Difference between revisions of "Health-and-Nutrition/C2/Breast-conditions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 | <center> '''Time''' </center> | <center> '''Narration''' </center> |- | 00:00 | স্তনপান কৰোৱা মাকসকলৰ '''স্তনৰ...")
 
 
Line 433: Line 433:
 
|-
 
|-
 
| 10:24
 
| 10:24
| ইয়াৰ দ্বাৰা আমি এই স্তনপান কৰোৱা মাকসকলৰ স্তনৰ অৱস্থাৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি
+
| এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা
  
|-
 
| 10:31
 
| এই টিউট’ৰিয়েলটোত, আমি '''স্তন কঠিন হোৱা''' আৰু '''মাষ্টাইতিচৰ''' বিষয়ে শিকিলো
 
 
|-
 
| 10:37
 
| এই টিউট’ৰিয়েলটো '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে''' অবদান দিছে
 
 
|-
 
| 10:43
 
|  '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে''' পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
 
 
|-
 
| 10:56
 
| এই টিউট’ৰিয়েলটোক '''WHEELS গ্ল’বেল ফাউন্দেচনে''' এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে
 
 
|-
 
| 11:03
 
|  এই টিউট’ৰিয়েলটো “'''মা আৰু শিশু পোষণ প্ৰকল্পৰ”''' এটা অংশ হয়
 
 
|-
 
| 11:07
 
|  এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে '''ডাঁ ৰুপল দালাল, MD''' শিশুৰোগ চিকিৎসা আৰু '''ডাঁ  তাৰু জিন্দাল, MS''' ধাত্ৰীবিদ্যা আৰু স্ত্ৰীৰোগবিদ্যা
 
 
|-
 
| 11:20
 
|  '''IIT বম্বেৰ''' পৰা পুষ্টিবিজ্ঞানী '''ৰজনী চাৱন্ত''', এনিমেতৰ '''আৰ্থি আনবালাগানে''' আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ
 
 
|}
 
|}

Latest revision as of 17:33, 19 November 2020

Time
Narration
00:00 স্তনপান কৰোৱা মাকসকলৰ স্তনৰ অৱস্থাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি স্তন কঠিন হোৱা আৰু স্তনৰ পোৰণিৰ বিষয়ে শিকিম
00:13 আহক স্তন কঠিন হোৱাৰ সৈতে আৰম্ভ কৰো
00:17 স্তন কঠিন হোৱা সাধাৰণতে প্ৰসৱৰ পাছত ৩ৰ পৰা ৫ দিনৰ ভিতৰত হয়
00:23 ই দুয়োটা স্তনত একেলগে হয়
00:28 মাকে স্তন কঠিন হোৱাক স্তন ভৰি থকাৰ লগত হতভম্ব হ’ব নালাগে
00:33 সেইবাবে, এতিয়া আমি স্তন কঠিন হোৱা আৰু স্তন ভৰি থকাৰ মাজৰ পাৰ্থক্যক আলোচনা কৰিম
00:40 স্তন কঠিন হওঁতে, ই মজবুত, উখলিত আৰু বেদনাদায়কভাবে গাখীৰৰে ভৰি থাকে
00:46 ই জিলিকি থাকে আৰু ওপৰত বিস্তৃতভাবে শিৰাসমূহ দেখা যায়
00:52 মাকৰ জ্বৰ উঠিব পাৰে যি ২৪ ঘন্টাতকৈওঁ বেছি সময় থাকিব পাৰে আৰু শিশুটোৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ সমস্যা হয়
01:01 য’ত, ভৰি থকা স্তন স্বাভাৱিক হয়
01:04 ভৰি থকা স্তন দেখিবলৈ ডাঙৰ হয় কিন্তু সি জিলিকি নাথাকে
01:10 ভৰি থকা স্তন বেদনাদায়ক নহয় আৰু ইয়াৰ বাবে জ্বৰ নুঠে
01:17 এতিয়া, আহক স্তনপান কৰোৱা মাকসকলৰ স্তন কঠিন হোৱাৰ কাৰণসমূহ আলোচনা কৰো
01:23 স্তন কঠিন হোৱা নিম্ন কাৰণসমূহৰ বাবে হ’ব পাৰে-
01:27 যদি মাকে প্ৰসৱৰ পাছত শিশুটোক সোনকালে স্তনপান নকৰায়
01:32 মাকে শিশুটোক কেইবাবাৰো স্তনপান নকৰালে
01:36 স্তনপানৰ সময়ত শিশুটো মাকৰ স্তনৰ লগত সঠিককৈ যুক্ত নহ’লে আৰু
01:42 মাকে হঠাতে স্তনপান কৰোৱা বন্ধ কৰিলে
01:47 এতিয়া আহক স্তন কঠিন হোৱাক কেনেকৈ চিকিৎসা কৰা হয় আলোচনা কৰো
01:51 প্ৰথমে- মাকক তেওঁৰ হাতদুটা চাফা পানীৰে ধুবলৈ কওঁক
01:56 পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক যাতে তেওঁ শিশুটোক চাব, গুন্ধিব আৰু চুব পাৰে
02:03 যদি শিশুটো অতি ব্যস্ত হয়, মাকে শিশুৰ তাৱেলখন গুন্ধিব পাৰে
02:08 তাৰ পাছত, মাকে পানী এগিলাচ খাব লাগে
02:12 পাছত, স্তনত তিতা গৰম কাপোৰ ৫ৰ পৰা ১০ মিনিটলৈকে ৰাখিব লাগে বা
02:18 মাকে লগতে গৰম পানীৰে গা ধুব পাৰে
02:21 ই স্তনৰ গাখীৰ বাহিৰ ওলাবলৈ সহায় কৰিব
02:24 তাৰ পাছত, স্বাস্থ্য কৰ্মীয়ে মাকক আৰাম কৰিবলৈ ক’ব লাগিব যিহেতু অধিক অৱ্সাদে লেত-দাউন ৰিফ্লেক্সক প্ৰভাবিত কৰিব আৰু
02:33 গাখীৰ বাহিৰলৈ নোলাব
02:36 এতিয়া, স্বাস্থ্য কৰ্মীয়ে বা যিকোনো পৰিয়ালৰ সদশ্যই মাকৰ ডিঙি আৰু পিঠিৰ ওপৰফালে মালিচ কৰিব লাগিব
02:43 ই স্তনৰ গাখীৰ বাহিৰ ওলাবলৈ সহায় কৰিব
02:46 যিহেতু, স্নায়ু সৰবৰাহ পিঠিৰ ওপৰফালে আৰু স্তনলৈ একে হয়
02:52 পাছত, মাকে তেওঁৰ স্তনটো গোলাকাৰ গতিত লাহেকৈ মালিচ কৰিবলৈ আৰম্ভ কৰিব লাগে
02:57 মালিচ কৰিলে তেওঁ আৰাম পাব আৰু লেত-দাউন ৰিফ্লেক্স উন্নত হ’ব
03:03 এই সকলোবোৰে অক্সিত’চিন ওলাবলৈ সহায় কৰিব
03:07 অক্সিত’চিন ৰিফ্লেক্স বা লেত দাউন ৰিফ্লেক্স হিচাবে জনা যায়
03:12 অক্সিত’চিন হৈছে এবিধ হৰম’ন যি স্তনৰ গাখীৰ ওলাবলৈ সহায় কৰে
03:17 পাছত, মাকে নিজে কিছু পৰিমাণৰ গাখীৰ উলিয়াব লাগিব এৰিঅ’লাটো কোমল কৰিবলৈ
03:23 ই শিশুটোক স্তনৰ লগত সঠিককৈ যুক্ত হ’বলৈ সহায় কৰিব
03:27 স্তনৰ গাখীৰ নিজে হাতেৰে উলিয়াওঁতে, মাকে এৰিঅ’লাটোত হেচিব লাগিব
03:33 নিজে হাতেৰে গাখীৰ উলিওৱাৰ পাছত, মাকে এৰিঅ’লাটো শিশুৰ মুখত দিব লাগিব, যিহেতু শিশু এটাৰ বাবে নিজে যুক্ত হোৱাটো কষ্টকৰ হ’ব
03:43 দুয়োফালৰ পৰা স্তনপান কৰাবলৈ চেষ্টা কৰিব
03:46 স্তনপানৰ মাজত, মাকে স্তনৰ ওপৰত ৫- ১০ মিনিটৰ বাবে ঠাণ্ডা কাপোৰ ৰাখিব লাগে বা,
03:54 মাকে স্তনৰ ওপৰত ঠাণ্ডা বন্ধাকবিৰ পাত ৰাখিব পাৰে
03:58 তেওঁ এই বন্ধাকবিৰ পাতবিলাক ফ্ৰিজত বা মাটি কলহত জমা ৰাখিব পাৰে
04:04 ই স্তনত কোমলতা আৰু ফুলি উঠা কমোৱাত সহায় কৰে
04:09 পাছত মাকে কেইবাবাৰো স্তনপান কৰাব লাগে
04:13 এতিয়া, আহক স্তন কঠিন হোৱাক ৰোধ কৰিবলৈ শিকো
04:17 প্ৰথমে, শিশু এটাৰ ভোকলগাৰ সংকেতসমূহ বুজিবলৈ চেষ্টা কৰো যেনে কলকলোৱা,
04:25 ৰুতিং ৰিফ্লেক্স বঢ়া-
04:28 ৰুতিং ৰিফ্লেক্সত, শিশুটোৱে তাৰ গাল বা মুখত চোৱা যিকোনো বস্তুৰ ফালে মুৰটো ঘূৰায়
04:36 আঙুলিসমূহ চুপে
04:39 শেষৰ পৰ্যায়ত, শিশুটোৱে কান্দিবলৈ ধৰে
04:43 শিশুটোক স্তনপান কৰাব যেতিয়াই সি ভোকলগাৰ আগতীয়া সংকেতসমূহ দেখুৱাই আৰু শিশুটোৱে কন্দালৈকে নৰ’ব
04:50 শিশুটোৱে সঠিককৈ যুক্ত হোৱাক আৰু ভালদৰে স্তনপান কৰাক নিশ্বিত কৰক
04:55 মনত ৰাখিব, এটা স্তন সম্পূৰ্ণকৈ খালি কৰক আনটো স্তনলৈ নিয়াৰ আগতে
05:02 পাছত, আহক আন এটা স্তনৰ অৱস্থা শিকো যাক মাষ্টাইতিচ বুলি কোৱা হয়
05:08 এইটো এটা অৱস্থা য’ত স্তনৰ অংশ এটা ৰঙা, উখলিত আৰু কঠিন হৈ পৰে
05:14 মাকে বহুত বিষ, জ্বৰ আৰু বেমাৰ অনুভৱ কৰে
05:18 বহুতো মাকৰ প্ৰথম ৬ সপ্তাহত মাষ্টাইতিচ হয়
05:22 কিন্তু, ই স্তনপানৰ কালত যিকোনো সময়ত হ’ব পাৰে
05:27 ইয়াক কেতিয়াবা স্তন কঠিন হোৱাৰ লগত হতভম্ব হোৱা হয়
05:31 তথাপি, স্তন কঠিন হোৱাই গোটেই স্তনটোক বা প্ৰায়ে দুয়োটা স্তনক প্ৰভাবিত কৰে
05:37 আনহাতে মাষ্টাইতিচে স্তনৰ অংশ এটাক আৰু প্ৰায়ে মাত্ৰ এটা স্তনক প্ৰভাবিত কৰে
05:44 মাষ্টাইতিচ এটা কঠিন হোৱা স্তনত বা বন্ধ নলিৰ নিম্ন অৱস্থাত উৎপন্ন হ’ব পাৰে
05:51 এতিয়া, আমি বন্ধ নলিৰ চিকিৎসা নকৰিলে কেনেকৈ মাষ্টাইতিচ উৎপন্ন হ’ব পাৰে তাক আলোচনা কৰিম
05:59 বন্ধ নলি হৈছে এটা অৱস্থা যি স্তন এটাৰ অংশ এটাৰ পৰা গাখীৰ নুলিয়ালে হয়
06:04 এই নলিটো প্ৰায়ে ডাঠ গাখীৰৰে বন্ধ হোৱা স্তনৰ অংশ হয়
06:11 ইয়াৰ দ্বাৰা পিণ্ড গঠন হয় । এই পিণ্ড কোমল হয় আৰু ওপৰৰ চালখন প্ৰায়ে ৰঙচুৱা হয়
06:20 বন্ধ নলি আৰু স্তন কঠিন হোৱাই গাখীৰৰ প্ৰবাহ ৰখাই
06:24 বন্ধ নলি আৰু স্তন কঠিন হোৱাত যেতিয়া গাখীৰ স্তন এটাৰ অংশ এটাত ৰৈ থাকে, ইয়াক ষ্টাচিচ বুলি কোৱা হয়
06:32 যদি এই ষ্টাচিচ আতৰোৱা নহয়, ই স্তনৰ কলাত জ্বলা-পোৰা কৰিব পাৰে । ইয়াক অসংক্ৰমণকাৰী মাষ্টাইতিচ বুলি কোৱা হয়
06:42 কিন্তু, কেতিয়াবা স্তনত বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হয় আৰু ইয়াক সংক্ৰমক মাষ্টাইতিচ বুলি কোৱা হয়
06:51 নিম্ন অৱস্থাসমূহত, বেক্টেৰিয়া ফাটৰদ্বাৰা সহজেই সোমাব:
06:56 যদি স্তনটোত ফাটমেলা থাকে, মাষ্টাইতিচৰ চিকিৎসা কৰা নহয় বা দেৰিকৈ চিকিৎসা কৰা হয়
07:06 মন কৰিব যে স্তন ফুলি উঠাটো হৈছে চিকিৎসা নকৰা মাষ্টাইতিচৰ ফল
07:11 এতিয়া, আহক মাষ্টাইতিচৰ কাৰণসমূহ আলোচনা কৰো
07:15 মাষ্টাইতিচৰ সৰ্বপ্ৰথম কাৰণটো হৈছে কেইবাবাৰো স্তনপান নকৰোৱাটো
07:21 যদি স্তনপান কৰোৱা মাক এগৰাকি কৰ্মৰত মহিলা হয় তেন্তে কেইবাবাৰো স্তনপান কৰোৱাটো প্ৰত্যাহ্বানপূৰ্ণ হয়
07:27 কেইবাবাৰো স্তনপান নকৰোৱাৰ আন কাৰণ মাকৰ বা শিশু এটাৰ বেমাৰ হ’ব পাৰে
07:33 দ্বিতীয়টো হৈছে স্তনাগ্ৰৰ পৰা স্তনপান । স্তনাগ্ৰৰ পৰা স্তনপানত, শিশুটোৱে স্তনটো সম্পূৰ্ণকৈ খালি নকৰিব
07:40 তৃতীয়টো হৈছে প্ৰয়োজনতকৈ অধিক গাখীৰ বনা
07:43 চতুৰ্থটো হৈছে দ্ৰুত দুগ্ধপান য’ত শিশুটোৱে স্তনৰ গাখীৰৰ সলনি আন খাদ্য খায়
07:50 পঞ্চমটো হৈছে টান কাপোৰ- যদি মাকে টান কাপোৰ ব্যৱ্হাৰ কৰে, বিশেষকৈ ৰাতি মাকে যদি এটা টান ব্ৰা পিন্ধে, ই স্তনত হেচা দিব পাৰে আৰু দুগ্ধ নলিসমূহ বন্ধ কৰিব পাৰে
08:03 ষষ্ঠটো হৈছে মাতৃসংক্ৰান্ত অৱসাদ - যদি মাকৰ যিকোনো অৱ্সাদপূৰ্ণ অৱস্থা হয়, ই লেত-দাউন ৰিফ্লেক্সক প্ৰভাবিত কৰিব
08:12 সপ্তমটো হৈছে স্তনাগ্ৰৰ ফাটমেলা- ইয়াৰ দ্বাৰা বেক্টেৰিয়া স্তনৰ কলাত সোমাব পাৰে আৰু মাষ্টাইতিচ হ’ব পাৰে
08:22 আহক মাষ্টাইতিচৰ চিকিৎসা চাওঁ
08:26 প্ৰথমে কাৰণটো চিনাক্ত কৰিবলৈ চেষ্টা কৰক আৰু পাছত চিকিৎসা আৰম্ভ কৰক
08:31 মাকে স্তনপানৰ আগতে গৰম সেক ল’ব লাগে
08:35 বা গৰম পানীৰে গা ধুব লাগে
08:37 তেওঁ প্ৰভাবিত স্তনটোৰ পৰা প্ৰথমে স্তনপান আৰম্ভ কৰিব লাগে
08:42 যদি বিষ বেছি হয় বা লেত-দাউন ৰিফ্লেক্সক প্ৰভাবিত কৰিছে তেন্তে প্ৰভাবিত নোহোৱা স্তনটোৰ পৰা আৰম্ভ কৰক
08:50 মনত ৰাখিব, কেইবাবাৰো স্তনপান কৰোৱাটো দৰকাৰ
08:55 যদি উন্মুক্ত ঘা স্তনাগ্ৰত বা এৰিঅ’লাত নাই তেন্তে মাকে প্ৰভাবিত ফালৰ পৰা স্তনপান কৰাব পাৰে
09:04 মনত ৰাখিব, যেতিয়া মাকে শিশু এটাক মাষ্টাইতিচ থকা স্তন এটাৰ পৰা স্তনপান কৰায়-
09:09 তেওঁ শিশুটোক সংক্ৰমণৰ লক্ষণৰ বাবে মন কৰিব লাগে যিহেতু শিশুটোৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে
09:17 যিহেতু প্ৰভাবিত হোৱা স্তনটোৰ গাখীৰত বহুতো ক্ষতিকাৰক বেক্টেৰিয়া থাকিব
09:24 স্তনটো মালিচ কৰিলে গাখীৰৰ প্ৰবাহ উন্নত হ’ব পাৰে
09:28 প্ৰভাবিত অংশৰ পৰা স্তনাগ্ৰৰ ফালে লাহেকৈ মালিচ কৰিব লাগে
09:34 আৰু, মাকে যথেষ্ট আৰাম কৰিব লাগে
09:37 যদি লক্ষণসমূহ তীব্ৰ হয় তেন্তে তেওঁ ডাক্তৰক দেখুৱাব লাগে
09:40 স্তন ফুলিলে ফুলা অংশত অস্ত্ৰোপচাৰৰ দ্বাৰা নিষ্কাশন কৰিব আৰু জীবাণুৰোধক ল’ব লাগিব
09:47 ইয়াৰ উপৰিওঁ, মাকে বিশেষকৈ শৰীৰটো আৰাম কৰিবলৈ আৰু গভীৰভাবে উশাহ ল’বলৈ চেষ্টা কৰিব লাগিব
09:55 আনন্দদায়ক সংগীত শুনক আৰু তেওঁৰ শিশুটোৰ বিষয়ে ভাবক লেত-দাউন ৰিফ্লেক্সক আৰম্ভ কৰাত সহায়ৰ বাবে
10:04 মনত ৰাখিব, মাষ্টাইতিচ প্ৰতিৰোধ কৰিবলৈ, সঠিককৈ যুক্ত হোৱা দৰকাৰ
10:09 ই বন্ধ নলি ত্যাগ কৰিব আৰু শিশুটোৱে যথেষ্ট গাখীৰ পাব
10:14 এই সকলো স্তনৰ অৱস্থাক প্ৰতিৰোধ কৰাৰ ছাবি হৈছে - সঠিককৈ যুক্ত হোৱা আৰু শিশু এটাৰ স্থিতি আৰু কেইবাবাৰো স্তনপান কৰোৱা
10:24 এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা

Contributors and Content Editors

Mausamh9