Difference between revisions of "Health-and-Nutrition/C2/Breast-crawl/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border = 1 | ''' Time ''' | '''Narration''' |- | 00:00 | '''স্তন ক্ৰলৰ স্প’কেন টিউট’ৰিয়েলটোলৈ''' স...")
 
Line 344: Line 344:
 
| ইয়াৰ দ্বাৰা আমি এই '''স্তন ক্ৰল'''  টিউট’ৰিয়েলটোৰ শেষ পালোহি   
 
| ইয়াৰ দ্বাৰা আমি এই '''স্তন ক্ৰল'''  টিউট’ৰিয়েলটোৰ শেষ পালোহি   
  
|-
+
সংযোগ কৰাৰ বাবে ধন্যবাদ
| 09:26
+
|-
| এই টিউট’ৰিয়েলটোত, আমি শিকিলো : '''স্তন ক্ৰল''' কি হয়,
+
 
+
|-
+
| 09:30
+
| স্তন ক্ৰলৰ প্ৰণালি আৰু স্তন ক্ৰলৰ গুৰূত্ব   
+
 
+
|-
+
| 09:37
+
| এই টিউট’ৰিয়েলটো '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে''' অবদান দিছে 
+
 
+
|-
+
| 09:43
+
| '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে''' পুঁজি দিয়ে 
+
 
+
|-
+
| 09:49
+
| এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
+
 
+
|-
+
| 09:54
+
| এই টিউট’ৰিয়েলটোক '''WHEELS গ্ল’বেল ফাউন্দেচনে''' এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে
+
 
+
|-
+
| 10:01
+
| এই টিউট’ৰিয়েলটো “'''মা আৰু শিশু পোষণ প্ৰকল্পৰ”''' এটা অংশ হয় । এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে- '''ডাঁ ৰুপল দালাল, MD''' শিশুৰোগ চিকিৎসা 
+
 
+
|-  
+
| 10:12
+
| '''IIT বম্বেৰ''' পৰা পুষ্টিবিজ্ঞানী '''ৰজনী চাৱন্ত''', এনিমেতৰ '''আৰ্থি আনবালাগানে''' আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ
+
 
|}
 
|}

Revision as of 17:01, 31 July 2020

Time Narration
00:00 স্তন ক্ৰলৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম : স্তন ক্ৰল কি হয়,
00:10 স্তন ক্ৰলৰ প্ৰণালি আৰু
00:13 স্তন ক্ৰলৰ গুৰূত্ব
00:18 আহক প্ৰথমে বুজো, স্তন ক্ৰল কি হয় ?
00:23 শিশু এটা স্বাভাবিকভাবে স্তনপান কৰাৰ স্বভাৱৰ সৈতে জন্ম হয়
00:28 প্ৰসৱৰ পাছত সোনকালে, তাক মাকৰ খালি পেটৰ ওপৰত থ’লে সি মাকৰ স্তনক বিচাৰিব পাৰে আৰু স্তনপান আৰম্ভ কৰিব পাৰে
00:40 এই গোটেই প্ৰণালিটোক স্তন ক্ৰল বোলা হয়
00:46 এইটো মন কৰিব লাগে যে স্তন ক্ৰল পূৰ্ণভাবে কৰিব পাৰি, সুস্থিৰ শিশুসকলক যি স্বাভাৱিক প্ৰসৱ বা চিজাৰিয়ান প্ৰসৱৰ দ্বাৰা জন্ম হয়
00:58 আৰু যোনে জন্মৰ লগে লগেই ভালদৰে কান্দিছে
01:03 কম ওজনৰ সৈতে জন্ম হোৱা অস্থিৰ শিশুসকলক স্তন ক্ৰল কৰা নহয় যিহেতু তেওঁলোক ৰূদ্ধশ্বাসৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিব পাৰে
01:15 এতিয়া, আমি স্তন ক্ৰলৰ প্ৰণালিটো আৰু পাছত ইয়াৰ গুৰূত্বক শিকিম
01:22 প্ৰথমে, প্ৰসৱ কোঠাৰ তাপমাত্ৰা ২৬ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত হোৱাক নিশ্বিত কৰক
01:29 পাছৰটো হৈছে শিশুটোক মাকৰ খালি পেটত থৈ চাফা কৰা
01:35 হাত দুটাৰ বাহিৰে গোটেই শৰীৰটোক চাফা সুকান কাপোৰ এখনেৰে চাফা কৰক
01:42 মনত ৰাখিব, শিশুটোৰ হাত দুটা ভিজাকৈ ৰাখক
01:46 চাফা কৰোতে তাৰ ছালত থকা প্ৰতিৰক্ষামূলক বগা প্ৰলেপক আতৰ নকৰিব
01:53 ই শিশুটোক ৰক্ষা কৰে যদি বতৰ ঠাণ্ডা হয়
01:56 শিশুটোক চাফা কৰাৰ পাছত ভিজা কাপোৰখন আতৰাওঁক
02:01 শিশুটোক শুকোৱাৰ পাছত, জন্ম তত্ত্বাবধায়কজনে নাভিৰ স্পন্দনক চাব লাগে
02:08 ই স্পন্দিত হোৱা বন্ধ হ’লে, তেওঁ নাভিটোক কাটিব লাগে
02:13 পাছত, শিশুটোক মাকৰ খালি পেটৰ ওপৰত পুনৰ এনেকৈ থওঁক যাতে তাৰ পেটে মাকৰ পেটটোক চুৱে
02:22 তাইৰ মুৰটো মাকৰ নোধোৱা স্তনদুটাৰ মাজত থ’ব লাগে
02:26 তাইৰ মুখখন মাকৰ স্তনৰ তলত থাকিব লাগে
02:30 এতিয়া শিশুটো স্তন ক্ৰলৰ বাবে সঠিক অৱস্থাত আছে
02:37 যিহেতু নবজাত শিশু এটাৰ বাবে আগলৈ যোৱাটো অতি স্বাভাবিক, তাই সহজে মাকৰ স্তনৰ ফালে আগলৈ চুচৰিব পাৰে
02:46 কৰিবলগা পাছৰ কামটো হৈছে- শিশু আৰু মাকক একেলগে চাফা সুকান কাপোৰ এখনেৰে ঢাকি দিয়া যাতে তেওঁলোক গৰম হৈ থাকে
02:54 শিশুটোৰ মুৰত টুপি এটা পিন্ধাওঁক
02:57 মন কৰিব- আমি পৰবৰ্তী চিত্ৰসমূহত টুপি আৰু কাপোৰ দেখুওঁৱা নাই
03:04 স্তন ক্ৰলৰ সময়ত আমাক শিশুটোৰ অৱস্থানক লক্ষ্য কৰিবলৈ সহায় কৰিব
03:10 শিশুটোক কাপোৰেৰে ঢকাৰ পাছত, মাকে শিশুৰ পিঠিখনক তেওঁৰ হাতেৰে সমৰ্থন কৰিব লাগিব
03:18 আহক শিশু এটাৰ ক্ষমতাৰ বিষয়ে আলোচনা কৰো যি স্তন ক্ৰলত সহায় কৰে
03:24 প্ৰসৱৰ পাছত শিশুটো অতি সতৰ্ক আৰু প্ৰবৃত্তিগত হয়
03:29 তাইৰ চাফা নকৰা হাতৰ গোন্ধই তাইক লেলাউতি আহিবলে অনুপ্ৰেৰণা দিয়ে
03:35 লগতে, শিশুটোৱে তাইৰ সীমিত দৰ্শনৰে, মাকৰ মুখ আৰু এৰিঅ’লাটো চাব পাৰে
03:43 এৰিঅ’লা হৈছে স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো
03:47 অবশেষত, শিশুটোৱে তাইৰ হাত আৰু ভৰি ব্যৱ্হাৰ কৰি আগবাঢ়িবলৈ আৰম্ভ কৰে । তাই লাহে লাহে মাকৰ স্তনৰ ফালে চুচৰে
03:57 তথাপি, কিছুমান শিশুৱে লগে লগেই চুচৰিবলৈ আৰম্ভ কৰে আৰু কিছুৱে সময় লয়
04:04 স্তনটো ঢুকি পালে, শিশুটোৱে প্ৰথমে তাইৰ হাতেৰে স্তনটো খামুচি ধৰিবলে চেষ্টা কৰে
04:12 এই অৱস্থাত শিশুটো আৰু মাকক আমনি নকৰিব যেতিয়ালৈকে তাই প্ৰথমবাৰ স্তনপান নকৰে
04:20 এই প্ৰক্ৰিয়াৰ সময়ত জন্ম তত্ত্বাবধায়ক আৰু মাক দুয়োৰে ধৈৰ্য থাকিব লাগিব
04:27 প্ৰথমবাৰ স্তনপান কৰোতে মাকৰ স্তনটো ঢুকি পাবলৈ শিশু এটাই ৩০-৬০ মিনিট সময় ল’ব পাৰে
04:35 স্তনপান আৰম্ভ কৰোতে, শিশুৱে তাৰ মুখখন বহলকৈ মেলিব আৰু মাকৰ স্তনৰ লগত গভীৰভাবে যুক্ত হ’ব
04:45 স্তনপান সমাপ্ত হোৱাৰ পাছত, শিশুটোক একে অৱস্থাতে প্ৰায় এঘন্টামান থাকিবলৈ দিব
04:52 তেনে কৰিলে, মাক আৰু শিশুৰ মাজৰ বন্ধন উন্নত কৰাত সহায় হয়
04:58 তথাপি, যদি মাকে কিবা দৰব লৈছে তেন্তে অনুগ্ৰহ কৰি ডাক্তৰৰ পৰামৰ্শ লওঁক
05:05 কেতিয়াবা এনেকুৱা হয় যে প্ৰসৱৰ পাছত, মাকক প্ৰসৱ কক্ষৰ পৰা আন এটা কোঠালৈ নিব লাগিব
05:13 তেনেক্ষেত্ৰত, মাকক আন এটা কোঠালৈ নিয়াৰ পাছত, তৎক্ষণাত শিশুটোক মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়ক আগতে আলোচনা কৰাৰ দৰে শিশুটোক মাকৰ পেটৰ ওপৰত থৈ
05:29 এতিয়া আহক চিজাৰিয়ান চেকচনৰ দ্বাৰা জন্ম হোৱা শিশুৰ বাবে স্তন ক্ৰল আলোচনা কৰো
05:35 তাক কৰিবলৈ, শিশুক মাকৰ পেটৰ সলনি বুকুত এনেদৰে থ’ব লাগিব যাতে- শিশুটোৰ ভৰিদুটা মাকৰ মুৰৰ ফালে থাকে
05:47 বুকু আৰু পেট মাকৰ কান্ধত আৰু মুখখন স্তনত থাকিব লাগিব
05:54 অপাৰেচন থিয়েতাৰত শিশুটোক যিমান পাৰে স্তনপান কৰিবলৈ দিয়ক
05:59 মনত ৰাখিব, প্ৰসৱৰ পাছত তৎক্ষণাত, শিশুটোক মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়াটো হৈছে অতি দৰকাৰী আন যিকোনো নবজাতকৰ যত্নতকৈ
06:09 মন কৰিব স্তন ক্ৰল সম্পূৰ্ণ হোৱাৰ পাছতহে, প্ৰসৱৰ পাছৰ নবজাতক যত্নক দিব লাগে
06:17 এতিয়া, আহক নবজাতক শিশুৰ বাবে স্তন ক্ৰলৰ গুৰূত্বক আলোচনা কৰো
06:23 স্তন ক্ৰলে শিশুটোক সক্ষম কৰে কৌলৌষ্ট্ৰম বোলা মাকৰ প্ৰথম গাখীৰ পাবলৈ
06:29 ই হালধীয়া ৰঙৰ হয় আৰু ঘনত্বত ডাঠ হয়
06:33 মন কৰিব প্ৰসৱৰ পাছত, শিশুটোৱে লোৱা কৌলৌষ্ট্ৰমৰ পৰিমাণ, প্ৰতিবাৰ স্তনপানৰ সময়ত, লাহে লাহে বাঢ়িব
06:43 শিশুটোৱে ল’ব - ৫ মিলিলিটাৰ প্ৰথম দিনা,
06:47 ১০ মিলিলিটাৰ দ্বিতীয় দিনা,
06:50 ২৫ মিলিলিটাৰ তৃতীয় দিনা,
06:53 ৪০ মিলিলিটাৰ চতুৰ্থ দিনা আৰু ৫৫ মিলিলিটাৰ পঞ্চম দিনা প্ৰতিবাৰ স্তনপানৰ সময়ত প্ৰতিটো স্তনৰ পৰা
07:05 ই নবজাতক শিশু এটাৰ বাবে যথেষ্ট
07:09 সেইবাবে শিশুটোক কৌলৌষ্ট্ৰমৰ সলনি আন একোকে খুৱাব নালাগে
07:15 কৌলৌষ্ট্ৰমক শিশু এটাৰ বাবে প্ৰথম টিকাকৰণ হিচাপে বিবেচিত কৰা হয় আৰু ইয়াত সংক্ৰমণৰ সৈতে যুজিব পৰা প্ৰ’টিন থাকে যি শিশু এটাৰ নিৰাপত্তাক বঢ়ায়
07:27 মাকৰ প্ৰসৱৰ পাছত ই হৈছে শিশু এটাৰ বাবে শক্তিৰ প্ৰথম উৎস
07:33 কৌলৌষ্ট্ৰমে লগতে তেজৰ নিম্ন গ্লোক’জ লেভেলকো প্ৰতিবোধ কৰে
07:37 ই শিশু এটাৰ অন্য শাৰিৰীক প্ৰক্ৰিয়াক বাহাল ৰখাত সহায় কৰে
07:42 ই সুস্থ মগজুৰ বিকাশক সমৰ্থন কৰে
07:46 ই শিশুটোক তাইৰ প্ৰথম মলত্যাগত সহায় কৰে
07:50 স্তন ক্ৰলে লগতে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়াৰ বাবে শিশুটোক গৰম ৰাখে
07:57 শিশুৱে মাকৰ স্তনৰ লগত গভীৰভাবে যুক্ত হ’বলৈ নিজে শিকে
08:04 স্তন ক্ৰলে মাকৰ সুস্থ বেক্টেৰিয়া শিশুটোলৈ পঠিয়ায়
08:08 এই বেক্টেৰিয়া শিশুটোৰ অন্ত্ৰত সোমায় আৰু সংক্ৰমণক যুজে
08:13 সৰ্বশেষত ই শিশুটোৰ নিৰাপত্তাক বঢ়ায়
08:18 স্তন ক্ৰলে লগতে মৰমৰ এটা অনুভূতি আৰু শিশু এটালৈ সুৰক্ষা প্ৰদান কৰে আৰু মাক আৰু শিশুৰ মাজৰ বন্ধনক আৰম্ভ কৰে
08:29 স্তন ক্ৰলৰ উপকাৰিতা লগতে মাকেওঁ পায়
08:34 শিশু এটাৰ ভৰিৰ চলাফুৰাই মাকৰ জৰায়ুত হেচা দিয়ে । এই হেচাই জৰায়ু সংকোচনত আৰু জৰায়ুৰ নাড়ি আতৰোৱাত সহায় কৰে
08:45 স্তনপান আৰম্ভ হোৱাই মাকৰ শৰীৰত অক্সিত’চিন বৃদ্ধি কৰে
08:51 অক্সিত’চিন বৃদ্ধিয়ে জৰায়ুৰ নাড়ি আতৰোৱাতো সহায় কৰে
08:56 তেনেদৰে, স্তন ক্ৰলে তেজ যোৱাক কমায় আৰু মাকৰ ৰক্তহীনতাক প্ৰতিৰোধ কৰে
09:03 ৰক্তহীনতা হৈছে এটা অৱস্থা য’ত লোহিত ৰক্ত কণিকাৰ সংখ্যা কমে
09:08 ইয়াৰ দ্বাৰা মাকৰ অৱসাদ আৰু দুৰ্বলতা হ’ব পাৰে
09:13 সেইবাবে, স্তন ক্ৰল হৈছে মাক আৰু শিশু দুয়োৰে বাবে এটা অতিকৈ উপকাৰি প্ৰাকৃতিক প্ৰক্ৰিয়া
09:21 ইয়াৰ দ্বাৰা আমি এই স্তন ক্ৰল টিউট’ৰিয়েলটোৰ শেষ পালোহি

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Debosmita, Mausamh9