Health-and-Nutrition/C2/Cradle-Hold-for-Breastfeeding/Assamese

From Script | Spoken-Tutorial
Revision as of 14:11, 24 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 স্তনপান কৰোৱাৰ ক্ৰেদল স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত আমি শিকিম-
00:09 মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ
00:15 স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু
00:18 ক্ৰেদল স্থিতি কেনেকৈ কৰা হয়
00:22 আহক আৰম্ভ কৰো । সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায় । আগৰ টিউট’ৰিয়েল এটাত আলোচনা কৰাৰ দৰে- মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত-
00:39 মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়
00:45 শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে
00:50 আৰু পৰ্যাপ্ত গাখীৰ পায়
00:54 আহক আমি স্তনপান কৰোৱাৰ ক্ৰেদল স্থিতিৰ বিষয়ে শিকো
00:59 শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাতদুটা চাবোন আৰু পানীৰে ধুব লাগে
01:05 আৰু ভালদৰে শুকোৱাই ল’ব লাগে
01:10 পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে
01:15 স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে
01:22 সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে
01:27 পাছত, আহক মাকৰ স্থিতিক আলোচনা কৰো
01:31 মাকে মজিয়াত বা বিচনাত ক্ৰচ লেগ অৱস্থানত বহিব লাগে
01:36 বা চকী এখনত বহি ভৰি দুটা মজিয়াত সমানে ৰাখিব লাগে
01:41 যদি চকীখন বেছি ওখ হয় আৰু তেওঁৰ ভৰিদুটাই মজিয়াখন ধুকি নাপাই তেন্তে -
01:47 তেওঁ মজিয়াত ৰখা সৰু ষ্টুল এখনত বা গাৰুত ভৰি দুটা সমানে থ’ব পাৰে
01:53 বহি থাকোতে, তেওঁ নিশ্বিত কৰিব লাগে যে - তেওঁৰ পিঠিখন চিধা হয় যাতে পিঠিৰ বিষ নহয়
02:00 তেওঁৰ বাহুদুটা ওপৰলৈ উঠোৱা বা তললৈ নমোৱা হ’ব নালাগে
02:05 আৰু এই আৰামদায়ক স্থিতি স্তনপান সমাপ্ত হোৱালৈকে বাহাল ৰাখিব লাগে
02:12 এতিয়া, মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে
02:18 তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে
02:25 সুবিধাজনকভাবে বহাৰ পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক
02:29 মাকে শিশুটো সেইটো বাহুৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ একে ফালে থাকে
02:37 শিশুটোৰ মুৰটো সেই বাহুৰ কিলাগুটিটোৰ ভিতৰৰ ভাজটোত আৰামদায়ক ভাবে থাকিব লাগে
02:44 একেটা বাহুৰে, মাকে শিশুটোৰ মুৰ, ডিঙি আৰু কান্ধক সমৰ্থন কৰিব লাগে
02:51 এই চিত্ৰখনত মাকে, তেওঁৰ শিশুটোক সোফালৰ স্তনৰ পৰা স্তনপান কৰাব
02:56 সেইবাবে, তেওঁ শিশুটোৰ মুৰ, ডিঙি আৰু কান্ধক সমৰ্থন কৰিবলৈ তেওঁৰ সোবাহুটো ব্যৱ্হাৰ কৰিছে আৰু
03:04 শিশুটোৰ মুৰটো তেওঁৰ সোফালৰ কিলাগুটিটোৰ ভিতৰৰ ভাজটোত আৰাম কৰিছে
03:10 যদি মাকক শিশুটো উঠাবলৈ অতিৰিক্ত সহায় লাগে, তেওঁ কোলাত শিশুটোৰ তলত গাৰু এটা ৰাখিব পাৰে
03:19 মনত ৰাখিব, মাকে পিঠিখন বেকা কৰি স্তনটো কেতিয়াওঁ শিশুটোৰ ফালে আনিব নালাগে
03:25 ইয়াৰ দ্বাৰা তেওঁৰ অসহ্য লাগিব আৰু পিঠিৰ বিষ হ’ব
03:30 তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক উঠাই আনিব লাগে স্তনটো ধুকি পাবলৈ
03:36 পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো
03:42 শিশুটোৰ পেটটো মাকৰ শৰীৰৰদ্বাৰা অলপ হেচিব লাগে
03:47 তেওঁলোকৰ শৰীৰৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ কম শক্তি লাগিব
03:54 আৰু গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব
04:00 পাছত, দ্বিতীয় দৰকাৰী পইন্টটো হৈছে শিশুটোৰ গোটেই শৰীৰটো কোন দিশত ধৰা হৈছে
04:08 আপুনি হয়তো লক্ষ্য কৰিছে যে- যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকে
04:16 কিন্তু, স্তনপান কৰাওঁতে, বহুতো মাকে প্ৰায়ে শিশুটোৰ মুৰটো কাষলৈ ঘূৰাই লয়
04:23 ইয়াৰদ্বাৰা স্তনপান শিশুটোৰ বাবে অস্বস্তিকৰ হ’ব
04:28 স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে
04:35 ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব
04:41 এতিয়া আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো
04:46 মাকে শিশুটোৰ মুৰ, ডিঙি আৰু কান্ধক সমৰ্থন কৰিব লাগিব
04:51 অন্যথা স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব
04:58 পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ
05:03 শিশুটোৰ নাক সদায় মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগে
05:07 আৰু তেওঁৰ থুতৰি স্তনটোৰ একেবাৰে ওচৰত আগৰফালে থাকিব লাগে
05:13 ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ ল’ব
05:19 আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব
05:26 মন কৰিব - স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা
05:32 এতিয়া যিহেতু শিশুটো সঠিক স্থিতিত ৰখা হ’ল,
05:35 আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকো
05:39 মুক্ত হৈ থকা হাতটোত থকা আঙুলিসমূহ ব্যৱ্হাৰ কৰি, মাকে স্তনটো ওপৰফালৰ পৰা U আকাৰত ধৰিব লাগে
05:48 এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো ধৰিবলৈ বাওঁহাতটো ব্যৱ্হাৰ কৰিব
05:55 বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক বুজিবলৈ, কল্পনা কৰক মাকৰ সোফালৰ স্তনটো এটা ঘড়ি আৰু স্তনাগ্ৰটো হৈছে তাৰ কেন্দ্ৰ
06:04 মাকে তেওঁৰ বাওঁহাতৰ বুঢ়া আঙুলিটো এই ঘড়িটোৰ ৩ নম্বৰ স্থানত থ’ব লাগিব
06:10 আৰু তেওঁৰ বাওঁহাতৰ তৰ্জনী আঙুলি আৰু মধ্য আঙুলি ৯ নম্বৰ স্থানত থ’ব লাগিব
06:18 মাকৰ আঙুলিসমূহ, স্তনটো ধৰি থাকোতে, সদায় শিশুৰ উঠৰ দিশত হ’ব লাগে
06:25 কিয়? আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজো
06:30 যেতিয়া আমি এটা বৰা পাউ বা বাৰ্গাৰ খাওঁ, আমাৰ উঠ অনুভূমিকভাবে খোল খায়
06:35 আমি বৰা পাউ বা বাৰ্গাৰটো অনুভূমিকভাবে ধৰো এটা ডাঙৰ কামোৰ মাৰিবলৈ
06:40 ইয়াত, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ উঠৰ দিশত থোৱা হয়
06:46 যদি আমি বৰা পাউ বা বাৰ্গাৰটো উলম্বভাবে ধৰো, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম
06:53 একেদৰে, শিশুটোৰ উঠৰ দিশক লক্ষ্য কৰক । উঠদুটা ইয়াত লম্ব
07:00 সেইবাবে, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত লম্বকৈ থ’ব লাগে
07:06 ই শিশুটোক মুখত এৰিঅ’লাটোৰ তলৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব
07:13 শিশুটোৰ উঠৰ দিশত হোৱাৰ উপৰিওঁ, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত থাকিব লাগে
07:23 পুনৰ, বৰা পাউ বা বাৰ্গাৰ এটা খাওঁতে, যদি আমি ইয়াক অতি ওচৰত ধৰো, আমাৰ আঙুলিসমূহে মুখক ডাঙৰ কামোৰ এটা মাৰিবলৈ বাধা দিব
07:34 যদি আমি ইয়াক বেছি দুৰত ধৰো, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ’ব
07:41 সেইবাবে, আমি ইয়াক সঠিক দুৰত্বত ধৰো ডাঙৰ কামোৰ এটা মাৰিবলৈ
07:47 একেদৰে শিশুটোৰ বাবে, সঠিক দুৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত, এই চিত্ৰখনত দেখুৱাৰ দৰে
07:55 এই দুৰত্বই নিশ্বিত কৰিব যে - মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅ’লাটোৰ ডাঙৰ অংশ এটা ল’বলৈ বাধা নিদিয়ে
08:05 মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব
08:11 মাকে এৰিঅ’লাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ উলায়
08:17 আৰু স্তনৰ আকাৰটো সঠিক হ’ব যাতে শিশুটোৱে গভীৰভাবে যুক্ত হ’ব পাৰে
08:23 মনত ৰাখিব - মাকৰ বুঢ়া আঙুলিটো স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ থুতৰিটো থাকে
08:30 আৰু তেওঁৰ দুটা আঙুলি স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ নাকটো থাকে
08:36 আহক বৰা পাউ বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ
08:41 বৰা পাউ বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত, আমি ডাঙৰ কামোৰ এটা ল’বলৈ সদায় ইয়াক সংকুচিত কৰো
08:48 একেদৰে, মাকে স্তনক ওপৰফালৰ পৰা U আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে
08:54 ই শিশুটোক এৰিঅ’লাটোৰ তলৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব
09:01 কিন্তু মনত ৰাখিব, মাকে তেওঁৰ স্তনক ওলোটা V আকাৰত সংকুচিত কৰিব নালাগে
09:07 V আকাৰত সংকুচিত কৰিলে স্তনত বিষ হ’ব আৰু স্তনাগ্ৰৰ পৰা স্তনপান কৰা হ’ব
09:14 লগতে নিশ্বিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয়
09:21 অন্যথা, স্তনাগ্ৰটো হয়তো সোফালে বা বাওঁফালে গুচি যাব
09:27 আৰু শিশুটো স্তনৰ লগত গভীৰভাবে যুক্ত হ’ব নোৱাৰিব
09:32 মনত ৰাখিব, কেতিয়াওঁ স্তনটোক তললৈ হেচি শিশুটোৰ ফালে নানিব
09:39 সদায় শিশুটোক স্তনটোৰ ফালে আনিব
09:43 এতিয়া, শিশুটো ক্ৰেদল স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ সাজু আছে
09:49 শিশুটো স্তনৰ সৈতে সঠিককৈ গভীৰভাবে যুক্ত হোৱাৰ বিষয়ে একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
09:58 শিশুটো এবাৰ স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’লে আৰু যদি স্তনটো বেছি গধুৰ নহয় তেন্তে -
10:05 মাকে হাতৰ পৰা স্তনটো এৰিব লাগে
10:09 আৰু সেই হাতটো শিশুটোৰ তলত ৰাখি সহাৰি দিব লাগে
10:14 এই স্থিতিত, মাকে তেওঁৰ দুয়োটা বাহু শৰীৰৰ অতি ওচৰত আনিব লাগে
10:21 ই তেওঁক স্তনপানৰ সময়ত আৰামত ৰাখিব
10:26 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
10:29 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Debosmita, Mausamh9