Difference between revisions of "Health-and-Nutrition/C2/Football-hold-for-breastfeeding/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | Time | Narration |- |00:01 |স্তনপান কৰোৱাৰ '''ফুটবল''' স্থিতিৰ '''স্প’কেন টিউট’ৰ...")
 
 
Line 422: Line 422:
 
|-  
 
|-  
 
| 10:53
 
| 10:53
ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি 
+
|  এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ
 
+
|-
+
| 10:57
+
| এই টিউট’ৰিয়েলটোত, আমি শিকিলো: মাক আৰু শিশুৰ বাবে স্তনপান কৰাৰ সঠিক স্তিতিক বাচিবলৈ,
+
 
+
|-
+
| 11:04
+
|  স্তনপান কৰাৰ আগতে মাকৰ প্ৰস্তুতি আৰু '''ফুটবল''' স্থিতি কৰাৰ পৰ্যায়্ক্ৰমে প্ৰণালি
+
 
+
|-
+
| 11:12
+
| এই টিউট’ৰিয়েলটো '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে''' অবদান দিছে  
+
 
+
|-
+
| 11:18
+
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক '''NMEICT, MHRD,''' ভাৰত চৰকাৰে পুঁজি দিয়ে
+
 
+
|-
+
| 11:26
+
| এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
+
 
+
|-
+
| 11:30
+
| এই টিউট’ৰিয়েলটোক '''WHEELS গ্ল’বেল ফাউন্দেচনে''' এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে
+
 
+
|-
+
| 11:38
+
| এই টিউট’ৰিয়েলটো '''মা আৰু শিশু পোষণ''' প্ৰকল্পৰ এটা অংশ হয় 
+
+
|-
+
| 11:44
+
| এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে ডাঁ ৰুপল দালাল, MD শিশুৰোগ চিকিৎসা 
+
 
+
|-
+
| 11:50
+
| '''IIT বম্বেৰ''' পৰা আহাৰ বিশেষজ্ঞ তচনিম চেইখ, এনিমেতৰ চিতল যোচিয়ে আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ
+
  
 
|}
 
|}

Latest revision as of 17:36, 19 November 2020

Time Narration
00:01 স্তনপান কৰোৱাৰ ফুটবল স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ,
00:15 স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু ফুটবল স্থিতি কৰাৰ পৰ্যায়্ক্ৰমে প্ৰণালি
00:23 আহক আৰম্ভ কৰো
00:24 সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায়
00:31 আগৰ টিউট’ৰিয়েল এটাত আলোচনা কৰাৰ দৰে, মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত-
00:41 মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়,
00:48 শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে আৰু পৰ্যাপ্ত গাখীৰ পায়
00:56 আহক আমি স্তনপান কৰোৱাৰ ফুটবল স্থিতিৰ বিষয়ে শিকো
01:01 ফুটবল স্থিতি বিশেষভাবে উপকাৰি হয় যদি মাকৰ চিজাৰিয়ান প্ৰসৱ হয়,
01:08 ডাঙৰ স্তন থাকে,
01:10 এটা সৰু বা সময়ৰ আগতেই জন্ম হোৱা শিশু থাকে বা
01:14 য্মজ শিশু থাকে
01:15 সদায় মনত ৰাখিব : শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাতদুটা ভালদৰে ধুই শুকোৱাই ল’ব লাগে
01:22 পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে
01:27 স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে
01:34 সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে
01:38 পাছত, আহক মাকৰ স্থিতিক আলোচনা কৰো
01:43 মাকে মজিয়াত বা বিচনাত ক্ৰচ লেগ অৱস্থানত বহিব লাগে
01:48 বা, চকী এখনত বহি ভৰি দুটা মজিয়াত সমানে ৰাখিব লাগে
01:51 যদি চকীখন বেছি ওখ হয় আৰু তেওঁৰ ভৰিদুটাই মজিয়াখন ধুকি নাপাই তেন্তে তেওঁ মজিয়াত ৰখা সৰু ষ্টুল এখনত বা গাৰুত ভৰি দুটা সমানে থ’ব পাৰে
02:02 বহি থাকোতে, তেওঁ নিশ্বিত কৰিব লাগে যে - তেওঁৰ পিঠিখন চিধা হয় যাতে পিঠিৰ বিষ নহয়,
02:09 তেওঁৰ বাহুদুটা ওপৰলৈ উঠোৱা বা বেকা হ’ব নালাগে
02:13 আৰু, এই আৰামদায়ক স্থিতি স্তনপান সমাপ্ত হোৱালৈকে বাহাল ৰাখিব লাগে
02:19 মাকে স্তনপান কৰাবলগীয়া স্তনটোৰ কাষত ৩ ৰ পৰা ৪টা গাৰু ৰাখিব লাগে
02:26 একেবাৰে ওপৰৰ গাৰুটো আন গাৰুকেইটা আৰু মাকৰ উৰূৰ ওপৰত কোণাকুণিকৈ ৰাখিব লাগে
02:32 পাছত, মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে
02:38 তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে
02:45 আৰামদায়কভাবে বহাৰ পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক
02:49 মাকে শিশুটোৰ পিঠিখন গাৰুত থ’ব লাগে
02:53 তেওঁ শিশুটোৰ মুৰটো সেইটো হাতেৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ একেফালে থাকে
03:01 শিশুটোৰ ভৰি দুটা মাকৰ একেটা হাতৰ কাষলতিৰ ভিতৰেদি গাৰুলৈ যাব লাগে
03:08 মাকে এই হাতটো আৰু শিশুটোৰ ভৰি দুটা গাৰুত আঁউজাই থ’ব লাগে
03:13 এই চিত্ৰখনত মাকে তেওঁৰ শিশুটোক সোফালৰ স্তনৰ পৰা স্তনপান কৰাব
03:18 সেইবাবে, শিশুটোৰ ভৰি দুটা মাকৰ সোফালৰ কাষলতিৰ ভিতৰেদি গৈছে
03:23 তেওঁ সোহাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ব্যৱ্হাৰ কৰিছে শিশুটোৰ মুৰৰ তলৰ অংশটো ধৰিবলৈ
03:31 মনত ৰাখিব, মাকে পিঠিখন বেকা কৰি স্তনটো কেতিয়াওঁ শিশুটোৰ ফালে আনিব নালাগে
03:37 ইয়াৰ দ্বাৰা তেওঁৰ অসহ্য লাগিব আৰু পিঠিৰ বিষ হ’ব
03:42 তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক উঠাই আনিব লাগে স্তনটো ধুকি পাবলৈ
03:48 পাছত, আহক শিশুটোৰ মুৰটো ধৰিবলৈ মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক চাওঁ
03:56 মাকৰ বুঢ়া আঙুলিটো এখন কাণৰ পাছফালে আৰু বাকী আঙুলিসমূহ শিশুটোৰ আনখন কাণৰ পাছফালে থাকিব লাগে
04:03 তেওঁ বুঢ়া আঙুলিটো বা বাকী আঙুলিসমূহ কাণৰ পাছফালৰ পৰা আতৰাই শিশুটোৰ ডিঙিলৈ নিব নালাগে
04:09 তেওঁৰ মণিবন্ধটো শিশুটোৰ বাহুদুটাৰ মাজত থাকিব লাগে
04:13 তেওঁৰ হাতে শিশুটোৰ মুৰৰ পাছফালে হেচা দিব নালাগে । ইয়াৰ দ্বাৰা শিশুটোৱে স্তনপানৰ সময়ত আৰাম পাব
04:23 পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো
04:27 শিশুটোৰ মুখখন মাকৰ মুখৰ সন্মুখত হ’ব লাগে
04:31 শিশুটোৰ শৰীৰে মাকৰ শৰীৰটোক অলপ হেচা দিব লাগে
04:36 তেওঁলোকৰ শৰীৰৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ কম শক্তি লাগিব
04:41 আৰু স্তনৰ লগত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব
04:47 অৱস্থান নিৰ্ণয় কৰাত দ্বিতীয় পইন্তটো হৈছে শিশুটোৰ শৰীৰৰ সমতলতা
04:51 যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকে
04:57 একেদৰে, স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে
05:06 ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব
05:10 এতিয়া, আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো
05:16 মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰটোক সমৰ্থন কৰিব লাগিব
05:22 অন্যথা, স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব
05:30 পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ
05:34 শিশুটোৰ নাক সদায় মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগে
05:39 আৰু তেওঁৰ থুতৰিটো স্তনটোৰ একেবাৰে ওচৰত আগৰফালে থাকিব লাগে
05:44 ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ ল’ব আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব
05:55 মন কৰিব- স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা
06:00 এতিয়া যিহেতু শিশুটো সঠিককৈ ধৰা হ’ল, আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকো
06:07 তেওঁৰ আনটো হাতত থকা আঙুলিসমূহ ব্যৱ্হাৰ কৰি, মাকে স্তনটো কাষৰ পৰা C আকাৰত ধৰিব লাগে
06:15 এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো ধৰিবলৈ বাওঁহাতটো ব্যৱ্হাৰ কৰিব
06:21 বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক বুজিবলৈ- কল্পনা কৰক মাকৰ সোফালৰ স্তনটো এটা ঘড়ি আৰু স্তনাগ্ৰটো হৈছে তাৰ কেন্দ্ৰ
06:30 তেওঁ বাওঁহাতৰ বুঢ়া আঙুলিটো এই ঘড়িটোৰ ১২ নম্বৰ স্থানত থ’ব লাগিব
06:35 আৰু তেওঁৰ বাওঁহাতৰ তৰ্জনী আঙুলি আৰু মধ্য আঙুলি ৬ নম্বৰ স্থানত থ’ব লাগিব
06:42 আঙুলিসমূহ সদায় শিশুৰ উঠৰ দিশত হ’ব লাগে
06:47 কিয়? আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজো
06:52 যেতিয়া আমি এটা বৰা পাউ বা বাৰ্গাৰ খাওঁ, আমাৰ উঠ অনুভূমিকভাবে খোল খায়
06:58 আমি বৰা পাউ বা বাৰ্গাৰটো অনুভূমিকভাবে ধৰো এটা ডাঙৰ কামোৰ মাৰিবলৈ
07:03 ইয়াত, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ উঠৰ দিশত থোৱা হয়
07:10 যদি আমি বৰা পাউ বা বাৰ্গাৰটো উলম্বভাবে ধৰো, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম
07:16 একেদৰে, শিশুটোৰ উঠৰ দিশক লক্ষ্য কৰক
07:21 উঠদুটা ইয়াত অনুভূমিক
07:24 সেইবাবে, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত অনুভূমিকভাবে থ’ব লাগে
07:32 ই শিশুটোক মুখত এৰিঅ’লাটোৰ তলৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব
07:39 শিশুটোৰ উঠৰ দিশত হোৱাৰ উপৰিওঁ, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত থাকিব লাগে
07:50 পুনৰ, বৰা পাউ বা বাৰ্গাৰ এটা খাওঁতে, যদি আমি ইয়াক অতি ওচৰত ধৰো, আমাৰ আঙুলিসমূহে মুখক ডাঙৰ কামোৰ এটা মাৰিবলৈ বাধা দিব
08:00 যদি আমি ইয়াক বেছি দুৰত ধৰো, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ’ব
08:07 সেইবাবে, আমি ইয়াক সঠিক দুৰত্বত ধৰো ডাঙৰ কামোৰ এটা মাৰিবলৈ
08:13 একেদৰে শিশুটোৰ বাবে, সঠিক দুৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত, এই চিত্ৰখনত দেখুৱাৰ দৰে
08:21 এই দুৰত্বই নিশ্বিত কৰিব যে - মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅ’লাটোৰ তলৰ অংশটো ল’বলৈ বাধা নিদিয়ে
08:31 মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব
08:36 মাকে এৰিঅ’লাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ উলায়
08:42 আৰু, স্তনৰ আকাৰটো সঠিক হ’ব যাতে শিশুটোৱে গভীৰভাবে যুক্ত হ’ব পাৰে
08:50 মনত ৰাখিব - মাকৰ বুঢ়া আঙুলিটো স্তনটোৰ ওপৰফালে থাকিব লাগিব
08:55 আৰু তেওঁৰ দুটা আঙুলি স্তনটোৰ তলৰফালে থাকিব লাগিব, এই চিত্ৰখনত দেখুৱাৰ দৰে
09:01 আহক বৰা পাউ বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ
09:06 বৰা পাউ বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত, আমি ডাঙৰ কামোৰ এটা মাৰিবলৈ সদায় ইয়াক সংকুচিত কৰো
09:12 একেদৰে, মাকে স্তনক কাষৰ পৰা C আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে
09:18 ই শিশুটোক স্তনটোৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব
09:23 কিন্তু মনত ৰাখিব, মাকে তেওঁৰ স্তনক কেচি এখনৰ আকাৰত সংকুচিত কৰিব নালাগে
09:30 কেচিৰ আকাৰত সংকুচিত কৰিলে স্তনত চিকুট খাব আৰু স্তনাগ্ৰৰ পৰা স্তনপান কৰা হ’ব
09:36 লগতে, নিশ্বিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয়
09:43 অন্যথা, স্তনাগ্ৰটো হয়তো ওপৰলৈ বা তললৈ গুচি যাব আৰু শিশুটো স্তনৰ লগত গভীৰভাবে যুক্ত হ’ব নোৱাৰিব
09:51 কেতিয়াবা, মাকে হয়তো শিশুটোক এটা বেলেগ স্থিতিত ধৰিবলৈ পচন্দ কৰিব পাৰে
09:56 এই চিত্ৰখনত, শিশুটো মাকৰ সন্মুখত নাই
10:00 শিশুটোৰ মুৰটো স্তনটোলৈ স্তনৰ কাষৰ পৰা অনা হৈছে আৰু তলৰ পৰা নহয়
10:07 শিশুটোৰ উঠদুটা ইয়াত উলম্ব । সেইবাবে, মাকে তেওঁৰ আঙুলিসমূহ স্তনটোত উলম্বভাবে U আকাৰত ৰাখিব লাগিব
10:17 মনত ৰাখিব, যিকোনো স্তনপানৰ স্থিতিৰ বাবে স্তনটো ধৰি থকা মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ সদায় শিশুটোৰ উঠৰ দিশত থাকিব লাগে
10:28 এতিয়া, শিশুটো ফুটবল স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ সাজু আছে
10:34 স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাৰ সঠিক কৌশলটো একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
10:41 শিশুটো এবাৰ স্তনৰ সৈতে সঠিককৈ যুক্ত হ’লে আৰু যদি স্তনটো বেছি ডাঙৰ আৰু গধুৰ নহয় তেন্তে মাকে হাতৰ পৰা স্তনটো এৰি সেই হাতটো মুক্ত ৰাখিব পাৰে
10:53 এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9