Health-and-Nutrition/C2/Feeding-expressed-breastmilk-to-babies/Assamese

From Script | Spoken-Tutorial
Revision as of 18:27, 19 November 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশুক খুওঁৱাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম :

কেনেকৈ জমা ৰখা স্তনৰ গাখীৰক শিশু এটাক খুৱাবৰ বাবে প্ৰস্তুত কৰা হয়

00:14 আৰু স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশু এটাক কেনেকৈ খুওঁৱা হয়
00:19 আহক আৰম্ভ কৰো । স্তনৰ পৰা গাখীৰ বাহিৰ কৰাৰ বাবে শিশুটো আৰু মাকৰ বহুতো লাভ হয়
00:26 স্তনৰ পৰা গাখীৰ বাহিৰ কৰা আৰু ইয়াক নিৰাপদকৈ জমা ৰখাৰ বিষয়ে আন টিউট’ৰিয়েলত ব্যাখ্যা কৰা হৈছে
00:34 এতিয়া, আহক আমি শিকো কেনেকৈ জমা ৰখা স্তনৰ গাখীৰক শিশুটোক খুৱাবৰ বাবে প্ৰস্তুত কৰা হয়
00:42 স্তনৰ গাখীৰ হেন্দল কৰাৰ আগতে, শুশ্ৰষাকাৰীয়ে- তেওঁলোকৰ হাতদুটা চাবোন আৰু পানীৰে ধুব লাগিব আৰু ভালদৰে শুকোৱাই ল’ব লাগিব
00:52 মনত ৰাখিব, আটাইতকৈ পুৰণা জমাৰখা স্তনৰ গাখীৰক সদায় প্ৰথমতে ব্যৱ্হাৰ কৰিব লাগিব
00:59 ফ্ৰ’জেন স্তনৰ গাখীৰ ব্যৱ্হাৰ কৰোতে, সাধাৰণতে ইয়াক ফ্ৰিজৰ একেবাৰৰ তলৰ খলপত ৰাতিটো ৰাখি অশীতলীকৰণ কৰি ল’ব
01:08 আৰু, এই অশীতলীকৰণ কৰা গাখীৰক পাছৰ ২৪ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰক
01:15 কিন্তু যদি ফ্ৰ’জেন স্তনৰ গাখীৰ তৎক্ষণাত লাগে, ইয়াক ফ্ৰিজৰ বাহিৰত অশীতলীকৰণ কৰক -

প্ৰথমে ইয়াক ঠাণ্ডা পানীৰ পাত্ৰ এটাত ৰাখক,

01:25 আৰু পাছত ইয়াক উমি উমি গৰম পানীৰ পাত্ৰ এটাত ৰাখক
01:31 উমি উমি গৰম পানীত অশীতলীকৰণ কৰোতে - স্তনৰ গাখীৰৰ পাত্ৰটো লাহে লাহেকৈ আৰু মাজেসময়ে লৰাই থাকক
01:38 ইয়াক জোৰে জোৰে আৰু অনবৰতে লৰাই নাথাকিব
01:42 ব্যৱ্হাৰ কৰাৰ আগতে স্তনৰ গাখীৰৰ পাত্ৰটোৰ বাহিৰটো এখন চাফা কাপোৰৰে শুকোৱাই ল’ব
01:48 এই অশীতলীকৰণ কৰা স্তনৰ গাখীৰক ২ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰক আৰু যিকোনো ব্যৱ্হাৰ নকৰা গাখীৰক পেলাই দিয়ক
01:56 অশীতলীকৰণ কৰা স্তনৰ গাখীৰৰ গন্ধ আৰু সোৱাদ বেলেগ হ’ব পাৰে ফ্ৰেচ স্তনৰ গাখীৰতকৈ
02:03 ই ঠিকেই হয় যেতিয়ালৈকে শিশুটোৱে ইয়াক গ্ৰহণ কৰে
02:08 শুশ্ৰষাকাৰীয়ে সদায় স্তনৰ গাখীৰক গুন্ধি চাব লাগে ইয়াক শিশুটোক খাবলৈ দিয়াৰ আগতে
02:16 যদি গাখীৰখিনি টেঙা টেঙা গুন্ধায়, ইয়াক ব্যৱ্হাৰ নকৰিব
02:20 মনত ৰাখিব- স্তনৰ গাখীৰ জমা ৰাখোতে, ইয়াৰ ক্ৰিমখিনি পৃথক হৈ ওপৰত জমা হ’ব
02:28 এইটো সাধাৰণ হয় । ব্যৱ্হাৰ কৰাৰ আগতে লাহে লাহে লৰাব ক্ৰিমখিনি পুনৰ গাখীৰৰ লগত মিশ্ৰিত কৰিবলৈ
02:36 স্তনৰ গাখীৰক শিশুটোক খুওঁৱাৰ আগতে গৰম কৰিবলৈ-

স্তনৰ গাখীৰৰ পাত্ৰটো উমি উমি গৰম পানীৰ বাতি এটাত ২০ ৰ পৰা ৩০ মিনিটৰ বাবে ৰাখক

02:47 গাখীৰখিনি কিমান গৰম হ’ল চাবলৈ কেইটোপালমান আপোনাৰ ৰিষ্টত পেলাই চাওঁক । ই সঠিক হয় যেতিয়াই গৰম অনুভৱ হয়
02:56 স্তনৰ গাখীৰ গৰম কৰিবলৈ উতলা পানী ব্যৱ্হাৰ নকৰিব । জমা ৰখা স্তনৰ গাখীৰ পোনপটিয়াকৈ ফ্ৰিজৰ পৰা ব্যৱ্হাৰ কৰিবলৈ চেষ্টা কৰক
03:05 ই অত্যাধিক গৰম হোৱা আৰু পুৰি যোৱাৰ সমস্যাক ত্যাগ কৰিবলৈ সহায় কৰিব
03:12 স্তনৰ গাখীৰক পোনপটিয়াকৈ ষ্ট’ভ এটাত বা মাইক্ৰ’ৱেভত ৰাখি গৰম নকৰিব
03:19 পোনপটিয়াকৈ গৰম কৰিলে স্তনৰ গাখীৰত থকা বহুতো সংক্ৰমণ-প্ৰতিৰোধ কৰিব পৰা ফেক্তৰ নষ্ট হয়
03:27 যেতিয়া স্তনৰ গাখীৰ প্ৰস্তুত হয়, ইয়াক শিশুটোক দিয়ক
03:32 তাক কৰিবলৈ, নিম্ন পাত্ৰসমূহ ব্যৱ্হাৰ কৰিব পাৰি:

এটা পালাদি, এটা সৰু কাপ, এখন চামোচ বা এটা নিফতি কাপ

03:42 এইবোৰৰ পৰা, শিশুটোক খুৱাবলৈ চামোচ এখন বা কাপ এটা ব্যৱ্হাৰ কৰাটো বাঞ্ছনীয় হয়
03:49 প্ৰথমে, শুশ্ৰষাকাৰীয়ে নিৰ্বাচিত পাত্ৰটোক চাবোন আৰু পানীৰে ধুব লাগিব আৰু পাছত ভালদৰে বতাহত শুকোৱাব লাগিব বা ইয়াক এখন ব্যৱ্হাৰ নকৰা চাফা কাপোৰৰে মুচি শুকোৱাব লাগিব
04:02 তেতিয়া, শুশ্ৰষাকাৰীয়ে তেওঁৰ হাতদুটা ভালদৰে ধুব আৰু শুকোৱাব লাগিব
04:10 তেওঁ নিৰ্বাচিত পাত্ৰটোক স্তনৰ গাখীৰৰে আধা-ভৰ্ত্তি বা দুই-তৃতীয়াংশ ভৰ্ত্তি কৰিব লাগিব
04:16 তেতিয়া, তেওঁ শিশুটোক ওচৰত ওপৰমুৱাকৈ তেওঁৰ কোলাত ল’ব লাগিব
04:23 তেওঁৰ হাতে শিশুটোৰ মুৰ আৰু ডিঙিক সমৰ্থন কৰিব লাগিব
04:28 যদি তেওঁ শিশুটোক খুৱাবলৈ পালাদি এটা ব্যৱ্হাৰ কৰিছে- তেওঁ পালাদিৰ মুৰটো শিশুটোৰ মুখৰ চুকএটাৰ ভিতৰত থ’ব লাগিব
04:39 ইয়াক শিশুটোৰ উঠৰ মাজত লাহেকৈ দিব লাগিব
04:45 পালাদিৰ মুৰটোৱে শিশুটোৰ ওপৰৰ উঠক লাহেকৈ স্পৰ্শ কৰিব লাগিব
04:50 এই অৱস্থাত, গাখীৰখিনি পালাদিটোৰ ঠোটৰ কিনাৰত থাকিব লাগিব
04:58 শিশুটোৱে গাখীৰ চুপিবলৈ ধৰিলে - শুশ্ৰষাকাৰীয়ে পালাদিটো লাহে লাহে বেকা কৰিব লাগিব গাখীৰখিনি কিনাৰত ৰাখিবলৈ
05:07 যদি শুশ্ৰষাকাৰীয়ে শিশুটোক খুৱাবলৈ সৰু কাপ এটা ব্যৱ্হাৰ কৰিছে- তেওঁ কাপটো শিশুটোৰ উঠৰ মাজত লাহেকৈ ধৰিব লাগিব
05:17 কাপৰ কিনাৰটোৱে শিশুটোৰ ওপৰৰ উঠক লাহেকৈ স্পৰ্শ কৰিব লাগিব
05:22 তেওঁ কাপটো লাহে লাহেকৈ বেকা কৰি থাকিব লাগিব গাখীৰখিনি কাপটোৰ একেবাৰে ওপৰ নোপোৱালেকে
05:28 ই শিশুটোক কাপৰ কিনাৰটোৰ পৰা গাখীৰ ল’বলৈ দিব
05:33 যদি শুশ্ৰষাকাৰীয়ে শিশুটোক খুৱাবলৈ চামোচ এখন ব্যৱ্হাৰ কৰিছে- তেওঁ চামোচখন শিশুটোৰ উঠৰ মাজত লাহেকৈ ধৰিব লাগিব
05:42 চামোচখনৰ কিনাৰটোৱে শিশুটোৰ ওপৰৰ উঠক লাহেকৈ স্পৰ্শ কৰিব লাগিব
05:47 তেতিয়া তেওঁ চামোচখন লাহে লাহেকৈ বেকা কৰি থাকিব লাগিব গাখীৰখিনি চামোচখনৰ কিনাৰ নোপোৱালেকে
05:54 জন্মৰ পাছত প্ৰথম কিছু দিনৰ বাবে চামোচ এখনৰে খুওৱাটো ভাল
05:59 কাৰণ এইখিনি দিনত মাত্ৰ অলপ পৰিমাণৰ গাখীৰৰ প্ৰয়োজন হয়
06:07 যদি শুশ্ৰষাকাৰীয়ে শিশুটোক খুৱাবলৈ নিফতি কাপ এটা ব্যৱ্হাৰ কৰিছে- তেওঁ নিফতি কাপটোৰ সৰু ভাণ্ডাৰটো শিশুটোৰ মুখৰ মাজত লাহেকৈ ধৰিব লাগিব
06:19 শিশুটোৱে গাখীৰ চুপিবলৈ ধৰিলে, তেওঁ কাপটো লাহে লাহে ওপৰলৈ বেকা কৰিব লাগিব । ই ভাণ্ডাৰটো খালি হ’লে তাত গাখীৰ যোগ কৰিব
06:31 স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশুটোক খুৱাওঁতে, কেতিয়াওঁ গাখীৰ পোনপটিয়াকৈ শিশুৰ মুখত নিদিব
06:38 ই শিশুটোক খুন্দা মাৰি ধৰিব পাৰে
06:40 তাৰ পৰিবৰ্তে, গাখীৰখিনি কিনাৰত ৰাখিব আৰু খুওঁৱাৰ সময়ত সেই অৱস্থাতে ৰাখিব
06:47 সদায় নিশ্বিত কৰিব যাতে শিশুটো সম্পূৰ্ণ সাৰপাই, প্ৰস্তুত হৈ থাকে আৰু খাবৰ বাবে আগ্ৰহী হয়
06:54 যদি প্ৰয়োজন হয়, শিশুটোক মেৰিয়াই ল’ব যাতে তাই খুৱাই থকাজনৰ হাতৰ পৰা কাপটো ঠেলি পেলাব নোৱাৰে
07:03 সদায় শিশুটোক গাখীৰখিনি নিজে চুপি খাবলৈ দিব
07:08 সংকেতৰ বাবে মন কৰিব যি বুজাই যে শিশুটোৱে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ খালে,
07:13 সংকেতসমূহ যেনে - তাইৰ হাতদুটা ওপৰলৈ দিয়া
07:16 টোপনি যোৱা বা তাইৰ মুখখন বন্ধ কৰা
07:21 মনত ৰাখিব, শিশুটোৰ তলৰ উঠত বেছি চাপ প্ৰয়োগ নকৰিব
07:28 সদায় পাত্ৰটোৰ কিনাৰটোৰে শিশুটোৰ ওপৰৰ উঠত লাহেকৈ স্পৰ্শ কৰিব
07:34 কাপ, পালাদি বা চামোচখন শিশুটোৰ মুখৰ ভিতৰত অতি বেছিকৈ নথ’ব
07:41 শিশু এটাক কেতিয়াওঁ শুই থকা অৱস্থাত নুখুৱাব
07:45 স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশুটোক খুৱাবলৈ বটল ব্যৱ্হাৰ নকৰিব
07:51 শিশুটোক খুওঁৱাৰ পাছত, কাপ, পালাদি বা চামোচখন চাবোন আৰু চাফা পানীৰে ভালদৰে ধুব লাগে । আৰু, ইয়াক সম্পূৰ্ণকৈ বতাহত শুকাবলৈ দিব লাগে
08:04 কিছুমান শিশু অসন্মত হয় স্তনৰ পৰা বাহিৰ কৰা গাখীৰ ল’বলৈ, নিৰ্দিষ্টকৈ প্ৰথমতে কিছু লোকৰ পৰা
08:12 সিহঁত হয়তো কম অসন্মত হয় যেতিয়া আন কোনোবাই ইয়াক তেওঁলোকক দিয়ে
08:17 যদি বাহিৰ কৰা গাখীৰ ল’বলৈ শিশুটো অমান্তি হয়, চিন্তা কৰিব নালাগে
08:22 মাক কামৰ পৰা ঘূৰি আহিলে, শিশুটোৱে মিচ কৰা আহাৰ পূৰাই ল’ব অধিকবাৰ বা বেছি সময়ৰ বাবে স্তনপান কৰি
08:32 মনত ৰাখিব, স্তনৰ গাখীৰক নিৰাপদে ৰাখিব: হাতদুটা, কন্তেনাৰচ আৰু পাত্ৰসমূহ ধুই,

প্ৰয়োজন হোৱাৰ লগে লগেই গাখীৰ খুৱাই বা ইয়াক নিৰাপদে জমা ৰাখি

08:44 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা

Contributors and Content Editors

Mausamh9