COVID19/C2/Breastfeeding-during-COVID-19/Assamese

From Script | Spoken-Tutorial
Revision as of 15:05, 21 July 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:02 ক’ভিড-১৯ (COVID-19)ৰ সময়ত স্তনপান কৰোৱাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি শিকিম
00:12 ক’ভিড-১৯ (COVID-19) কি হয় আৰু
00:14 ক’ভিড-১৯ (COVID-19)ৰ সময়ত স্তনপান কৰোৱাৰ বাবে গাইদলাইনচ
00:19 আহক আমি প্ৰথমে বুজো ক’ভিড-১৯ (COVID-19) কি হয়?
00:24 ক’ভিড-১৯ (COVID-19) হৈছে এটা সংক্ৰামক ৰোগ যি ক’ৰ’না ভাইৰাচ নামৰ ভাইৰাচ এটাৰ দ্বাৰা হয়
00:33 এই ভাইৰাচ সমগ্ৰ পৃথিবীতে বিয়পি পৰিছে
00:37 যেতিয়া সংক্ৰমিত লোকে হাঁচি বা কাহ মাৰে, তেওঁলোকে দ্ৰপলেতচ উৎপন্ন কৰে
00:44 এই দ্ৰপলেতচত ক’ৰ’না ভাইৰাচ থাকে
00:49 সংক্ৰমণ বিয়পে যেতিয়া আন লোকে এই সংক্ৰমিত দ্ৰপলেতচ উশাহত লয়
00:56 এই দ্ৰপলেতচ লগতে ১ ৰ পৰা ২ মিটাৰলৈ যাব পাৰে আৰু পৃষ্ঠসমূহত পৰি থাকে
01:04 তাত সিহঁতে ঘন্টা বা দিনলৈ জীয়াই থাকে
01:09 আন লোকে তেনে সংক্ৰমিত পৃষ্ঠসমূহত হাতেৰে স্পৰ্শ কৰে
01:15 তেতিয়া, তেওঁলোকে স্পৰ্শ কৰে চকু,
01:18 নাক বা মুখ তেওঁলোকৰ হাতদুটা নোধোৱাকৈ
01:23 এইটো হৈছে আন এটা পদ্ধতি যাৰদ্বাৰা সংক্ৰমণ বিয়পে
01:28 সংক্ৰমিত লোকে আনকি লক্ষণসমূহ প্ৰকাশ পোৱাৰ আগতেওঁ ভাইৰাচটো বিয়পাব পাৰে
01:35 বৰ্তমান তাৰিখলৈকে এই ভাইৰাচৰ জৰায়ুৰদ্বাৰা সংক্ৰমণৰ কোনো স্পষ্ট প্ৰমাণ নাই
01:43 সংক্ৰমিত মাকৰ স্তনৰ গাখীৰত এতিয়ালৈকে এই ভাইৰাচৰ অৱস্থিতি পোৱা হোৱা নাই
01:51 এতিয়ালৈকে কোনো প্ৰমাণ নাই যে ই স্তনপান কৰোৱাৰ দ্বাৰা বিয়পে
01:57 ক’ৰ’না ভাইৰাচ সংক্ৰমণৰ ৰোগজনীত লক্ষণসমূহ বিভিন্ন ধৰণৰ হয়
02:03 জ্বৰ, কাহ,
02:05 উশাহ-নিশাহত কষ্ট, অৱসাদ,
02:07 মুৰৰ বিষ, শুকান গলা হৈছে কমন
02:12 বমি কৰা, ডায়েৰিয়া,
02:14 হাঁচি মৰা আৰু চকু জ্বলা-পোৰা কৰা হৈছে আনকমন
02:19 সংক্ৰমিত লোকে লগতে কোনো লক্ষণ নেদেখাবওঁ পাৰে
02:25 নবজাতক আৰু শিশুসমুহৰ ক’ভিড-১৯ (COVID-19) ৰ ৰিক্স কম
02:30 ডেকা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মাত্ৰ কিছুহে নিশ্বিত ক’ভিড-১৯ (COVID-19) কেচ আহিছে
02:37 সৰহসংখ্যক সংক্ৰমিত শিশুৰ মাত্ৰ অলপ লক্ষণ প্ৰকাশ হৈছে বা হোৱা নাই
02:44 এতিয়া, আহক ক’ভিড-১৯ (COVID-19)ৰ সময়ত স্তনপান কৰোৱাৰ বাবে গাইদলাইনচ আলোচনা কৰো
02:51 স্তনৰ গাখীৰ সকলো শিশুৰ বাবে আৱশ্যক
02:56 ই সংলগ্ন কৰে সন্দেহজনক বা নিশ্বিত ক’ভিড-১৯ (COVID-19) থকা মাকসকলে জন্ম দিয়া শিশুসমূহক
03:03 ই লগতে সংলগ্ন কৰে সন্দেহজনক বা নিশ্বিত ক’ভিড-১৯ (COVID-19) থকা শিশুসমূহকো
03:10 সকলো শিশুকে আহাৰ খুওৱা উচিত বিশেষ শিশুক আহাৰ খুওৱাৰ গাইদলাইনচ অনুসৰি
03:17 স্তনপান আৰম্ভ কৰিব লাগে জন্মৰ ১ ঘন্টাৰ ভিতৰত
03:22 স্বতন্ত্ৰ স্তনপান ৬ মাহলৈকে কৰাব লাগে
03:28 যদি প্ৰয়োজন হয়, মাকৰ বাহিৰ কৰা স্তনৰ গাখীৰ দিব পাৰে
03:34 পৰিপূৰক আহাৰ ৬ মাহ বয়সৰ পৰাহে আৰম্ভ কৰিব লাগে
03:40 স্তনৰ গাখীৰ অতিকমেওঁ ২ বছৰ বয়সলৈকে খুৱাব লাগে
03:46 স্তনপান কৰোৱা, গাখীৰ বাহিৰ কৰা আৰু পৰিপূৰক আহাৰ দিয়া হৈছে আৱশ্যকীয় দক্ষতা
03:54 সিহতক আন টিউট’ৰিয়েলচত আলোচনা কৰা হৈছে
03:59 অনুগ্ৰহ কৰি পূৰ্বেপ্ৰয়োজনীয় স্বাস্থ্য আৰু পুষ্টি চিৰিজ আমাৰ ওৱেবচাইতত চাব
04:06 ক’ভিড-১৯ (COVID-19) ৰ সময়ত, শিশুটোক স্বচ্ছতাৰে আহাৰ খুৱাবলৈ বিশেষ যত্ন ল’ব লাগিব
04:13 মাকে হাতদুটা ২০ চেকেন্দৰ বাবে ধুব লাগিব, শিশুটোক স্পৰ্শ কৰাৰ আগতে আৰু পাছত
04:21 তেওঁ লগতে হাতদুটা ধুব লাগিব স্তনপান কৰোৱাৰ বা গাখীৰ উলিওৱাৰ আগতে আৰু পাছত
04:28 এটা এলকহল-যুক্ত হেন্দ ৰাব ব্যৱ্হাৰ কৰিব পাৰে হাত চাফা কৰিবলৈ
04:34 যদি তেওঁ এগৰাকী সন্দেহযুক্ত বা নিশ্বিত ক’ভিড-১৯ (COVID-19) ৰ কেচ হয়, মেদিকেল মাস্ক লাগিব
04:43 তেওঁ স্তনপান কৰোৱাৰ সময়ত মাস্ক এখন পিন্ধিব লাগিব
04:46 আৰু গাখীৰ উলিয়াওঁতে
04:49 মাস্কখন সেমেকা হ’লেই তাক সলাব লাগিব
04:55 ব্যৱহৃত মাস্কখন লগে লগেই পেলাব লাগিব
05:01 ইয়াক পুনৰ ব্যৱ্হাৰ কৰিব নালাগে
05:04 মাকে মাস্কখনৰ আগফালে স্পৰ্শ কৰিব নালাগে
05:09 তেওঁ ইয়াক পাছফালৰ পৰা খুলিব লাগে
05:13 কেতিয়াবা, মেডিকেল মাস্ক উপলদ্ধ নহ’ব পাৰে
05:19 তেনেক্ষেত্ৰত, মাকে ব্যৱ্হাৰ কৰিব লাগে এখন টিচু
05:22 বা এখন চাফা কাপোৰ বা এখন ৰূমাল
05:27 তেওঁ সদায় হাঁচি বা কাহ ইয়াত মাৰিব লাগে
05:31 তেওঁ লগে লগেই ইয়াক ডাষ্টবিনত পেলাব লাগে আৰু তেওঁৰ হাতদুটা ধুব লাগে
05:38 এখন লেতেৰা টিচু বা কাপোৰ
05:40 বা ৰূমাল প্ৰায়েই সলাব লাগে প্ৰয়োজন হ’লে
05:46 কাপোৰৰ মাস্ক লগতে ব্যৱ্হাৰ কৰিব পাৰি যদি মেডিকেল মাস্ক উপলদ্ধ নহয়
05:53 প্ৰতিবাৰ স্তনপান কৰোৱাৰ আগতে মাকে স্তন ধুব নালাগে
05:58 তেওঁ সিহতক ধুব লাগে যদিহে তেওঁ বুকুৰ ওপৰত কাহি মাৰিচে
06:04 তেওঁ চাবোন আৰু গৰম পানী ব্যৱ্হাৰ কৰি সিহতক অতিকমেওঁ ২০ চেকেন্দৰ বাবে লাহেকৈ ধুব লাগে
06:12 শিশুৰ পৰিচৰ্যাকাৰীয়ে শিশুক স্পৰ্শ কৰাৰ আগতে আৰু পাছত হাতদুটা ধুব লাগিব
06:19 কোঠাটোৰ সকলো পৃষ্ঠকে নিয়মিতভাবে চাফা আৰু বীজাণুমুক্ত কৰিব লাগিব
06:26 কিছু সংক্ৰমিত মাক স্তনপান কৰাবলৈ অসমৰ্থ হ’ব পাৰে
06:32 তেনেক্ষেত্ৰত, শিশুটোক মাকৰ বাহিৰ কৰা স্তনৰ গাখীৰ খুৱাব লাগে
06:39 নাৰ্চ এগৰাকী বা পৰিয়ালৰ লোকে এই গাখীৰ শিশুটোক খুৱাব পাৰে
06:45 খুওঁৱা লোকজন সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ আহিব নালাগে
06:51 শিশুটোক বা গাখীৰক স্পৰ্শ কৰাৰ আগতে, তেওঁলোকে হাতদুটা ২০ চেকেন্দৰ বাবে ধুব লাগে
06:59 তেওঁলোকে হাতদুটা ধুৱাৰ পাছত, লগতে মাস্ক এখন পিন্ধিব লাগে
07:05 বাহিৰ কৰা গাখীৰ গৰম নকৰাকৈ শিশুটোক খুৱাব পাৰি
07:11 বাহিৰ কৰা গাখীৰৰ সংগ্ৰহ আৰু পৰিবহন অতি সাবধানে কৰিব লাগে
07:18 স্তনপান পুনৰ আৰম্ভ কৰিব লাগে যেতিয়া মাক সুস্থ হয়
07:24 কিছু সংক্ৰমিত মাক গাখীৰ বাহিৰ কৰিবলৈ হয়তো অতি অসুস্থ হ’ব পাৰে
07:29 তেনেক্ষেত্ৰত, শিশুটোক খুৱাবলৈ অন্য অপচনচ চেষ্টা কৰিব
07:35 ড’নৰ মানুহৰ গাখীৰৰ বেংক এটাত মানুহৰ গাখীৰ পায়নেকি চাব
07:41 ড’নৰ মানুহৰ গাখীৰ শিশুটোক খুৱাওঁক মাক সুস্থ নোহোৱালৈকে
07:47 যদি ড’নৰ মানুহৰ গাখীৰ উপলদ্ধ নহয়, ওৱেত-নাৰ্চিং চেষ্টা কৰক মাক সুস্থ নোহোৱালৈকে
07:55 ওৱেত-নাৰ্চিঙে বুজায় মহিলা এগৰাকীক শিশুটো স্তনপান কৰাবলৈ দিয়া, যোন মাক নহয়
08:03 যদি ওৱেত-নাৰ্চিং সম্ভৱ নহয়, শিশুটোক জন্তুৰ গাখীৰ খুৱাব
08:10 শিশুটোক খুওঁৱাৰ আগতে জন্তুৰ গাখীৰ সদাই উতলাই ল’ব
08:16 আপোনাৰ স্বাস্থ্যসেৱা প্ৰদানকাৰীক এই অপচনসমূহৰ বিষয়ে তেওঁলোকৰ মতামত সুধিব
08:23 ব্যৱ্হাৰ নকৰিব ফৰ্মূলা গাখীৰ,
08:25 আহাৰ খুওঁৱা বটল
08:27 আৰু প্লাষ্টিক, ৰাবাৰ বা ছিলিকনৰ স্তনাগ্ৰ
08:32 মাক সুস্থ হ’লে স্তনপান পুনৰ আৰম্ভ কৰিবলৈ সহায় কৰক
08:38 আন এটা গুৰূত্বপূৰ্ণ অভ্যাস হৈছে মাক আৰু শিশুটোৰ মাজত ছালৰ লগত ছালৰ স্পৰ্শ
08:46 ইয়াক জন্মৰ পাছত লগে লগেই আৰম্ভ কৰিব লাগে আনকি মাকৰ ক’ভিড-১৯ (COVID-19) থাকিলেওঁ
08:53 ই স্তনপান আৰম্ভ কৰাত সহায় কৰিব
08:58 কংগাৰু মাদাৰ কেয়াৰ সমস্ত দিন আৰু ৰাতি দিব লাগিব
09:04 স্তনপান আৰু ছালৰ লগত ছালৰ স্পৰ্শই শিশুসমূহৰ মৃত্যু ঘ্টাৰ বিপদক কমায়
09:12 সিহতে লগে লগে আৰু জীৱনযুৰি স্বাস্থ্য আৰু বিকাশৰ লাভ প্ৰদান কৰে
09:20 স্তনপান কৰালে লগতে মাকৰ স্তন আৰু অভেৰিয়ান কেঞ্চাৰ হোৱাৰ বিপদ কমে
09:27 এই লাভসমূহ যথেষ্ট বেছি হয় সংক্ৰমিত হোৱাৰ বিপদতকৈ
09:34 শেষত, মাক আৰু পৰিয়ালৰ লোকে ওৱাৰ্ণিং লক্ষণসমূহৰ বিষয়ে পৰামৰ্শ ল’ব লাগে
09:42 তেওঁলোকে শিশুটোৰ ওৱাৰ্ণিং লক্ষণসমূহ চাবলৈ প্ৰশিক্ষণ ল’ব লাগে
09:48 যদি তেওঁলোকে কিবা লক্ষণ দেখে, ডক্তৰক জনাব লাগে
09:53 এই টিউট’ৰিয়েলৰ গাইদলাইনচ হৈছে বৰ্ত্তমানলৈকে উপলদ্ধ সীমিত প্ৰমাণৰ ওপৰত ভিত্তি কৰি
10:01 নতুন প্ৰমাণ গৃহীত হ’লে, কিছুমান পৰামৰ্শ সলনি হ’ব পাৰে
10:08 অনুগ্ৰহ কৰি এই গাইদলাইনচ ব্যৱহাৰ কৰক সৰ্বশেষ চৰকাৰৰ আইন অনুসৰি
10:14 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9