৃদ্ধি কৰে
01:17 সেইবাবে, স্বতন্ত্ৰ স্তনপান প্ৰথম ৬ মাহত লগতে বৃদ্ধি হয়
01:24 ই পাছলৈ ২ বছৰৰ পাছতো স্তনপানক বৃদ্ধি কৰাত সহায় কৰে
01:31 ১ ঘন্টাৰ ভিতৰত স্তনপান কৰোৱা শিশুসকলৰ নবজাতক অৱস্থাত মৃত্যু হোৱাৰ আশংকা কম হয়
01:39 পলমকৈ স্তনপান কৰোৱাই নবজাতক শিশুৰ বেমাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে
01:47 উদাহৰণস্বৰূপে, মধুমেহ, মেদবহুলতা আৰু উচ্চ ৰক্তচাপ
01:53 সোনকালে স্তনপান আৰম্ভ কৰাই লগতে শিশুটোৱে ক’ল’ষ্ট্ৰম পোৱাক নিশ্বিত কৰে
02:00 ক’ল’ষ্ট্ৰম হৈছে মাকে জন্ম দিয়াৰ পাছত নিসৰণ কৰা প্ৰথম গাখীৰ
02:07 শিশুৰ বাবে, ই হৈছে শক্তি আৰু পুষ্টিকৰ পদাৰ্থৰ এটা প্ৰধান উৎস
02:13 ই সিহতৰ বাবে দৰকাৰি হয় বিশেষকৈ সিহতৰ জীৱনৰ প্ৰাথমিক দিনসমূহত
02:20 ইয়াত বৃহৎ সংখ্যক সংক্ৰমণক যুজ কৰা উপাদান থাকে,
02:24 ভিটামিন A আৰু
02:26 ভাল চৰ্বী
02:28 ক’ল’ষ্ট্ৰমত অনেক বৃদ্ধি আৰু ৰক্ষণাত্মক ফেক্তৰচ থাকে
02:35 ক’ল’ষ্ট্ৰমৰ গুণ থাকে যিয়ে পুৰণা মলক সোনকালে আতৰোৱাত সহায় কৰে
02:42 ক’ল’ষ্ট্ৰমৰ লাভসমূহক বিতংকৈ আন এটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
02:48 অধিক তথ্যৰ বাবে ওৱেবচাইত চাওঁক
02:52 মনত ৰাখিব যে স্বতন্ত্ৰ স্তনপান প্ৰথম ৬ মাহৰ বাবে কৰিব লাগে
02:59 স্তনৰ গাখীৰ হৈছে এটা বিশেষ প্ৰাকৃতিক খাদ্য যাক নকল কৰিব নোৱাৰি
03:05 যেতিয়া শিশুটোৰ ৬ মাহ সম্পূৰ্ণ হয়, পৰিপূৰক আহাৰ আৰম্ভ কৰিব লাগে
03:12 ইয়াক স্তনপানৰ সৈতে একেলগে দিব লাগে
03:16 স্তনপান কৰাই থাকিব লাগে ২ বছৰ বা ততোধিক নোহোৱালৈকে
03:22 শিশুসমূহৰ বাবে স্তনপানৰ বহুতো লাভ আছে
03:27 পুষ্টিকৰ পদাৰ্থ আৰু স্তনৰ গাখীৰৰ সংমিশ্ৰণ শিশুসমূহৰ বাবে হজম কৰিবলৈ সহজ হয়
03:34 স্তনৰ গাখীৰৰ দ্বাৰা শিশুসমূহে এন্তিব’দিচ পায়
03:38 এন্তিব’দিচে শিশুটোৰ ইমিওনিতি শক্তিশালী কৰে আৰু সংক্ৰমণ হোৱাৰ আশংকা কমায়
03:46 অতিৰিক্তভাবে, ই শিশুসমূহত এলাৰজিক ৰিয়েকচনক প্ৰতিহত কৰে
03:52 স্তনৰ গাখীৰত লগতে বৃদ্ধিৰ ফেক্তৰচ থাকে
03:56 সিহতে শিশুটোৰ অন্ত্ৰৰ পাকসমূহৰ বিকাশত সহায় কৰে
04:02 ই শিশুটোৰ অন্ত্ৰত ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহাৰি জনায়
04:08 সেইদৰে, ই শিশুসমূহক অন্ত্ৰজনীত প্ৰদাহ আৰু সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে
04:16 একেদৰে, ই শৰীৰৰ আন সকলো অংগৰ বিকাশত সহায় কৰে
04:22 স্তনপানে ডায়েৰিয়া হোৱাৰ আশংকাক কমায়
04:27 আন লাভসমূহ হৈছে কাণৰ সংক্ৰমণৰ পৰা প্ৰতিৰক্ষা
04:31 আৰু দাত ক্ষাৰে ধৰা
04:33 হনুৰ বিকাশ আৰু দাতৰ সঠিক শ্ৰেণীবদ্ধতা হৈছে আন কিছু উদাহৰণ
04:41 জীৱনত পাছলৈ কিছু বেমাৰ উৎপন্ন হোৱাৰ আশংকাওঁ লগতে কমে
04:48 উদাহৰণস্বৰূপে, মধুমেহ, মেদবহুলতা, উচ্চ ৰক্তচাপ আৰু তেজৰ কেঞ্চাৰ
04:56 হাওঁফাওঁজনীত ৰোগ যেনে হাপানি আৰু নিউম’নিয়া হোৱাৰ আশংকাওঁ লগতে কমে
05:04 স্তনপানে ১ বছৰ বয়সৰ তলৰ শিশুসমূহৰ হঠাতে মৃত্যু হোৱাৰ সম্ভাৱনাকো কমায়
05:14 স্তনপান কৰোৱা শিশুসকলৰ লগতে atopic eczema হোৱাৰ আশংকাওঁ কম হয়
05:22 Eczema হৈছে এটা অৱস্থা য’ত ছালত ৰঙা, খজুৱতিযুক্ত আৰু শুকান আচ পৰে
05:30 স্তনপান কৰোৱা শিশুসকলক লগতে বেমাৰ আৰু সংক্ৰমণৰ বাবে কমকৈ হস্পিতালত ভৰ্তি কৰিব লাগে
05:39 স্তনপান কৰোৱা শিশুসকলৰ ভোকৰ ওপৰত ভাল নিয়ন্ট্ৰণ থাকে
05:44 স্তনৰ গাখীৰত ভোকলগাক নিয়ন্ট্ৰণ কৰা হৰম’নচ থাকে
05:48 তেনে হৰম’নে শিশুসকলক নিজৰ শৰীৰৰ ভোকলগা আৰু তৃপ্তিৰ সংকেতসমূহক শুনোতে সহায় কৰে
05:57 শিশুসমূহৰ এই নিজশ্বতাত বাধা আহে যাক স্তনপান কৰোৱা নহয়
06:03 আনকি ইয়াৰ ফলত হ’ব পাৰে অত্যাধিক ভোজন কৰা,
06:07 মেদবহুলতা আৰু পাছলৈ মধুমেহ
06:11 স্তনপানৰ লগতে মগজুৰ ওপৰতো এটা প্ৰভাৱ থাকে
06:15 স্তনৰ গাখীৰত উপাদান থাকে যি মগজুৰ বিকাশ আৰু পূৰ্ণতাত সহায় কৰে
06:23 স্তনপান কৰা শিশুসমূহৰ এটা উচ্চ IQ আৰু আন গুণসমূহ থাকে
06:28 স্তনৰ গাখীৰে অকালপক্ক শিশুসমূহক আনকি অধিক লাভ দিয়ে
06:34 স্তন চুপি থকাই তেনে শিশুসমূহৰ উশাহ-নিশাহ লোৱাক উন্নত কৰে
06:40 এই শিশুসমূহৰ অন্ত্ৰজনীত সংক্ৰমণ হোৱাৰ আশংকা থাকে
06:47 উদাহৰণস্বৰূপে: ডায়েৰিয়া আৰু Necrotizing enterocolitis যাক জনা যায় NEC হিচাবে
06:56 NEC হৈছে এটা সংকটজনক অৱস্থা যি অন্ত্ৰত সংক্ৰমণ আৰু ক্ষতি হোৱাৰ বাবে হয়
07:05 স্তনৰ গাখীৰে অকালপক্ক শিশুসমূহক এই সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে
07:11 অকালপক্ক শিশুসমূহৰ মাকৰ গাখীৰত প্ৰচুৰকৈ সংক্ৰমণৰ লগত যুজ দিয়া প্ৰ’টিন থাকে
07:19 ইয়াত লগতে অন্ত্ৰৰ সুৰক্ষাজনীত বৃদ্ধিক সহাৰি দিয়া ফেক্তৰচ থাকে
07:25 উচ্চ ঘনত্বৰ বিশেস এমিন’ এচিদ আৰু ভাল বেক্টেৰিয়াওঁ লগতে থাকে
07:33 এই এমিন’ এচিদসমূহ অকালপক্ক শিশুসমূহৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় হয়
07:40 তেনেদৰে, স্তনৰ গাখীৰে সহায় কৰে সংক্ৰমণক প্ৰতিহত কৰাত
07:43 আৰু ওজন বৃদ্ধিত
07:46 স্তনপানে অকালপক্কভাবে জন্ম হোৱাৰ বাবে হোৱা দীঘলীয়া সময়ৰ সমস্যাসমূহকো কমায়
07:52 উদাহৰণস্বৰূপে, হাওঁফাওঁ আৰু চকুৰ সমস্যাসমূহ
07:57 সেইবাবে, অকালপক্ক শিশুসমূহে উচ্চ পৰিমাণে স্তনৰ গাখীৰ পাব লাগে
08:04 আনকি কংগাৰু মাদাৰ কেয়াৰ লগতে জনা যায় KMC হিচাবে, দৰকাৰি হয় অকালপক্ক শিশুসমূহৰ বাবে
08:12 ই তেওঁলোকৰ স্তনপানৰ ফ্ৰিকোৱেঞ্চি আৰু সময়ক উন্নত কৰে
08:18 KMC ৰ সময়ত ছালৰ লগত ছালৰ স্পৰ্শই শিশুটোৰ শৰীৰৰ উষ্ণতাক অটুত ৰখাত সহায় কৰে
08:27 ই লগতে শিশুটোৰ হৃদস্পন্দন আৰু তেজৰ অক্সিজেন লেভেলচ অটুত ৰখাত সহায় কৰে
08:35 কংগাৰু মাদাৰ কেয়াৰ প্ৰণালীক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
08:42 শিশুসমূহৰ ওপৰিওঁ, স্তনপান মাকসকলৰ বাবেওঁ লাভজনক হয়
08:48 লাভসমূহ লগে লগে আৰু দীঘলীয়া সময়ৰ বাবে হয়
08:53 শিশুৰ জন্মৰ পাছত লগে লগে স্তনপান কৰালে গুপ্তাংগৰ ৰক্তক্ষৰণ কমোৱাত সহায় কৰে
08:59 ই শৰীৰত অক্সিত’চিন হৰম’নৰ লেভেলক বৃদ্ধি কৰে
09:05 ই শৰীৰৰ পৰা অমৰাটোক বাহিৰ ওলোৱাত সহায় কৰে
09:09 ইয়াৰ ফলত গৰ্ভাশয়ৰ সংকোচন উন্নত হয় আৰু গুপ্তাংগৰ ৰক্তক্ষৰণ কমে
09:17 তেনেদৰে, মাকসকলৰ এনিমিয়াক প্ৰতিহত কৰিব পাৰি
09:21 মাকসকলে স্তনপান কৰোৱাৰ মানসিক সুবিধা আছে
09:27 সঘনাই ছালৰ লগত ছালৰ স্পৰ্শই মাক আৰু তেওঁৰ শিশুটোৰ মাজত বান্ধোনৰ সৃষ্টি কৰে
09:35 এই বান্ধোনে মাকক স্তনপানৰ বাবে প্ৰস্তুত কৰে
09:39 চুৰান্তভাবে, ই মাকসকলৰ প্ৰসৱজনীত ভাগৰ আৰু অৱসাদক কমায়
09:46 স্তনপানৰ লগতে মাকসকলৰ বাবে দীঘলীয়া লাভসমূহ আছে
09:51 ই পাছৰ বয়সত হাড়সমূহ দুৰ্বল হোৱাক প্ৰতিহত কৰে
09:56 স্তনৰ কেঞ্চাৰ আৰু অভেৰিয়ান কেঞ্চাৰ হোৱাৰ আশংকাওঁ লগতে কমে
10:02 গৰ্ভধাৰণৰ সময়ত, মহিলাৰ শৰীৰৰ ভিতৰৰ অংগসমূহত চৰ্বী জমা হয়
10:08 যেনে পেট, অন্ত্ৰ আৰু লিভাৰ
10:12 এই চৰ্বী পেট বা উদৰ অংশত লুপ্ত হৈ থাকে
10:18 এই চৰ্বী অতিশয় বৃদ্ধিৰ ফলত হ’ব পাৰে ইনচুলিন ৰেজিচতেঞ্চ,
10:23 মধুমেহ আৰু মেদবহুলতা
10:26 স্তনপানে মহিলাৰ এই চৰ্বী কমোৱাত সহায় কৰে
10:31 ই মেদবহুলতা, ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ৰোগসমূহ হোৱাৰ আশংকাক কমায়
10:37 স্বতন্ত্ৰ স্তনপানে এটা প্ৰাকৃতিক জন্ম নিয়ন্ট্ৰক হিচাবে কাম কৰিব পাৰে
10:44 তথাপি, দম্পতিসকলে প্ৰসৱৰ ৬ সপ্তাহৰ পাছত গৰ্ভনিৰোধক ব্যৱ্হাৰ কৰিব লাগে
10:50 ই দুটা গৰ্ভধাৰণৰ মাজত ব্যৱধান ৰখাত সহায় কৰে
10:56 স্তনপানৰ কিছু অৰ্থনৈতিক লাভ আছে
11:00 স্তনৰ গাখীৰ বিনামূলীয়াভাবে উপলদ্ধ হয় আৰু ই শিশুটোৰ বাবে উৎকৃষ্ট
11:07 ইয়াত ফৰ্মুলা গাখীৰ, বটল আৰু প্লাষ্টিকৰ স্তনাগ্ৰৰ দৰে টকা-পইচা খৰচ নহয়
11:14 স্তনৰ গাখীৰ প্ৰস্তুত কৰোতে লগতে অতিৰিক্ত সময়ো অতিবাহিত কৰিব নালাগে
11:20 গৰম পানী, বাচন-বৰ্তন আৰু ইন্ধনৰো প্ৰয়োজন নহয় স্তনৰ গাখীৰ প্ৰস্তুত কৰিবলৈ
11:28 লেতেৰা পানী বা লেতেৰা গাখীৰ খুওঁৱা বটলে শিশুটোক ৰূগীয়া কৰিব পাৰে
11:35 সেইবাবে, ভবিষ্যতৰ বছৰসমূহত মাক আৰু শিশুটোৰ বাবে স্বাস্থ্যৰ যত্ন লোৱা খৰছসমূহ কম হয়
11:42 স্তনপানৰ লগতে কিছু পৰিবেশজনীত লাভো আছে
11:47 প্ৰথমতে, স্তনপানত কোনো পেকেট কৰা বা পৰিবহন অন্তৰ্ভুক্ত নহয়
11:54 ই উৎপন্ন নকৰে কোনো জাবৰ,
11:57 ধোৱা বা হুলস্থুল
12:00 ই গ্ল’বেল ৰিচ’ৰ্চসমূহ আৰু শক্তিক বচাই প্ৰদূষণক কমায়
12:06 সেইবাবে, স্তনপান হৈছে উৎকৃষ্ট অপচন
12:10 মাকসকলে শিশুটোক জন্মৰ পৰা ২ বছৰ বয়স নোহোৱালৈকে স্তনপান কৰোৱাক নিশ্বিত কৰিব লাগে
12:18 ই হৈছে শিশুটো আৰু লগতে মাকৰ ভাল স্বাস্থ্যৰ বাবে
12:24 স্তনপান কৰাবৰ বাবে সঠিক স্তনপানৰ কৌশলৰ এটা বুজাপৰাৰ প্ৰয়োজন হয়
12:30 তাৰ ওপৰিওঁ, পৰিয়ালৰ পৰা পৰ্যাপ্ত সহাৰি আৰু পৰামৰ্শৰো আৱশ্যক হয়
12:38 এই সকলোৰে বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
12:44 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9