Health-and-Nutrition/C2/Importance-of-Folate/Assamese

From Script | Spoken-Tutorial
Revision as of 18:43, 19 April 2021 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:00 ফ’লেতৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:09 আমাৰ শৰীৰত ফ’লেতৰ ভূমিকা
00:12 ফ’লেতৰ অভাৱৰ প্ৰভাৱসমূহ
00:15 বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে ফ’লেতৰ প্ৰয়োজনীয়তা
00:20 ভিটামিন B9 হৈছে এটা দৰকাৰী পানীত দ্ৰবীভূত হোৱা B ভিটামিন
00:25 ইয়াৰ দুটা ফৰ্ম আছে: ফ’লেত আৰু ফ’লিক এচিদ
00:30 ফ’লেত হৈছে স্বাভাবিক ফৰ্ম আৰু খাদ্যত ইয়াক প্ৰাকৃতিকভাবে পোৱা যায়
00:35 ফ’লেত লগতে আমাৰ অন্ত্ৰত বেক্টেৰিয়াই উৎপন্ন কৰে
00:41 য’ত, ফ’লিক এচিদ হৈছে চিনথেটিক ফৰ্ম
00:45 ইয়াক পোৱা যায় ৰাসায়নিকভাবে বনোৱা খাদ্যত বা দৰবত
00:51 ফ’লেত আমাৰ শৰীৰত সহজে শোষিত হয় ফ’লিক এচিদৰ তুলনাত
00:58 আমি এতিয়া চাম আমাৰ শৰীৰত ফ’লেতৰ ভূমিকা আৰু
01:02 ইয়াৰ অভাৱৰ প্ৰভাৱক
01:05 ফ’লেত দৰকাৰ হয় আমাৰ শৰীৰত বিভিন্ন ফাংচনৰ বাবে
01:09 আমাৰ শৰীৰত ই লাগে বৃদ্ধি, মেৰামতি, ভাগ-বতৰা আৰু নতুন কোষৰ গঠণৰ বাবে
01:18 ফ’লেতে হ’ম’চিষ্টিন লেভেলচ কমোৱাত সহায় কৰে
01:23 হ’ম’চিষ্টিন হৈছে এক প্ৰকাৰৰ এমিন’ এচিদ যি প্ৰ’টিন বনোৱাত ব্যৱহৃত হয়
01:29 উচ্চ হ’ম’চিষ্টিন লেভেলে জ্ঞানাত্মক ফাংচনক বেয়া কৰে
01:34 ই লগতে হৃদযন্ত্ৰৰ ৰক্ত নলীকাসমূহকো ধ্বংস কৰে
01:39 ই হৃদযন্ত্ৰৰ ৰোগৰ বিপদক বৃদ্ধি কৰে
01:43 সেইবাবে, ফ’লেতে হৃদযন্ত্ৰৰ আৰু জ্ঞানাত্মক ফাংচনৰ চোৱাচিতাত সহায় কৰে
01:48 ই লগতে দৰকাৰ হয় এটা সুস্থ গৰ্ভধাৰণৰ বাবে
01:51 আৰু নিউৰেল টিউব বন্ধ হ’বৰ বাবে
01:55 নিউৰেল টিউব বিকশিত হৈ শিশুটোৰ মগজু আৰু ৰাজহাড় হয়গৈ
02:01 নিউৰেল টিউব বন্ধ হোৱাত অসমৰ্থ হ’লে নিউৰেল টিউবৰ ত্ৰুটি হ’ব পাৰে
02:07 নিউৰেল টিউবৰ ত্ৰুটি হৈছে মগজু আৰু ৰাজহাড়ৰ জন্মগত ত্ৰুটি
02:13 দুটা অতিকৈ কমন নিউৰেল টিউবৰ ত্ৰুটি হৈছে এনেনচিফালি আৰু স্পিনা বিফিদা
02:20 এনেনচিফালি ত, শিশু এটাৰ মগজু আৰু কংকালৰ অংশসমূহ সঠিককৈ গঠিত নহয়
02:27 স্পিনা বিফিদা ত, শিশুটোৰ ৰাজহাড় সঠিককৈ বিকশিত নহয়
02:33 সেইবাবে, শিশুটোৰ শাৰিৰীক অক্ষমতা থাকিব পাৰে
02:38 ইয়াৰ ফলত ভৰিৰ মাংসপেশীৰ দূৰ্বলতা আৰু পাৰালাইচিচ হ’ব পাৰে
02:43 বেকা ৰাজহাড় আৰু প্ৰস্ৰাৱ স্থলীৰ নিয়ন্ট্ৰণ হেৰোৱাটো হৈছে আন লক্ষণ
02:49 আহাৰ খোৱাত আৰু গিলাত অসুবিধা হোৱাটোওঁ কমন
02:55 সিহতৰ লগতে শিকোতে আৰু মনোযোগ দিওতেওঁ অসুবিধা হ’ব পাৰে
03:00 নিউৰেল টিউব বন্ধ হোৱা গৰ্ভধাৰণৰ ২৮ দিনৰ ভিতৰত হয়
03:06 এই সময়লৈকে, মহিলাগৰাকীয়ে হয়তু নাজানিব পাৰে যে তেওঁ গৰ্ভবতী হয়
03:12 যেতিয়া তেওঁ জানে, তেতিয়ালৈ এই ত্ৰুটিসমূহ প্ৰতিহত কৰিবলৈ বহু দেৰি হৈ যায়
03:18 সকলো মহিলাই, বিশেষকৈ গৰ্ভধাৰণৰ বয়্সৰ সকলে পৰ্যাপ্ত পৰিমাণে ফ’লেত থকা খাদ্য খাব লাগে
03:25 ফ’লেতৰ সৈতে, আন পুষ্টিকৰ পদাৰ্থসমূহো দৰকাৰ হয় নিউৰেল টিউবৰ ত্ৰুটিসমূহ প্ৰতিহত কৰিবলৈ
03:32 উদাহৰণস্বৰূপে: ভিটামিন B12 আৰু ক’লিন
03:39 গৰ্ভধাৰণৰ সময়ত, ফ’লেতৰ প্ৰয়োজনীয়তা বৃদ্ধি পাই
03:45 এই সময়ত অপৰ্যাপ্ত পৰিমাণে ল’লে ফ’লেতৰ অভাৱে দেখা দিয়ে
03:51 শৰীৰৰ দ্বাৰা ফ’লেতৰ কম শোষণ হ’লেওঁ অভাৱে দেখা দিয়ে
03:58 আনকি অত্যাধিক মদ্যপান কৰিলেওঁ একেটা হয়
04:03 ভিটামিন B12 ৰ অভাৱেওঁ অপোনপটীয়াকৈ ফ’লেতৰ অভাৱ কৰে
04:09 আনকি যদি ফ’লেত আমাৰ শৰীৰত থাকে, ই ফাংচন প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ব
04:16 ইয়াৰ কাৰণ হৈছে ভিটামিন B12 ৰ প্ৰয়োজন হয় ফ’লেতক ইয়াৰ এক্তিভ ফৰ্মত পৰিবৰ্তন কৰিবলৈ
04:24 সেইবাবে, ফ’লেতৰ সৈতে পৰ্যাপ্ত পৰিমাণে ভিটামিন B12 খোৱাটো দৰকাৰ
04:31 ডিম, চিকেন, মাংস আৰু গাখীৰৰ বস্তুসমূহ হৈছে ভিটামিন B12 ৰ ভাল উৎস
04:39 চেলফিচ, লিভাৰ, হাৰ্ত, কিডনী, মগজু হৈছে আন উদাহৰণসমূহ
04:47 জেনেতিক এনিমিয়া থকা লোকৰ ফ’লেতৰ অভাৱ হোৱাৰ আশংকা থাকে
04:54 জেনেতিক এনিমিয়াৰ উদাহৰণ হৈছে চিকল চেল এনিমিয়া
04:58 আৰু থাইলেচেমিয়া
05:01 এই অৱস্থাত, ৰঙা ৰক্তকোষসমূহ গঠণ কৰিব পৰাতকৈ দ্ৰুতগতিত ধ্বংস হয়
05:08 সেইবাবে, এই অৱস্থাত পৰ্যাপ্ত পৰিমাণে ফ’লেত খোৱাটো উচিত
05:14 অনুগ্ৰহ কৰি যিকোনো দৰব খোৱাৰ আগতে আপোনাৰ ডক্তৰৰ পৰামৰ্শ লওঁক
05:19 পাছত, আহক ফ’লেতৰ অভাৱ হোৱাৰ লক্ষণসমূহ চাওঁ
05:24 এই লক্ষণসমূহ পুৰূষ আৰু মহিলা উভয়তে দেখা যায়
05:29 কিছু আগতীয়া সংকেত হৈছে জিভা আৰু ওঠৰ বেদনা আৰু ৰঙা পৰা
05:35 আন লক্ষণসমূহ হৈছে অৱ্সাদ,
05:38 বিৰক্তি, টোপনী কমা
05:41 আৰু বিষন্নতা
05:43 মুখ বা পেটত আলচাৰো লগতে হ’ব পাৰে
05:47 দীঘলীয়া সময়ৰ বাবে অভাৱ হ’লে স্মৃতিশক্তি আৰু মনোযোগক কমাব পাৰে
05:53 গৰ্ভৱতী মহিলাৰ ফ’লেতৰ অভাৱ হ’লে শিশুৰ ওপৰত বেয়া প্ৰভাৱ পৰে
05:59 উদাহৰণস্বৰূপে: নিউৰেল টিউবৰ ত্ৰুটি আৰু
06:03 ক্লেফ্ত লিপ আৰু পেলেত শিশুসমূহত
06:07 ক্লেফত হৈছে এটা গেপ বা ফটা ওপৰৰ ওঠ বা মুখৰ ওপৰত
06:13 ই হয় যেতিয়া ভ্ৰুণৰ বিকাশৰ সময়ত কলাসমূহ একেলগে একত্ৰিত নহয়
06:20 ফ’লেত বা ভিটামিন B12 ৰ অভাৱৰ বাবে মেক্ৰ’চাইতিক এনিমিয়া হয়
06:27 মই বৰ্ণনা কৰিম ই কেনেকৈ হয়
06:30 এই দুয়োটাই পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন হয় স্বাভাৱিক কোষৰ বৃদ্ধি আৰু বিকাশত
06:36 সিহতৰ অভাৱ হোৱাৰ ক্ষেত্ৰত, ৰঙা ৰক্ত কোষসমূহ পৰিপক্ক বা সঠিককৈ বিভক্ত নহয়
06:43 ইয়াৰ ফলত, ডাঙৰ অপৰিপক্ক ৰঙা ৰক্ত কোষৰ সৃষ্টি হয় যি কম সংখ্যক হয়
06:51 এইবোৰত অতিশয় কম হিম’গ্ল’বিন থাকে আৰু সেইবাবে ভালকৈ ফাংচন কৰিব নোৱাৰে
06:59 হিম’গ্ল’বিনে আন কলা আৰু কোষসমূহলৈ অক্সিজেন কহিয়াওঁতে সহায় কৰে
07:06 সেইবাবে, নিম্ন হিম’গ্ল’বিন লেভেলৰ বাবে এনিমিয়া হয়
07:11 আহক বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে প্ৰতিদিনে প্ৰয়োজন হোৱা ফ’লেতৰ পৰিমাণ চাওঁ
07:18 ১ ৰ পৰা ৩ বছৰ বয়সৰ শিশুক ৯০ মাইক্ৰ’গ্ৰাম লাগে
07:24 ৪ ৰ পৰা ৯ বছৰ বয়সৰ শিশুক ১১০ ৰ পৰা ১৪২ মাইক্ৰ’গ্ৰাম লাগে
07:32 ১০ ৰ পৰা ১৫ বছৰ বয়সৰ কিশোৰক ১৮০ ৰ পৰা ২০৪ মাইক্ৰ’গ্ৰাম লাগে
07:42 ১৬ বছৰতকৈ ডাঙৰ কিশোৰৰ বাবে ২০০ মাইক্ৰ’গ্ৰাম তকৈ অধিক লাগে প্ৰতিদিনে
07:50 প্ৰাপ্তবয়স্ক মহিলা আৰু পুৰূষৰ বাবে ২০০ ৰ পৰা ২৫০ মাইক্ৰ’গ্ৰাম লাগে
07:58 গৰ্ভৱতী মহিলাই প্ৰায় ৫০০ মাইক্ৰ’গ্ৰাম ল’ব লাগে
08:02 স্তনপান কৰোৱা মাকসকলে, ৩০০ মাইক্ৰ’গ্ৰাম ল’ব লাগে
08:07 জন্মৰ ত্ৰুটি থকা মহিলাৰ বাবে ফ’লেতৰ প্ৰয়োজনীয়্তা উচ্চ হয়
08:15 তেওঁলোকে ৫০০ মাইক্ৰ’গ্ৰাম ল’ব লাগে গৰ্ভধাৰণৰ আগতে আৰু গৰ্ভৱতী সময়ত
08:22 গৰ্ভধাৰণ কৰিব বিচৰা মহিলাই পৰ্যাপ্ত পৰিমাণে ফ’লেত ল’ব লাগে
08:29 ফ’লেতৰ প্ৰয়োজনীয়তাক পাব পাৰি আহাৰৰ পৰা
08:33 বিনচ হৈছে ফ’লেতৰ উৎকৃষ্ট উৎস
08:36 ৩০ গ্ৰাম বা আধা কাপ নৰন্ধা বিনচে প্ৰায় ৮০ ৰ পৰা ১২০ মাইক্ৰ’গ্ৰাম ফ’লেত দিয়ে
08:46 লাবিয়া মাহ, ৰাজমাহ, ম’থ বিনচ, চয়বিনচ হৈছে কিছু উদাহৰণ
08:53 আনকি বঙালী বুট, ফিল্দ বিনচ, হ’ৰ্চ গ্ৰাম, শুকান মটৰমাহো ভাল উৎস
09:00 সেউজীয়া পাতৰ শাকত ভাল পৰিমাণে ফ’লেত থাকে
09:04 উদাহৰণস্বৰূপে: শাক, অমৰান্থ পাত, কচু পাত, অগাথি পাত
09:11 ৫০ গ্ৰাম বা ১ কাপ নৰন্ধা শাকে প্ৰায় ৭০ মাইক্ৰ’গ্ৰাম ফ’লেত দিয়ে
09:19 ১ চামোচ ড্ৰামষ্টিক পাতৰ পাউদাৰে প্ৰায় ১০ মাইক্ৰ’গ্ৰাম ফ’লেত দিয়ে
09:27 ফ’লেত প্ৰচুৰকৈ থকা আন শাক-পাচলিসমূহ হৈছে কোমল ফিল্দ বিনচ, ফ্ৰেঞ্চ বিনচ আৰু বিতৰোত
09:35 আনকি ফুলকবি, ভেন্দি আৰু ড্ৰামষ্টিকত মধ্যম পৰিমাণৰ ফ’লেত থাকে
09:43 সূৰ্যমূখী ফুলৰ গুটি, সৰিয়হৰ গুটি আৰু নাইযাৰ গুটিত অলপ পৰিমাণৰ ফ’লেত থাকে
09:50 ১ চামোচ এই গুটিসমূহৰ পাউদাৰত প্ৰায় ১৫ ৰ পৰা ২০ মাইক্ৰ’গ্ৰাম ফ’লেত থাকে
09:59 আমিষ খাদ্যসমূহৰ ভিতৰত চিকেন লিভাৰ আৰু সকলো সাগৰৰ খাদ্যসমূহ হৈছে উৎকৃষ্ট উৎস
10:06 ৬০ গ্ৰামৰ চিকেন লিভাৰ এটাই প্ৰায় ৬০০ মাইক্ৰ’গ্ৰাম ফ’লেত দিব
10:13 ১০০ গ্ৰাম যিকোনো সাগৰৰ খাদ্যই ৭০০ মাইক্ৰ’গ্ৰাম তকৈ বেছি দিব
10:20 অনুগ্ৰহ কৰি মন কৰিব যে অতিমাত্ৰা গৰম আৰু পানীয়ে ফ’লেতৰ মানক কমায়
10:26 সেইবাবে, খাদ্যক অত্যাধিক ৰন্ধা আৰু পুনৰায় গৰম কৰাক ত্যাগ কৰক
10:33 শাক-পাচলিক উতলোৱাৰ পৰিবৰ্তে সিজাব বা ভাপত দিব পাৰি
10:38 ডালিক ৰন্ধাৰ আগতে সদায় ৰাতিটো ভিজাই ৰাখিব লাগে
10:43 অংকুৰিত কৰি ৰান্ধিলে হ’ল বিনচৰ পুষ্টিকৰ উপাদান বৃদ্ধি হয়
10:49 কিম্বন আৰু ভজাই লগতে ফ’লেতৰ শোষণক উন্নত কৰাত সহায় কৰিব
10:56 আমাৰ ভাল স্বাস্থ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ফ’লেত লোৱাটো অতিশয় দৰকাৰ
11:01 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9