Health-and-Nutrition/C2/Importance-of-Protein/Assamese

From Script | Spoken-Tutorial
Revision as of 18:38, 19 April 2021 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:08 আমাৰ শৰীৰত প্ৰ’টিনৰ ভূমিকা
00:11 ইয়াৰ অভাৱৰ প্ৰভাৱসমূহ
00:15 বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে প্ৰয়োজনীয়তা
00:18 খাদ্যৰ উৎসসমূহ
00:21 প্ৰ’টিন হৈছে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এটা দৰকাৰি পুষ্টিকৰ পদাৰ্থ
00:27 ই গঠিত হয় ২২ টা এমিন’ এচিদৰে
00:31 ২২ টাৰ ভিতৰত, ৯ টা এমিন’ এচিদ প্ৰয়োজনীয়
00:36 এইবোৰ আমাৰ শৰীৰে নবনাই, গতিকে সিহতক খাদ্যৰ দ্বাৰা ল’ব লাগে
00:43 বাকীথকা ১৩ টা শৰীৰে বনাই
00:47 মই এমিন’ এচিদৰ বিষয়ে বিতংকৈ ক’ম
00:51 এমিন’ এচিদ হৈছে জৈবিক মৌল যি একত্ৰিত হৈ প্ৰটিন বনায়
00:58 লাইচিন, লিউচিন, হিষ্টিদিন, মিথিঅ’নিন, ট্ৰিপট’ফেন হৈছে কিছু এমিন’ এচিদ
01:09 প্ৰ’টিন বিভক্ত হৈছে দুটা প্ৰকাৰত
01:12 সিহত হৈছে সম্পূৰ্ণ প্ৰ’টিন আৰু অসম্পূৰ্ণ প্ৰ’টিন
01:18 সিহত দুটাৰ মাজৰ পাৰ্থক্যটো হৈছে খাদ্যত অৱস্থিত এমিন’ এচিদৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি
01:27 সম্পূৰ্ণ প্ৰ’টিন হৈছে সেইবোৰ য’ত সকলো ৯ টা প্ৰয়োজনীয় এমিন’ এচিদ থাকে
01:34 সকলো আমিষ খাদ্যই হৈছে সম্পূৰ্ণ প্ৰ’টিন
01:39 উদাহৰণস্বৰূপে: চিকেন,
01:41 ডিম,
01:43 মাছ আৰু মাংস
01:46 একেদৰে, গাখীৰ আৰু গাখীৰৰ বস্তুসমূহো সম্পূৰ্ণ প্ৰ’টিনৰ এটা উৎস
01:53 অসম্পূৰ্ণ প্ৰ’টিনত অপৰ্যাপ্ত পৰিমাণে এটা বা অধিক দৰকাৰি এমিন’ এচিদ থাকে
02:02 সকলো নিৰামিষ খাদ্য হৈছে অসম্পূৰ্ণ প্ৰ’টিন
02:06 উদাহৰণস্বৰূপে: ডালি,
02:09 খাদ্যশস্য, বাদাম
02:12 আৰু গুটিসমূহ
02:14 এই সকলোৰে ভিতৰত, চয়বিন হৈছে প্ৰ’টিনৰ আটাইতকৈ উৎকৃষ্ট নিৰামিষ উৎস
02:21 প্ৰ’টিনৰ লাভসমূহ হৈছে মাংশপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু চোৱাচিতা কৰা
02:30 ই লগতে তেজৰ শৰ্কৰা লেভেলক নিয়ন্ট্ৰণ কৰে
02:33 আৰু এটা শক্তিশালী প্ৰতিৰোধ ক্ষমতা গঢ়ে
02:37 প্ৰ’টিন প্ৰচুৰকৈ থকা খাদ্যই আমাৰ ভোক কমাই আৰু বহু সময়ৰ বাবে সন্তুষ্টি দিয়ে
02:43 ই লগতে ওজন বাহাল ৰখাত সহায় কৰে
02:47 হজম কৰোৱা আৰু টক্সিনচ ভঙাটো হৈছে আন দুটা ফাংচন
02:54 ই লগতে মগজুলৈ আৰু মগজুৰ পৰা সংকেত অনা-নিয়া কৰাত সহায় কৰে
03:00 শৰীৰত পুষ্টিকৰ পদাৰ্থ কঢ়িয়াওঁতে আৰু জমা ৰাখিবলৈওঁ প্ৰ’টিন দৰকাৰ হয়
03:06 আহক এতিয়া প্ৰ’টিনৰ অভাৱ হোৱাৰ সংকেত আৰু লক্ষণসমূহ বুজো
03:13 প্ৰ’টিনৰ অভাৱ হোৱাৰ এটা সংকেত হৈছে ভ্ৰুণৰ অৱৰূদ্ধ বিকাশ
03:20 শিশুৰ অভাৱ হ’লে ওৱেচতিং আৰু ষ্টানতিং হ’ব পাৰে
03:26 ইয়াৰ ফলত শৰীৰৰ ওজন কম হয়
03:30 তেনে ক্ষেত্ৰত, শিশুৰ বিভিন্ন ধৰণৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে
03:37 বৃদ্ধি কম হোৱাৰ বাবে, শিশু এটাৰ মগজুৰ বিকাশ প্ৰভাৱিত হ’ব পাৰে
03:43 দীঘলীয়া সময়ত, কমকৈ বৃদ্ধি হোৱা শিশুৰ মধুমেহ হোৱাৰ আশংকা থাকে
03:51 সিহত ডাঙৰ হ’লে উচ্চ ৰক্তচাপ হ’ব পাৰে
03:56 প্ৰাপ্তবয়স্কৰ, প্ৰ’টিনৰ অভাৱ হ’লে মাংসপেশী দুৰ্বল হয়
04:02 তেওঁলোকে অনুভৱ কৰিব পাৰে ভাগৰূৱা,
04:05 দুৰ্বল আৰু সহজে সংক্ৰমণ হয়
04:09 ছাল কোচখোৱা আৰু চুলি সৰা হৈছে আন উদাহৰণ
04:15 বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে দৈনিক ভিন্ন প্ৰয়োজন হয়
04:20 এই টিউট’ৰিয়েলত পৰামৰ্শ দিয়া প্ৰ’টিনৰ প্ৰয়োজনীয়তা ফিল্দত নিৰীক্ষণ কৰাৰ অনুসৰি হৈছে
04:28 ০ ৰ পৰা ১২ মাহ বয়সৰ শিশুৰ বাবে ই হৈছে ১ ৰ পৰা ২ গ্ৰাম প্ৰতি কেজি শৰীৰৰ ওজন অনুসৰি
04:36 ১৬ গ্ৰাম প্ৰ’টিন লাগে ১ ৰ পৰা ৩ বছৰ বয়সৰ শিশুৰ বাবে
04:43 ২০ গ্ৰাম লাগে ৪ ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ বাবে
04:48 ২৯ গ্ৰাম পৰামৰ্শ দিয়া হয় ৭ ৰ পৰা ৯ বছৰ বয়সৰ শিশুৰ বাবে
04:55 ৪০ গ্ৰাম লাগে ১০ ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ বাবে
05:00 ৫২ ৰ পৰা ৬২ গ্ৰাম লাগে কিশোৰৰ বাবে
05:06 গৰ্ভৱতী মহিলাৰ বাবে, ই হৈছে ৭৮ গ্ৰাম
05:11 স্তনপান কৰোৱা মাকৰ বাবে, ৬৮ ৰ পৰা ৭৪ গ্ৰামৰ পৰামৰ্শ দিয়া হয়
05:18 প্ৰাপ্তবয়স্কৰ বাবে, প্ৰ’টিনৰ প্ৰয়োজনীয়তা লগতে তেওঁলোকৰ শাৰিৰীক গতিবিধিৰ ওপৰতো নিৰ্ভৰ কৰে
05:25 গতিবিধি শ্ৰেণীবিভক্ত হৈছে সাধাৰণ,
05:30 মধ্যম আৰু উচ্চ
05:33 সাধাৰণ গতিবিধিত অন্তৰ্ভুক্ত হৈছে টিচিংগ,
05:36 টেইল’ৰিংগ,
05:38 দাতা এনট্ৰি
05:40 আৰু কল চেন্টাৰ জবচ
05:44 মেজত কামকৰা লোকসকলো সাধাৰণ গতিবিধিৰ ভিতৰত পৰে
05:50 মধ্যম গতিবিধিত অন্তৰ্ভুক্ত হয় এগ্ৰিকালচাৰ লেবাৰ,
05:55 ঘৰূৱা সহায়ক, মেচন
05:58 আৰু দ্ৰাইভাৰ
06:00 উচ্চ গতিবিধিত অন্তৰ্ভুক্ত হয় শিল ভঙা লোক,
06:04 গছ কটা লোক, দৌৰবিদ
06:07 আৰু খনীত কামকৰা লোক
06:10 সাধাৰণ শ্ৰমিকক লাগে ১ গ্ৰাম প্ৰ’টিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি
06:18 আদৰ্শ শৰীৰৰ ওজন হৈছে স্বাস্থ্যবান লোক এজনৰ থাকিবলগা ওজন
06:24 মধ্যম শ্ৰমিকক লাগে ১.২ গ্ৰাম প্ৰ’টিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি
06:32 উচ্চ শ্ৰমিকক লাগে ১.৫ গ্ৰাম প্ৰ’টিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি
06:40 আহক ইয়াক উদাহৰণ এটাৰ সৈতে বুজো
06:44 এগৰাকী ৫৫ কিল’গ্ৰামৰ মধ্যম শ্ৰম কৰা মহিলাক ৬৬ গ্ৰাম প্ৰ’টিন লাগিব
06:53 যদি একেগৰাকী মহিলাই অত্যাধিক শ্ৰম কৰে তেন্তে তেওঁক ৮২ গ্ৰাম লাগিব
07:00 আপোনাৰ দৈনিক আহাৰত প্ৰ’টিন প্ৰচুৰকৈ থকা খাদ্য খাব লাগে
07:06 তেনে খাদ্যসমূহ ৬ মাহ বয়সৰ পৰাই দিব লাগে
07:11 আহক কিছু খাদ্যৰ উৎসত থকা প্ৰ’টিনৰ পৰিমাণক এবাৰ চাওঁ
07:17 এটা ডিমত প্ৰায় ৭ গ্ৰাম প্ৰ’টিন থাকে
07:22 ১০০ গ্ৰাম হাড় নথকা চিকেনত প্ৰায় ১৯ গ্ৰাম প্ৰ’টিন থাকে
07:29 একেদৰে, ১০০ গ্ৰাম মাছত প্ৰায় ২০ গ্ৰাম প্ৰ’টিন থাকে
07:36 ২৫০ মিলিলিটাৰ গৰূৰ গাখীৰত প্ৰায় ৮ গ্ৰাম থাকে
07:43 ২৫০ মিলিলিটাৰ গৰূৰ গাখীৰৰ পৰা বনোৱা দৈতো প্ৰায় ৮ গ্ৰাম থাকে
07:51 গৰূৰ গাখীৰৰ পৰা বনোৱা ৪৫ গ্ৰাম পনীৰত প্ৰায় ৮ গ্ৰাম প্ৰ’টিন থাকে
07:59 ২০ গ্ৰাম বাদাম আৰু গুটিত প্ৰায় ৪ গ্ৰাম থাকে
08:05 আপেখিকভাবে ১১ গ্ৰাম প্ৰ’টিন পোৱা যায় ৩০ গ্ৰাম কেচা চয়বিনচত
08:14 ৫ গ্ৰাম প্ৰ’টিন পোৱা যায় ৩০ গ্ৰাম আন কেচা বিনচত
08:22 ৩০ গ্ৰাম নৰন্ধা ডালিত প্ৰায় ৪ গ্ৰাম প্ৰ’টিন থাকে
08:30 ৩০ গ্ৰাম কেচা চাউলত প্ৰায় ২ গ্ৰাম থাকে
08:36 ৩০ গ্ৰাম কেচা ফক্সটেইল মিলেতত প্ৰায় ৪ গ্ৰাম প্ৰ’টিন থাকে
08:43 ৩০ গ্ৰাম ঘেঁহুৰ আটাৰে বনোৱা ৰূটি এখনত প্ৰায় ৩ গ্ৰাম প্ৰ’টিন থাকে
08:52 জোৱাৰ আৰু পাৰ্ল মিলেতৰ ৰূটিতো প্ৰায় ৩ গ্ৰাম প্ৰ’টিন থাকে
08:59 ৪ গ্ৰাম প্ৰ’টিন থাকে এখন মিচি ৰূটিত
09:06 মিচি ৰূটি বনোৱা হয় সমান পৰিমাণৰ বুটৰ বেচন আৰু ঘেঁহুৰ আটা লৈ
09:13 আমিষ খাদ্যৰ পৰা পোৱা প্ৰ’টিন বেছিকৈ শোষিত হয় নিৰামিষ খাদ্যৰ তুলনাত
09:21 ইয়াৰ কাৰণ হৈছে আমিষ খাদ্যত সম্পূৰ্ণ প্ৰ’টিন থাকে
09:27 সম্পূৰ্ণ প্ৰ’টিনত সকলোখিনি প্ৰয়োজনীয় এমিন’ এচিদচ থাকে
09:33 সেইবাবে, আমিষ খাদ্যত প্ৰ’টিনৰ গুণাগুণ উন্নত হয় নিৰামিষ খাদ্যতকৈ
09:40 প্ৰ’টিনৰ গুণাগুণক চোৱা হয় DIAAS পদ্ধতিৰে
09:48 DIAAS হৈছে Digestible indispensable এমিন’ এচিদ স্ক’ৰ
09:56 ই হৈছে এটা অনুপাত খাদ্যত থকা হজম হ’ব পৰা এমিন’ এচিদ আৰু প্ৰয়োজনীয় এমিন’ এচিদৰ মাজৰ
10:05 স্ক’ৰ দিয়া হয় ০ ৰ পৰা ১ লৈ
10:10 ১ হৈছে উচ্চতম আৰু ০ হৈছে নিম্নতমৰ বাবে
10:16 আহক কিছু খাদ্যৰ আইতেমৰ বাবে হজম হ’ব পৰা স্ক’ৰ চাওঁ
10:22 ডিমৰ হজম হ’ব পৰা স্ক’ৰ হৈছে ১.১৮
10:27 গাখীৰৰ হৈছে ১.৩২
10:31 মটৰমাহৰ হৈছে ০.৬৪
10:35 য’ত কাবুলী বুটৰ হৈছে ০.৬৬
10:41 ৰন্ধা চাউলৰ হৈছে ০.৫৯
10:46 ঘেঁহুৰ হৈছে ০.৪৩
10:50 ভজা চীনাবাদামৰ লগতে স্ক’ৰ হৈছে ০.৪৩
10:56 আগতে আলোচনা কৰাৰ দৰে, নিৰামিষ উৎসসমূহ হৈছে অসম্পূৰ্ণ প্ৰ’টিন
11:02 খাদ্যশস্যত লাইচিন কম থাকে আৰু ডালিত মিথিঅ’নাইন কম থাকে
11:08 সিহতক একেলগে খালে এমিন’ এচিদৰ অপৰ্যাপ্ততাক ৰোধ কৰিব
11:14 খাদ্যশস্য আৰু ডালিক মিলালে প্ৰ’টিনৰ গুণমাণতা উন্নত হয়
11:20 ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন
11:25 বিভিন্ন খাদ্যৰ গ্ৰোপচক ভিন্ন সংমিশ্ৰণত খাবলৈ পৰামৰ্শ দিয়া হয়
11:31 খাদ্যৰ গ্ৰোপচক একত্ৰিত কৰিলে বিভিন্ন প্ৰয়োজনীয় এমিন’ এচিদ পোৱাত সহায় হয়
11:38 ডালি আৰু খাদ্যশস্যক গাখীৰৰ বস্তুৰ সৈতে একত্ৰিত কৰিলে প্ৰ’টিনৰ গুণমাণতা উন্নত হয়
11:46 খাদ্যশস্য আৰু ডালিত নথকা এমিন’ এচিদক গাখীৰৰ বস্তুৱে পৰিপূৰ কৰে
11:54 আহক এই সংমিশ্ৰণৰে প্ৰস্তুত কৰা কিছু খাদ্যৰ আইতেমচ চাওঁ
12:00 মিলেত খিচৰি ৰাইতাৰ সৈতে,
12:03 কাৰি চাউল, আৰু পনীৰ পৰাথা হৈছে কিছু উদাহৰণ
12:08 থালিপিথ দৈৰ সৈতে আৰু
12:11 ৰাজমাহ চাউল দৈৰ সৈতে হৈছে আন উদাহৰণ
12:16 খাদ্যশস্য বা মিলেতক আমিষ খাদ্যৰ সৈতে সংযুক্ত কৰিলেওঁ প্ৰ’টিনৰ গুণমাণতা উন্নত হয়
12:24 মই আপোনাক কিছু বিধি ক’ম যাক এই সংমিশ্ৰণ ব্যৱ্হাৰ কৰি প্ৰস্তুত কৰিব পাৰি
12:30 তাত সংলগ্ন হয় মিলেত চিকেন পোলাওঁ,
12:34 ডিমৰ দ’চা আৰু
12:36 চিকেন মিলেত ৰুটি পকোৱা
12:39 ডিম চাউল,
12:41 মাংস ভৰোৱা পৰাথা,
12:43 ৰাগী বল আৰু চিকেন কাৰি হৈছে আন উদাহৰণ
12:49 এই সংমিশ্ৰণৰ ওপৰিও, আমি আন খাদ্যৰ গ্ৰোপচো সংযুক্ত কৰিব পাৰো
12:55 দৈ চাউল,
12:57 শাক পনীৰৰ কাৰি,
12:59 নাৰিকল দৈৰ চাটনি হৈছে কিছু উদাহৰণ
13:04 কাৰিসমূহত বাদাম আৰু গুটিৰ পেষ্ট ব্যৱ্হাৰ কৰিলেওঁ প্ৰ’টিনৰ গুণমাণতা উন্নত হয়
13:11 এই খাদ্যৰ আইতেমচক আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰক ভাল স্বাস্থ্যৰ বাবে
13:16 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9