Geogebra/C2/Symmetrical-Transformation-in-Geogebra/English-timed

From Script | Spoken-Tutorial
Revision as of 12:19, 6 August 2015 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুসকল। জীয়োজেব্রাত প্ৰতিসম ৰুপান্তৰৰ(Symmetrical-Transformation) এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো।
00:06 এই টিউটোৰিয়েলত আমি প্ৰতিসম ৰুপান্তৰ(Symmetrical transformations) শিকিম যেনে-
00:11 ৰেখা প্ৰতিসাম্য (Line symmetry)
00:12 ঘূর্ণন প্ৰতিসাম্য (Rotation symmetry)
00:13 লগতে, স্কেল আৰু positionৰ দ্বাৰা চিত্রৰ বৃদ্ধি কৰাও শিকিম।
00:17 আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে।
00:21 যদি নাই, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।
00:26 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10
00:31 জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো।
00:35 আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।
00:37 Reflect Object about Line
00:39 Rotate Object around Point by Angle
00:42 Dilate object from a Point by Factor
00:45 Semicircle through Two points
00:47 Regular Polygon and
00:49 Perpendicular bisector
00:51 ৰুপান্তৰৰ(Transformation) সংজ্ঞা।
00:53 জ্যামিতিক চিত্রৰ প্ৰতিসম ৰুপান্তৰ হল-
00:57 স্থানাঙ্ক তল (coordinate plane)ৰ উপৰৰ অবস্থান, আকাৰ বা আকৃতিৰ পৰিবর্তন।
01:02 মূল চিত্ৰক 'object' বোলা হয়।
01:04 ৰুপান্তৰিত চিত্ৰক 'image' বোলা হয়।
01:07 প্ৰতিফলন প্ৰতিসাম্যক(Reflection symmetry).
01:09 ৰেখা প্ৰতিসাম্য-ও( Line symmetry) বোলা হয়।
01:11 এইটো হল প্ৰতিসাম্যৰ এক ধৰন, যত এটাৰ অর্ধাংশ ইটোৰ অর্ধাংশৰ প্ৰতিফলন হয়।
01:15 আপোনি চিত্ৰক ভাঁজ কৰিব পাৰে আৰু উভয় অর্ধাংশক সঠিকভাবে মিলাব পাৰে।
01:20 ৰেখা প্ৰতিসাম্য সেই ৰেখা হয়, যাৰ উপৰত চিত্ৰ প্ৰতিফলিত হয়।
01:24 জীয়োজেব্রা উইন্ডোত যোৱা যাওক।
01:27 Dash home >>Media Apps>>Type ত >> Education নির্বাচন কৰক >> আৰু জীয়োজেব্রা চাওক।
01:37 এই টিউটোৰিয়েলৰ বাবে আমি বীজগাণিতিক (Algebric) ভিউ বন্ধ কৰিছো।
01:40 বীজগাণিতিক (Algebric) ভিউত close বোতামত টিপক।
01:47 “Line of symmetry”ৰ সৈতে আৰম্ভ কৰা যাওক।
01:50 প্ৰথমে এটা সমবাহু(equilateral) ত্রিভুজ গঠন কৰক।
01:53 টুলবাৰ পৰা “Regular Polygon” টুল নির্বাচন কৰক।
01:57 অঙ্কন প্যাডত বিন্দু 'A', 'B' ত টিপক, আৰু দিশৰ সংখ্যাৰ বাবে 3 লিখক।
02:08 এটা সমবাহু ত্রিভুজ 'ABC' তৈয়াৰ হৈ গৈছে।
02:11 এতিয়া ত্রিভুজৰ এক ফালে এটা উল্লম্ব দ্বিখণ্ডক আঁকা যাওক।
02:15 “Perpendicular Bisector Tool” নির্বাচন কৰক আৰু AC ত টিপক।
02:26 Point টুল নির্বাচন কৰক আৰু ত্রিভুজৰ ভিতৰত এটা বিন্দু তৈয়াৰ কৰক।
02:31 কোনো এক শীর্ষৰ ফালে বিন্দু D ক স্থানান্তৰিত কৰক।
02:38 বিন্দু Dৰ উপৰত ৰাইট ক্লিক কৰক আৰু Trace ON নির্বাচন কৰক।
02:43 টুলবাৰ পৰা “Reflect Object about Line” টুল নির্বাচন কৰক।
02:48 বিন্দু D ত টিপক।
02:49 এইটোৱে বিন্দু D ক লক্ষণীয় কৰিব।
02:52 perpendicular Bisector (উল্লম্ব দ্বিখণ্ডক)ত টিপক।
02:55 এইটোৱে উল্লম্ব দ্বিখণ্ডকতৰ অন্য ফালে প্ৰতিফলিত ছবি D ক প্ৰদর্শিত কৰিব।
03:01 বিন্দু D, 'D'ৰ প্ৰতিবিম্বিত ছবি।
03:04 বিন্দু D'ৰ বাবে Trace On নির্বাচন কৰক।
03:08 Move টুলৰ ব্যবহাৰ কৰি ত্রিভুজৰে বিন্দু D ক স্থানান্তৰিত কৰক।
03:11 টুলবাৰত Move টুলৰ তলত প্ৰথম বিকল্পত টিপক।
03:22 মাউস দি চিত্রক(figure) টিপক।
03:25 ত্রিভুজক ট্রেস কৰি এফালে টানি আনক।
03:28 এতিয়া মাউস বোতামক এৰি দিয়ক।
03:31 আপোনি কি লক্ষ্য কৰিলে?
03:32 ইয়াত উল্লম্ব দ্বিখণ্ডক হল প্ৰতিসাম্য ৰেখা।
03:36 D হল অবজেক্ট আৰু D 'হল চিত্ৰ।
03:39 এটা ৰেখা বৰাবৰ এটা অর্ধবৃত্ত প্ৰতিফলিত কৰক।
03:43 এটা অর্ধবৃত্ত আঁকা যাওক।
03:44 “Semicircle through Two points” টুলত টিপক, বিন্দু E আৰু তাৰপিছত F ক চিহ্নিত কৰক।
03:56 segment Between two Pointsত টিপক।
04:02 বিন্দু G আৰু H ক চিহ্নিত কৰক, এটা ৰেখা টানা হৈছে।
04:06 ৰেখাৰ বৈশিষ্ট্যাবলী পৰিবর্তন কৰক।
04:08 ৰেখাৰ উপৰত ৰাইট ক্লিক কৰক, Object propertiesৰ উপৰত টিপক, Styleৰ উপৰত টিপক আৰু স্টাইল পৰিবর্তন কৰক।
04:21 টুলবাৰ পৰা “Reflect Object about Line” টুল নির্বাচন কৰক।
04:27 অর্ধবৃত্ত EFৰ উপৰত টিপক।
04:31 ৰেখা GHৰ উপৰত টিপক।
04:34 এইটোৱে ৰেখা GHৰ অনয় প্রান্তত প্ৰতিফলিত ছবি E'F 'প্ৰদর্শিত কৰিব, চিত্ৰটো এতিয়া কেনে দেখাত হৈছে? এইটো এটা বৃত্তৰ নিচিনা দেখাত হয়।
04:45 এতিয়া এই ফাইল সংৰক্ষণ কৰো।
04:47 “File”>> "Save As"ত টিপক।
04:50 আমি ফাইলৰ নাম "Line-symmetry" লিখিম, আৰু "Save"ত টিপক।
05:05 ইয়াৰ পিছত, “Rotate the Object around a Point by Angle” সম্পর্কে শিকিম।
05:12 ঘূর্ণনতৰ(Rotation) সংজ্ঞা।
05:15 ঘূর্ণন এটা ৰুপান্তৰ(transformation) হয়, যি চিত্ৰক এটা নির্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি এটা কোণলৈ ঘোৰায়।
05:21 যদি চিত্ৰ অপৰিবর্তিত প্ৰদর্শিত হয়, তেনেহলে চিত্ৰটোত ঘূর্ণন প্ৰতিসাম্য আছে।
05:29 আপোনি অবজেক্টক যিকোনো ডিগ্রী মাপত ঘোৰাব পাৰে, ঘূর্ণন ঘড়িৰ কাঁটাৰ ফালে আৰু বিপৰীত দিশৰ ফালে হব পাৰে।
05:39 নতুন জীয়োজেব্রা উইন্ডো খোলক।
05:41 “File” >> New টিপক।
05:47 এটা বর্গক্ষেত্ৰ গঠন কৰক।
05:49 টুলবাৰ পৰা “Regular Polygon” টুলৰ উপৰত টিপক।
05:55 অঙ্কন প্যাডত টিপক।
05:57 বিন্দু 'A' আৰু ' B'ক চিহ্নিত কৰক।
05:59 এটা ডায়লগ বাক্স প্ৰর্দশিত হব।
06:01 OK ত টিপক।
06:03 এটা বর্গক্ষেত্ৰ 'ABCD' তৈয়াৰ হৈ গৈছে।
06:05 “Rotate Object around a Point by Angle” টুলৰ উপৰত টিপক।
06:13 বর্গক্ষেত্ৰ 'ABCD' ত টিপক।
06:16 এইটোৱে বর্গক্ষেত্ৰক লক্ষণীয় কৰিব।
06:18 এতিয়া যি কোনো এটা শীর্ষত টিপক।
06:20 আমি 'A'-ত টিপিম।
06:23 এটা ডায়লগ বাক্স প্ৰর্দশিত হব।
06:25 কোণ(Angle ) ক্ষেত্রত "60" লিখক।
06:30 প্ৰথম ড্ৰপ ডাউন তালিকাৰ পৰা "°"(Degree) নির্বাচন কৰক।
06:35 “clockwise” বিকল্প নির্বাচন কৰক। OK টিপক।
06:40 এইটোৱে 60° কোণৰ সৈতে নির্বাচন বিন্দুত বর্গক্ষেত্ৰক ঘড়িৰ কাঁটাৰ ফালে ঘোড়াব।
06:44 ঘুর্ণিত চিত্ৰ 'A `B`C`' D' গঠিত হৈছে।
06:49 Move টুল ব্যবহাৰ কৰি এই চিত্ৰটোক আশে পাশে ঘোৰাওক।
07:00 ইয়াৰ পিছত, “Dilate or enlarge object from point by factor”
07:09 প্ৰসাৰণ(Dilation)
07:11 প্ৰসাৰণ বা পৰিবর্ধন এটা ৰুপান্তৰ(Dilation or enlargement is a transformation )।
07:14 যত মান গুণক(scale factor) ব্যবহাৰ কৰি চিত্রৰ বিস্তাৰ(enlarged) কৰা হয়।
07:23 “Polygon” টুলৰ ব্যবহাৰ কৰি ত্রিভুজ আঁকক।
07:28 E, F, G আৰু ত্রিভুজক সম্পূর্ণ কৰাৰ বাবে এবাৰ E টিপক।
07:36 New Point টুলত টিপক, আৰু...
07:40 বিন্দু 'H' ক চিহ্নিত কৰক।
07:44 “Dilate Object from Point by Factor” টুলৰ উপৰত টিপক।
07:51 ত্রিভুজ 'EFG' ত টিপক।
07:54 এইটোৱে ত্রিভুজক লক্ষণীয় কৰিব।
07:55 বিন্দু 'H' টিপক।
07:57 এটা ডায়লগ বাক্স প্ৰর্দশিত হব।
08:00 সংখ্যা ক্ষেত্রত(number field) মান 2 লিখক।
08:04 OK টিপক।
08:09 এইটোৱে অবজেক্টৰ দ্বিগুণ - বিস্তাৰ বা সম্প্ৰসাৰন(dilate or enlarge) কৰিব।
08:16 Segment Between two Pointsত টিপক, বিন্দু H,E,E' ক যুক্ত কৰক।
08:33 বিন্দু H,G,G' ক যুক্ত কৰক।
09:01 বিন্দু H,F,F' ক যুক্ত কৰক।
09:15 ইয়াত আপোনি দেখিব পাৰে যে H হল প্ৰসাৰণ(dilation) বিন্দু।
09:21 আপোনি গুণকৰ(Factor) মান লিখি ইচ্ছা মতে, অবজেক্টক সম্প্ৰসাৰন কৰিব পাৰে।
09:28 এতিয়া এই ফাইলক সংৰক্ষিত কৰো।
09:30 “File”>> "Save As" টিপক।
09:33 আমি ফাইলৰ নাম "Dilate-triangle" লিখিম।
09:48 "Save" বোতামত টিপক, ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
09:55 সংক্ষেপে...
09:58 এই টিউটোৰিয়েলত আমি শিকিছো,
10:00 ৰেখাৰ প্ৰতিফলন(Reflection) সম্পর্কে।
10:02 বিন্দুৰ সাপেক্ষে এটা অবজেক্টৰ ঘূর্ণন।
10:05 মান গুণকৰ(scale factor) দ্বাৰা অবজেক্টৰ পৰিবর্ধন(Enlargement) কৰা।
10:09 নির্দেশিত কাম হিসাবে আপোনি...
10:11 এটা পঞ্চভুজ( pentagon) আঁকক।
10:12 আঁকিবলৈ Regular Polygon টুল ব্যবহাৰ কৰক। (Hint: sides=5)
10:17 পঞ্চভূজ- ৰ কোনো এটা দিশত উল্লম্ব দ্বিখণ্ডক(perpendicular bisector) আঁকক।
10:21 পঞ্চভূজ- ৰ ভিতৰত এটা বিন্দু তৈয়াৰ কৰক।
10:25 বিন্দুৰ বাবে Trace On স্থাপন কৰক।
10:27 উল্লম্ব দ্বিখণ্ডকতৰ সাপেক্ষে বিন্দুৰ প্ৰতিফলন কৰক।
10:31 ছবি বিন্দুৰ বাবে Trace On স্থাপন কৰক।
10:34 আপোনি সঠিক প্ৰতিসাম্য ৰেখা নির্বাচন কৰিছেনে নে নাই ইয়াক চাবলৈ, পঞ্চভূজতৰ অনুসৰণ কৰক।
10:44 মূল পঞ্চভূজক এটা বিন্দুত 135°ত ঘড়িৰ কাঁটাৰ বিপৰীত ফালে ঘোৰাওক।
10:49 3 গুণক দ্বাৰা বিন্দুত পঞ্চভূজক বিস্তাৰ(Dilate) কৰক।
10:56 নির্দেশিত কাম এইৰকমে দেখাত হোৱা উচিত।
11:03 এই urlত উপলব্ধ ভিডিওটো চাওক।
11:06 এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে।
11:09 যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে।
11:12 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰও আয়োজন কৰে।
11:17 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট)ও দিয়া হয়।
11:20 আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত লিখক।
11:26 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ।
11:29 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
11:35 এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে।
11:39 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Madhurig, Minal, Mousumi, PoojaMoolya, Pratik kamble, Sandhya.np14