Health-and-Nutrition/C2/General-guidelines-for-Complementary-feeding/Assamese

From Script | Spoken-Tutorial
Revision as of 19:07, 5 August 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:02 পৰিপূৰক আহাৰ খুওঁৱাৰ বাবে সাধাৰণ গাইদলাইনচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি শিকিম
00:14 ৬ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰ আৰম্ভ কৰাৰ গুৰূত্ব
00:19 আৰু ৬ ৰ পৰা ২৪ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰ খুওঁৱাৰ গাইদলাইনচৰ বিষয়ে
00:27 আহক আৰম্ভ কৰো
00:29 শিশু এটাক নিৰন্তৰে স্তনপান কৰাব লাগে জন্মৰ পৰা ৬ মাহ বয়সলৈকে
00:37 ৬ মাহ বয়সে শিশু এটাৰ জীৱনৰ ৬ মাহৰ আৰম্ভণীক নুবুজাই
00:45 তাই ৬ মাহ সম্পূৰ্ণ কৰিব লাগে আৰু জীৱনৰ ৭ মাহ আৰম্ভ হ’ব লাগে
00:52 এই বয়সত, শিশু এটাৰ বাবে নিৰন্তৰ স্তনপান যথেষ্ট নহয়
00:59 স্তনৰ গাখীৰৰ উপৰিওঁ, শিশুটোক পুষ্টিকৰ ঘৰতে ৰন্ধা খাদ্য দিব লাগে
01:06 এই খাদ্যক কোৱা হয় পৰিপূৰক আহাৰ
01:11 ইয়াক দিব লাগে ৬ ৰ পৰা ২৪ মাহ বয়্সৰ শিশু এটাক
01:18 ই এটা অত্যন্ত গুৰূত্বপূৰ্ণ ভূমিকা লয় শিশুটোক ওখ, স্বাস্থ্যবান আৰু বুদ্ধিমান বনোৱাত
01:26 ৬ মাহ বয়সত পৰিপূৰক আহাৰ আৰম্ভ কৰাটো দৰকাৰ
01:33 অন্যথা, শিশুটোৰ বৃদ্ধি আৰু বিকাশ ব্যাহত হ’ব
01:39 লগতে শিশুটোৱে পাছৰ বয়সত গোটা খাদ্য নাকচ কৰাৰ সম্ভাৱনা থাকে
01:47 মনত ৰাখিব, পৰিপূৰক আহাৰে স্তনপানক সমৰ্থন কৰে
01:53 সেইবাবে, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব লাগে
02:00 প্ৰকাৰ,
02:02 ঘনত্ব
02:04 আৰু পৰিপূৰক আহাৰৰ পৰিমাণ শিশুটোৰ বয়সৰ সৈতে ভিন্ন হয়
02:10 প্ৰতিটো বয়সৰ গ্ৰোপৰ বাবে নিৰ্দিষ্ট পৰামৰ্শ আছে
02:16 সিহতক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বিতংকৈ আলোচনা কৰা হৈছে
02:23 এতিয়া, আহক সকলো বয়সৰ বাবে পৰিপূৰক আহাৰ খুওঁৱাৰ গুৰূত্বপূৰ্ণ গাইদলাইনচ আলোচনা কৰো
02:31 যিকোনো নতুন খাদ্য শিশু এটাক প্ৰথমে পৃথককৈ দিব লাগে
02:37 ইয়াক অন্য খাদ্যৰ সৈতে সংযুক্ত কৰিব লাগে পাছত
02:42 ই নিৰ্ণয় কৰাত সহায় কৰিব যদি শিশুটো এটা নিৰ্দিষ্ট খাদ্যলৈ এলাৰজিক হয়
02:48 বিভিন্ন ধৰণৰ খাদ্য খোৱাটো আৱশ্যক হয় ভাল পুষ্টিৰ বাবে
02:54 প্ৰতিবাৰে চাৰিদিনৰ পাছত, শিশুটোৰ আহাৰত এটা নতুন খাদ্য যোগ কৰিব
03:01 আগতে দিয়া খাদ্যৰ লগত একেলগে নতুন খাদ্যটোৰ ১ চামোচৰ সৈতে আৰম্ভ কৰক
03:08 লাহে লাহে ইয়াৰ পৰিমাণ বৃদ্ধি কৰক প্ৰতিদিনে
03:12 সকলো ৮ টা খাদ্যৰ গ্ৰোপৰ পৰা পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা খাদ্যক লাহে লাহে যোগ কৰিব লাগে
03:20 প্ৰথম খাদ্যৰ গ্ৰোপ হৈছে খাদ্যশস্য, মূল আৰু কাণ্ডসমূহ
03:27 লেগিমচ, বীজ আৰু বাদাম হৈছে দ্বিতীয় গ্ৰোপ
03:32 তৃতীয় গ্ৰোপ হৈছে গাখীৰৰ বস্তুসমূহ
03:37 চতুৰ্থ গ্ৰোপ হৈছে মাংস, মাছ আৰু চিকেন
03:42 ডিম হৈছে পঞ্চম গ্ৰোপ
03:46 ভিটামিন এ প্ৰচুৰকৈ থকা ফলমূল আৰু শাক-পাছলি হৈছে ষষ্ঠ গ্ৰোপ
03:52 সপ্তম গ্ৰোপ হৈছে আন ফলমূল আৰু শাক-পাছলিসমূহ
03:57 শেষত, স্তনপান হৈছে অষ্টম গ্ৰোপ কিন্তু অতিশয় গুৰূত্বপূৰ্ণ
04:04 ইয়াক প্ৰতিদিনে সংলগ্ন কৰিব লাগে আন খাদ্যৰ গ্ৰোপসমূহৰ সৈতে
04:11 আদৰ্শভাবে, শিশু এটাৰ খাদ্যত সকলো ৮ টা গ্ৰোপ সংলগ্ন কৰিব লাগে
04:17 যদি শিশু এটাৰ খাদ্যত এই গ্ৰোপসমূহৰ ৫ টাতকৈ কম থাকে, ই এটা গভীৰ সমস্যা
04:24 ইয়াক লগে লগে শুধৰাব লাগে
04:28 কিছুমান শিশুৱে স্তনৰ গাখীৰ একেবাৰেই নাপায়
04:33 তেওঁলোকৰ আহাৰত প্ৰতিদিনে বাকীথকা ৭ টা গ্ৰোপৰ পৰা খাদ্য সংলগ্ন কৰক
04:40 লগতে, তেওঁলোকক ৫০০ এম এল জন্তুৰ গাখীৰ আৰু প্ৰতিদিনে দুবাৰকৈ অতিৰিক্ত আহাৰ দিয়ক
04:49 শিশুটোক খুওঁৱাৰ আগতে জন্তুৰ গাখীৰ সদায় উতলাই ল’ব লাগে
04:55 এতিয়া, আহক শিশু এটাৰ আহাৰত নতুন খাদ্যৰ গ্ৰোপচ যোগ কৰাৰ ক্ৰমক আলোচনা কৰো
05:02 স্তনৰ গাখীৰৰ সৈতে, প্ৰথম ৫ টা গ্ৰোপৰ পৰা পৰিপূৰক আহাৰ দিবলৈ আৰম্ভ কৰক
05:09 ৬ মাহ বয়সৰ পাছ্ত শিশুক অধিক পৰিমাণে পুষ্টিকৰ পদাৰ্থ লাগে
05:16 তথাপি, আৰম্ভণীৰ দিনসমূহত দিব পৰা খাদ্যৰ পৰিমাণ কম হয়
05:24 সেইবাবে, পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা খাদ্য প্ৰথম ৫ টা গ্ৰোপৰ পৰা দিব পাৰি
05:31 এই খাদ্যত পুষ্টিকৰ পদাৰ্থ প্ৰচুৰ থাকে যেনে প্ৰ’টিন আৰু ভাল চৰ্বী
05:38 সিহত দৰকাৰী হয় শিশুটোৰ উচ্চতা আৰু মাংসপেশীৰ বিকাশৰ বাবে
05:45 ভাল চৰ্বী দৰকাৰী হয় শিশুটোৰ মগজুৰ বিকাশৰ বাবে
05:50 এই খাদ্যৰ পাছ্ত, শাক-পাছলি আৰু ফলমূল দিবলৈ আৰম্ভ কৰক
05:57 শাক-পাছলি আৰু ফলমূলত ভিটামিন আৰু খনীজ দ্ৰব্য প্ৰচুৰ থাকে
06:03 তথাপি, সিহত প্ৰ’টিন আৰু চৰ্বীৰ দৰে বেছিকৈ নাথাকে প্ৰথম ৫ টা গ্ৰোপত
06:11 সেইবাবে, সিহতক পাছত আৰম্ভ কৰা হয় ওজন বৃদ্ধি বা হ্ৰাসক অৱজ্ঞা কৰিবলৈ
06:18 লগতে, ফলমূল সোৱাদত মিঠা হয়
06:23 শিশুসমূহে মিঠা সোৱাদৰ আগতে অন্য বেলেগ সোৱাদসমূহ চেষ্টা কৰাটো দৰকাৰ
06:31 অন্য বেলেগ সোৱাদসমূহ চেষ্টা কৰিলে ই শিশুসমূহক অধিক খাদ্য গ্ৰহণ কৰিবলৈ সহায় কৰে
06:37 ই তেওঁলোক পাছলৈ বাছি খোৱা হোৱাৰ সম্ভাৱণাক কমায়
06:44 সেইবাবে, আন সকলো প্ৰকাৰৰ খাদ্য যোগ কৰাৰ পাছত শিশু এটাৰ আহাৰত ফলমূল যোগ কৰা হয়
06:51 সতেজ, ঋতুগত, ল’কেল ফলমূল এদিনত এবাৰ বা দুবাৰ দিব লাগে
06:59 দৈনিক আহাৰৰ পাছত মিষ্টি হিচাবে ফলমূল দিব পাৰে
07:05 শিশুটোৰ দৈনিক আহাৰৰ সৈতে ফলমূলৰ ভৰ্তা মিশ্ৰিত কৰিব নালাগে
07:11 এই বয়সৰ গ্ৰোপৰ বাবে ফলমূলৰ জুইচক পৰামৰ্শ দিয়া নহয়
07:16 ই সংলগ্ন কৰে ঘৰতে প্ৰস্তুত আৰু ৰেদিমেদ ফলমূলৰ জুইচ দুয়োটাকে
07:23 মনত ৰাখিব, ২ বছৰলৈকে স্তনপান কৰাব
07:28 কঠিন খাদ্য দিয়াক ত্যাগ কৰিব যিয়ে শিশু এটাৰ গলাত খুন্দামাৰি ধৰিব পাৰে
07:34 গোটা বাদাম, আঙুৰ, বুট আৰু কেঁচা গাজৰৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ
07:44 সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট
07:51 যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, সুৰক্ষিতভাবে জমা ৰখাৰ আমাৰ টিউট’ৰিয়েলটো চাওঁক
07:57 সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্য খুওঁৱাকো লগতে একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
08:06 সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
08:10 খাদ্যৰ লগতে, উতলাই ঠাণ্ডা কৰা পানীওঁ ৬ মাহ বয়সৰ শিশু এটাক দিব পাৰি
08:18 আৰম্ভ কৰক ৩০ ৰ পৰা ৬০ এম এল পানীৰে, এদিনত দুবাৰকৈ
08:25 ইয়াক বৃদ্ধি কৰিব লাগে গৰম বতৰত আৰু শিশুটোৰ প্ৰয়োজন অনুসৰি
08:31 স্তনৰ গাখীৰ আৰু পানী হৈছে শিশু এটাৰ বাবে উৎকৃষ্ট পানীয়
08:37 তথাপি, সিহতক সঠিক সময়ত দিব লাগে
08:42 শিশু এটাক স্তনপান নকৰাব বা পানী নিদিব আহাৰৰ আগতে
08:48 ভোকাতুৰ শিশু এটাই নতুন খাদ্য চেষ্টা কৰিবলৈ অধিক আগ্ৰহী হয়
08:54 শিশুক স্তনপান কৰাব বা পানী দিব পাৰি আহাৰ খোৱাৰ ২০ ৰ পৰা ৩০ মিনিট আগতে বা পাছত
09:02 পৰ্যাপ্ত পৰিমাণৰ পৰিপূৰক আহাৰৰ প্ৰয়োজন হয় শিশু এটা ভালদৰে বৃদ্ধি হ’বলৈ
09:08 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9